গল্পঃ দ্য কপ এণ্ড দ্য এন্থেম / অ’ হেন্ ৰী

Posted by : translatorsassam
June 3, 2020

দ্য কপ এণ্ড দ্য এন্থেম ( The cop and the Anthem)
মূল :
হেন্ ৰী
অনুবাদ : স্বপ্না দত্ত ভৰালী
                       O HENRY

শ্বপিয়ে মেডিচন স্কোয়াৰৰ বেঞ্চিখনতে বহি আছে
৷ কিছু অস্থিৰতাৰে ৷ শীতে লাহেকৈ আহি নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ আৰম্ভ কৰিছে ৷
এইকেইটা দিন ঘৈণীয়েকহঁত নিজৰ গিৰিহঁতৰ আগত অলপ নৰম হৈ থাকে ৷ নতুন গৰমচোলাৰ আশাত ৷
আৰু শ্বপিয়ে অস্থিৰতাৰে পাৰ্কৰ বেঞ্চিত বহি আছে ৷ এনেকুৱা ধৰণৰ চিনবোৰেই বুজাই
দিয়ে
,
জাৰকালি যে নিচেই কাষত ৷
গছজোপাৰ পৰা শ্বপিৰ ভৰিৰ ওচৰত পাত এখিলা সৰি
পৰিল ৷ মৃত ৷ এইটো জাৰকালিয়ে দিয়া বিশেষ চিন ৷ মেডিচন স্কোয়াৰত থকাসকলৰ বাবে নিজকে
সাজু কৰাৰ ৷ শ্বপিয়ে গম পালে ৷ নিজৰ বাবে চিন্তা কৰাৰ সময় আহিল ৷ সেয়ে সি ইমান
অস্থিৰ হৈ আছে ৷
জাৰক লৈ শ্বপিৰ আশা বৰ এটা ঢুকি নোপোৱা বিধৰ
নহয় ৷ বিলাসী জাহাজত ফুৰা বা সমুদ্ৰৰ তীৰলৈ যোৱাৰ কথা সি কেতিয়াও নাভাবে ৷
তিনিমাহৰ কাৰাদণ্ড মাত্ৰ৷ হয় ৷ সি মাত্ৰ ব্লেকৱেল আইলেণ্ডৰ কাৰাগাৰত তিনিটা মাহৰ
কাৰাদণ্ডহে বিচাৰে ৷ তিনিটা মাহ খোৱা আৰু শোৱাৰ চিন্তা নাই ৷ চেঁচা বতাহ আৰু
পুলিচৰ চিন্তা নাই ৷ এই মূহূৰ্তত শ্বপিৰ এইটোৰ বাদে আন হাবিয়াস নাই৷
বছৰ বছৰ ধৰি জেলখানাই তাৰ জাৰকালিৰ আলয় হৈ
আহিছে ৷ ধনী ধনী মানুহবোৰে জাৰৰ দিনত দূৰ দূৰণিলৈ যাবলৈ পৰিকল্পনা কৰে ৷ শ্বপিয়ে
মাত্ৰ এই সৰু আইলেণ্ডটোলৈ যাবলৈহে সৰুকৈ পৰিকল্পনা এটা কৰি আছে ৷ খবৰ কাগজেৰে
নিজকে আবৃত কৰিটো আৰু হাড়কঁপোৱা জাৰক খেদাব নোৱাৰি !
ৰবাত কৰবাত গৈ সি খোৱা শোৱাৰ বাবে খাতিৰ কৰিব পাৰে ৷ এঠাইৰ পৰা আনঠাইলৈ গৈ নিজৰ
প্ৰয়োজন পূৰাব পাৰে ৷ কিন্তু শ্বপিৰ সেইটো কৰিবৰ মন নাই ৷ যদি যায়ো
, হয় সি তাৰ বাবদ পইচা দিব লাগিব, নহয় পইচা
নুখুজিলেও তাক গা পা ধুই পৰিস্কাৰ হ
বলৈ কব ৷ আৰু তাৰ জীৱনৰ বিষয়ে তেওঁলোকৰ কৌতূহলী প্ৰশ্নৰ উত্তৰ দিব লাগিব ৷
নাই , তাতকৈ জেলখানাই
ভাল ৷ হয়
,
তাত কিছু নীতি নিয়ম পালন কৰিব লাগে ৷ কিন্তু জেলৰ জীৱন তাৰ
নিজৰ জীৱন ৷
ভাবি ভাবি শ্বপিয়ে তাৰ ইচ্ছাপূৰণৰ বাবে অগ্ৰসৰ
ল ৷
উপায় বহুত আছে ৷ সহজো ৷ আটাইতকৈ ভাল উপায় হল তুমি এখন হোটেললৈ যোৱা , পেট পূৰাই খোৱা আৰু
বিল বিচাৰিলে পয়চা নাই বুলি কৈ দিয়া ৷ লগে লগে পুলিচ মাতিবই ৷ আৰু পুলিচে ধৰি নি
জাজৰ ওচৰ পোৱাবগৈ ৷ বাকীখিনি জাজৰহে কাম ৷
শ্বপি এইবাৰ ৰাস্তালৈ ওলাই গল ৷ গৈ এখন অভিজাত ৰেস্তোঁৰাৰ সন্মুখত ৰলগৈ ৷ চহৰৰ ভাল
ভাল মানুহবোৰ ভাল ভাল কাপোৰ পিন্ধি ইয়ালৈ আহে ৷ ইয়াৰ খাদ্যও আনবোৰ ৰেস্তোঁৰাতকৈ
ভাল৷
শ্বপিৰ নিজকে ভাল যেনেই লাগিল ৷ মুখখন
ধুইছিলেই ৷ পিন্ধি থকা চোলাটোও মোটামুটি ভালেই ৷ মাত্ৰ টেবুল এখনত বহি লব পাৰিলেই
তাৰ কাম সিদ্ধি হ
ব ৷ টেবুলৰ ওপৰত ওলাই থকাখিনি ভাল দেখিলেই হব ৷ টেবুলৰ তলৰ অংশখিনি কোনে চাব ? বহিলে পৰিচাৰকে
কি লাগে আনি দিবই নহয় ৷
কি খাব সি মনতে ভাবিলে ৷ বেছি দামী বস্তু
নাখায় ৷ ৰেস্তোঁৰাৰ মানুহবোৰকো বৰ খং উঠাব নোৱাৰে ৷ হলেওঁ নিশাৰ সাজ খাই গ
লে সি তাৰ শীতকালৰ ঘৰখনলৈ আনন্দমনেৰে যাব পাৰিব ৷
পিছে শ্বপি সোমাই যাওঁতেই তাৰ বিবৰ্ণ জোতা
আৰু পেন্টৰ তলছোৱা প্ৰধান পৰিচাৰকজনৰ চকুত পৰিল ৷ তাক ৰেস্তোঁৰাত সোমাবলৈ দিয়া নহল
এইভাৱে নহব ৷ আন উপায় চিন্তিব লাগিব ৷ সি
ভাবিলে ৷
এইবাৰ সি গৈ সুন্দৰ, জকমকীয়া দোকান এখনৰ আগত ৰলগৈ আৰু ৰাস্তাৰ পৰা
শিলগুটি এটা বুটলি চিঁচাৰে আবৃত দোকানখনলৈ বুলি মাৰি পথিয়ালে ৷ মানুহবোৰ দৌৰি আহিল
৷ আগে আগে এজন পুলিচ ৷ পুলিচজনক দেখি শ্বপিৰ মুখত হাঁহি বিৰিঙিল ৷

কোনে কৰিলে এই কামটো?” – পুলিচজনে সুধিলে ৷ ময়োতো কৰিব পাৰোঁ ৷ নহয়নে?” – শ্বপিৰ মনত আনন্দ ৷ কিন্তু পুলিচজনৰ মনে শ্বপিক দোষী বুলি নকলে ৷ দোষ কৰি
কোনোবা পুলিচ অহালৈ ৰৈ থাকিবনে
? পলায়হে যাব ৷ পুলিচজনে
দৌৰি গৈ ৰাস্তাত চালেগৈ ৷ শ্বপিও তেওঁৰ পিছে পিছে দৌৰিছিল যদিও ৰৈ দিলে ৷ দুবাৰ সি
অকৃতকাৰ্য্য হ
ল ৷



এইবাৰ সি গৈ আন এখন ৰেস্তোঁৰাত সোমালগৈ ৷
এইখন আনখন ৰেস্তোঁৰাতকৈ তুলনামূলকভাৱে কম অভিজাত ৷ ইয়ালৈ সি বিবৰ্ণ জোতা আৰু
পেন্টেৰে সৈতে সোমাই আহোঁতেও কোনেও বাধা নিদিলে ৷ ইয়াত সি পেট পূৰাই খালে আৰু শেষত
ইচা নাই বুলি কলে ৷

যোৱা , পুলিচ মাতি আনা ৷তাৰ কথাত গুৰুত্ব নিদি পৰিচাৰকজনে লগৰ এজন মাতি তাক ৰেস্তোঁৰাৰ বাহিৰত পেলাই
দিলে ৷ শ্বপিয়ে পৰাৰ পৰা উঠি গাৰ ধুলি মাকতিবোৰ জোকাৰি ল
লে ৷ জেললৈ যোৱাটো সপোন হৈয়েই থাকিব নেকি বাৰু? তাক চাই পুলিচ এজন হাঁহি হাঁহি গুচি গল ৷



শ্বপিয়ে আধামাইলমান খোজ কাঢ়িলে ৷ এইবাৰ সি
পাৰিবই লাগিব ৷ সুন্দৰী এগৰাকী দোকান এখনৰ বাহিৰ ফালে ৰৈ দোকানৰ খিৰিকিয়েদি ভিতৰৰ
বস্তুবোৰ চাই আছে ৷ নাতিদূৰৈত এজন পুলিচ ৷
শ্বপিয়ে ভাবিলে, সুন্দৰী গৰাকীৰ লগত কথা পাতিব সি ৷ ইমান ধুনীয়া মানুহজনীয়ে তাৰদৰে এটাৰ লগত
কেতিয়াও কথা নাপাতে ৷ তাই নিশ্চয় পুলিচজনৰ সহায় বিচাৰিব ৷ তাৰপাছত আৰু কথা নাই ৷
তাৰ উদ্দেশ্য সিদ্ধি হ
বই ৷
সি তাইৰ ওচৰলৈ গল ৷ পুলিচজনে তাক চায় থকা সি গম পালে ৷
সুন্দৰী অলপ আঁতৰি গ
ল ৷ সি তাইৰ ওচৰ চাপি কলেগৈ,
গুড ইভিনিং বেদেলিয়া; মোৰ লগত যাবানে?” পুলিচজনে চায়েই আছিল ৷ সুন্দৰীৰ
মাত্ৰ এটা ইচাৰাত পুলিচজনে তাক ধৰি নিব ৷ কিন্তু সুন্দৰীয়ে তাৰ ফালে চাই আনন্দেৰে
লে,
নিশ্চয় মাইক ৷ যদিহে তুমি মোক সুৰা কিনি দিয়া ৷ মই তোমাৰ
লগত কথা পাতিলোহেঁতেনেই ৷ পুলিচ আছিল বুলিহে ৷
সুন্দৰীৰ লগত
বাহুত ধৰাধৰিকৈ শ্বপিয়ে পুলিচজনক পাৰ কৰি আহিল ৷ মনটো দুখেৰে ভৰি পৰিল তাৰ ৷ সি কি
এনেকৈ মুকলিকৈয়ে থাকিব নেকি
?
অলপ দূৰলৈ গৈ সি তাইক এৰি দৌৰিবলৈ ধৰিলে ৷
দৌৰি দৌৰি গৈ সি য
ত ৰলগৈ, থিয়েটাৰবোৰ তাতেই হয় ৷ ঠাইডোখৰ আনন্দমুখৰ ৷ মানুহবোৰ ধুনীয়া
ধুনীয়া কাপোৰ পিন্ধি ঘুৰি ফুৰিছে ৷
হঠাতে তাৰ মনলৈ ভাৱ আহিল ৷ পুলিচে বাৰু তাক
নধৰিবই নেকি
? আন এখন থিয়েটাৰৰ সন্মুখত এজন পুলিচ ৷ শ্বপিয়ে
এইবাৰ বেলেগ এটা কথা ভাবিলে ৷ মদ খোৱা মানুহৰ দৰে ডাঙৰ ডাঙৰকৈ চিঞৰি গান গায়
নাচিবলৈ ধৰিলে সি ৷ পুলিচজনে ঘুৰি চালে আৰু ওচৰৰ মানুহক ক
লে,
কলেজীয়া লৰা ৷ কাকো একো দিগদাৰ
নকৰে ৷ চিঞৰিলেও চিঞৰি থাকক ৷
শ্বপি মনে মনে থাকিল ৷ কি হব এতিয়া ? জেল নহয় যেনিবা স্বৰ্গলৈহে যাবলৈ বিছাৰিছে সি
৷ পাতল গৰম চোলাটো টানি ললে সি ৷ বতাহো বৰ চেঁচা ৷
এজন মানুহে খবৰ কাগজ কিনিছে ৷ কাষত এটা ছাতি
৷ শ্বপিয়ে লাহেকৈ ছাতিটো লৈ খোজ ললে ৷ মানুহজন তাৰ পাছে পাছে গ
ল ৷ মোৰ ছাতি৷তেওঁ কলে ৷ অস্ ,
হয়নেকি? তেনেহলে পুলিচ মাতক ৷মানুহজনৰ খোজ ধীৰ হল ৷ শ্বপিৰো ৷ সি গম পালে ৷ সি এইবাৰো অকৃতকাৰ্য্য
ল ৷ এজন পুলিচে সিহঁত দুয়োলৈকে চালে ৷ কেতিয়াবা
এনেকুৱা হৈ যায় ৷ মই আচলতে ছাতিটো ৰাতিপুৱা এখন ৰেস্তোঁৰাতহে পাইছিলো ৷ এইটো যদি
তোমাৰ
,
তেন্তে ঠিক আছে ৷মানুহজনে খোনাই
খোনাই ক
লে ৷ এইটো মোৰ ৷শ্বপিয়ে খঙত কলে ৷
মানুহজন গুচি গল ৷ পুলিচজনেও কোনোবা এগৰাকীক ৰাস্তা পাৰ হোৱাত সহায় কৰি দিলেগৈ ৷ শ্বপিয়ে
এইবাৰ পূবফালে পোনালে ৷ ছাতিটো যিমান পাৰে দূৰলৈ গাৰ জোৰেৰে দলিমাৰি দিলে শ্বপিয়ে
৷ সি জেলখানালৈ যাবলৈ বিছাৰিছিল ৷ কিন্তু পুলিচে তাক এনে দৃষ্টিৰে চাইছে যেন সি
এজন ৰজাহে
,
যিজনে একোৱেই ভুল কৰিব নোৱাৰে ৷
খোজ কাঢ়ি কাঢ়ি শ্বপিয়ে এইবাৰ ঘৰলৈ অহাৰ বাট ললে ৷ ঘৰ মানে মেডিচন স্কোয়াৰ ৷ ঘৰ মানে এখন বেঞ্চি ৷ পাৰ্কৰ ৷
আহি থাকোঁতে পুৰণি গীৰ্জাঘৰটোৰ ওচৰত শ্বপিয়ে
ৰৈ দিলে ৷ শ্বপিৰ কাণত সুমধুৰ সংগীতৰ সুৰ এটি কাণত পৰিলহি ৷ ইমান ধুনীয়া সুৰে
শ্বপিক আগলৈ যাব নোৱাৰাকৈ তাতেই বান্ধি ৰাখিলে ৷
আকাশত শান্ত জোনটো ৷ ৰাস্তাত মানুহ দুই এটা
মাত্ৰ ঘুৰি ফুৰিছে ৷ গীৰ্জাৰ পৰা অহা সংগীতৰ সুৰে শ্বপিক দূৰ অতীতলৈ ঘুৰাই লৈ গ
ল ৷ সেই অতীতটোত মাক আছিল, ফুল আৰু আশা আছিল, বন্ধু বান্ধৱ আৰু পৰিস্কাৰ কাপোৰৰ লগতে চিন্তাবোৰো পৰিছন্ন আছিল ৷
সি সঠিক সময়তে গীৰ্জাৰ ওচৰ পাইছিলহি ৷ তাৰ
আত্মালৈ হঠাত এটা পৰিবৰ্তন আহিল ৷ তাৰ মনত ভাঁহি আহিল তাৰ মূল্যহীন দিনবোৰ
, তাৰ অনুচিত আকাংক্ষাবোৰ, তাৰ মৃত আশাবোৰ, হেৰুৱাই পেলোৱা তাৰ মনৰ শক্তিবোৰ ৷
সেইটো মূহূৰ্ততে তাৰ হৃদয়খনে পণ ললে,
জীৱনটো সলাবলৈ সি সংগ্ৰাম কৰিব ৷ গেলা বোকাৰপৰা নিজকে তুলি
ধৰিব ৷ নিজকে পুনৰ মানুহ কৰিব সি ৷
জীৱনৰ অৰ্থ পুনৰ বিচাৰি পালে সি ৷ মধুৰ
সংগীতে সলনি কৰি পেলালে তাক ৷ সি ঠিক কৰিলে
, পাছদিনাৰে পৰা
কামত ধৰিব সি ৷ মানুহ এজনে তাক কাম এটা দিছিলেই ৷ সি সেই মানুহজনক বিচাৰি উলিয়াব ৷
সি……
তাৰ বাহুত কাৰোবাৰ স্পৰ্শ অনুভৱ কৰিলে ৷ এজন
পুলিচ ৷

কি কৰি আছ ইয়াত?’ – পুলিচজনে সুধিলে৷



একো নাই৷


তোক কিয় বিশ্বাস কৰিম মই?” পুলিচজনে পুনৰ কলে ৷


নতুনকৈ পোৱা মনৰ শক্তিৰে শ্বপিয়ে পুলিচজনৰ লগত তৰ্ক কৰিবলৈ
লাগিল ৷ পুলিচৰ লগতটো আৰু তৰ্ক কৰি লাভ নাই !

তিনিমাহৰ জেইল” – পাছদিনা ৰাতিপুৱা জাজে শ্বপিক ৰায় দিলে ৷
অনুবাদৰ টোকা : আমেৰিকান গল্প লিখক উইলিয়াম চিড্ নী পৰ্টাৰ (১৮৬২-১৯১০)অহেনৰী নামেৰেহে বেছি বিখ্যাত আছিল ৷ তেওঁৰ গল্পবোৰৰ সমাপ্তি মানুহক আচৰিত কৰি
দিব পৰা বিধৰ ৷

Popular Post

ঐতিহাসিক চিঠি