গল্পঃ ঘড়ী / সুনীল গঙ্গোপাধ্যায়

Posted by : translatorsassam
May 30, 2020
ঘড়ী


মূল : বাংলা
লেখক : শ্ৰীযুত সুনীল গঙ্গোপাধ্যায়

অনুবাদ : মুনমুন সৰকাৰ শইকীয়া


 মোৰ হাতঘড়ীটো কোনে চুৰ কৰিছে মই নাজানো।
ৰাতি ঘৰলৈ ঘূৰি অহা অলপ দেৰি হৈছিল
, টোপনিৰ জাল ভগা নাছিল, দুখলপীয়া বাছৰ খিৰিকীৰ
কাষত বহিবলৈ পোৱাটো বৰ সৌভাগ্যজনক
, তাতে আকৌ ঠাণ্ডা বতাহ, টোপনি নহাকৈ পাৰেনে? আহিবই, ইয়াত আচৰিত হ’বলগীয়া
কি আছে
?
তদুপৰি বাছত ঘড়ী পিন্ধি শোৱাত আপত্তি কৰিবলগীয়া একো নাই।
টোপনি ভাগিলত দেখিলোঁ ‌গাড়ী পেট্ৰ’ল পাম্পত আহি ৰৈছে, বেয়া লগা নাই, এটা চিগাৰেট জ্বলালোঁ‌। বাছত বহি চিগাৰেট হুপিবলৈ পোৱাটোও বৰ
মজাৰ। সময়টো চাবলৈ লওঁতেই গম পালোঁ‌ ঘড়ীটো কোনোবাই খুলি লৈ গ
ল।
নামি আহিলোঁ‌, কেইজনমান কণ্ডাক্টৰ, পেট্ৰোল পাম্পৰ ৱাচ এণ্ড ৱাৰ্ড বিভাগৰ মানুহ কিছুমান আছিল। অলপ চিঞৰ বাখৰ কৰিলোঁ‌, পৃথিৱীৰ সকলোকে চোৰ বুলি কলোঁ‌। এজনে কলে মোৰ হাতত হেনো কোনো
ঘড়ীয়েই নাছিল
, সেইটো হেনো মোৰ ভুল ধাৰণা। কিন্তু মোৰ
নোমাল হাতত ঘড়ী পিন্ধি থকাৰ ফলত এটা দাগ বহি গৈছিল
, সেই হাতখন তেওঁলোকৰ মুখৰ আগত দাঙি ধৰিলোঁ‌।
আপোনাৰ ঘড়ীৰ নাম‌ কি?”
ঘড়ীৰ আকৌ নাম থাকে নেকি?”
নাথাকে? কোন কোম্পানীৰ ঘড়ী?”
কি আচৰিত! কোনো ঘড়ীৰ কোম্পানীৰ নাম সেই
মুহূৰ্তত মোৰ মনত নপৰিল। নাইজেৰিয়াৰ প্ৰেছিডেণ্টৰ নামো মোৰ মনত আছে
, কিন্তু ঘড়ীৰ নাম মনত নাই। মূৰ তল কৰি ঘূৰি আহিলোঁ‌। ঘড়ীটো
হেৰুৱাই মই আনন্দিত হৈছিলোঁ ক
বলৈ গলে। মই একপ্ৰকাৰৰ সময়ৰ বিড়ম্বনাৰ পৰা মুক্তি পাইছোঁ।
শৰীৰ, মন পাতল পাতল লাগে, কিন্তু বাটে-ঘাটে বেলেগৰ
হাতত ঘড়ী দেখিলে মই বেঁকাকৈ চাওঁ। ইহঁতৰ মাজৰ কোনোবা এজনে মোৰ ঘড়ীটো পিন্ধিছে হয়তো।
হয়তো সবেই চোৰ নহয় কিন্তু চুৰিৰ বস্তু ছেকণ্ডহেণ্ড কিনোতেনো কিহৰ আপত্তি
? মই মনে মনে কওঁ‌,
: পাবি মজা। মোৰ ঘড়ী পিন্ধাৰ ফলত সময়ে
তহঁ‌তক চকৰিৰ দৰে ঘুৰাব।
তাৰ পিছত, এদিন এখন ৰেষ্টুৰেণ্টত এঘন্টামান বহাৰ পিছত বাথৰুমলৈ গলোঁ‌, সোমায়েই দেখিলোঁ তাত
এটা ঘড়ী পৰি আছে। কি সাংঘাতিক সেয়া। সেউজীয়া ডায়েল
, আখৰকেইটা জিলিকি আছে, ব্যণ্ডটো সোণৰ যেন লাগিল। এটা দুৰ্লভ মূল্যৱান টোপ। ঘড়ীটোৱে যেন সাপৰ দৰে মোৰ
পিনে চাই আছে। বুকুখন ধপধপাই আছে মোৰ
, বন্ধ বাথৰুমৰ ভিতৰত মোক কোনেও নেদেখে, সাক্ষী নাই। কিন্তু ইমান সৰু কোঠাটোৰ ভিতৰত নিজকেই বহু বিষম যেন দেখিলোঁ, মোৰ খুব ভয় হল। পেচাব নকৰাকৈয়ে
দৌৰি পলাই আহিলোঁ‌।
মোৰ সংগিনীয়ে সুধিলে,
কি হল কি?”
বুকু কঁপিছে?”
কিয়?”
বুকুৰ বিষ?”
মই ৱেটাৰক বিল আনিবলৈ কলোঁ‌, ট্ৰেখনত সজাই সি লৈ
আহিলে সেই হাতঘড়ীটো।
সুধিলে,
চাৰ, এইটো আপোনাৰ নে? বাথৰুমত…”
সেউজীয়া সাপ এডালৰ নিচিনাকৈ ঘড়ীটোৱে
মোলৈ চাই আছে। ইয়াত বহু মানুহে মোক দেখিছে
, মই নিজকে নিজে দেখা নাই।
গহীন হৈ উত্তৰ দিলোঁ,
হয়, এইটো মোৰ।” লগে লগে ঘড়ীটো তুলি লৈ ৱেটাৰক বহুত টকা বকছিছ
দি ওলাই আহিলোঁ‌ তাৰ পৰা।
সংগিনীয়ে খঙত সুধিলে,
ইয়াৰ অৰ্থ কি, মই জানিব বিচাৰোঁ। যিটো বস্তু তোমাৰ নহয়
হয়, মোৰেই।”
তোমাৰ হাতত ঘড়ী নাছিল।”
এই ঘড়ীটো মোৰ নহয়! কিন্তু ঘড়ীটোৱে
মোৰ কাৰণে দুঃসময় লৈ আহিছে। সেই দুঃসময়ক মই
…”
ঘড়ীটো মই গাৰ সমস্ত শক্তিৰে ফুটপাথত
থেকেছা মাৰি পেলালোঁ‌। টুকুৰা টুকুৰ হৈ  ছিটিকি
পৰি গ
ল। এতিয়াৰ পৰা সময় মোৰ বাবে স্থিৰমুহূৰ্ত!

Popular Post

ঐতিহাসিক চিঠি