গল্পঃ জীৱিত ও মৃত / ৰবীন্দ্ৰনাথ ঠাকুৰ

Posted by : translatorsassam
June 6, 2020

মূল গল্প: জীৱিত ও মৃত

ৰচনা: ৰবীন্দ্ৰনাথ ঠাকুৰ
অনুবাদ: সঞ্জীৱ মজুমদাৰ

Rabindranath Tagore
ৰাণীহাটৰ
জমিদাৰ
,
শাৰদাশংকৰ ডাঙৰীয়াৰ বিধৱা ভাই-বোৱাৰী গৰাকীৰ পিতৃকূলত জীৱিত
বুলিবলৈ কোনো নাছিল। পতিকূলতো আপোন কোনো
  নাছিল, না পতি, না পূত্ৰ। বৰজনাকৰ সৰু লৰা, মাইনা আছিল তাইৰ নয়নৰ মণি। লৰাটোৰ জন্মৰ পিছতেই
মাকৰ দীৰ্ঘদিনীয়া অসুখৰ বাবে বিধৱা সৰু মাক কাদম্বিনীয়ে তাক তুলি-তালি ডাঙৰ কৰিলে।
পৰৰ সন্তানক ডাঙৰ দীঘল কৰাৰো এক অব্যক্ত বেদনা থাকে
, কাৰণ কোনোধৰনৰ দাবী বা অধিকাৰ নাথাকে, নাথাকে সামাজিক স্বীকৃতি, থাকে মাথো চেনেহৰ
দাবী আৰু
  দিনক দিনে বাঢ়ি গৈ থকা অপ্ৰতিৰোধ্য মায়া-মোহ।
বিধৱাগৰাকীৰ
সমস্ত ৰূদ্ধ প্ৰীতি
, শিশুটিৰ প্ৰতি
সঞ্চিত কৰি
, এদিন শাওণ মহীয়া ৰাতি কাদম্বিনীৰ
অকস্মাৎ মৃত্যু ঘটিল।
 
শাৰদাশংকৰে
মানুহজনীৰ মৃত্যুক লৈ কোনোধৰণৰ বিতৰ্ক অথবা পুলিচৰ উপদ্ৰৱ নহ‌ওক বুলিয়েই
, ৰাতিৰ ভিতৰতে শৱ দাহৰ বাবে চাৰিজন বনুৱাক পঠিয়াই দিলে।
প্ৰতিষ্ঠিত মানুহৰ বাবে সমাজৰ প্ৰয়োজন নাই।
ৰাণীহাটৰ
শ্মশানখন লোকালয়ৰ পৰা বহু দূৰৈত
, এটা পুখুৰীৰ পাৰত
বিশাল আহত এজোপাৰ সৈতে মুকলি পথাৰ এখনৰ দাঁতিত। শাওন মাহৰ আন্ধাৰ ৰাতি
, মেঘে ওন্দোলি থকা আকাশত তৰা বা পোহৰৰ লেশমান চিন নাই।
শ্মশানৰ কাষত থকা জীৰ্ণ খেৰৰ চালি এখনৰ তলত মৃতদেহটো চাঙীখনত পৰি আছে আৰু
  দুজনে পহৰা দি বহি আছে। নিতাই আৰু গুৰুচৰণ বোলা দুজনে শুকান
খৰি বিচাৰি গৈছে।
লেম্পটো নিজে নিজে
নুমাই যোৱাত
, বেৰপেটীত খোচ মাৰি অনা, সেমেকি যোৱা দিয়াচলাইৰে বহু চেষ্টা কৰি, এডাল কাঠিও জ্বলাব নোৱাৰি বিধূ বোলাজনে কলে, বনমালী, এচিলিম ধপাঁত পোৱা
হলে
,
লৰালৰিকৈ আহোঁতে লগত একোৱেই অনা নহল।”
বনমালী যেন
কথাষাৰ শুনিবলৈ অপেক্ষাহে কৰি আছিল।
ম‌ই ফটচনে গৈ, লৈ আনো নেকি, দদাই?”
বনমালীৰ
পলায়নৰ অভিপ্ৰায় বুজি
, বিধূ বোলাজনে কলে,
নালাগে মনে মনে বহি থাক। ত‌ই গলে ম‌ই অকলে
থাকিব নোৱাৰিম।”
এনেদৰে দুয়ো
কিছু সময় বহি থাকিল। এটা এটা মুহূৰ্ত এযুগৰ সমান যেন লাগিছে দুয়োৰে। শুকান খৰি
আনিম বুলি যোৱা দুজনক উদ্দেশ্যি বেয়া মাত দু-আষাৰ মান মাতি বনমালী চূপ হৈ পৰিল।
কতো কোনো
শব্দ নাই
,
আক্ষৰিক অৰ্থত মৰিশালিৰ নিস্তব্ধতা, কেৱল পুখুৰীৰ পৰা ভাঁহি অহা অবিৰত জিলিৰ মাত আৰু ভেকুলীৰ
টোৰটোৰণি। হঠাৎ দুয়োৰে এনে লাগিল
, মৃতদেহটো যেন ঈষৎ
লৰি উঠিছে আৰু বাগৰ সলালে। বনমালী আৰু বিধূই হৰিনাম লৈ কলপাত কপাঁদি কপিব ধৰিলে।
ক্ষন্তেক পিছতেই মৃতদেহটোৰ ফালৰ পৰা দীৰ্ঘনিশ্বাস এটা ভাঁহি অহাৰ পিছত
, দুয়ো গাওঁ অভিমুখে ভিৰাই লৰ মাৰিলে। কিছুদূৰ যোৱাৰ পিছত
সিফালৰ পৰা সিহতৰ অৱশিষ্ট সঙ্গী দুজনে খৰি যোগাৰ কৰি
, হাতত লেম্প এটা লৈ আহি থকা অৱস্থাত লগ পাইহে তত পালে।
দুয়োৰে পৰা শ্মশানৰ ঘটনাৰ বৰ্ণনা শুনি নিতাই আৰু গুৰুচৰণে হাঁহি উৰুৱাই দি
, দুয়োকে তামাম উপলুঙা কৰিলে। তথাপি কালবিলম্ব নকৰি চাৰিওজন শ্মশান আহি ওলাল। তালৈ আহি
দেখে যে চালিঘৰত মৃতদেহ নাই
, অকল চাঙীখন পৰি
আছে।
বুকু কঁপি যোৱা দৃষ্টিৰে চাৰিওজনে
পৰস্পৰৰ চকুলৈ চালে। মৃতদেহটো শিয়ালে টানি নিয়া নাইতো
? কিন্তু চাঙীখনত মেৰিয়াই অনা বিচনা চাদৰখনো নাই যে? অনুসন্ধান কৰি আগবাঢ়ি গৈ থাকোতে, দিনত হোৱা বৰষুণৰ বাবে তিতি থকা মাটিত, কিছুসময়ৰ আগৰ যেন লগা, মহিলাৰ সৰু সৰু ভৰিৰ খোজ দেখিলে। শাৰদাশংকৰক
ভূতৰ কাহিনী কৈ পতিয়ণ নিয়াব পৰা মানুহ নহয়
, গতিকে চাৰিও মিলি সিদ্ধান্ত ললে যে মৃতদেহটো দাহ কৰি অহা বুলিয়েই কব। এই বিষয়ে
কাৰো নিশ্চয় সন্দেহৰ কোনো অৱকাশ নাথাকিব
, কাৰণ এনেয়েও মৃতদেহ কোনো অমূল্য সম্পদ নহয় যে কোনোবাই চুৰ কৰি নিব!
দ্বিতীয় পৰিচ্ছেদঃ

কাদম্বিনী
মৰা নাছিল। হঠাৎ কিবা কাৰনত হৃদক্ৰিয়া বন্ধ হৈ গৈছিল। চাঙীত পৰি থকা অৱস্থাত
, তাই সচেতন হোৱাৰ পিছত দেখিলে চাৰিওফালে ঘোৰ অন্ধকাৰ। অভ্যাস
অনুসৰি বৰজায়েকক “বাইদেউ” বুলি দুবাৰমান মাতিলে। আন্ধাৰৰ মাজত কোনো
উত্তৰ নাহিল। লাহে লাহে মনত পৰিল মৃত্যুশৰ্য্যাৰ কথা। বুকুৰ মাজত তীব্ৰ বিষ এটা
উঠাৰ পিছত বিচনাখনত ঢলি পৰা মুহূৰ্তটো আৰু ৰূদ্ধকন্ঠেৰে কোৱা “বাইদেউ
, মাইনাটোক মোৰ ওচৰলৈ আনকচোন, মোৰ বুকুখন বৰ ধৰফৰ কৰিছে।” শেষ কথাষাৰ। 
কাদম্বিনীৰ
সমস্ত স্মৃতি আৰু চেতনা
, বিশ্বজগতৰ অন্য এক
মুহূৰ্তৰ সতে একাকাৰ হৈ পৰিল।
প্ৰথমতে
ভাবিলে যমালয় নিশ্চয় এনেকু্ৱাই
, চিৰনিৰ্জন আৰু
চিৰান্ধকাৰ। তাত চাবলগীয়া
, শুনিবলগীয়া, কৰিবলগীয়া একোৱেই নাই, মাথোঁ এইদৰেই চিৰদিন সাৰে থাকি উঠি-বহি কটাব লাগিব। বহুবছৰ আগতে কিবা এক
পূণ্যতিথি উপলক্ষে শ্মশানলৈ সপৰিয়ালে আহিছিল আৰু সকলোৰে লগত লগে ভাগে পুখুৰীত গা
ধুইছিল। তাই পুখুৰীৰ পাৰত কলহেৰে পানী তুলি গা ধুইছিল কাৰণ তাই সাঁতুৰিব
নাজানিছিল।
তাই এবাৰ ভাবিলে
ঘৰলৈ উভতি যাওঁ। কিন্তু পিছ মুহূৰ্ততে ভাবিলে
, “ম‌ইতো জীয়াই থকা নাই, মোক ঘৰ সোমাবলৈ কিয়
দিব
?
মোৰ উপস্থিতি এতিয়া অমঙ্গলীয়া, জীৱজগতৰ পৰা ম‌ই নিৰ্বাসিত – ম‌ই মাথোঁ মোৰ, প্ৰেতাত্মা।”
নিজৰ মনলৈ
অহা প্ৰশ্নসমূহৰ উত্তৰ নিজেই নিজক দিছে। যদি ম‌ই নাই মৰা তেনেহলে ইমান দূৰৰ
শ্মশানলৈ ম‌ই কিদৰে আহিলো
? মোৰ অন্ত্যেষ্টি
ক্ৰিয়া সমাপন যদি নাইয়েই হোৱা
, শ্মশানলৈ দাহ
কৰিবলৈ অহা মানুহবোৰ ক
? 
শাৰদাশংকৰৰ
ঘৰৰ শেষ নিশ্বাস লোৱা মুহূৰ্ত আৰু এই দূৰৱৰ্তী
, জনশূন্য অন্ধকাৰময় শ্মশানৰ মাজত নিজৰ একাকী অৱস্থানে তাইক নিশ্চিত কৰিলে,
এতিয়াৰ পৰা এই পৃথিৱীৰ জনমানসৰ, ম‌ই কোনো নহয়। ম‌ই ভীষণ অকল্যাণকাৰী, ম‌ই মোৰ প্ৰেতাত্মাহে।”
এই কথাখিনি
মনলৈ অহাৰ পিছ মুহূৰ্ততে বিশ্বজগতৰ সকলো বন্ধন ছিন্ন হৈ পৰিল। অদ্ভূত শক্তিৰ
অধিকাৰিনী
, যি মন যায় তাকেই কৰিব পৰা, অসীম স্বাধীনতাৰ অনুভবে, তাইক একপ্ৰকাৰ উন্মত্ত কৰি তুলিলে। মনৰ মাজত লাজ, ভয়, ভাবনা লেশমাত্ৰ‌ও
নৰ
ল আৰু নিৰ্ভয়ে শ্মশান, পথাৰ,
হাবি-বনৰ বোকা পানী গছকি উদভ্ৰান্তৰ দৰে খোজকাঢ়ি এটা সময়ত
ক্লান্ত-শ্ৰান্ত হৈ পৰিল। ৰাতিপুৱাৰ ফেহুজালি দিয়াৰ পৰত
, চৰাই চিৰিকতিৰ মাত আৰু মানুহৰ সমাগমে মনত ভীতিৰ সঞ্চাৰ
কৰিলে। আন্ধাৰৰ মাজত যেতিয়া তাই শ্মশানত আছিল
, হাবি বননি তথা শাওন মহীয়া নিশাৰ পথাৰত আছিল, তেতিয়া তাই নিৰ্ভয়ে আছিল, সেইয়া যেন তাইৰ
নিজৰহে ৰাজ্য। দিনৰ পোহৰেৰে আলোকিত
, জনসমাগম তাইৰ বাবে ভয়ংকৰ অনুভূত হল। যিদৰে
মানুহে ভূতক ভয় কৰে
, ঠিক তেনেদৰে ভূতেও
মানুহক ভয় কৰে
, মৃত্যুনদীৰ দুয়োপাৰে দুয়োৰে বাসস্থান

তৃতীয় পৰিচ্ছেদঃ

ওৰেটো নিশা
বিনিদ্ৰ ৰজনী অতিবাহিত কৰা
, কাদম্বিনীৰ কানি
কাপোৰ বোকা-পানীৰে লেতেৰা হৈ পৰাৰ পিছত
, যিধৰণৰ চেহেৰা হৈছিল, সৰু লৰা ছোৱালীয়ে
দেখিলেই ভয় খাব। সৌভাগ্য ক্ৰমে এজন বয়সস্থ বাটৰুৱাই কথাটো মন কৰি সুধিলে
,
আই তোমাক দেখি ভালঘৰৰ বোৱাৰী যেন লাগিছে! পিছে তুমি এই বেশত কলৈ যাব ওলাইছা?”
বাটৰুৱাৰ
মুখত “ভালঘৰৰ বোৱাৰী” শব্দটো শুনি কাদম্বিনী নিজৰ অস্তিত্ব সম্পৰ্কে
সন্দিহান হৈ পৰিল।
বাটৰুৱাজনে
একো উত্তৰ নাপাই পুনৰ কলে
, “আই, তোমাক ঘৰলৈ আগবঢ়াই থৈ আহো। তোমাৰ ঘৰটো কোনডোখৰত বাৰু?”
বাটৰুৱাজনৰ
প্ৰশ্নত কাদম্বিনী কিছু চিন্তাত পৰিল। শহুৰৰ ঘৰলৈ উভতি যোৱাৰ প্ৰশ্ন‌ই নুঠে
, নিজৰ বুলিবলৈ মা-দেউতাও কোনো নাই, সৰুকালৰ সখি যোগমায়াৰ কথা মনত পৰিল। সখি যোগমায়াৰ সতে বিয়াৰ
পিছত দেখা সাক্ষাৎ হোৱা নাই যদিও
, চিঠি আদান প্ৰদানৰ
মাজেৰে যোগাযোগ আছে। চিঠিৰ জৰিয়তে দুয়োৰে বন্ধুত্বৰ
  যোগসূত্ৰ এতিয়াও অটুট হৈ আছে।
কাদম্বিনীয়ে
বাটৰুৱাজনক কলে
, নিশিন্দাপূৰৰ শ্ৰীপতিচৰণ বাবুৰ ঘৰলৈ যাম।”
বাটৰুৱাজন
চহৰলৈ গৈ আছিল
, নিশিন্দাপুৰ বৰ এটা ওচৰত নহয় যদিও,  তেখেতে কাদম্বিনীক শ্ৰীপতি বাবুৰ ঘৰলৈ আগবঢ়াই থৈ গল।
দুয়ো সখিৰ
মিলন হ
ল। প্ৰথমতে দুয়ো দুয়োকে চিনি পাওতে অসুবিধা হৈছিল যদিও
বাল্যকালৰ স্মৃতিয়ে সকলো পৰিস্ফুট কৰি পেলালে।
যোগমায়াই
কলে
, তুমি যে এনেদৰে আহি ওলাবা, ম‌ই সপোনতো ভবা নাছিলো। তোমাৰ শহুৰৰ ঘৰৰ মানুহে আহিব দিলেহে বুলিছো।”
কাদম্বিনী
কিছুসময় মনে মনে থাকি অৱশেষত কলে
, “শহুৰৰ ঘৰৰ কথা আৰু
নুলিয়াবা। ম‌ই এতিয়াৰ পৰা তোমাৰ ‌ইয়াতেই থাকিম। তোমাৰ ঘৰৰ সকলো কাম বন কৰি দিম। ম‌ই
তোমাৰ দাসী হৈ থাকিম।”
কিবোৰ যে কোৱা, তুমি দাসী কিয় হবা? তুমি মোৰ অতি মৰমৰ
বান্ধৱী।”
দুয়োৰে
কথাবাৰ্তাৰ মাজতে যোগমায়াৰ পতি শ্ৰীপতি আহি ঘৰ সোমাল। শ্ৰীপতি অহাৰ পিছত
কাদম্বিনীয়ে সৌজন্যতাৰ খাতিৰত মূৰত ওৰণি নললে আৰু নিস্পৃহভাবে কোঠাৰ পৰা ওলাই গ
ল।
যোগমায়াই
বান্ধৱীৰ বিষয়ে পতিদেৱক নানান ধৰনে বুজোৱাৰ প্ৰস্তুতি লৈ কথাবোৰ আৰম্ভ কৰিছিল যদিও
পতিদেবে এক কথাত কাদম্বিনীক ৰাখিবলৈ সন্মত হ
ল। বান্ধৱী
সম্পৰ্কে সকলো কথা পতিদেবে ইমান সহজে
, বিনাবাক্যব্যয়ে মানি লোৱা কথাটো যোগমায়াৰ অকণো ভাল নালাগিল।
কাদম্বিনী
সখিয়েকৰ ঘৰত থাকিল যদিও
, সখিয়েকৰ সতে মন
উজাৰি মিলামিচা কৰিব নোৱাৰিলে। নিজৰ অস্তিত্বৰ ওপৰত থকা সন্দেহ আৰু সংকটে তাইক এক
বিচ্ছিন্ন দ্বীপৰ অধিবাসী কৰি তুলিছিল।
 
কাদম্বিনীয়ে
যোগমায়াৰ মুখলৈ চাই ভাবে
, “পতিদেব আৰু ঘৰ
সংসাৰ লৈ তাই যেন বহু দূৰৰ
, অন্য এক জগতত আছে।
মায়া-মমতা
, কৰ্ত্তব্যবোধৰ মাজেৰে তাই পৃথিৱীৰ
বাসিন্দা আৰু ম‌ই যেন এক শূন্য ছায়া। তাই অস্তিত্বৰ দেশৰ বাসিন্দা আৰু মোৰ
অস্তিত্ব
,
অনন্তৰ সিপাৰে।”
যোগমায়াৰো
কাদম্বিনীক দূৰ্বোধ্য সাঁথৰ তথা ৰহস্যময় যেন লাগিবলৈ ল
লে। আচলতে মহিলাই অনিশ্চিত ৰহস্য সহ্য কৰিব নোৱাৰে।
অনিশ্চয়তাক লৈ কবিত্ব কৰিব পাৰি
, বীৰত্ব কৰিব পাৰি, পাণ্ডিত্য কৰিব পাৰি, কিন্তু ঘৰ সংসাৰ চলাব নোৱাৰি। দিনক দিনে
কাদম্বিনী যিমানেই দূৰ্বোধ্য হৈ উঠিল
, যোগমায়াৰো বিৰক্তি সিমানেই বাঢ়ি গৈ থাকিল, মনতে ভাবিলে কি যে হাড়মাল চপাই ললো।
কাদম্বিনীয়ে
নিজক ভয় কৰে
, বাহিৰত তাইৰ কোনো ভয় নাই। যেতিয়াই
তেতিয়াই নিজৰ কোঠাৰ ভিতৰত চিঞৰি উঠে। তাইৰ ভয়ে ঘৰখনৰ বাকী সদস্যসকলোলৈ সোচঁৰিলে
আৰু চাকৰ-বাকৰ আনকি যোগমায়াইয়ো ভূত দেখিবলৈ ললে।
এদিন নিশা
হঠাৎ চিঞৰ বাখৰ কৰি কাদম্বিনী যোগমায়াৰ কোঠাত সোমাই ভৰিত জোৰকৈ সাৱতি ধৰি ক
ব ধৰিলে, 
বাইদেউ ম‌ই তোমাৰ ভৰিত ধৰি কাবৌ কৰিছো। মোক অকলে নাৰাখিবা।”
যোগমায়াৰ মন, ভয় আৰু খং দুয়োটাৰে ভৰি পৰিল। সেইমুহূৰ্ততে তাইক ঘৰৰ বাহিৰ
কৰিবলৈ মন গৈছিল যদিও পতি শ্ৰীপতিৰ বুজনিৰ ফলত
, কাদম্বিনীক সিহঁতৰ কাষৰ কোঠাটোত শুবলৈ দিলে।
পিছদিনা
যোগমায়াই পতিদেবক তলব কৰি ভৎৰ্সনা কৰিলে
, “আপুনি কি ধৰণৰ মানুহ হে? এগৰাকী তিৰোতা
মানুহ
,
নিজৰ শহুৰৰ ঘৰখন এৰি আহি আপোনাৰ ঘৰত, মাহৰ পিছত মাহ ধৰি পৰি আছে, অথচ আপোনাৰ মুখত আজিলৈকে কোনোধৰণৰ আপত্তি বা বিৰক্তি, একো এটা নেদেখিলো। আচল কথাটো কি, ক‌ওকচোন? আপোনাৰ মনৰ ভিতৰত
কি চলি আছে
, হয়নে? আপোনালোক পুৰুষ মানুহবোৰ চব একেই।”
কোনোবা
পুৰুষে কোনোবা দুখিনী নাৰীৰ প্ৰতি সহমৰ্মিতা দেখুৱালে
, নাৰীসকলেই কিন্তু নাৰীগৰাকীক দোষী সাব্যস্ত কৰিবলৈ উঠিপৰি
লাগি যায়। সকলো ধৰনৰ ঘটনাৰ শেষ পৰিণতি হিচাবে পতিদেবক দোষী সাব্যস্ত কৰাৰ
পৰম্পৰাগত নাৰীসুলভ মানসিকতাৰ পৰা যোগমায়াও ব্যতিক্ৰম নাছিল।
 পতি শ্ৰীপতিয়ে সুন্দৰী বিধৱা তথা নিসহায়া কাদম্বিনীৰ প্ৰতি
দেখুউৱা যথোচিত কৰুণাক
, যোগমায়াই পতিৰ
দুৰ্বলতা বুলি ধৰি ললে।
       প্ৰকৃততে
শ্ৰীপতিয়ে কাদম্বিনী সম্পৰ্কে ভাবিছিল
, “নিশ্চয়, এই পুত্ৰহীনা বিধৱা মানুহজনীক শহুৰৰ
ঘৰত যথেষ্ট অত্যাচাৰ কৰিছিল আৰু তাই সহ্য কৰিব নোৱাৰি আহি আজি মোৰ ঘৰত আশ্ৰয়
লৈছেহি। পিতৃ-মাতৃহীন সংসাৰত কেও কিছু নোহোৱা মানুহজনীক ঘৰৰ পৰা কোন সতে উলিয়াই
দিওঁ
?”
এইদৰেই
তেখেতে যোগমায়াক বুজাই বঢ়াই ৰাখিছিল কিন্তু যোগমায়াই দিনক দিনে নানাধৰণৰ
বাক্যবাণেৰে পতিদেৱৰ কৰ্ত্তব্যবোধক আঘাত হানি জৰ্জৰিত কৰিবলৈ ধৰিলে।
 অৱশেষত শ্ৰীপতিয়ে সিদ্ধান্ত ললে চিঠি লিখা-লিখি নকৰি, নিজেই ব্যক্তিগত ভাবে কাদম্বিনীৰ শহুৰৰ ঘৰ ৰাণীহাটলৈ গৈ
ঘটনাৰ বুজ লৈ আহিব আৰু পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব।
পতি শ্ৰীপতি
যোৱাৰ পিছত যোগমায়াই কাদম্বিনীক কলে
, “সখি,
তুমি মোৰ ইয়াত আৰু বেছিদিন থকাটো বৰ এটা ভাল নহব, আচলতে মানুহবোৰে কি ভাবিব, কোৱা?”
কাদম্বিনীয়ে
যোগমায়াৰ মুখলৈ গভীৰভাবে চাই কলে
, “মানুহৰ সতে মোৰ নো
কি সম্পৰ্ক
?”
কথাষাৰ শুনি
যোগমায়া আচৰিত হৈ অকণমান খঙত কলে
, “মানুহৰ সতে তোমাৰ
সম্পৰ্ক নাথাকিব পাৰে
, আমাৰতো আছে। বেলেগ
ঘৰৰ বোৱাৰী এগৰাকীক আমি কিমানদিন আটক কৰি ৰাখিম
?”
কাদম্বিনীয়ে
কলে
,
মোৰ নো শহুৰৰ ঘৰ বুলিবলৈ কি আছে? ম‌ই তোমালোকৰো কিবা হ‌ওঁ  জানো! ম‌ই এই পৃথিৱীৰ হ‌ওঁ নে? তোমালোকে হাঁহিছা, কান্দিছা, ভালপাইছা, নিজৰ মাজত ব্যস্ত হৈ আছা, ম‌ই কেৱল চাইহে আছো! তোমালোক মানুহ আৰু ম‌ই মাথোঁ প্ৰচ্ছায়া। তোমালোকৰ সতে মোৰ
কি সম্বন্ধ যে
, ভগবানে মোক এতিয়াও তোমালোকৰ সতে, এই পৃথিৱীত ৰাখিছে?”
কাদম্বিনীয়ে
কথাখিনি এনেকৈ ক
লে যে, যোগমায়াৰ কিবা এটা বুজি পোৱা যেন লাগিল অথচ আচল কথাটো কি
ধৰিব‌ই নোৱাৰিলে মাথোঁ ভাবিলে
, “কতে মৰো ম‌ই!
মৰতীজনীয়ে কয় কি
?”

চতুৰ্থ পৰিচ্ছেদঃ

নিশা প্ৰায়
দহমান বজাত শ্ৰীপতি ৰাণীহাটৰ পৰা উভতি আহিছে। বাহিৰত মূষলধাৰে বৰষুণ পৰিছে। কলহৰ
কাণে ঢলা বৰষুণৰ শব্দ‌ শুনি এনে লাগিছে যেন এই বৰষুণৰ শেষ নাই আৰু এই নিশাৰো শেষ
নাই।
যোগমায়াই
শ্ৰীপতিৰ মুখলৈ চাই সুধিলে
, “কি হ, ক‌ওক আকৌ!”
কৈ আছো ৰবা, বহু কথা আছে” বুলি কৈ শ্ৰীপতিয়ে  কাপোৰ কানি সলাই চুৰট এটা জ্বলালে। শ্ৰীপতিক বৰ
চিন্তাক্লিষ্ট যেন দেখি
, যোগমায়াই কৌতূহল
দমন কৰিব নোৱাৰি কলে
,
হেৰি কিবা কব নে?”
শ্ৰীপতিয়ে
কলে
, তুমি কৰবাত কিবা এটা ভুল কৰিছা যেন লাগিছে!”
কথাষাৰ
শুনিয়েই যোগমায়া ভিতৰি ভিতৰি জ্বলি উঠিল। মহিলাই কেতিয়াও ভুল নকৰে
; যদি কেতিয়াবা কৰেও, পতি অথবা কোনো পুৰুষে উনুকিয়াই দিয়াটো সহ্যৰ বাহিৰত। এনে পৰিস্থিতিত বুধিয়ক
পুৰুষসকলৰ কৰ্তব্য হৈছে
, সেই ভুলৰ দায়িত্ব
নিজে মূৰ পাতি লোৱা।
যোগমায়াই
কিঞ্চিত উত্তেজিত হৈ কলে
, “কেনে ভুল? শুনোচোন!”
শ্ৰীপতিয়ে
কলে
,
তোমাৰ ঘৰত ইমানদিনে থকা, এই মানুহগৰাকী তোমাৰ বান্ধৱী কাদম্বিনী নহয়।”
এনেধৰণৰ কথা শুনিলে যিকোনো নাৰীৰেই খং উঠাটো স্বাভাৱিক, আৰু ক‌ওঁতাজন যদি স্বয়ং পতিদেব হয় তেতিয়াহলে আৰু কথাই নাই।
যোগমায়াই
কলে
, মোৰ বান্ধৱীক ম‌ই চিনি নাপা‍ওঁ, এতিয়া তুমিহে চিনাকী কৰি দিবা! কি প্ৰলাপ বলকিছা?”
শ্ৰীপতিয়ে
বুজনি দি কলে
,”ম‌ই তোমাৰ সতে কোনোধৰনৰ তৰ্কৰ
মাজলৈ যাব বিচৰা নাই। সকলো তথ্য‌ই প্ৰমাণ কৰে যে তোমাৰ বান্ধৱী মৃত। এইবিষয়ে কোনো
সন্দেহৰ অৱকাশ নাই।”
 
যোগমায়াই
বিৰক্ত হৈ কলে
, “হেৰি শুনক, আপুনি যে কিবা এটা গণ্ডগোল লগাই আহিব, ম‌ই আগতেই জানিছিলো। কলৈ যাবলৈ গৈ, কলৈ বা গ, কি শুনি আহিল, তাৰ কোনো ঠিকনা নাই! আপুনি নিজে যোৱাৰ সিদ্ধান্ত লৈ, গোটেইখন খেলিমেলি লগালে। চিঠি এখন লিখি পঠিয়ালেই, চব সমস্যা সমাধান হ
হেতেঁন।”
নিজৰ
দক্ষতাৰ ওপৰত পত্নীয়ে যি প্ৰশ্নচিহ্ন অৱতাৰণা কৰিলে
, তাক মষিমূৰ কৰিবলৈ শ্ৰীপতিয়ে বিভিন্ন ধৰণৰ প্ৰমাণ আৰু তথ্য আগবঢ়াই, যৎপৰোনাস্তি চেষ্টা চলালে যদিও কোনো সুফল নাপালে।
পতি-পত্নীৰ হয় আৰু নহয়ৰ মাজেৰে ৰাতি দুপৰ হ
ল।
অৱশ্যে এই
মুহূৰ্তত
,
কাদম্বিনীক ঘৰৰ পৰা খেদি পঠিউৱাত দুয়োৰে কোনো দ্বিমত নাছিল।
দুয়োৰে মাজত
চলা তৰ্ক বিতৰ্কৰ স্বৰ ক্ৰমাৎ ইমানেই বাঢ়ি গৈছিল যে দুয়ো পাহৰি গৈছিল
, কাষৰ কোঠাটোত কাদম্বিনী শুই আছে।
এজনে কৈছে, ম‌ই নিজ কাণে শুনি আহিলো, মানুহজনী মৰা  বুলি সকলোৱে একমুখে কলে।”
আন এগৰাকীয়ে
কৈছে
,
চকুৰ আগত মানুহজনীক দেখি থকাৰ পিছত, ম‌ইনো কেনেকৈ বিশ্বাস কৰো?”
অৱশেষত
যোগমায়াই সুধিলে
, “আচ্ছা, কাদম্বিনী কেতিয়া মৰিছিল সেই তাৰিখটো কিবা কলে নে?” যোগমায়াই মনতে ভাবিলে কাদম্বিনীৰ মৃত্যুৰ তাৰিখ আৰু তাইলৈ
লিখা চিঠিৰ তাৰিখৰ মাজত অনৈক্য সাব্যস্ত কৰি
, পতিদেবৰ ভুল প্ৰমাণ কৰিম বুলি।
শ্ৰীপতিয়ে
জনোৱা তাৰিখ অনুযায়ী
, হিচাব কৰি দেখা গল যিদিনা সন্ধিয়া কাদম্বিনী সিহঁতৰ ঘৰলৈ আহিছিল, ঠিক আগদিনাখন কাদম্বিনীৰ মৃত্যু হৈছিল। কথাটো অনুভব কৰা
মাত্ৰেই যোগমায়াৰ বুকু কঁপি উঠিল আৰু শ্ৰীপতিও বিব্ৰত হৈ পৰিল।
 
ঠিক সেই
মুহূৰ্ততে কোঠাটোৰ দুৱাৰখন খোল খাই গ
ল আৰু
বাহিৰৰ পৰা অহা বৰষুণ মিশ্ৰিত চেঁচা বতাহ এজাকে
, ভিতৰত জ্বলি থকা চাকি গছি অকাস্মাৎ নুমুৱাই পেলালে। বাহিৰৰ অন্ধকাৰে কোঠাটো
ছানি ধৰিলে আৰু তড়িৎ গতিত কাদম্বিনী ভিতৰলৈ সোমাই আহিল। সময় তেতিয়া প্ৰায় শেষ
প্ৰহৰ আৰু বাহিৰত অবিৰত বৰষুণ পৰি আছে।
কাদম্বিনীয়ে
কলে
,”সখি, ম‌ই তোমাৰেই
বান্ধৱী
,
কাদম্বিনী, কিন্তু এতিয়া ম‌ই
জীয়াই থকা নাই। ম‌ই মৰি আছো।”
কথাষাৰ শুনি
যোগমায়াই ভয়ত চিঞৰি উঠিল। শৰতৰ মুখৰ পৰা এটাও শব্দ নোলাল।
কিন্তু ম‌ই মৰাৰ বাহিৰে অইন কোনো অপৰাধ কৰা নাই। মোৰ যদি ইহলোকত স্থান নাই,  পৰলোকতো স্থান নাই, তেনেহলে ম‌ই কলৈ যাওঁ?”
তীব্ৰকন্ঠে
যেন বিধাতাক উদ্দেশ্যি প্ৰশ্নহে কৰিছে
,”ম‌ই,
তেনেহলে ম‌ই কলৈ যাওঁ?”
এইবুলি
মূৰ্ছিত দম্পতিহালক আন্ধাৰ কোঠাটোত এৰি থৈ
, বাহিৰৰ বৰষুণৰ মাজত, নিজৰ অস্তিত্বৰ
উমান লবলৈ ওলাই গ
ল।
পঞ্চম ও শেষ পৰিচ্ছেদঃ

কাদম্বিনী
যে কেনেকৈ গৈ ৰাণীহাট পালেগৈ
, সেইয়া এতিয়াও
সাঁথৰ! ওৰে দিনটো অনাহাৰে
, পৰিত্যাক্ত মন্দিৰ
এটাৰ ভিতৰত থাকি কটাই দিলে। সন্ধিয়া ক
লা মেঘে
আকাশ ছানি ধৰাত
, গাওঁৰ মানুহবোৰ নিজ নিজ ঘৰৰ ভিতৰ
সোমাল
,
সেই সুযোগতে মন্দিৰৰ পৰা তাই ওলাল। দীঘল ওৰণি লৈ জমিদাৰৰ
হাউলীত সোমাওতে
, প্ৰবেশ দ্বাৰৰ ৰক্ষী সকলে কোনোবা বন
কৰা ছোৱালী বুলি
, বিশেষ সোধ পোছ
নকৰিলে। সেই সময়ত ডাঙৰকৈ বতাহ বৰষুণ জাকো নামি আহিল।
ৰা ঘৰত বহি শাৰদাশংকৰৰ পত্নীয়ে, বিধৱা ননন্দগৰাকীৰ সতে তাছ খেলি আছে। বনকৰা ছোৱালীজনী
পাকঘৰত আৰু ওপৰ মহলাৰ শয়নকক্ষত জ্বৰ উঠি বিচনাত পৰি শুই আছে কাদম্বিনীৰ মৰমৰ
মাইনাটো। কাৰো চকুত নপৰাকৈ
, তাই চিৰি বগাই ওপৰ
মহলাৰ কোঠাটোৰ ভিতৰত সোমাল। তাই যে কি ভাবি
, তাইৰ শহুৰৰ ঘৰলৈ বুলি আহিছে, তাই নিজেও নাজানে।
মাথোঁ মৰমৰ মাইনাক এবাৰ নয়নভৰি চোৱাৰ মন। তাৰপিছত কেনি যাব
, কি কৰিব, একো ভবা নাই।
চাকিৰ পোহৰত
দেখিলে
,
শুকাই খীণাই যোৱা মাইনাই হাত দুখন মুঠি মাৰি শুই আছে। তাক
দেখাৰ লগে লগে
, উত্তপ্ত হৃদয় যেন তৃষাতুৰ হৈ পৰিল-
এবাৰ বুকুৰ মাজত সুমুৱাই
, তাক মৰম নকৰি উপায়
আছে জানো!
 
তাই মনতে আওঁৰালে, ম‌ই নাই, ইয়াক চোৱা চিতা
কৰিবলৈ কোনো নাই। মাকে কথাৰ মহলা
, ৰং-তামাচা আদিক
লৈয়েই মত্ত। ম‌ই থকা দিনকেইটা
, মোৰ ওপৰত এৰি দি, নিশ্চিন্ত হৈ আছিল, কোনোদিন সন্তানৰ কোনো দায়-দায়িত্ব নললে। এতিয়া
মাইনাক কোনে চোৱা চিতা কৰিব
?”
মাইনাই
টোপনিৰ জালতে বাগৰ সলাই কলে
, “সৰমাই, ম‌ই পানী খাম।”
তে মৰো ম‌ই, সোণটো, সৰু মাৰক এতিয়াও পাহৰা নাই!” কলহৰ পৰা পানী এগিলাচ ঢালি লৈ, মাইনাক বুকুৰ মাজত তুলি লৈ পানী খুৱাই দিলে। 
টোপনি গৈ
থকা অৱস্থাত
, আগতে সদায় সৰুমাকৰ হাতেৰে পানী খোৱাৰ
অভ্যাস সেয়ে মাইনা অকনো আচৰিত নহ
ল। অৱশেষত
কাদম্বিনীয়ে বহুদিনৰ হেপাঁহ পূৰণ কৰি তাৰ গালত চুমা এটা খাই
, তাক শুৱাই দিব ল‌ওঁতেই, তাৰ টোপনি ভাঙিল আৰু সি মৰমৰ সৰমাইক জোৰে সাৱতি ধৰি কলে,
সৰমাই, ত‌ই বোলে মৰিছিলি?”
সৰমাকে কলে, “হয়, মাইনা।”
তেতিয়াহলে ত‌ই কৰ পৰা ঘুৰি আহিলি। আকৌ মৰি যাবি নেকি, সৰমাই?”
ঠিক সেই
সময়তে খেলিমেলি এটা হ
ল। বনকৰা ছোৱালীজনী
কাঁহৰ বাটি এটাত চাগু লৈ কোঠাটোত সোমাই “অ
মা মৰিলো ঐ” বুলি কৰ্ফাল খাই মজিয়াত পৰি থাকিল।
ছোৱালীজনীৰ
চিঞৰ শুনি
, তাছ খেল এৰি গৃহস্থিনী লৱৰি আহি , ঘৰৰ ভিতৰ সোমাই কাঠ হৈ পৰিল, না পাৰে পলাব না পাৰে থাকিব, মুখেদি এটা শব্দ‌ও
নোলাল।
ঘটনা দেখি
মাইনাৰ মনতো ভয় সোমাল আৰু সি কান্দি কান্দি কলে
, সৰমাই, ত‌ই ইয়াৰ পৰা
যাগৈ।”
বহুদিনৰ
মূৰত প্ৰথমবাৰৰ বাবে কাদম্বিনীয়ে অনুভব কৰিলে যে
, তাই মৰা নাই। সেই পূৰণি ঘৰ, সেই সকলোবোৰ, সেই মাইনা, সেই মৰম, তাইৰ বাবে চব জীৱন্ত হৈ আছে, এইবোৰৰ মাজত কোনোধৰণৰ বিচ্ছেদ, কোনোধৰণৰ ব্যৱধানৰ জন্ম হোৱা নাই।
সখিয়েকৰ
ঘৰলৈ গৈ অনুভৱ কৰিছিল
, শৈশৱৰ বান্ধৱীজনীৰ
মৃত্যু হোৱা বুলি কিন্তু মাইনাৰ কোঠাত সোমোৱাৰ পিছৰে পৰা অনুভৱ কৰিলে
, মাইনাৰ “সৰমা” একতিলো মৰা নাই।
ব্যাকুলভাবে তাই কলে, “বাইদেউ, তোমালোকে মোক দেখি কেলেই ভয় কৰিছা? এইয়া চোৱা, তোমালোকৰ ম‌ই আগৰ
দৰেই আছো।”
ডাঙৰ জায়েক
আৰু থিয় হৈ থাকিব নোৱাৰিলে
, থিতাতে মূৰ্ছা গল। ভনীয়েকৰ পৰা
খবৰ পাই শাৰদাশংকৰ লৱৰি আহিল। কৰযোৰে কাদম্বিনীক কলে
,”সৰুবোৱাৰী, এইয়া তোমাৰ উচিত
হৈছে জানো
? সতীশ আমাৰ বংশৰ একমাত্ৰ লৰা সন্তান, তাৰ ওপৰত তোমাৰ নজৰ
কিয়
?
আমি তোমাৰ আপোন মানুহ নহয় জানো? তুমি যোৱাৰ পিছৰে পৰা তাক বেমাৰে নেৰাই হৈছে, দিনক দিনে খীণাই গৈছে আৰু দিনে ৰাতি কেৱল “সৰমাই”
“সৰমাই” কৰি থাকে। এই সংসাৰৰ পৰা বিদায় ল
লাই যেতিয়া, মায়া-মোহ এৰি দিয়া, আমি তোমাৰ বাবে যথোচিত ক্ৰিয়া-সৎকাৰ আদি কৰিম।”
কাদম্বিনীয়ে
আৰু সহ্য কৰিব নোৱাৰিলে
, তীব্ৰকন্ঠে চিঞৰি
উঠিল
,
দাদা, ম‌ই মৰা নাই দাদা। ম‌ই কিদৰে বুজাওঁ, যে ম‌ই মৰা নাই! এইয়া, এইয়া চাওঁক, ম‌ই জীয়াই আছো।”
এইবুলি
মজিয়াত পৰি থকা কা‍হঁৰ বাটিটো তুলি কপালত আঘাত কৰিব ধৰিলে আৰু কপাল ফাটি তেজ
ওলাবলৈ ধৰিলে।
তেজ দেখুৱাই কলে,”এইয়া চাওক, ম‌ই জীয়াই
আছো।”
শাৰদাশংকৰ
একেবাৰে প্ৰস্তৰ মূৰ্ত্তিৰ দৰে থিয় হৈ থাকিল
, মাইনাই ভয়তে দেউতাকক মাতিব ধৰিলে আৰু মজিয়াত দুগৰাকী মূৰ্ছিতা মহিলা পৰি আছে।
কাক কম কোনে
পতিয়াব!
  জনমানসত নিজৰ চৰম সত্যক পতিয়ন নিয়াব নোৱাৰি আৰু মানুহবোৰৰ
নিৰ্লিপ্ত মুখায়বে
, বহুদিনৰ পুঞ্জীভূত
ক্ষোভ আৰু হতাশা উজাগৰ কৰি তুলিলে। সহ্য আৰু ধৈৰ্য্যৰ চৰম সীমা অতিক্ৰম কৰি
, মানসিক সন্তুলন হেৰুৱাই ক্ষুব্ধ কাদম্বিনীয়ে তেতিয়া, “ম‌ই মৰা নাই, ম‌ই মৰা নাইবুলি চিঞৰি চিঞৰি
ঘৰৰ পৰা ওলাই
, চিৰিয়েদি নামি, একে লৰে হাউলীৰ পিছফালে থকা পূখুৰীত গৈ পৰি দিলে।
শাৰদাশংকৰে প্ৰথম মহলাৰ কোঠাটোৰ ভিতৰৰ পৰাই “জপং” কৈ শব্দ এটা শুনিলে।
সেইনিশা
অবিৰতভাবে বৰষুণ দিছিল
, পিছদিনা
ৰাতিপুৱালৈকে বৰষুণ পৰিছিল আৰু দুপৰীয়াও বৰষুণ ক্ষান্ত হোৱা নাছিল।
 
কাদম্বিনীয়ে মৰিহে প্ৰমাণ কৰিলে যে তাই মৰা নাছিল।

Popular Post

ঐতিহাসিক চিঠি