গল্পঃ দুশ সত্তৰকোটি হৃদস্পন্দন / অমৃতা প্ৰীতম

Posted by : translatorsassam
September 27, 2020

দুশ সত্তৰকোটি হৃদস্পন্দন 
মূলঃ
অমৃতা প্ৰীতম
অনুবাদঃ অপৰাজিতা গগৈ


অৱশেষত সুৰেখাই মংগলসূত্ৰডাল ডিঙিৰ পৰা খুলি পেলালে তাইৰ উশাহ -নিশাহ ইমানেই ঘন হল যে অলপ পাছতে যেন ই বন্ধ হৈ যাব!

সুৰেখাই এজন তিব্বতী লামাই কৰবাত লিখা কথা এটা মনত পেলালে।
তেওঁ লিখিছিল যে যদি এটা তৰাৰ কম্পন দুশসত্তৰ কোটিৰ ওচৰ চাপে তেতিয়া ই মৃত হৈ তললৈ
খহি পৰে
! অতীতৰ দিনবোৰ হিচাপ কৰি
তাই অনুভৱ কৰিলেযে এনে বহুতো ভয়ংকৰ দিন আৰু অভিজ্ঞতা তাই অতিক্ৰম কৰি আহিছে
! তেনেকুৱা দিনবোৰত বহুবাৰ তাইৰ হৃদস্পন্দন
ইমানেই বেছি হয় যেন অলপ পাছতে ই স্তব্ধ হৈ যাব
! সেই তৰাটোৰ দৰেই তায়ো জ্বলি ছাই হৈ যাব!

প্ৰথম যৌৱনপ্ৰাপ্তিৰ পাছৰ কোনোবা দিন এটাত ছট্ ফটীয়া সুৰেখাই তাহাঁতৰ
সাগৰৰ পাৰৰ ঘৰটোৰ খিৰিকীমুখত
ভাৱত
মগ্নহৈ ৰৈ আছিল
হঠাতে তাই অনুভৱ কৰিলে
সমগ্ৰ সত্বাজুৰি খিৰিকীয়েদি সোমাই অহা প্ৰচণ্ড ঢৌৱে যেন তাইক ঘেৰি পেলাইছে
!

আচলতে তাইৰ এই অনুভৱ আছিল প্ৰেমিক ৰাজৰ প্ৰতি হোৱা অনুৰাগ! ৰাজ আছিল এজন মহাৰাষ্ট্ৰীয় যুৱক। তাইৰ
দেউতাকে সম্পৰ্কটো মানি লোৱা নাছিল
!

জীৱনলৈ অহা এই ধুমুহাতে এদিন ৰাজৰ হাতত ধৰি তাই কলে -“আমাৰ প্ৰেম আমাৰ আত্মাৰ মিলন। ইয়াত জাতি, ধৰ্ম , বৰ্ণৰ কথা আহিব নোৱাৰে ! কিন্তু মোৰ আজো আইতাৰ দিনৰে পৰম্পৰামতে মোক
এডাল মংগলসূত্ৰ পিন্ধাবা।
এই
পৰম্পৰাক ময়ো শ্ৰদ্ধা জনাই আহিছোঁ
।”

ৰাজ আছিল নিবনুৱা
সেয়ে
তাই নিজেই দুশটকীয়া এডাল সাধাৰণ মণিৰে গুঠা মংগলসূত্ৰ কিনি আনিলে

এই বিয়া তাইৰ দেউতাকে কোনোপধ্যেই মানি লব পৰা নাছিল কিন্তু সুৰেখাৰ কণমানি কেঁচুৱাজনীৰ জন্মৰ পাছতে খংবোৰ বাৎসল্য
প্ৰেমলৈ ৰূপান্তৰিত হ
দেউতাকে সুৰেখাক মৃত মাকৰ গহনা গাথৰিবোৰ দিব
খুজিছিল।
কিন্তু মাহীমাকে বাধা দিলে তাই দেউতাকক কলে –” মোক একো নেলাগে দেউতা মাত্ৰ মাৰ মংগলসূত্ৰডাল দিলেই মোৰ হৃদয় শাঁত
পৰিব। মোৰ মা সধৱাহৈ ঢুকাইছিল।
ময়ো
তেনে মৃত্যুকে কামনা কৰোঁ। “

মাকৰ মংগলসূত্ৰডাল পিন্ধাৰ পাছত সুৰেখাৰ এনে লাগিল যেন তাই
ৰাজৰ বাবে দীৰ্ঘ আয়ুসৰ আশীস পৰিধান কৰিছে

চাকৰি এটাৰ বাবে ৰাজে সংগ্ৰাম কৰি আছিলকিন্তু প্ৰচণ্ড হতাশাত ডুবা ৰাজে তাৰ আয়ূস
যেন ভগৱানক ঘূৰাই দিব
!

সেই দিনবোৰ আছিল কঠোৰ সংগ্ৰামৰ দিন! সুৰেখাই তাইৰ মংগলসূত্ৰডাল বন্ধকত থৈ চৌকাৰ
জুই জ্বলাব লগা হৈছিল
! তাৰ পাছতে তাই চাকৰি এটা
পাই ঘৰখন থান-থিত লগালে
আনহাতে ৰাজে পত্নী আৰু
সন্তানক ভৰণ পোষণ দিব নোৱাৰি লাহে লাহে নিজক শেষ কৰি পেলাইছিল
! মদৰ বটলত দুখবোৰ ডুবাই এদিন ৰাজে তাৰ জীৱন
ভগৱানক ঘূৰাই দিলে
!

সুৰেখাই অলপ অলপকৈ সাঁচি ৰখা টকাৰে মংগলসূত্ৰডাল বন্ধকীৰ
পৰা মোকোলাই আনিব পৰা হৈছিল

কিন্তু
সেইডাল পিন্ধাই দিবলৈ ৰাজ তেতিয়ালৈকে জীয়াই থকা নাছিল
! সেয়ে পুনৰ সেইডাল বন্ধকত ধাৰ দিয়া দালালজনৰ
লোহাৰ চন্দুকত পৰি থাকিল
!

কিছু বছৰৰ পাছত তাইৰ জীৱনে অন্য এক গতি ললে
এজন
পুৰুষে তাইলৈ হাত আগবঢ়াই ক
লে –” মোৰ কান্দি থকা দুটা শিশু
আছে যাৰ মাক নাই
তুমি সিহঁতৰ মাক হব পাৰিবানে? তোমাৰো দুটা শিশু আছে যাৰ দেউতাকৰ প্ৰয়োজন!”

মানুহজনে তেওঁৰ মৃত পত্নীৰ মংগলসূত্ৰডাল লৈ আহিছিল !

আঁহা মৃত স্মৃতিবোৰ জগাই
তোলো।” এইদৰে কৈ তেওঁৰ সন্তানহাল সুৰেখাৰ কোলাত তুলি দিছিল
! তাই আশ্বৰ্য -বিমূঢ় হৈ স্বৰ্গযেন আকাশলৈ
চালে।

এতিয়া সুৰেখাৰ অন্য এডাল গধূৰ সোণৰ মংগলসূত্ৰ হ
খুউব
সুক্ষ্মভাৱে সেইডাল নিৰীক্ষণ কৰি তাই আৱিস্কাৰ কৰিলেযে তিনিঠাইত
জোৰা লগোৱা আছেসম্ভৱ এইডাল তিনিঠাইত ছিগিছিল ! সেয়ে পুনৰ জোৰা লগাব লগা হ ! এনে লাগিল জীৱনটো হয়তো তিনিঠাইত ছিগিছিল ! তাই মংগলসূত্ৰডাল পিন্ধিলে

খুউব সোনকালেই সুৰেখাই বুজি উঠিলযে তাই প্ৰতাৰিত হৈছে ! মানুহটো এটা ভণ্ড স্বামী বা পিতা কোনোটো হোৱাৰেই তাৰ যোগ্যতা নাই যেতিয়া মানুহটোৱে তাইৰ উপাৰ্জনৰ সকলো পকেটস্হ
কৰিলে
, তাই মংগলসূত্ৰডাল খুলি শূন্য
দুহাতত তুলি ল
লে ! এইডাল যেতিয়া
মানুহটোক ঘূৰাই দিলে
, তাইৰ অনুভৱ হল দেহৰ হৃদস্পন্দন বাঢ়ি দুশসত্তৰ কোটিৰ ওচৰ চাপিছে ! সেই লামাজনে কোৱা তৰাটোৰ দৰে এইমাত্ৰ যেন খহি
পৰিব
!

তাই কেতিয়ানো সন্তানদুটিৰ সতে
এৰিথৈ যোৱা ঘৰটোলৈ ঘূৰি আহিল নাজানে। যিটো ঘৰৰ বেৰাত তাইৰ অতীতটো খোদিত হৈ আছে
!

দিনবোৰ আহিল আৰু গ সুৰেখাই অনুভৱ কৰিলে তাই চাগে খহি পৰা তৰাটোৰ
ছাইবোৰ
!

হঠাতে এদিন সন্তান হালক লৈ শুই থাকোতে সুৰেখাই অনুভৱ কৰিলে
সিহঁতৰ কোমল নিঃশ্বাসবোৰে যেন ছাইবোৰৰ মাজত এটি ফিৰিঙতি জ্বলাইছে
যেন এটি উজ্জ্বল পোহৰ ! এক গভীৰ ভাৱত তাই আচ্ছন্ন হ
দুশসত্তৰ
কোটি হৃদস্পন্দনৰ পাছত জ্বলি যোৱা তৰাটোৰ ছাইবোৰৰ পৰা এটা নতুন ফিৰিঙতি ওলাইছে
নতুন তৰা এটাৰ সৃষ্টিৰে
!

নৱজন্ম পোৱা তৰাটোৰ দৰে সুৰেখাই অতীতৰ সকলো দুঃখৰ দিনবোৰ
জোকাৰি পেলালে
যিবোৰ দিনৰ যন্ত্ৰণা তাইৰ
ঘৰৰ বেৰাতো খোদিত হৈ আছিল
!

পাছদিনা খুউব পুৱাতে তাই ওলাই গ
এডাল
নতুন মংগলসূত্ৰ কিনিলে
ঘৰলৈ আহি দাপোণৰ সমুখত
মংগলসূত্ৰডাল পিন্ধি পিন্ধি তাই নিজকে ক
লে –” আজি মই নিজহাতে এই
মংগলসূত্ৰডাল পিন্ধিছোঁ।
এতিয়াৰ পৰা এই
মংগলসূত্ৰডালে মোক কোনো বৈধৱ্যৰ শোক অথবা বিচ্ছেদৰ যন্ত্ৰণা দিব নোৱাৰে।
কেতিয়াও নোৱাৰে !

Popular Post

ঐতিহাসিক চিঠি