গল্পঃ এম্বেছি / জেনিছ পেৰিয়াট

Posted by : translatorsassam
August 8, 2020

এম্বেছি

মূলঃ জেনিছ পেৰিয়াট
অনুবাদঃ ৰঞ্জনা দত্ত


এইটো এনেধৰণৰ এটা গধূলি যিটোত লাইটুমখ্ৰাৰ পৰা পুলিচ বজাৰলৈকে গোটেই বাটতো
খোজকাঢ়ি গলেও অলপো ঘাম নোলায়
টেইয়ে তাকে কৰিছিলে- গা গৰম
কৰিবলৈ নহয়
, কাৰণ
বাহিৰৰ হাড় কঁপোৱা ঠান্ডাত সেইটো অসম্ভৱ আছিল । সি টেক্সিৰ পইচাতোহে বছাব
বিছাৰিছিল। সেই ২০ টকাৰে সি আৰু এগিলাচ মদ খাব পাৰিব । তাৰ গাটোও অলপ গৰম হ
ব।
সি গোটেই ৰাস্তাটো বেছ খৰ খোজেৰে আগুৱাই গল। নিৰ্দিষ্ট ঠাই খন পোৱাৰ কিছুদূৰ আগত
ৰাস্তাৰ কোণত দোতাৰা বজাই বহি থকা অন্ধ লোক জনক মুদ্ৰা এটা দিবলৈ মাত্ৰ ৰৈছিল ।
বাটৰ কাষৰ ঠেলা বোৰৰ পৰা মলমলীয়া ভজাৰ গোন্ধ ভাহি আহিছে- পদিনা আৰু আলুৰ পুৰ দিয়া
জলকীয়া
, থপথপীয়া
বেচনৰ ঘোলত ডুবাই লোৱা বেঙেনাৰ তেলত ভজাৰ গোন্ধ-কিন্তু তাৰ কিছু লৰালৰি আছিল ।

কাউন্টাৰত থকা বিচেচ নামৰ নেপালী লৰাটোৱে ভিতৰলৈ সোমাই অহা টেইলৈ চাই মূৰ
দুপিয়ালে । বিচেচে অকল সদায় অহা মানুহ বোৰৰ লগত হে কথা পাতে আৰু দেখুৱাই যেন সি হে
দোকান খনৰ মালিক। কিন্ত মালিক সি নহয়
; কোনোবা মাৰোৱাৰী এজন হে । তেওঁ সাধাৰণতে বাৰত নবহে । এতিয়া
শ্বিলঙত বাহিৰৰ মানুহে ব্যৱসায়ৰ কৰাটো কিছু নিৰাপদ হৈছে যদিও ইমান নিৰাপদো নহয় ।
পুতলা নাচ দেখুৱা মানুহবোৰৰ দৰে পৰ্দাৰ পিচফালে কথাই শ্ৰেয় । যদিও এমবেছি খনৰ
মালিক কেইবাবাৰো সলনি হৈছে
,
এজন অনাখাছীৰ পৰা আন এজনলৈ ,কথাবোৰ কোনেও গম নাপায় ,কিছুমানে একো গুৰুত্ব নিদিয়ে । ষাঠিৰ দশকৰ
মাজভাগত খোলা এই দোকান খন প্ৰায় একেই আছে-দুটা সৰু আয়তাকাৰ কোঠা
, সংলগ্ন কৰা
এটুকুৰা চাপৰ সৰু ঠাই আৰু তাতে ওপৰলৈ উঠি যোৱা চিৰি । শাৰী শাৰীকৈ থকা কিছুমান
কাঠৰ টেবুল চকী আৰু মৰহিবলৈ ধৰা ফুলৰ দৰে চিলিঙত ওলমি থকা দীঘল নাল থকা ফেনবোৰ ।

টেইয়ে চাৰিওফালে এবাৰ চকুফুৰাই চালে আৰু অলপ সময়ৰ বাবে সি ইয়ালৈ অহা
উদ্দেশ্যটো যেন কিছু চেঁচা পৰি গ
ল । সি ইয়ালৈ আহিছে মদ এগাল মান খাই ছোৱালী জনীক নোপোৱাৰ
দুখতো পাহৰিবৰ বাবে
, কিন্তু
তো
এখনো খালি টেবুল সি দেখা নাপালে । কোণত থকা এখন টেবুলৰ পৰা কিছুমান দোৰোল খোৱা
মাতেৰে তাক কোনোবাই চিঞৰি মতা শুনিবলৈ পালে । মদাহী কেইজন বেচ স্ফুৰ্তিত আছিল আৰু
তাতোকৈ ডাঙৰ কথা তেওঁলোকে এটা তৃষ্ণাৰ্ত নিৰাশ আত্মাক চিনি পাইছিল ।
এই, দোস্ত” , সিহঁতি মাতিলে আঁহা ইয়াতে বহা
এটা অন্ধকাৰ কোণৰ পৰা অহা মাত এটা শুনিলে টেইস্কেম” –তাৰ চিনাকি কোনোবাই মাতিছে।
ইমান দূৰৰ পৰা টেইয়ে মানুহজনৰ মুখখন ধৰিব নোৱাৰিলে । তাক চিনি পোৱা যি কোনো
মানুহ হ
ব পাৰে
। একেবাৰে সাধাৰণ বিশেষত্ব নথকা এখন মুখ । ক
ৰবাৰ পৰা অকনমান পোহৰ আহি পৰাত টেইয়ে মানুহটোৰ নাক আৰু
চিনাকি এহাল চকু কিছু স্পষ্টকৈ দেখা পালে আৰু এটা নামটো একেবাৰতে সঠিক কৈ খাপ খাই
পৰিল।

-“
লাং”- সি
নিশ্চিত হ
বৰ
বাবে সুধিলে ।

মানুহটোৱে গিলাচটো ওপৰলৈ ডাঙি তাৰ কথাত হয়ভৰ দিলে আৰু গিলাচত থকা বাকী পানীয়
খিনি ডিঙিত ঢালি দিলে। তাৰ হাত বোৰ কঁপি আছিল । সেই হাত দুখনে এতিয়া আৰু আগৰ দৰে
ক্ষিপ্ৰ আৰু নিপুণ ভাবে চিলা বনাব নোৱাৰিব । লাঙৰ চিলাবোৰ এলেকাটোৰ সকলোতকৈ ওপৰত
উৰে
; চিলা
উৰুৱা ৰছিবোৰ আইনাৰ গুড়িত লেটিয়াই বনোৱা তাৰ মাঞ্জাবোৰ ইমান মজবুত আৰু ধাৰাল আছিল
যে ওপৰত উৰি থকা তাৰ চিলাবোৰ কাটিবলৈ কাৰো সাধ্য নাছিল ।

-“
তই দেখিবলৈ একেই হৈ আছ,”
দুটা গিলাচত চপচপীয়াকৈ মদ ঢালি ঢালি লাঙে কলে । টেইয়ে লাঙৰ বিষয়ে একেদৰে কব নোৱাৰিলে।
আজিৰ পৰা দহ বছৰ আগতে ২০-২৫ বছৰীয়া সি দেখিবলৈ ধুনীয়া আছিল কিন্তু এতিয়া এজন বুঢ়া
মানুহৰ দৰে হৈ পৰিছে । তাৰ চকুৰ দৃষ্টি বিশেষ একো বস্তুৰ ওপৰতে নিবদ্ধ নাছিল আৰু
লাইটৰ বাল্বৰ ওপৰত ঘুৰি ফুৰা চগাবোৰৰ দৰে অস্থিৰ হৈ আছিল । তাৰ মুখৰ ছালবোৰ পুৰণি
কোঁচমোচ খোৱা চোলা এটাৰ দৰে ওলমি পৰিছিল।

-“
তোক কিহে ইয়ালৈ টানি আনিলে?” সি দোৰোল খোৱা জিভাৰে সুধিলে ; তাৰ উশাহৰ লগত
মদৰ গেলা গোন্ধ লাগি আছিল। টেই অলপ পিছুৱাই গ
, অলপ অস্বস্তি অলপ বিকৰ্ষণ । তাৰ বিশ্বাস হোৱা নাই যে
এইটোৱেই সি সৰুতে লগ পোৱা একেটা ল
ৰা
এতিয়াও লাবাবতে থাকনে”?
লাঙে গিলাচত ওপৰেদি তালৈ চাই শুধিলে। লাইটৰ ক্ষীণ পোহৰত গিলাচৰ সোনালী তৰল
খিনি তিৰবিৰাই উঠিল ।

টেইয়ে মুৰ জোকাৰিলে ।
– “
আমি ১০ বছৰৰ আগেয়ে তাৰ পৰা উঠি আহিলোঁ ….নংগ্ৰিমলৈ
টাউন খনৰ এটা ভাল এলেকালৈ, কিছু সম্ভ্ৰান্ত আৰু ভদ্ৰ।
-”
তোক সেইবাবেই আজিকালি নেদেখা হলো লাঙে হাঁহি এটা
মাৰি ক
লে।
আজি সন্ধিয়াৰ মদৰ নিচাতো তাৰ বেছ ভাল লাগিছে ।

-“
তই এতিয়াও চিলা উৰুৱাওনে”?
লাঙে খপজপাই টেবুলৰ পৰা জুইশলাটো লব খুজিলে । টেইয়ে আঙুলিৰে সেইটো অলপ ঠেলা মাৰি দিলে ।
-”
মই কৃষি বিভাগত কাম কৰোঁ ….স্পেছিয়েল ৰুৰেল ডেভেলপমেন্ট
অফিচাৰ

ওৱাঔ……টেইক আচৰিত কৰি লাঙে মুৰটো একতীয়া কৰি হঠাত শিয়ালে হোৱা দিয়াৰ দৰে
চিঞৰি উঠিল। অন্য মদাহী কেইটামানে মুৰ ঘুৰাই চাই তাক মনে মনে থাকিবলৈ ক
লে। সি চিঞৰা
বন্ধ কৰি ক
লে
-“
বৰ ভাল কথা । আমি এইবোৰৰ বাবেই আন্দোলন কৰিছিলোঁ । আমাৰ খাছীয়া লৰা ছোৱালী
বোৰক চাকৰি আৰু অন্যান্য সুবিধা দিবৰ বাবে

সি হেকটিয়াবলৈ ললে আৰু
হেকটি বন্ধ কৰিবলৈ গিলাচত থকা মদ খিনি ডিঙিত বাকী দিলে। টেইয়ে কিছু অস্বস্তি ভাবেৰে
অলপ অলপকৈ মদ বোৰ খাবলৈ ল
লে।
লাঙে কে এছ ইউৰ দিনৰ কথাবোৰ উলিওৱা টো সি বিচৰা নাই । সি ইয়ালৈ জোচেফাইনৰ কথা
, তাইৰ হাঁহি থকা
চকুহাল আৰু সি চুমা খাব নোৱাৰা সেই ধুনীয়া গুলপীয়া ভৰা ওঁঠ জুৰিৰ কথা ভাবি থাকিম
বুলি আহিছিলে। সি তাৰ সংগীজনক জুইশলা টো জ্বলাবলৈ চেষ্টা কৰি থকা দেখিলে তাৰ ওঁঠৰ
কোণেদি লেলাৱটি বাগৰি অহাৰ দৰে চিগাৰেট টো বাগৰি আহিছিল । কোঠাটোত মানুহৰ কোলাহল
বোৰ বাঢ়ি আহিছিল
, ভিতৰৰ
বতাহটো গৰম আৰু তেলতেলীয়া হৈ পৰিছিল আৰু ভিতৰত থকা মানুহৰ সংখ্যা বোৰ লাহে লাহে
বেৰত বিয়পি পৰা পানীৰ ডাগবোৰৰ দৰে আকাৰত বাঢ়ি গৈ আছিল ।

-“
তেনেহলে
কচোন এতিয়া তোক ইয়ালৈ কিহে টানি আনিলে
?” লাঙে কৌতূহলেৰে শুধিলে । হয়তো তাৰ মনত আছে যে টেইয়ে আগৰবাৰ
একো উত্তৰ দিয়া নাছিল । হয়তো সি আগতে প্ৰশ্নটো সোধা বুলি পাহৰি গৈছে । ডিঙিত চোকা
মদৰ কিছু সোপা মাৰি ধৰা মাতেৰে টেইয়ে উত্তৰ দিলে

-“
এজনী ছোৱালীৰ কথা…..
-”
পৃথিৱীৰ সকলোতকৈ ধুনীয়া ছোৱালী জনী। লাঙে বাক্য
টো শেষ কৰিলে ।

-”
আৰু তাই গুছি গ?”
টেইৰ মুখত চিটিকি অহা থুই আৰু মদৰ টোপাল দুটামান পৰিল। সেইখিনি মোহাৰি সি মুৰ
দুপিয়ালে ।

আৰু তাইৰ নামটো আছিল এঞ্জেলা ?”
লাঙে চিগাৰেট টো কোনোমতে জ্বলাবলৈ সক্ষম হৈছিল আৰু জোৰেৰে হোপা মাৰি ধোঁৱা বোৰ
উৰুৱাই আছিল।

টেইয়ে মুৰ জোকাৰিলে । তাৰ মনত ভাব হল সি তাৰ কাহিনী এনেদৰে কব নোৱাৰিব । কিন্তু কবলৈয়ে বা কি
আছে ! সি তাইক ভাল পাইছিল
,তায়ো
তাক ভালপাওঁ বুলিয়ে কৈছিল । কিন্তু তাই সঁচাকৈ ভাল পোৱা নাছিল । তাই নীলা ধোৱাৰঙৰ
চকুৰ এঙলো ইন্ডিয়ান গীটাৰ বজোৱা ল
ৰাটোক হে ভাল পাইছিল।
-”
মই ভালপোৱা ছোৱালী জনীৰ নাম আছিল এঞ্জেলা । তাই…….লাঙে শব্দ
বিচাৰি পোৱা নাছিল ।

-“
একেবাৰে পৰীৰ দৰেওচৰৰ
টেবুল খনৰ পৰা মদৰ নিচাত গধুৰ ভাবে ডুবি পৰা চাপৰ মানুহটোৱে বাক্যটো শেষ কৰিলে।

-“
নহলে
ছদ্মবেশত লুকাই থকা ডাইনী….
”. প্ৰায় সমান ভাবে মদৰ নিচাত ডুব গৈ থকা ওচৰত বহা আন এজনে মাত
লগালে ।

-”
তাইক লৈ ধেমালি নকৰিবি, ৰিট
লাঙে খপজপাই তালৈ চোঁচা লব খুজিলে
দুটা গিলাচত মদ বাকি বাকি টেইয়ে শুধিলে -“তাইৰ কি হ”?
-”
হাবিৰ মাজত …. ..” .লাঙে নিজৰ চকীত ভালদৰে বহি অনুচ্ছ স্বৰত কলে।
সেই সময়ত লাঙ কে এছ ইউত আছিল আৰু এই সুন্দৰ পাৰ্বত্যস্থল খনলৈ কৰবাৰ বাহিৰৰ
পৰা অহা চি আৰ পি এফ বোৰৰ পৰা পলাই ফুৰিছিল। সি তাৰ সতীৰ্থ বোৰৰ লগত জংঘলৰ ভিতৰত (
সেইসময়ত জংঘল বহুত আছিল
,
এতিয়াৰ দৰে নহয় ) বনৰীয়া জীৱ জন্তু ফলমূল আদি খাই যতে অকণমান ঘাঁহ
বন নোহোৱা শুকান জেগা পাইছিল তাতে ৰাতি কটাইছিল । কিন্তু সি তাইক চাবলৈ সদায় গৈছিল

লাঙে বিশেষ কাৰো ফালে নেদেখুৱাকৈ আঙুলি এটা জোকাৰি জোকাৰি কলে –সদায়
তাইৰ ঘৰটো আছিল মাল্কিত আৰু সি সদায় কাষৰে ৰিছা কলনিৰ হাবিৰ মাজৰ পৰা বাটকুৰি
বাই মাত্ৰ এখন্তকৰ বাবে হলেও তাইৰ ধুনীয় দীঘল চুলিকোচা আৰু সুন্দৰ মসৃন তেজৰঙা
মুখখন চাবলৈ আহিছিল ।

তাই খুব ধুনীয়া কিন্তু দুখীয়া আছিল । তাইৰ ন বছৰ থাকোতেই দৰ্জী বাপেকটো টিবি
হৈ ঢুকাল
,আৰু
তাইৰ মাকো এতিয়া একে বেমাৰতে শয্যাগত । এঞ্জেলাই তাইৰ পাঁচোটাকৈ সৰু ভাই ভনীয়েকৰ
চোৱাচিতা কৰিব লগা হৈছিল ।

-”
মই একো সহায় কৰিব পৰা নাছিলো
লাঙে কলে ।
সি হাতৰ গিলাচটো ইমান জোৰেৰে হেঁচা মাৰি ধৰিছিল টেইয়ে গিলাচটো ভাঙি যাব বুলি ভয়
খাই গৈছিল ।

-“
জীৱনৰ পৰা পলাই হাবিৰ মাজত আছিলো । মোৰ নিজৰ বুলিবলৈ একো
টকা পইচা নাছিল । মই একো সহায় কৰিব পৰা নাছিলোঁ ।”

এঞ্জেলাই ভালদৰে চলিবৰ বাবে এটা বেংকত চেক্ৰেটেৰী হিচাপে কাম কৰাৰ উপৰিও অফিচ
শেষ হোৱাৰ পিছত কেইবাঘৰটো ঘৰুৱা কামৰ সহায়িকা হিচাপে কাম কৰিছিল। কিন্তু সেইখিনি
টকা পৰ্যাপ্ত নাছিল । মাকৰ দৰব
,ভায়েক ভনীয়েক হঁতৰ স্কুলৰ ফীজ আৰু ঘৰত ইমান কেইটা খাৱৰীয়া।
উপাই নেপাই তাই ধনৰ বাবে বেঙ্কৰ মেনেজাৰ জনৰ ওচৰ চাপিল।

-“
তেওঁ মোক দিব বুলি কৈছে
তাই কৈছিল, তাইৰ
চকুজুৰি হাবিৰ মাজত জ্বলি থকা জোনাকী পৰুৱাৰ দৰে চিকমিকাই আছিল। -“তেওঁ কৈছে
তেওঁ মোক টকা খিনি দিব পাৰিব

যিমানেই চেষ্টা নকৰক কিয় লাঙে এই অনাখাছী (দখৰ) লোকসকলক একেবাৰে বিশ্বাস নকৰে
আৰু তাকো যদি সহায় কৰিবলৈ বিচৰাটো এটা এলেহুৱা লেতেৰা অসমীয়া হয় । এইদৰে সকাহ
পোৱাত তাই খুব আনন্দিত আছিল বাবে লাঙে এই কথাবোৰ নিজৰ মনৰ মাজতে ৰাখি থৈছিল। এইদৰে
কেইবা সপ্তাহো পাৰ হৈ গৈছিল আৰু প্ৰত্যেক বাৰেই সি টকাৰ কথা শুধিলে তাই উত্তৰ
নিদিয়াকৈ মনে মনে ৰৈছিল । সি গম পাইছিল যে তাই তাৰপৰা কিবা এটা লুকুৱাইছে
, কিন্তু কি ?
-“
কি? তাই কি
লুকুৱাইছিলে
?” টেইয়ে
শুধিলে ।

লাঙে কেঞা আঙুলিটো ওপৰলৈ দেখুৱাই টয়লেটৰ ফালে গল।
-“
এই ,এই
ৰিতে চকীখনৰ পিচফালে আঁউজি মুৰটো ঘুৰাই টেইক মাতিলে ।
-“
তাক শুধিববিচোন সি একেবাৰে নিশ্চিত নে যে তাই ভূতূনী নহয় । ৰিছা জংঘলত এনেকুৱা
বহুত আছে

-“
সিহঁত ইমানেই ভোল যায় যে আচল ছোৱালী আৰু ভূতূনীৰ মাজত পাৰ্থক্য গম নোপোৱা হৈ
যায়

লগৰটোৱে যোগ দিলে ।

ৰিতে হাঁহি হাঁহি এটা সময়ত চৰ্চৰণি খাবলৈ আৰম্ভ কৰিলে।
সেই সময়তে ৱেইটাৰ এটাই হ্বিষ্কিৰ আৰু এটা বটল আনি টেইৰ টেবুল খনত থলে।
-“
বাহ! লাঙে অৰ্ডাৰ দিলে
সি কলে ।
-“
এঞ্জেলাৰ নামত” , পিচফালে
বহি থকা মদাহী দুটই নিজৰ গিলাচ দুটা ওপৰলৈ কৰি একেলগে আওৰালে ।

-“
নহলে সি
আজি ৰাতি তাইক যি নাম দি মাতে
ৰিতৰ বন্ধু টোৱে কলে।
যেতিয়া লাঙ ঘুৰি আহিল সি সিহঁতৰ ফালে চাই শুধিলে
-”
কি হ”? টেই অকণমান
অপ্ৰস্তুত হ

-“
একো নাই । তোৰ কাহিনী টো ক
এদিন আবেলি লাঙ আৰু তাৰ বন্ধু বান্টেই (সেইবাৰ বাৰিষাৰ সময়ত তাৰ পুলিচৰ গুলিত
মৃত্যু হয়) ৰিছা জুৰিটোলৈ গা আৰু কাপোৰ ধুবলৈ গৈছিল । ঠাইখন খুব ধুনীয়া আছিল বাবে
প্ৰেমিক প্ৰেমিকা বোৰে আগতে ইয়ালৈ সময় কটাবলৈ আহিছিল । টাউনত হৈ থকা ঘটনা বোৰৰ
বাবে তালৈ পিছলৈ কোনো নোযোৱা হৈছিল । সিহঁত সেইখিনি পাই দেখিলে যে তাত জুৰিৰ পাৰত
কোনোবা দুজন বহি আছে। ভালকৈ দেখাৰ আগেয়ে দুয়োজন ওচৰৰ জংঘলৰ মাজত সোমাই পৰিল ।

-“
তই আন্দাজ কৰিব পাৰিছনে মই কিমান আচৰিত হৈছিলো যেতিয়া দেওবাৰে পিন্ধা তাইৰ
ধুনীয়া পোছাক আৰু মুৰত ধুনীয়া বগা ৰিবন মৰা এঞ্জেলাক দেখিছিলো । তাইৰ লগত মোটা মোচ
আৰু কামুক চকুৰে সেই দখাৰ (অনাখাছী) টো আছিল

– “
মোৰ মা অসুস্থ এঞ্জেলাই
বলৈ
চেষ্টা কৰিছিল ।
আমাক
টকাখিনি সচাকৈয়ে প্ৰয়োজন হৈছে …..প্লীজ …..

-“
মই তোমাক টকা খিনি দিম
সি কৈছিল
-“
কিন্তু তুমি মোক কি দিবা ? বেংকৰ নিয়ম মতে তুমি টকা খিনি নোপোৱা ….
সি হাঁহি হাঁহি তাৰ এখন হাতেৰে তাইৰ আঠুঁটো মোহাৰি আছিল । তাৰ পিছত সি তাইৰ
ওপৰত জোৰ কৰিবলৈ আৰম্ভ কৰিছিল
, তাৰ কলা মোটা মোছবোৰে তাইৰ ভেলভেটৰ দৰে কোমল চালত বিন্ধিছিল ।
-“
তই কি কৰিছিলি?” টেইয়ে
শুধিলে ।

-“
মই …..মই স্থানুৰ দৰে হৈ পৰিছিলো
লাঙৰ মূৰটো তললৈ হাউলি পৰিছিল । গিলাচৰ ওপৰত থকা তাৰ মুঠিটো ঢিলা হৈ পৰিছিল ।
সি চিগাৰেটটো টুকুৰিয়াই টুকুৰিয়াই নুমুৱাই দিলে । সেইসময়তে মানুহটোৱে জেপৰ পৰা এখন
কেঁচী উলিয়াই এঞ্জেলাক ভাবুকি দিবলৈ ধৰিলে । হঠাতে তাৰ কিবা এটা হ
ল আৰু লাঙে
সিহঁতৰ ওপৰত জপিয়াই পৰিল….কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ গৈছিল ।

কিহৰ কাৰণে দেৰি ?”
টেইয়ে মূৰটো সমুখলৈ আগুৱাই আনি শুধিলে । হ্বিস্কিৰ বাবে তাৰ মূৰটো ঘুৰাবলৈ
আৰম্ভ কৰিছিল
, সি
দুয়োখন হাতৰ তলুৱা জোৰকৈ হেঁচা মাৰি ধৰিছিল ।

-“
তাই জপিয়াই দিলে
লাঙৰ গিলাচটো বাগৰি পৰিল। মদ বোৰ টেবুলৰ ওপৰেদি বাগৰি গৈ মাটিত পৰিল।
-“
নহকালিকাইৰ দৰে তাই এটা জলপ্ৰপাত হৈ গ
যেতিয়া টেই আৰু কিছুসময় পিছত যাবলৈ উঠিল লাঙ টেবুলৰ ওপৰত মূৰটো দি পৰি আছিল
।হয়তো সি শুই পৰিছিল । টেইয়ে জানিবলৈ ইচ্ছা নকৰিলে। সি খালি টেবুল আৰু চকীবোৰৰ
মাজেদি সাগৰত গৈ থকা এখন নাৱৰ দৰে ঢলংপলং কৈ আগ বাঢ়িছিল। সি কাউন্টাৰ পাই পকেটৰ
পৰা বহু কষ্টেৰে পইছা খিনি উলিয়াই টকাবোৰ গণিবলৈ ল
লে । বিচেচে দীঘল কাগজ এখন উলিয়াই দিনটোৰ
হিচাপ বোৰ মিলাই আছিল । সি মুৰ তুলি চালে
, তাৰ চকুদুটা চৰাইৰ দৰে তীক্ষ্ণ আৰু চালাক আছিল ।
-”
আপুনি সৌ টেবুল খনত লাঙৰ লগত বহি আছিল নেকি?”
টেইয়ে মুৰ দুপিয়ালে । বিচেচে হাত দুখন ভাঁজ কৰি কাউন্টাৰৰ ওপৰত থলে।
-“
সি আপোনাক কি কথা কৈ আছিল? সেই ছোৱালী জনীৰ কথা নেকি? কি নাম আছিল
তাইৰ
? মেলবেল
…নহ
লে
এঞ্জেলা ।

-“
হয়, কিন্তু
তুমি কেনেকৈ জানিলা
?……”
বিচেচে হাঁহিলে ।
-“
সি এই গল্পটো যি কোনো ভাল শ্ৰোতা পালেই কয়।
-“
কিন্তু এইটো সচাঁ …….টেইয়ে প্ৰতিবাদ কৰিলে।
ঠিকেই এইটো সচাঁ । লাঙ কে এছ ইউৰ লগত জড়িত আছিল..আদি কথাবোৰ , কিন্তু কথাবোৰৰ
আন এটা বৰ্ণনাও আছে। য

ছোৱালীজনী অসমীয়া ল
ৰা
এজনৰ প্ৰেমত পৰে আৰু পলাই যায় । ই লাঙৰ অহঙ্কাৰক আঘাত কৰে আৰু তাৰ …..

বিচেচে নিজৰ কপাল খন টুকুৰিয়াই আকৌ হাঁহিবলৈ ললে ।
যেতিয়া টেই খালি ৰাস্তাটোলৈ ওলাই আহিল তেতিয়াহে সি গম পালে যে বাহিৰত ইমান পৰে
বৰষুণ দি আছিল । এম্বেছিত থাকিলে এই সলনি হোৱা ঋতু
, খ্ৰীষ্টমাছ, সলনি হোৱা বতৰ আদি লক্ষ্য নকৰাকৈয়ে পাৰ হৈ
যায় । বাহিৰত হাড় কঁপোৱা ঠান্ডা । টেইয়ে ভৰিদুখন থপথপাই হাতৰ তলুৱা দুটা লগ লগাই
মূখৰ গৰম বতাহটো এৰি দিলে। তাৰ গৰম বতাহটো বগা ভাঁপ হৈ ওলাল যেন সি নিশ্বাসত
অশৰীৰী কিবা এটাহে উলিয়াই দিছে। সি খোজ কাঢ়োতে ৰাস্তাৰ ইফালে সিফালে চাই গল কিন্তু
সি নিশ্চিত আছিল যে এই বৰষুণৰ বতৰত কোনো টেক্সী পাৰ হৈ নাযায় । বৰষুণৰ পানীবোৰ তাৰ
ভৰিৰ সৰুগাঁঠিৰ ওপৰেদি বাগৰি গৈছিল । ৰাতিটো অন্ধকাৰ আৰু ঘন কুঁৱলীৰে আচ্ছন্ন আছিল
। সি বুজিছিল এইখন দুখৰ নদীও হ
ব পাৰিলে হয়। তাৰ অন্তৰত ঘাঁ বোৰ এই সৰু পাহাৰীয়া টাউন খনৰ
পৰা তলৰ কৰবালৈ উটি গুছি গৈছিল ।
লেখিকা পৰিচয় জেনিছ
পেৰিয়াটৰ চুটিগল্প আৰু কবিতা সমূহে দেশ বিদেশৰ প্ৰেছ আৰু লেখক সমাজত বহুত প্ৰশংসা
বুটলিবলৈ সক্ষম হৈছে । তেখেতৰ প্ৰথম চুটিগল্প সংকলনৰ পুথি
Boats on Land ৰ বাবে ২০১২
চনত সাহিত্য একাডেমিৰ যুব লেখক পুৰস্কাৰ আৰু ২০১৩ চনত ক্ৰছৱৰ্ড বুক এৱাৰ্ডেৰে (
fiction) পুৰস্কৃত কৰা
হয় । তেওঁ ইংৰাজী ভাষাত লিখা লিখনিৰ বাবে পুৰস্কৃত মেঘালয়ৰ প্ৰথম লেখক । যোৰহাটত
জন্মলাভ কৰা পেৰিয়াটে শ্বিলঙ
,অসম,
দিল্লী আৰু শেষত লন্ডনৰ পৰা শিক্ষা গ্ৰহণ কৰে । ভাৰত আৰু বিদেশৰ বহুত নাম কৰা
বাতৰিকাকত আৰু আলোচনীত তেখেতৰ লিখনিসমূহ প্ৰকাশ হৈ আহিছে । তেখেতৰ
নাইন চেম্বাৰ্ড
হাৰ্ট
নামৰ
উপন্যাসখন নটা ভাষালৈ অনুদিত হৈছে ।

Popular Post

ঐতিহাসিক চিঠি