গল্পঃ তাইৰ প্ৰেমিক/ মেক্সিম গৰ্কী

Posted by : translatorsassam
May 31, 2020

তাইৰ প্ৰেমিক

 মূল: মেক্সিম গৰ্কী
অনুবাদ: কুইন ফুকন

মেক্সিম গৰ্কী

  মোৰ এজন চিনাকী মানুহে
এবাৰ মোক এই কাহিনীটো কৈছিল —
  তেতিয়া মই ছাত্ৰ হিচাপে
মস্কোত আছিলোঁ। মই থকা ঠাইখনৰ ওচৰতে এগৰাকী মহিলা আছিল
, যাৰ বিষয়ে
মই অৱতাৰণা কৰিব খুজিছোঁ। তেওঁ আছিল পোলেণ্ডৰ। নাম টেৰেছা। মানুহগৰাকী দীৰ্ঘদেহী। গাৰ
গঠন মজবুত
, বৰণ কলা। ডাঠ
চেলাউৰিৰে সৈতে ডাঙৰ খহটা মুখখন কুঠাৰেৰে কাটি উলিওৱা যেন লাগে। যাৰ ক
লা চকুহালত
জন্তুৰ চকুৰ দৰে চিকমিকনি লক্ষ্য কৰিব পাৰি। গভীৰ হুটা কন্ঠস্বৰ
, শক্তিশালী
মাংসপেশীৰে গাৰোৱানৰ দৰে চাল-চলন দেখিলে পৰিশ্ৰমী তিৰোতা যেন বোধ হয়। এই সকলোখিনিৰ
বাবে মোৰ মনত তেওঁৰ প্ৰতি অবাঞ্ছিত ভয় এটাই বাহ লৈছিল। মই ঘৰটোৰ একেবাৰে ওপৰৰ কোঠা
এটাত বাস কৰিছিলোঁ। মোৰ কোঠাটো আছিল তেওঁৰ কোঠাৰ মুখামুখিকৈ। তেওঁ কোঠাৰ ভিতৰত থকা
বুলি গম পালে মই কেতিয়াও মোৰ কোঠাৰ দুৱাৰ নুখুলিছিলোঁ। অৱশ্যে এই ঘটনাটো প্ৰায় নঘটিছিল।
কেতিয়াবা মই তেওঁক চিৰিত নতুবা চোতালত হঠাৎ লগ পাইছিলোঁ। মুখামুখি হ
লে তেওঁ
মোৰ ফালে চাই মিচিকিয়াই হাঁহিছিল। হাঁহিটো বৰ ৰুক্ষ আৰু দুষ্টালিপূৰ্ণ যেন লাগিছিল।
মাজে সময়ে মই তেওঁক সুৰাপান কৰি মাতাল হৈ থকা দেখিছিলোঁ। মুদ খাই পৰা চকু
, অবিন্যস্ত
চুলি আৰু মুখত এটা বিশেষ ধৰণৰ বিভৎস হাঁহি। তেনেবোৰ সময়তে মোলৈ চাই সোধে –
কেনে আছা, মিষ্টাৰ
ষ্টুডেণ্ট!
 আৰু তেওঁ
মূৰ্খৰ দৰে মৰা হাঁহিটোৰ বাবে মোৰ তেওঁৰ প্ৰতি বিকৰ্ষণ বাঢ়ি গৈছিল। তেওঁৰ সান্নিধ্যৰ
পৰা আঁতৰি থাকিবৰ বাবে মই বাৰে বাৰে ঘৰ সলনি কৰাৰ কথা ভাবিছিলোঁ। কিন্তু মোৰ সৰু কোঠাটো
বৰ ভাল আছিল। খিৰিকীৰে নৈসৰ্গিক দৃশ্যবোৰ দেখা পোৱা যায় আৰু তলৰ ৰাজপথটো আছিল নীৰৱ
, শান্তিপূৰ্ণ।
সেইবাবেই মই কোঠাটো সলনি কৰিব খোজা নাছিলোঁ।
  এদিন ৰাতিপুৱা মই
ক্লাছলৈ যাবলৈ সাজু হৈ কাপোৰ-কানি পিন্ধিও বিচনাত পৰি আছিলোঁ। যাবলৈ মন নথকাৰ বাবে
অজুহাত এটা উদ্ভাৱন কৰিবলৈ চেষ্টা কৰি আছিলোঁ। এনেতে হঠাৎ মোৰ কোঠাৰ দুৱাৰখন খোল খালে
, আৰু দুৱাৰডলিত
টেৰেছাৰ কৰ্কশ
, বেসুৰা মাতষাৰ শুনিবলৈ পালোঁ –
গুড মৰ্ণিং,মিষ্টাৰ
ষ্টুডেণ্ট!
আপোনাক কিবা লাগে নেকি?’- মই সুধিলোঁ।
মই দেখিলোঁ তেওঁৰ মুখত দোধোৰ-মোধোৰ অৱস্থাৰ চাপ আৰু কাকুতিৰ ভাব। যিটো তেওঁৰ মুখত অস্বাভাৱিক।
মানুহগৰাকীক কিবা বিমোৰত পৰা যেন লাগিল‌।
মই তোমাৰ ওচৰলৈ এটা ডাঙৰ সহায় বিচাৰি আহিছোঁ।
তুমি মোক সহায় কৰিবানে
?’
মই কোনো উত্তৰ নিদিলোঁ। ভাবিলোঁ, মোৰ লগত
ঘনিষ্ঠ হ
বৰ বাবে নিশ্চয় কিবা অভিসন্ধিৰ ৰছনা কৰিছে।
মই ঘৰলৈ এখন চিঠি পঠিয়াব খোজোঁ। সেইটোৱেই
কাৰণ
ʼতেওঁ যিমান
পাৰে কোমল আৰু কম্পিত কণ্ঠেৰে ক
লে।
সেইটো কথা!চিঠি লিখাবলৈ
আহিছে
,মই ভাবিলোঁ। মই জাপ মাৰি উঠি গৈ মোৰ টেবুলৰ
ওচৰত বহি কাগজ-কলম উলিয়াই বিৰক্তিৰে ক
লো –
ইয়ালৈ আহক। বহক। আৰু কি লিখিব লাগে কৈ যাওক
তেওঁ ওচৰ চাপি আহিল। সাৱধানেৰে চকীত বহি দোষী দোষী ভাবেৰে মোলৈ
চালে।
আচ্ছা, আপুনি কালৈ
লিখিব খোজে
?’
বোলশ্লেভ কাচপাট্। শ্বেভট্ যিয়ানা চহৰ। ৱাৰ্শ্ব
ৰোড।
ঠিক আছে, কি লিখিম
কওক
মোৰ মৰমৰ বোলেচ… মোৰ প্ৰিয়তম। ভগবানৰ মাতৃয়ে
তোমাক সহায় কৰক। মোৰ সোণৰ হৃদয়
, তুমি ইমানদিনে তোমাৰ
অকনমানি শোকাকুল কপৌজনীলৈ একো লিখা নাই কিয়
?  টেৰেছা
মই হাঁহি ৰখাব নোৱাৰিলোঁ। এজনী অকনমানি
শোকাকুল কপৌ!
আৰু টেৰেছা??যাৰ ছফুট
উচ্চতা
, বঁটা-বিজয়ী মুষ্টিযোদ্ধাৰ দৰে হাতৰ মুঠি।
লা মুখখন দেখিলে এনে লাগে যেন অকনমানি কপৌজনীয়ে গোটেই জীৱন
চিমনী চাফা কৰিয়েই কটালে। আৰু কেতিয়াও গা ধুই পোৱা নাই। যিকিনহওক কোনোমতে হাঁহিটো নিয়ন্ত্ৰণ
কৰি সুধিলোঁ –
এই বোলেচট্ কোন?’
বোলেচট্ নহয়,বোলেচ, মিঃ ষ্টুডেণ্টমই নামটো
ভুলকৈ উচ্চাৰণ কৰাৰ বাবে দুখমনেৰে ক
লে –
বোলেচ – মোৰ প্ৰেমিক
প্ৰেমিক!
তুমি ইমান আচৰিত হৈছা কিয়? এজনী ছোৱালী
হিচাপে মোৰ প্ৰেমিক থাকিব নোৱাৰে নেকি
?’
তেওঁ? তেওঁ এজনী ছোৱালী? বাৰু!
এই মানুহজনীও এজনী ছোৱালী হব পাৰে, মই আচৰিত
লো।
অহঃ, কিয় নোৱাৰে?’ –
মই
লো। সকলো কথাই সম্ভৱ হব পাৰে।
কিমান দিনৰ পৰা তেওঁ আপোনাৰ প্ৰেমিক?’
ছবছৰৰ পৰা
অহ্ অহ্ মই ভাবিলোঁ।
ভাল বাৰু, এতিয়া আপোনাৰ চিঠিখন
পঠাব পাৰে
অৱশ্যে মই এটা কথা স্বীকাৰ কৰিব লাগিব যে এনে এক সুন্দৰ প্ৰেমৰ
চিঠি পালে মই নিসংকোচে
বোলেচৰ ঠাই লবলৈ প্ৰস্তুত।
কিন্তু ছোৱালীজনী টেৰেছা হ
ব নালাগিব।
তোমাৰ এই সহায়ৰ বাবে মই তোমাক আন্তৰিক ধন্যবাদ
জনাইছোঁ।
লগতে তেওঁ কলে, ‘ইয়াৰ বিনিময়ত
মই তোমাৰ কিবা কাম কৰি দিব পাৰিমনে
? ‘
নাই,নালাগে।
ধন্যবাদ।
তথাপি তোমাৰ চাৰ্ট-পেণ্ট যদি ধুবলৈ আছে?’
এই পেটিকোট পিন্ধা হাতীজনীৰ কথা শুনি মোৰ খঙত তেজ উতলি অহাৰ
দৰে অনুভৱ হ
ল। মই ৰুক্ষভাৱেই কলো, তেওঁ মোক
কোনো কাম কৰি দিয়াৰ প্ৰয়োজন নাই।
তেওঁ ওলাই গল।
এক-দুই সপ্তাহমানৰ পাছত এদিন গধূলি মই খিৰিকীৰ কাষত বহি আছিলোঁ।
বাহিৰলৈ চাই সুহুৰি বজাই কি কৰিলে ভাল লাগিব তাকে ভাবি আছিলোঁ। বৰ আমনি লাগিছিল সেইদিনা।
বতৰটোও গোমা হৈ থকাৰ বাবে বাহিৰলৈ ওলাই যাব খোজা নাছিলোঁ। অৱসাদগ্ৰস্ত হৈ মই আত্মবিশ্লেষণ
কৰাৰ যত্ন কৰিছিলোঁ। সেই কামটোও তেনেই নীৰস যেন লাগিছিল। কিন্তু কি কৰিম! তেনে সময়তে
মোৰ দুৱাৰখন মেল খাই গ
ল। ভাবিলোঁ, নিশ্চয় কোনোবা
আহিছে
, কথা পাতিব পৰা যাব।
তুমি বাৰু ব্যস্ত আছা নেকি, ছাত্ৰ?’
আসঃ টেৰেছা। অন্য কোনোবা হোৱা হলে!তথাপি
লো –
নাই। কিবা হল নেকি?’
তোমাক সুধিবলৈ আহিছোঁ, মোক আৰু
এখন চিঠি লিখি দিব পাৰিবা নেকি
?’
ঠিক আছে, বোলেচলৈ?’
নহয়। এইবাৰ বোলেচৰ ফালৰ পৰা লিখি দিব লাগে
কি-ইই?’
চোৱা, কি মূৰ্খৰ
দৰে কথা কৈছোঁ মই। এইখন চিঠি মোৰ কাৰণে নহয়। মোৰ এজন বন্ধু
, পৰিচিত এজন
মানুহ। তেওঁৰো এজনী প্ৰেয়সী আছে
, মোৰ নামৰ দৰে একে-
টেৰেছা। বোলেচেও মোৰ দৰে লিখিব নাজানে। সেইকাৰণে তুমি তাৰ হৈ তাৰ প্ৰেয়সীলৈ অৰ্থাৎ
এইজনী টেৰেছালৈ এখন চিঠি লিখি দিব পাৰিবানে
?’
মই তেওঁৰ মুখলৈ চালোঁ, বৰ বিমোৰত
পৰা যেন লাগিছিল। তেওঁৰ আঙুলিবোৰ কঁপিছিল। তেওঁৰ কি হৈছে মই প্ৰথমতে ধৰিব পৰা নাছিলোঁ
যদিও পাছত বুজি পালো।
মই শান্তভাৱে কলো –
চাওক, মই জানো
যে আপুনি এইবোৰ সকলো মিছা কৈ আছে। ইয়াত কোনো বোলেচ আৰু টেৰেছা নাই। এইটো আপোনাৰ মোৰ
ইয়ালৈ অহাৰ অজুহাত মাত্ৰ। এনেকৈ আপুনি আহি থাকি লাভ নাই
, আপোনাৰ লগত
মই কোনো সমন্ধ ৰাখিব নোখোজোঁ। বুজি পাইছেনে
?’
এইবাৰ তেওঁৰ মুখখন ৰঙা হৈ উঠিল। দেখিলোঁ, তেওঁ হঠাৎ
বিক্ষিপ্ত আৰু ভীতিগ্ৰস্ত হৈ পৰিছে। কিবা এটা ক
ব খুজিছে
কিন্তু ক
ব পৰা নাই। তেওঁক তেনে অৱস্থাত দেখি মোৰ ভাৱ
ল – হয়তো মই তেওঁক অলপ ভুল বুজিছোঁ। ইয়াৰ অন্তৰালত নিশ্চয় কিবা
ৰহস্য লুকাই আছে। কিন্তু কি
?
মিঃ ষ্টুডেণ্ট‘ – তেওঁ কবলৈ আৰম্ভ
কৰিছিল কিন্তু একো ক
ব নোৱাৰিলে। হাত জোকাৰি দুৱাৰৰ ফালে ঘূৰি
লাহে লাহে ওলাই গুচি গ
ল।
মোৰ মনত অপ্ৰীতিকৰ ভাব এটাই দোলা দি থাকিল। মই শুনিলোঁ, তেওঁ সজোৰে
নিজৰ কোঠাৰ দুৱাৰ বন্ধ কৰিছে। বোধহয় তেওঁৰ খুব খং উঠিছে। মই কথাবোৰ আকৌ ভালদৰে ভাবিলোঁ।
তাৰপাছত ঠিক কৰিলোঁ
, মই নিজে গৈ তেওঁক যেনেতেনে ঘূৰাই আনিম আৰু
বিচৰামতেই চিঠিখন লিখি দিম।
মই তেওঁৰ কোঠালৈ সোমাই গলো। মূৰে-কপালে
হাত থৈ তেওঁ টেবুলৰ ওচৰতে বহি আছিল।
শুনকচোন‘ – মই কলো
গল্পটোৰ এই অংশত মই অস্বস্তি আৰু অসহজ অনুভৱ কৰোঁ।
অকনমান শুনকচোন‘ – মই পুনৰ
লো 
তেওঁ বহাৰ পৰা উঠিল। পকা আঙঠাৰ দৰে চকু দুটা লৈ মোৰ ওচৰ চাপি
আহিল। মোৰ কান্ধত হাত থৈ ফুচফুচাই ক
লে, অথবা তেওঁৰ
গলগলীয়া মাতেৰে ক
বলৈ ধৰিলে-
তুমি চোৱা, বোলেচ যেনিবা
নায়েই
, আৰু টেৰেছাও যদি নাই,তাৰপাছত
কি হ
? কাগজ এখনত
দুটামান শব্দ লিখি দিয়াটো তোমাৰ বাবে ইমান কঠিন কামনে
? আৰু তুমি?ধুনীয়া চুলিৰে
সৈতে এটা সৰু ল
ৰা। তোমাক মই কিমান ভাল বুলি আশ্বাসত লৈছিলোঁ।
হয়
, এটা কথা সঁচা, ইয়াত কোনো বোলেচ
নাই। কোনো টেৰেছাও নাই। মাত্ৰ মই আছোঁ।
বচোন ৰব।‘ – পৰিস্থিতিটো
মই মুঠেও অনুধাৱন কৰিব নোৱাৰি ক
লো –
আপুনি এইবোৰ কি কৈছে? কোনো বোলেচ
নাই মানে
?’
, নাই। তাৰপৰা
কি হ
?’
আৰু টেৰেছাও নাই?’
নাই, কোনো টেৰেছাও
নাই। মাত্ৰ মই আছোঁ
মই বুজিব পৰা নাছিলোঁ। একেথিৰে তেওঁৰ মুখলৈ চাই আছিলোঁ। বুজিবলৈ
চেষ্টা কৰিছিলোঁ
, আমাৰ দুয়োৰে মাজত কোনজনৰ মগজুৰ বিকৃতি ঘটিছে।  কিন্তু তেওঁ পুনৰ টেবুলৰ ওচৰলৈ গৈ কিবা এটা বিচাৰিবলৈ
ধৰিলে। তাৰপাছত মোৰ কাষলৈ আহি আহতকণ্ঠেৰে ক
বলৈ ধৰিলে
এয়া তুমি মোক বোলেচলৈ লিখি দিয়া চিঠিখন। লৈ
যোৱা এইখন। তুমিটো পুণৰ মোক লিখি নিদিয়া। অন্য কোনোবা এজন নিশ্চয় ওলাব
, যিয়ে মোক
লিখি দিব।
মই চালো, সেইখনেই মই কিছুদিনৰ
পূৰ্বে বোলেচলৈ লিখি দিয়া চিঠিখন।
শুনক, টেৰেছা!
এইবোৰৰ অৰ্থ কি আপুনি মোক বুজাই ক
বনে? যদি আপুনি
চিঠিবোৰ নপঠায়
, তেনেহলে আনৰ হতুৱাই চিঠিবোৰ লিখাৰ কাৰণ কি?’
কালৈ পঠাম?’
বোলেচলৈ পঠাব, আৰু কলৈ?’
কিন্তু তেনে কোনো বোলেচ নাই যে!
মই সঁচাকৈয়ে একো বুজা নাছিলোঁ। এই সকলোবোৰ এৰি কোঠাৰ পৰা ওলাই
অহাৰ বাদে অন্য উপায় নাছিল। তেতিয়া তেওঁ ক
বলৈ আৰম্ভ
কৰিছিল –
কি এইবোৰ?’- তেওঁ বিষণ্ণ
কণ্ঠৰে কৈ গ
ইয়াত বোলেচ নামৰ কোনো ব্যক্তি নাই
তেওঁ হাতদুখন এনেকৈ ডাঙিলে যেন তেওঁ নিজেই বুজি পোৱা নাই।
কিন্তু মই তেওঁ থকাটো বিচাৰোঁ। আনবোৰ মানুহৰ
দৰে মইও মানুহ নহওঁনে
? হওঁ, মই জানো।
কিন্তু মই তেওঁলৈ চিঠি লিখিলে কাৰোটো একো ক্ষতি নহয়।
বচোন, কালৈ?’
নিশ্চয়কৈ বোলেচলৈ
কিন্তু বোলেচ যে নায়েই
আহঃ! তেওঁ যেনিবা নায়েই তাতে কি হ? তেওঁ নাই
কিন্তু মোৰ বাবে আছে। আৰু টেৰেছা – সেইজনী ময়েই। তেওঁ মোৰ চিঠিৰ উত্তৰ দিয়ে আৰু পুনৰ
মই তেওঁলৈ লিখোঁ।
মই কথাবোৰ বুজি উঠিছিলোঁ আৰু মনত দুখ পাইছিলোঁ। মোৰ নিজৰে আগত
লাজ লাগিছিল।মোৰ সমীপতে
, মাত্ৰ তিনিখোজ আঁতৰতে
এনে এজনী মানুহ আছিল যাক ভালপাবলৈ
, অকণমান সহানুভূতি
জনাবলৈ এই পৃথিৱীত কোনো নাছিল। তেওঁ নিজেই নিজৰ প্ৰিয়জনক উদ্ভাৱন কৰি লৈছিল।
এতিয়া চোৱা ! তুমি মোক বোলেচলৈ এখন চিঠি লিখি
দিলা
, আৰু মই সেইখন অন্য কাৰোবাক পঢ়িবলৈ দিলোঁ,যেতিয়া তেওঁলোকে
চিঠিখন পঢ়ি দিব তেতিয়া শুনাৰ লগে লগে মোৰ বিশ্বাস জন্মিব যে সঁচাই বোলেচ আছে। আৰু মই
তোমাক বোলেচৰ পৰা টেৰেছালৈ এখন চিঠি লিখিবলৈ কৈছিলোঁ। অৰ্থাৎ বোলেচৰ পৰা মোলৈ। সেই
চিঠি আন এজনৰ দ্বাৰা পঢ়ুৱাই যেতিয়া মই শুনোঁ
, তেতিয়া মোৰ
দৃঢ় বিশ্বাস জন্মে যে বোলেচ আছে। আৰু এনেদৰেই মোৰ জীৱন সহজ হৈ পৰে।
যিকিনহওঁক, তেতিয়াৰে পৰা নিয়মিতভাৱে
মই সপ্তাহত দুখন চিঠি লিখিবলৈ আৰম্ভ কৰি দিলোঁ। এখন বোলেচলৈ। আনখন টেৰেছালৈ। মই টেৰেছালৈ
লিখা চিঠিবোৰ প্ৰাণঢালি লিখিছিলোঁ। যিবোৰ পঢ়ি শুনাওতে তেওঁ বেসুৰা কণ্ঠৰে উচুপি উচুপি
কান্দিছিল। বিনিময়ত তেওঁ মোৰ জোতা চাফা কৰি দিছিল। চাৰ্ট-পেণ্ট
, মোজা ধুই
দিছিল। তাৰপাছত তিনিমাহ মানৰ পিছত তেওঁক কাৰাদণ্ড বিহা হৈছিল। এতিয়া চাগে নিঃসন্দেহে
তেওঁ ঢুকাল।
মোৰ চিনাকী মানুহজনে চিগাৰেটৰ ছাইবোৰ জোকাৰি পেলালে। চিন্তামগ্নভাৱে
আকাশলৈ চাই ক
লে – হয়, মানুহে জীৱনত
যিমানেই তিক্ততাৰ সোৱাদ পায় সিমানেই বেছি আকুলভাৱে তেওঁ মধুৰ স্বাদলৈ আশা কৰে। আৰু
আমি
? আমি আমাৰ উৱলি যোৱা মূল্যবোধৰ মাজত আৱদ্ধ হৈ থাকোঁ। আমাৰ নিজৰ
সামৰ্থ্যৰ কুঁৱলীৰ মাজেৰে এজনে আনজনক চাওঁ। নিজৰ নিৰ্দোষীতাত আমাৰ অটল বিশ্বাস। ফলত
এইধৰণৰ কথা আমি প্ৰায় বুজিব নোৱাৰোঁ।
ফলত এই গোটেই বিষয়টোৱেই একেবাৰে অৰ্থহীন আৰু নিৰ্মম যেন লাগে।
আমি কওঁ
, স্খলিত মানুহ – কিন্তু এই পতিত মানুহবোৰ কোন
জানিব খোজোনে
? প্ৰথম কথা তেওঁলোকো আমাৰ দৰে হাড়-তেজ-মঙহ
আৰু স্নায়ুৰে গঠিত মানুহ। যুগে যুগে এই কথা আমাক কৈ অহা হৈছে অহৰ্নিশে। আমি প্ৰকৃততে
কেৱল শুনোঁহে – কোনেও নাজানো কি দুৰ্বোধ্য কথা সেয়া। মানৱীয়তাৰ উচ্চস্বৰীয় জ্ঞানোপদেশ
দি আমি নিজেই ভ্ৰষ্ট নহয়নে
? বাস্তৱতে আমি প্ৰত্যেকেই
পতিত লোক। আৰু আমি যলৈকে দেখিছোঁ
, স্বয়ংসম্পূৰ্ণতাৰ
অটল গহ্বৰত খহি পৰিছোঁ- আৰু আমাৰ নিজৰ শ্ৰেষ্ঠতাৰ ওপৰত বিশ্বাস ৰাখোঁ। কিন্তু বহুত
, এই সকলোবোৰ পুৰণি
ধাৰণা। পুৰণি পাহাৰৰ দৰে। এইবোৰ ইমান পুৰণি কথা যে এইবোৰ কথা ক
বলৈ মানুহে
লাজ পায়।
গল্পকাৰৰ পৰিচয় : ১৮৬৮ চনত ৰাছিয়াত জন্ম । মেক্সিম
গৰ্কী
ৰ প্ৰকৃত নাম আলেক্সেই মেক্সিমভিছ পেছকভ (Alexei Maximovich Peshkov) । তেখেত বিখ্যাত
‘মা’ উপন্যাসৰ দ্ৰষ্টা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত। তেখতৰ ৰচনাত সমাজ-ৰাজনৈতিক বাস্তৱতা
দেখা পোৱা যায়। তেওঁ পাঁচবাৰকৈ নবেল বঁটাৰ বাবে মনোনীত হৈছিল । ১৯৩৬ চনত নিমোনিয়াত
আক্ৰান্ত হৈ গৰ্কীয়ে মৃত্যুক সাৱটি লয়।

Popular Post

ঐতিহাসিক চিঠি