গল্পঃ এপিয়লা চাহ / কেথৰিন মেন্সফিল্ড

Posted by : translatorsassam
August 2, 2020

এপিয়লা চাহ

মূল গল্প: A Cup of Tea

গল্পকাৰ: Katherine
Mansfield

উৎস গ্ৰন্থ: Ten Short Stories

অনুবাদ: অৰুণিমা ভট্টাচাৰ্য্য

 

ৰজমেৰী ফিল অপূৰ্ব্ব সুন্দৰী নাছিল। তেওঁক সুন্দৰী বুলি নকলেও মৰমলগা বুলি কব পাৰে, যদি তেওঁক অংশত বিভক্ত
কৰি চায়। কিন্তু ইমান কঠোৰ হ
বলৈ কিয় যাওঁ, কাৰোবাক খণ্ডিত কৰি তেওঁৰ সৌন্দৰ্য্যৰ সংজ্ঞা দিবলৈ? তেওঁ কম বয়সৰ, বুদ্ধিমতী, আধুনিক, পোছাকৰ ক্ষেত্ৰত খুব সৌন্দৰ্য্য সচেতন। তাৰোপৰি তেওঁ ভাল পঢ়ুৱৈ, মানে সকলোবোৰ নতুন কিতাপৰ খবৰ তেওঁ ৰাখে। তেওঁৰ ঘৰৰ অভ্যৰ্থনাবোৰত
চহৰৰ গণ্যমান্য ব্যক্তি
, শিল্পী, সাহিত্যিকৰ আগমন ঘটে। এইবোৰত তেওঁৰ পৰিচিত প্ৰতিভাশালী আৰু আচহুৱা
দুয়োধৰণৰ মানুহৰে সমাগম ঘটে।

ৰজমেৰীৰ বিয়া হোৱা দুবছৰ হৈছে। চহৰৰ জাকত জিলিকা লৰা এজনেই তেওঁৰ পাণিগ্ৰহণ কৰিছে। গিৰিয়েকে তেওঁক অতিমাত্রা আদৰ
সাদৰ কৰে। তাৰোপৰি তেওঁলোক ধনী
, সঁচা অৰ্থত সম্পদশালী, তথাকথিত চলি যোৱা ধৰণৰ ধনী নহয়। ৰজমেৰীয়ে যদি বিচাৰে তেওঁ পেৰিছলৈ গৈ বজাৰ কৰি আহিব পাৰে, যেনেকৈ আপুনি বা মই ওচৰৰ গলিটোলৈ গৈ বজাৰ কৰিব পাৰোঁ। যদি তেওঁ
ফুল কিনিব খোজে
, তেতিয়া গাড়ীখনেৰে গৈ নগৰৰ আটাইকৈ উৎকৃষ্ট
ফুলৰ দোকানখনত গৈ উপস্হিত হয়গৈ। দোকানখনত সোমাই তেওঁ ফুলবোৰত চকু ফুৰাই কয়
, “মোক এইটো, সেইটো লাগে..মোৰ ফুলদানিত
সকলো ধৰণৰ গোলাপেই থাকিব লাগিব..এই লিলি ফুলটো দেখিবলৈ বেয়া..।” দোকানৰ পৰিচালক
বা কামকৰা মানুহজনে মূৰ দোৱাই তেওঁৰ কথা শলাগে আৰু তেওঁ বেয়া পোৱা ফুলবিধ তেওঁৰ চকুৰ
আঁতৰ কৰে। তেওঁ আকৌ দুবিধমান ফুলৰ অৰ্ডাৰ দিয়ে। তাৰপিছত দোকানত কাম কৰা খীণ ছোৱালীজনীয়ে
কোলাত কেচুৱা এটা লোৱাৰ দৰে ফুলবোৰ লৈ তেওঁৰ পিছে পিছে গাড়ীখনৰ ওচৰলৈ আহে।

এদিন শীতৰ আবেলি তেওঁ এখন আপুৰুগীয়া বস্তুৰ
দোকানত সোমাল। দোকানখন তেওঁৰ পছন্দৰ আছিল। দোকানৰ মালিকজনেও তেওঁক বস্তু দেখুৱাই ভাল
পাইছিল। তেওঁক দেখা পালেই মানুহজনৰ মুখখন উজ্জ্বল হৈ উঠিছিল। তেওঁক দেখি মালিকজনে স্বভাৱজাত
ব্যস্ততাৰে কাম আৰম্ভ কৰিছিল
, যত মিছা প্ৰশংসাৰ লগতে
অন্য কিবাকিবিও আছিল।

চাওঁক মেডাম..মই মোৰ বস্তুবোৰ বৰ ভালপাওঁ..যিসকলে
এই আপুৰুগীয়া বস্তুবোৰৰ মূল্য নুবুজে তেওঁলোকক মই বস্তু বিকিবলৈ টান পাওঁ।” অতি
নম্ৰ কন্ঠত কথাখিনি কৈ মানুহজনে সৰু বৰ্গাকাৰ নীলা ভেলভেটৰ বাকচ এটা আনি তেওঁৰ আইনাৰ
কাউন্টাৰটোৰ ওপৰত থলে।

আজিৰ এই সৰু বাকচটো মানুহজনে তেওঁৰ বাবেই
ৰাখি থৈছিল আৰু সেইবাবে তেতিয়ালৈ অন্য কোনো মানুহকে দেখুওৱা নাই। সৰু সুন্দৰ বাকচটোৰ
ওপৰত সুক্ষ্ম কাৰুকাৰ্য্য কৰা আছিল। ৰজ
মেৰীয়ে হাতমোজা
যোৰ খুলি বাকচটো হাতত ল
লে। এনেকুৱা সুক্ষ্ম
কাৰু-কাৰ্য্য থকা বস্তু চাবলৈ তেওঁ প্ৰায়েই হাতমোজা যোৰ খুলি লয়। তেওঁৰ সেইটো খুব ভাল
লাগিছিল।বাকচটো খুলি
, জপাই চাই তেওঁৰ হাতত
সেইটো কিমান ধুনীয়া দেখাইছিল তেওঁ অনুভৱ কৰিবলৈ চেষ্টা কৰিলে। দোকানীজনে আইনাৰ কাউন্টাৰটোৰ
সিটো মুৰৰ পৰা অংকটো কৰি লৈ আকৌ ক
লে, “আপুনি যদি সুক্ষ্ম ভাৱে লক্ষ্য কৰিছে তাত খোদিত কৰা মানুহজনীৰ
কাপোৰত এটা ফুলৰ ছবি আছে।”

অপূৰ্ব্ব ” ৰজমেৰীয়ে বস্তুটোৰ প্ৰশংসা কৰি সুধিলে, “কিন্তু..দামটো কিমান হ?”

অলপ সময়ৰ বাবে অন্যমনস্ক যেন দেখুৱাই
দোকানীজনে ক
লে, “আঠাইশ হাজাৰ..মেডাম।”

আঠাইশ হাজাৰ” ৰজমেৰীয়ে অন্য একো নকলে। হাতৰ পৰা
সৰু বাকচটো নমাই তেওঁ হাতমোজাযোৰ পিন্ধি ল
লে। আঠাইশ হাজাৰ..ইমান
সৰু বস্তুটোৰ বাবে..অলপ বেছি হ
ল। তেওঁ বেলেগ এটা বস্তুত
চকু ফুৰাই
, মানুহজনক কলে, “এইটো মোৰ কাৰণে ৰাখি
থওক..ৰাখিব নহয়
?”

দোকানীজন ইতিমধ্যে সেইটো তেওঁৰ কাৰণে
ৰাখিবলৈ প্ৰস্ত্তত। অন্য কোনো সাধাৰণ গ্ৰাহকৰ সাধ্যৰ ভিতৰৰ বস্তু সেইটো নহয় বুলি তেওঁ
জানে।

দোকানখনৰ দুৱাৰ এটা সৰু শব্দ কৰি বন্ধ
ল। তেওঁ বাহিৰলৈ ওলায় আহিল। শীতৰ আবেলি, তাতে আকৌ অলপ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল। এন্ধাৰ হবলৈও ধৰিছিল। ৰাস্তাৰ দুয়োকাষে থকা লাইটবোৰ জ্বলিবলৈ ধৰিলে।
ঠাণ্ডাও বাঢ়িল। ৰ
জমেৰীৰ মনটো হঠাৎ বেয়া
লাগিবলৈ ধৰিলে। উৰি থকা শ্ব
লখন ভালকৈ টানি লৈ

তেওঁ ভাবিলে, সেই বাকচটো লৈ আহিব লাগিছিল। দোকানখন এৰি তেওঁ বেছি দূৰ অহা
নাই
,
গাড়ীখনো আছে। তথাপিও তেওঁ অলপ ৰল। জীৱনত কেতিয়াবা এনেকুৱা মুহূৰ্তও আহে যত অলপ নিজক সময় দিয়াৰ কথা ভবা যায়। এতিয়া আচলতা ঘৰলৈ গৈ তৃপ্তিৰ
এপিয়লা চাহ খোৱাৰ সময়।

ঠিক সেই মুহূৰ্ত্ততে এজনী কমবয়সীয়া ছোৱালী
আহি তেওঁৰ ওচৰ পালেহি। ক
ৰ পৰা , কেনেকৈ তাই আহি সেইখিনি পালেহি, জমেৰীয়ে গম নাপালে।
ছোৱালীজনীয়ে শীৰ্ণ মাত এটাত কৈ উঠিল
, ‘ মেডাম, আপোনাৰ লগত কথা পাতিব পাৰিমনে?’ ‘মোৰ লগত কথা‘- জমেৰীয়ে ঘূৰি চালে। এজনী ক্ষীণ বহল চকুৰ ছোৱালী, তেওঁতকৈ কম বয়সৰ। গৰম কাপোৰ পিন্ধি থকাৰ পিছতো কঁপি থকা ছোৱালীজনীয়ে
লে- বাইদেউ, মোক এপিয়লা চাহ খাবলৈ টকা অলপ দিবনে?’ ‘ এপিয়লা চাহ?’ জমেৰীয়ে লক্ষ্য কৰিলে- ছোৱালীজনীৰ মাতটো শান্ত আৰু সাধাৰণ, ভিক্ষাৰীৰ নিচিনা অলপো নহয়। তোমাৰ এটকাও নাই তাৰমানে?’ জমেৰীয়ে আকৌ সুধিলে। নাই, মেডাম‘- উত্তৰ আহিল। কি আচৰিত!জমেৰীয়ে সন্ধিয়াৰ কাণিমুণি পোহৰৰ মাজেৰে ছোৱালীজনীক চাবলৈ যত্ন
কৰিলে। হঠাৎ তেওঁৰ মনত দু:সাহসিক কাম এটা কৰাৰ ইচ্ছা জাগিল। এই ঘটনোটো দস্তভ
য়স্কিৰ উপন্যাসৰ পৰা ওলাই অহা ঘটনা এটাহে। তেওঁ যদি ছোৱালীজনীক
ঘৰলৈ লৈ যায়
? যদি ঘটনাটো মঞ্চত বা উপন্যাসত ঘটা ঘটনাৰ
দৰে হয়! ই বৰ ৰোমাঞ্চকৰ হ
ব। পিছত তেওঁ বন্ধুবৰ্গৰ
আগত এই ঘটনাৰ বৰ্ণনা দিব পাৰিব। কথাবোৰ ভাবি তেওঁ বহুদূৰ আগবাঢ়ি গ
ল আৰু কাষত থকা ছোৱালীজনীক উদ্দেশ্য কৰি কলে –মোৰ ঘৰলৈ চাহ খাবলৈ
যাওঁ ব
লা।ছোৱালীজনী আচৰিত হল। এক মুহূৰ্ত্তৰ বাবে তাইৰ কঁপনিও বন্ধ হোৱা যেন হল। ৰজমেৰীয়ে তাইৰ হাতখন
স্পৰ্শ কৰি ক
লে- মই সঁচাকৈয়ে কৈছোঁ… মোৰ গাড়ীত উঠি মোৰ ঘৰলৈ বলা,
চাহ কাপ তাতেই খাবা।

কিন্তু” ছোৱালীজনীয়ে ইতঃস্তত কৰিলে।
কিন্তু ৰজ
মেৰীয়ে এৰি নিদিলে। ছোৱালীজনীয়ে মুখত
আঙুলিকেইটা লগাই
, চকু দুটা বহল কৰি সুধিলে, “আপুনি মোক পুলিচ থানালৈ নিনিয়ে তো?”

পুলিচ থানা?” ৰজমেৰীয়ে হাঁহি কলে,”মই ইমান নিষ্ঠুৰ নহয়..মই
তোমাক গৰম চাহ এপিয়লা খুৱাই তোমাৰ লগত কথা পাতিব খোজো।”

ভোকাতুৰ মানুহক বুজাবলৈ সহজ। ড্ৰাইভাৰ
জনে গাড়ীৰ দুৱাৰখন খুলি দিলে আৰু কিছুসময়ৰ ভিতৰতে সন্ধিয়া এন্ধাৰৰ মাজে মাজে গাড়ীখন
আগবাঢ়িল।

ৰজমেৰীয়ে মনে মনে ভাৱিলে,’ মই সফল, ছোৱালীজনীক লৈ আহিব পাৰিলো। সাধুকথাত ঘটা ঘটনাবোৰ মাজে সময়ে বাস্তৱত ঘটে। ধনী মানুহবোৰো হৃদয়বান হব পাৰে, নাৰী নাৰীৰ চিৰশত্ৰু হোৱাৰ পৰিবৰ্তে ভগ্নী সদৃশো হব পাৰে। কথাবোৰ
ভাৱি তেওঁ আবেগ বিহ্বল হৈ ক
লে “ভয় নাখাবা।
মই তোমাৰ একো অপকাৰ নকৰো
, ময়ো এগৰাকী নাৰী। কেৱল
মই অলপ বেছি সৌভাগ্যৱতী আৰু তুমি..” বাক্যটো সম্পূৰ্ণ হোৱাৰ আগতে গাড়ীখন ৰল। ঘৰৰ
বেল বাজিল
, দুৱাৰ খোল খালে। ৰজমেৰী ঘৰৰ ভিতৰ সোমাল। সুন্দৰ, সুগন্ধিত সাজসজ্জা থকা এটা বিশাল ড্ৰইয়িং ৰুম ।

বলা, ওপৰ মহলালৈ যাওঁ” ৰজমেৰী নিজৰ বদন্যতা দেখুৱালৈ
উৎসুক হৈ উঠিছিল
, “বলা মোৰ কোঠালৈ”।
তাৰোপৰি তেওঁ ঘৰুৱা সহায়কবোৰৰ ঔসুকতা ভৰা দৃষ্টিৰ পৰাও ছোৱালীজনীক আঁতৰাই ৰাখিব খুজিছিল।

এইবাৰ ৰজমেৰী নিজৰ সুন্দৰ শোৱনিকোঠা গৈ পালে। অত্যাধুনিক, আৰামদায়ক বহুৰঙী কুশ্যন আৰু আচবাবেৰে কোঠাটো শুৱনি হৈ আছিল।
ছোৱালীজনী কোঠোটোত সোমাই আচৰিত হৈ গ
ল। ৰজমেৰীয়ে ডাঙৰ চকী এখন জুহালটোৰ ওচৰলৈ টানি আনি ছোৱালীজনীক বহিবলৈ
লে। তাই কিন্তু বহিবলৈ সাহস নকৰিলে। ৰজমেৰীয়ে তাইক ভয় কৰিবলৈ বাধা দি প্ৰায় জোৰ কৰিয়ে চকীখনত বহুৱাই
দিলে। ছোৱালীজনীয়ে একো নক
লে, আচৰিত হৈ আধামেলা মুখ খনেৰে তাই চাৰিওফালে চালে। ৰজমেৰীয়ে তাইক টুপি আৰু বৰষুণত ভিজা গৰম কোটটো খুলাত সহায় কৰিলে।

তাৰ পিছত তেওঁ ছোৱালীজনীৰ লগত অলপ সহজ
বলৈ কিবা এষাৰ কবলৈ লওতে তাই
লে- বেয়া নাপাব, মই যদি এতিয়া কিবা খাব নাপাওঁ, বাগৰি পৰিম।জমেৰী তাইৰ কথাত অলপ অপ্ৰস্তুত হ, ‘হে ভগৱান, কেনেকৈ যে পাহৰি যাওঁ কথাবোৰ?’ তেওঁ লগে লগে ঘৰুৱা সহায়কৰ বেলটো বজালে, চাহ আৰু ব্ৰাণ্ডি অনাৰ আদেশ দিলে। ঘৰুৱা সহায়িকাজনী ওলাই যোৱাৰ লগে লগে, ছোৱালীজনীয়ে প্ৰায় চিঞৰাৰ দৰে কলে মোক ব্ৰাণ্ডি নালাগে, মোক মাত্ৰ একাপ চাহ দিয়ক।” কথাখিনি কৈ তাই কান্দোনত ভাঙি
পৰিল। ৰজ
মেৰীয়ে ছোৱালীজনীক প্ৰবোধ দিবলৈ যত্ন কৰিলে। তেওঁৰ বৰ বেয়া লাগিছিল।
তেওঁ ছোৱালীজনীক সান্ত্বনা দি ক
লে,” মই তোমাক চাম নহয়..তুমি নাকান্দিবা।” দুয়োজনীৰে মাজত যেন
এক নেদেখা এনাজৰীহে বান্ধ খালে। চাহ অহাৰ পিছত ৰজ
মেৰীয়ে তাইক বিভিন্ন খাদ্যবস্তুৰে আপ্যায়ন কৰিলে। তেওঁ নিজে একো নাখালে। অলপ দূৰৰ
পৰা লক্ষ্য কৰি থাকিল যাতে ছোৱালীজনীয়ে লাজ নকৰাকৈ খাব পাৰে।

খোৱা বস্তুখিনিয়ে ভাল কাম কৰিলে। চাহৰ
টেবুল সামৰাৰ পিছত ছোৱালীজনীৰ বেলেগ এটা ৰূপ পোহৰলৈ আহিল। তাই আৰাম চকীখনত টোপনিৰ আবেশ
এটাত বাগৰি দিলে। ৰজ
মেৰীয়ে সেইময়ত তাইৰ
লগত কথা পাতিব আৰম্ভ কৰিব বুলি ঠিক কৰি সুধিলে
, “তুমি শেষবাৰ পেট ভৰাই কেতিয়া খাইছিলা?”

কিন্তু ঠিক সেইখিনি সময়তে কোঠাৰ দুৱাৰখন
খোল খালে।

ৰজমেৰী,
মই সোমাব পাৰোনে?” ফিলিপে সুধিলে।

নিশ্চয়।”

সোমাই আহি তেওঁ কলে, “অস্ মই দুখিত!”
কথাখিনি কৈ তেওঁ অচিনাকি আলহীলৈ চালে।

একো নহয়,” ৰজমেৰীয়ে কলে ” এয়া মোৰ বান্ধৱী..” কিন্তু নামটো কবলৈ গৈ তেওঁ
ৰৈ গ
ল।

মিচ স্মিথ, মেডাম” ছোৱালীজনীয়ে ভয় নকৰাকৈ বহাৰ পৰাই কলে।

ফিলিপে আবেলিটোৰ বিষয়ে কলে আৰু ৰজমেৰীয়ে শলাগিলে। ফিলিপে
লক্ষ্য কৰিলে ছোৱালীজনীয়ে তেওঁক বৰ আচৰিত ধৰণে লক্ষ্য কৰিছে।

ফিলিপে ৰজমেৰীক কলে,” তুমি অলপ সময়ৰ বাবে পঢ়া কোঠালৈ আহিবা নেকি? তোমাৰ লগত অলপ কথা আছিল। আশাকৰো মিচ স্মিথে বেয়া নাপাব!”

ৰজমেৰীয়ে সহজভাৱে কলে “নাই কেলেই
বেয়া পাব
?”

দুয়ো একেলগে কোঠাটোৰ পৰা ওলাই গল। অকলশৰীয়া পঢ়াকোঠোতো পাই ফিলিপে ৰজমেৰীক সুধিলে- এতিয়া কোৱা, ছোৱালীজনী কোন? এইবোৰ কি?’ জমেৰীয়ে হাঁহি মাৰি দুৱাৰখনত ভেজা দি থিয় দি থাকি কলে- মই তাইক ৰাস্তাৰ পৰা
বুটলি আনিলোঁ। তাই মোক এপিয়লা চাহৰ দাম খুজিছিল। মই তাইক মোৰ লগত ঘৰলৈ লৈ আহিলোঁ।
‘ ‘ এতিয়া তুমি তাইক কি কৰিবা?’- ফিলিপে সুধিলে।তাইক সুখী কৰিম, ভীষণ সুখী। ভালকৈ তাইৰ লগত কথা বতৰা হোৱা নাই-কিন্তু তাইক সুখী
কৰাৰ চেষ্টা কৰিম।
সোণজনী‘- ফিলিপে কলে- তুমি পাগলী…এইবোৰ কৰা সহজ নহয়।‘ ‘কিয় নোৱাৰিম?’ জমেৰীয়ে প্ৰত্যুত্তৰ দিলে- কিতাপত এনেকুৱা কথা পঢ়িয়ে থাকোঁ, সেইবাবেই মই সিদ্ধান্ত লৈছোঁ….

কিন্তু” ফিলিপে মাজতে মাত দিলে,”তাই দেখিবলৈ ধুনীয়া!”

ধুনীয়া ?” ৰজমেৰীয়ে আচৰিত হৈ সুধিলে, “মই মনেই কৰা নাই চোন।”

উস ভগবান, ফিলিপে আকৌ কলে ” অত্যন্ত
মৰমলগা। তাইক দেখাৰ লগে লগে মইতো বল্ড হৈ গলো। আৱশ্যে সেইটো মোৰ ভুল..তুমি থাকোতে..বাৰু
মিচ স্মিথে আমাৰ লগত ৰাতিৰ আহাৰ নিশ্চয় কৰিব।”

কি যে কথাবোৰ কোৱা? বৰ আচৰিত তুমি।” কথাষাৰ কৈ ৰজমেৰী পঢ়া কোঠালিৰ পৰা ওলাই গল। তেওঁ শোৱনি কোঠালৈ নগল। বেলেগ এটা কোঠালৈ গৈ চকী এখনত বহিল। ধুনীয়া, অপূৰ্ব্ব সুন্দৰী, বল্ড হৈ গল। তেওঁৰ বুকুখন গধুৰ বেল এটাৰ দৰে ধপধপাব ধৰিলে। ধুনীয়া , মৰমলগা। তেওঁ চেকবহীখন হাতত ললে। নাই নহয়, চেকৰ কাম নহব। এইবাৰ তেওঁ মেজৰ ড্ৰয়াৰটো খুলি কেইখন মান নোট উলিয়াই ললে আৰু শোৱনি কোঠালৈ গল। আধাঘন্টা
পিছত ৰজ
মেৰী ফিলিপ থকা কোঠাটোলৈ উভতি আহিল।

মই তোমাক কথা এটা কব খুজিছিলো..মিচ স্মিথে
আজি আমাৰ লগত ৰাতিৰ আহাৰ নকৰে।”

ফিলিপে হাতত থকা কাগজখন থৈ কলে ” অস কিবা আগতীয়া কাম আছিল নেকি?”

ৰজমেৰী ফিলিপৰ কাষলৈ আগবাঢ়ি আহিল আৰু কলে “তাই
যাব খুজিলে। মই তাইক টকা কেইটামান উপহাৰ হিচাপে দিলো। যাব খোজা মানুহক জোৰ কৰি ৰখাটো
জানো উচিত
?”

ৰজমেৰীয়ে এইমাত্র মূৰ আচুৰিছে। চকুত ডাঠকৈ কাজল লগাইছে, লগতে মুকুতাৰ কাণফুলিযোৰ। ফিলিপৰ গালত হাত ফুৰাই দি তেওঁ সুধিলে
“মোক তোমাৰ ভাল লাগেনে
?”

অ খুউৱ ভাল লাগে। ” ফিলিপে তেওঁক
টানি ওচৰলৈ আনি ক
লে।

ৰজমেৰী অলপ সময় ৰল। তাৰ পিছত কলে “মই আজি বৰ ধুনীয়া সৰু এনটিক বাকচ এটা দেখিছিলো..দামটো
অলপ বেছি..মই লমনে
?”

নিশ্চয় ” ফিলিপি উৎসাহিত হৈ কলে “তোমাৰ খৰচী স্বভাৱটো মই জানো।”

কিন্তু ৰজমেৰীয়ে কব খোজা কথাটো সেইটো নাছিল। ফিলিপৰ মূৰতো বুকুৰ ভিতৰলৈ
টানি আনি তেওঁ কাণে কাণে কৈ উঠিল
, “ফিলিপ মই ধুনীয়া হয়নে?”

 

(কেথেৰিণ মেনচফিল্ড(১৮৮৮-১৯২৩) নিউজিলেণ্ডৰ
প্ৰখ্যাত চুটিগল্পকাৰ। চেকভৰ লিখনীৰে অণুপ্ৰাণিত তেওঁৰ গল্পবোৰত সুক্ষ্ম অনুভূতি আৰু
শ্লেষ দেখিবলৈ পোৱা যায়।)

 

Popular Post

ঐতিহাসিক চিঠি