গল্পঃ কেট ইন দ্য ৰেইন / আৰ্নেষ্ট মিলাৰ হেমিংৱে

Posted by : translatorsassam
August 29, 2020

 মূল গল্পঃ Cat in the Rain
গল্পকাৰঃ Earnest Miller Hemingway
অনুবাদঃ অৰুণিমা ভট্টাচাৰ্য্য


বৰষুণত ভিজা মেকুৰীটো”
. হোটেলখনত থকা মানুহবোৰৰ ভিতৰত তেওঁলোক দুজনেই মাত্র আমেৰিকাৰ আছিল। হোটেলৰ
চিৰিৰে কোঠালৈ অহা যোৱা কৰোতে লগ পোৱা কোনো মানুহ তেওঁলোকৰ চিনাকি নাছিল। তেওঁলোকৰ
কোঠাটো দ্বিতীয় মহলাত সাগৰৰ ফালে আছিল। তাৰ পৰা ৰাজহুৱা উদ্যানখন আৰু যুদ্ধৰ স্মৃতিসৌধটো
দেখা গৈছিল। উদ্যানখনত সেউজীয়া ঠাল-ঠেঙুলিৰে ডাঙৰ প্লামৰ গছ কিছুমান আছিল। ভাল
বতৰত চিত্রকৰে তাত সদায় ছবি অঁকাত ব্যস্ত থকা দেখা গৈছিল। চিত্রশিল্পীবোৰে প্লামৰ
গছবোৰৰ উজ্জ্বল ৰঙটো আৰু তাৰ স
তে মিলি যোৱা সাগৰ আৰু
হোটেলৰ অৱস্থানটো পছন্দ কৰিছিল। ইটালীবাসী বহু দূৰ দূৰণিৰ পৰা যুদ্ধৰ স্মৃতিসৌধটো
চাব অাহিছিল। ব্ৰ
ঞ্জেৰে বনোৱা সৌধটো বৰষুণত
জিলিকি উঠিছিল। প্লামৰ গছবোৰৰ পৰা টোপ টোপ কৈ বৰষুণৰ পানী পৰিছিল। পুখু্ৰী আৰু
শিলগুটি দিয়া ৰাস্তাবোৰত পানী জমা হৈছিল। দীঘলীয়া বৰষুণ জাকত সাগৰৰ ঢৌবোৰ পাৰলৈ
অহা যোৱা কৰি আছিল। মটৰ গাড়ীবোৰ স্মৃতিসৌধৰ কাষেৰে পাৰ হৈছিল। ৰাস্তাৰ সিটো পাৰে
থকা ৰেস্তোৰাখনৰ লগুৱা এটাই দুৱাৰমুখত থিয় দি বাহিৰলৈ চাই আছিল। অামেৰিকাৰ
মহিলাগৰাকীয়ে কোঠাৰ খিৰিকীৰে বাহিৰলৈ চাই আছিল। ঠিক খিৰিকিখনৰ তলত বাহিৰত মেকুৰী
এটাই টেবুল এখনৰ তলত ৰৈ আছিল। বৰষুনৰ টোপাল গাত নপৰিবলৈ সি অহৰহ চেষ্টা কৰিছিল।
“মই সেই মেকুৰী পোৱালিটো আনিবলৈ যাওঁ।” মহিলাগৰাকীয়ে কলে। “মই আনি
দিও।” তেওঁৰ স্বামীয়ে বিচনাত বাগৰি থকাৰ পৰা ক
লে। “নালাগে, ময়েই আনিম। বেচেৰা মেকুৰী
পোৱালিটোৱে নিজক নিভিজাকৈ ৰাখিবলৈ বৰ চেষ্টা কৰিছে।” মহিলাগৰাকীৰ স্বামীয়ে
বিচনাত বাগৰি পঢ়ি থকা কিতাপৰ পৰা মূৰ নোতোলাকৈ ক
লে ” বৰষুণত নিতিতিবা।” মহিলাগৰাকী তললৈ নামি আহি হোটেলৰ মালিক বহা
ঠাইখিনি পালে। ওখ
, বয়সস্থ এই মানুহজনে তেওঁক
থিয় হৈ সম্ভাষণ জনালে। “বৰষুণ দি আছে” মহিলাগৰাকীয়ে ক
লে। “হয়,বৰ বেয়া বতৰ” মানুহজনে
উত্তৰত কলে। মহিলাগৰাকীয়ে হোটেলৰ মালিকজনৰ গভীৰভাৱে যিকোনো অভিযোগ গ্ৰহণ কৰা
, সন্মানজনক ব্যবহাৰ, সেৱা আগবঢ়াবলৈ যিকোনো
সময়তে সাজু হৈ থকা-এই আটাইবোৰ গুণ পছন্দ কৰিছিল। মহিলাগৰাকীযে দুৱাৰখন খুলি
বাহিৰলৈ চালে। বৰষুণ বেছি হৈছিল। মেকুৰীটো সোফালে থাকিব লাগে। অবশ্যে সি অলপ দূৰলৈ
যাব পাৰে। তেওঁ দুৱাৰমুখত থিয় দিয়াৰ লগে লগে কোনোবাই ছাতি মেলি পিছফালে থিয় হল।
তেওঁ ঘূৰি চাই দেখা পালে তেওঁলোকৰ কোঠাৰ পৰিচাৰিকাজনী। “আপুনি বৰষুণত ভিজাটো
উচিত নহয়।” তাই হাঁহি হাঁহি ইটালীয়ান ভাষাত ক
লে। নিশ্চয় হোটেলৰ মালিকজনে তাইক পঠিয়াইছে। পৰিচালিকাজনীৰ ছাতিৰ তলত তেওঁ
শিলগুটি দিয়া পথ টো পাৰ হৈ তেওঁলোকৰ কোঠাৰ খিৰিকিখনৰ তল পালেগৈ। টেবুলখন তাত আছিল
,কিন্ত মেকুৰীটো নাছিল। তেওঁৰ মনটো বেয়া লাগি গল। পৰিচাৰিকাজনীয়ে তেওঁৰ ফালে
চাই সুধিলে
, “আপোনাৰ কিবা হেৰাইছে নেকি?” “ইয়াত এটা মেকু্ৰী আছিল।” মহিলাগৰাকীয়ে কলে। “মেকুৰী?” পৰিচাৰিকাজনীয়ে হাঁহি হাঁহি কলে “বৰষুণত মেকুৰী?” “এই টেবুলখনৰ তলতে আছিল। মোক মেকুৰী পোৱালিটো লাগিছিল।” “অাহক”
পৰিচাৰিকাজনীয়ে কলে “আমি ভিতৰলৈ যাব লাগে। আপুনি ভিজাটো উচিত নহয়।”
মহিলাগৰাকীযে তাইৰ কথাটো সমৰ্থন কৰিলে আৰু উভতি আহি ভিতৰ সোমালহি। তেওঁ যেতিয়া
হোটেলৰ কাৰ্যালয় আৰু মালিক বহা ঠাইখিনি পাৰ হ
,
মালিকজনে তেওঁক আকৌ এবাৰ সম্ভাষণ জনালে। হঠাৎ
মানুহগৰাকীৰ নিজকে বৰ হেয় প্ৰতিপন্ন হোৱা যেন লাগিল। মনত কিবা এটাই হেঁচা মাৰি ধৰা
যেন লাগিল। হোটেলৰ মালিকজনে যেন তেওঁক একেসময়তে খুব সৰু আৰু খুব দৰকাৰী
,ডাঙৰ দুয়োটা ভাৱেৰে চাইছিল। তেওঁ কোঠাৰ দুৱাৰখন খোলাৰ লগে লগে পঢ়াত ব্যস্ত
থকা তেওৰ স্বামী জৰ্জে সুধিলে
,”তুমি মেকুৰীটো
পালানে
?”
গুচি গল।” “আচৰিত কলৈ গল? ” পঢ়াৰ পৰা মূৰ তুলি স্বামীযে সুধিলে।
মহিলাগৰাকী বিচনাত বহিল আৰু ক
লে, “মই বিচাৰিছিলো। বেচেৰা মেকুৰীটো,এই বৰষুণত ঘুৰি ফুৰাটো
ধেমালি নহয়।” জৰ্জে আকৌ পঢ়িবলৈ ধৰিলে। তেওঁৰ পত্নীয়ে এইবাৰ আইনাৰ ওচৰলৈ উঠি
গৈ নিজৰ মুখ খন চাবলৈ ধৰিলে আৰু স্বামীক উদ্দেশ্য কৰি কলে “তুমি ভাৱানে মই
মোৰ চুলি দীঘলকৈ ৰখাটো ভাল হব বুলি
?” “মই যেনেদৰে আছে তেনেকৈ থকাটোৱে ভাল বুলি ভাৱো।” “মোৰ যে এনেদৰে আমনি
লাগিছে।” পত্নীয়ে ক
লে। জৰ্জে বিচনাত বাগৰাৰ
ভংগীটো সলনি কৰিলে আৰু পত্নীৰ ফালে চাই ক
লে, “তোমাক এনেকৈয়ে ভাল দেখায়।” তেওঁ আইনাখন এৰি খিৰিকিৰ ওচৰ পালেগৈ। বাহিৰত
এন্ধাৰ হৈ আহিছিল। “মই মোৰ চুলিখিনি পিছফালে টানি বান্ধিব খোজোঁ।
পত্নীগৰাকীয়ে ক
লে। “মই এটা মেকুৰী
পোৱালি ৰাখিব খোজোঁ
,যিটোৱে মোৰ কোলাতো আলফুলে
শুব। আৰু মই ৰূপৰ থালত মমবাতিৰ পোহৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰিব খোজো। মই এতিয়া
বসন্তকাল হোৱাটো বিচাৰো আৰু নতুন কাপোৰ কিছুমান বিচাৰোঁ।” “অস্ বন্ধ কৰা
আৰু কিবা এটা পঢ়িবলৈ লোৱা” জৰ্জে ক
লে। তেওঁ আকৌ পঢ়াত মন
দিলে। কিন্ত তেওঁৰ পত্নীয়ে খিৰিকীৰে বাহিৰলৈ চাই থাকিল। বাহিৰত তেতিয়া এন্ধাৰ বেছি
হৈছিল অাৰু প্লামগছবোৰত বৰষুণ পৰি আছিল। “যেনেকৈ নহ
ওক মোক এটা মেকুৰী লাগে। যদি মই দীঘল চুলি ৰাখিব নোৱাৰো, অন্য স্ফূৰ্তি কৰিব নোৱাৰোঁ, মেকুৰী এটাটো ৰাখিব
পাৰোঁ।” জৰ্জে কথাবোৰ শুনা নাছিল। তেওঁ পঢ়ি আছিল। মহিলাগৰাকীয়ে আকৌ খিৰিকীৰে
বাহিৰলৈ চালে
, বাহিৰত বিজুলী চাকিৰ পোহৰ। কোনোবাই দুৱাৰত
শব্দ কৰিলে। “সোমাই আহক।” জৰ্জে কিতাপৰ পৰা মূৰ তুলি ক
লে। দুৱাৰমুখত কোঠাৰ পৰিচাৰিকাজনী থিয় হৈ আছিল। তাই এটা কাছৰ চলঙেৰে বনোৱা
মেকুৰী কোঁচত লৈ আছিল। “এইটো হোটেলৰ গৰাকীয়ে মহাশয়াৰ কাৰণে পঠাই দিছে।”
পৰিচাৰিকাজনীয়ে ক
লে।


গল্পকাৰ পৰিচিতি  ১৯৫৪ চনৰ সাহিত্যৰ নবেল বঁটা বিজয়ী আমেৰিকাৰ সাহিত্যিক আৰ্নেষ্ট
মিলাৰ হেমিঙৱেৰ “
Cat in the Rain” এটা জনপ্ৰিয় চুটিগল্প। The Old Man and the Sea দৰে উপন্যাসৰ বাবে পৃথিবী বিখ্যাত হেমিঙৱেৰ চুটিগল্প সমূহ নাটকীয় উপস্হাপন আৰু
সাবলীল বৰ্ণনাৰে ভৰা।

Popular Post

ঐতিহাসিক চিঠি