গল্পঃ এদাল ৰচীৰ টুকুৰা/ গী দ্যঁ মোপাছাঁ

Posted by : translatorsassam
May 30, 2020

এদাল ৰচীৰ টুকুৰা
মূল গল্পকাৰ : গী দ্যঁ
মোপাছাঁ
(
Guy de Maupassant)

অসমীয়াকৰণ : অৱনী বুঢ়াগোহাঁই ।




(১)

সেইদিনা মঙলবৰীয়া হাটৰ দিন আছিল, আৰু সেয়ে জাগুনৰ চাৰিওকাষে থকা গাঁওবোৰৰ পৰা জাকে জাকে খেতিয়কবোৰ, সিহঁতৰ ঘৈণীয়েকহঁতৰ সতে জাগুন চাৰিআলিলৈ আহিছিল । বেছিভাগ মতা মানুহবোৰে লাহে
লাহে খোজ কাঢ়িছিল
, তাৰে কিছুমানে লাখুটি এদালত ভৰ দি, অলপ কুঁজা হৈ প্ৰতিটো খোজত আগফালে হাওলি ভৰিকেইটাৰ ওপৰত ভৰ দি আগবাঢ়িছিল।
এওঁলোকৰ দেহটো যে কিছু বিকৃত হৈ গৈছিল তাৰ মূলতে কাৰণ আছিল চাপৰ হালবোৱা নাঙলটো
, যিটোৱে বাওঁকান্ধখন স্বভাবতে কিছু ওখ কৰি পেলাইছিল, লগতে,
ধান কঢ়িয়াবৰ সময়ত দুয়োফালে ভৰিকেইটা বহল কৰি ঠিয় হব লগা হোৱাৰ বাবে গাটোৰ এফাল হাওলাই পেলাইছিল ।

তেওঁলোকে পষেকীয়া বজাৰখনলৈ আহিব লাগে বুলিয়েই
সেইদিনা মাৰ দি ইস্ত্ৰী কৰা চোলা পিন্ধিছিল
; বেছিভাগৰে
ক্ষীণ দেহাটোত ৰঙা
, নীলা, আঁচ আঁচবোৰৰ
এনে সাজেৰে দূৰৰ পৰা ৰঙা নীলা বেলুন আহি থকাহে যেন লাগিছিল । ক্ষীণ হাত দুখন আৰু
ভৰি দুুটা দেখিহে প্ৰত্যয় যাব পাৰি যে তেনে বেলুনে উৰা নামাৰে ।
বজাৰলৈ অহা কিছুমানে পঘা এদালৰ মুৰত বান্ধি
গৰু এজনী বা গৰু পোৱালী এটা টানি টানি আনি আছিল । আৰু জন্তুটোৰ পাচফালে মানুহকেইটাৰ
তিৰোতা কেইজনীমানে গছৰ পৰা পাতে সৈতে ভাঙিলোৱা ঠানি ডালেৰে কোবাই কোবাই গৰুজনীক
খেদাই খেদাই আহি আছিল । এনে কামত ব্যস্ত হৈ থাকিয়ো মানুহকেইজনীয়ে কিন্তু মূৰত এটা
এটা মস্ত পাচি কঢ়িয়াই আনিছিল
, ৰ পৰা হাঁহ বা কুকুৰাবোৰে মুৰ উলিয়াই বাটৰ মানুহ চাইছিল ।
মতা মানুহবোৰতকৈ কিন্তু বয়সীয়া মাইকী মানুহবোৰে খৰগতিৰে আৰু
প্ৰাণোচ্ছলতাৰে খোজ কাঢ়িছিল
, বেছ পোণ হৈ , দেহবোৰ শুকান-উবান হলেও, আৰু সেউজীয়া চিংফৌ বা
খামতি চাদৰবোৰ মেৰিয়াই শুকান বুকুখনৰ ওপৰতে চেফটি পিন মাৰি সজাই লৈছিল । মুৰত
সিহঁতে আঁকবাঁক থকা ৰঙা সেউজীয়া স্কাৰ্ফ একোখন মাৰি লৈছিল যিবোৰ দূৰৰ পৰা টুপি যেন
দেখা গৈছিল ।
বৃটিছৰ দিনৰ অৱস্থাহীন লেণ্ডৰভাৰ এখন ভবাতকৈ বেছি শব্দ কৰি পাৰ হৈ গল । তাৰ আগৰ
আসনত বহি থকা দুজন লোক জোকাৰণিত কঁপিছিল । মহিলা এগৰাকী আছিল
, কিন্তু তেওঁ পাছচিটত বহিছিল আৰু তেওঁ ধৰাৰ বাবে ৰখা হেণ্ডেলডাল জোৰেৰে সাৱটি
ধৰিছিল ।
বজাৰখনত মানুহৰ সমাগম খুব বেছি, তাৰোপৰি বেচিবলৈ অনা জীৱজন্তুও কম নহয় । কবলৈ গলে মানুহ আৰু জীৱজন্তুৰ
সানমিহলি এখন বজাৰ । গৰু মহৰ বিভিন্ন প্ৰকাৰৰ শিঙবোৰ
, ধনী ধনী চিংফৌ আৰু খামতি খেতিয়কবোৰৰ সোণালী পাৰ দিয়া পাগুৰী, মাইকীমানুহবোৰৰ বিধে বিধে আকৰ্ষণীয় পৰম্পৰাগত সাজ- পাৰে মানুহৰ সাগৰখনত যেন
জোৱাৰৰ সৃষ্টি কৰিছিল । তাৰে ওপৰত তীক্ষ্ণ
, উগ্ৰ, ভুকভুকনি, হেম্বেলনি আৰু মানুহৰ কণ্ঠস্বৰে মিলিতভাবে এক
আৰণ্যক চীৎকাৰৰ ৰূপ ধাৰণ কৰিছিল
; কিন্তু এই শব্দপুঞ্জৰ
ওপৰতো কোনোবা এক সুখী খেতিয়কে তোলা এটা সশব্দ হাঁহিৰ জোৱাৰে
, অথবা কোনো ঘৰৰ খুটাত বান্ধি ৰখা গৰুৰ হেম্বেলনিয়ে এক অনিৰ্বচনীয় পৰিবেশৰ
সৃষ্টি কৰিছিল । গোটেইবোৰ মিলি-মিছি এটা গোন্ধৰো সৃষ্টি হৈছিল
, গৰু গোহালিৰ, গাখীৰৰ , ধানখেৰৰ, গাৰ ঘামৰ, আধা মানুহৰ আৰু আধা জীৱজন্তুৰ গোন্ধ, যিটো গাঁৱৰ খেতিয়কৰ সহজাত গোন্ধ ।

( ২)
বিজুলিবাৰী গাঁৱৰ মনাই শইকীয়াও জাগুন চাৰিআলিৰ মঙলবৰীয়া
হাটলৈ বুলি ঘৰৰ পৰা ওলাই আহি বজাৰৰ ওচৰ পাইছিলহি । চাৰিআলিটো পাবলৈ কিছুদূৰ
থাকোতেই ৰাষ্টাৰ শিলগুটিবোৰৰ ওপৰত পৰি থকা ৰচী এদালত তাৰ চকু পৰিল । সিহঁতৰ ককাকৰ
দিনৰে পৰা মিতব্যয়ী বুলি নামথকা বংশৰ বংশধৰ
, মনাইয়ে
কেতিয়াবা হলেও ব্যৱহাৰত আহিব পৰা কোনো বস্তু পেলাই দিয়াৰ বিৰোধী হিচাবে
, বাতবিষৰ যন্ত্ৰণাত ভোগা দেহাৰেই, অলপ তললৈ
হাওলিল। মাটিৰ পৰা ৰচীডাল বুটলি লৈ মনায়ে হাতৰ আঙুলিৰে সাৱধানেৰে পাক মাৰি হাতত
পকাই থাকোতে দেখিলে
, অদূৰৰ আলিবাটৰ কাষতে থকা চাইকেল দোকানী ৰতি
বৰাই একেথৰে তালৈ চাই আছে । এবাৰ বজাৰলৈ আহোঁতে তাৰে সৈতে মনাইৰ
, চাইকেল মেৰামতিৰ দাম অত্যধিক ধৰা আৰু তাৰ জেপৰ টকা থপিয়াই নিয়াৰ বাবে ডাঙৰ
কাজিয়া হৈছিল আৰু তেতিয়াৰে পৰা দুয়ো দুয়োকে চকুপাৰি দেখিব নোৱাৰিছিল । এতিয়া
মনাইয়ে আলিবাটত পৰি থকা ৰচীৰ টুকুৰাটো বুটলি লোৱা ৰতিয়ে দেখাত
, তাৰ লাজ লাজ লাগিল । সি তৎক্ষণাত ৰচীটুকুৰা চোলাৰ আঁৰত লুকুৱাই ভিতৰৰ জেপৰ
মাজত থৈ দিলে । সি পুনৰ ৰাষ্টাৰ ওপৰত হেৰোৱা কিন্তু বিচাৰি নোপোৱা কিবা বস্তু
বিচৰাৰ দৰে কৰি থাকিল আৰু অৱশেষত বিচাৰি নোপোৱা ভংগিমাৰে বজাৰৰ ফালে খোজ ললে । গৈ
থাকোতে তাৰ মূৰটো যেন আগফালে হাওলি পৰিব
, গাটো বাতৰ বিষত
যেন জাপ খাই পৰিব
, এনেদৰে আগবাঢ়িল ।
সি অতি সোনকালে মানুহৰ জুমৰ লগত মিলি গল। লাহে লাহে গৈ থকা জুমটোৰ মানুহবোৰে দৰ-দাম কৰি কৰি চিঞৰি বাখৰি গৈ থাকিল ।
গৰু কিনিবলৈ অহা খেতিয়কবোৰে গৰুজনীক ভালকৈ চাই চিতি লয়, যায়গৈ,
আকৌ আহে, মনত অনবৰতে এটা ঠগ
খোৱাৰ ভয় থাকে
, সিদ্ধান্ত এটা লোৱাৰ সাহস নাথাকে, বিক্ৰীদাৰটোৰ চকুলৈ ঘোপাকৈ চাই থাকে যে পেটত কিবা সি বুদ্ধি পাঙিছে নেকি, জন্তুটোৰ কিবা শাৰীৰিক দোষ ইত্যাদি আছে নেকি, এইবুলি !
মাইকীমানুহবোৰে সিহঁতৰ প্ৰকাণ্ড পাচিবোৰ মুৰৰ পৰা নমাই ভৰিৰ
ওচৰত থয়
,
হাঁহ মুৰ্গিবোৰ উলিয়াই সিহঁতক মাটিৰ ওপৰত থয়, সিহঁতৰ ভৰিবোৰ বন্ধা থাকে, চকুবোৰ ভীত আৰু জঁবোৰ
ৰঙা ।
বেচোঁতাবোৰে দাম দৰৰ প্ৰস্তাববোৰ শুনেহে, কিন্তু পূৰ্বনিৰ্দিষ্ট দাম এটা ধৰি থাকি মুখখন গম্ভীৰ কৰি দেখুৱায়, অথবা গ্ৰাহকে কৈ যোৱা কম দামৰ ওপৰত চিন্তা কৰি, গুচি যাবলৈ লোৱা ক্ৰেতাজনক পুনৰ মাতি আনে ।

ঠিক আছে, ঠিক আছে, আপোনাৰ দামতে লওক, হ’বতো ডাঙৰীয়া ?”

লাহে লাহে চাৰিআলিটোত মানুহৰ সমাগম কমি আহিল । যেতিয়া ওচৰৰে খ্ৰীষ্টান চুবুৰীটোৰ গীৰ্জাৰ ঘণ্টাত দুপৰীয়াৰ সংকেত দিলে, দূৰ দূৰণিৰ পৰা অহা মানুহবোৰ বজাৰৰ বিভিন্ন হোটেলবোৰত সোমাই পৰিল।

(৩)

ৰবীন নিংখীৰ ভাতৰ হোটেলত থকা প্ৰকাণ্ড হলটোত যেনেকৈ
খোৱাবোৱা কৰা মানুহৰে ভৰি পৰিল
, ঠিক তেনেকৈ হোটেলৰ
বাহিৰৰ চোতালখনত বিভিন্ন জিপগাড়ী
, মটৰ চাইকেল, টেম্প
আৰু বাইচাইকেলে নধৰা হল । তাৰে
বেছিভাগৰে অৱস্থা বোকাময় আৰু শোচনীয় । শোচনীয় এইবাবেই যে কোনোখন মটৰ চাইকেলৰ
মাডগাৰ্ড মামৰে খোৱাত ওলমি পৰিছে
, কোনোখন জিপৰ বনেট বোলা
বস্তুবিধেই নাই
, কোনোখন টেম্পৰ পাচফাল কাঠৰ তক্তাৰে বেৰ দিয়া ।
খোৱাবোৱা কৰা চকী টেবুল পাৰি থোৱা ঠাইখিনিৰ ঠিক বিপৰীতে এটা
ডাঙৰ জুহাল
, ত ৰঙা ৰঙৰ জুইৰ
শিখাবোৰে সোঁহাতে বহি থকাবোৰৰ কাৰণে বেছ জুইৰ উত্তাপ আগবঢ়াই দিছে । তিনিডাল লোৰ
শিক্ ঘূৰাই থকা হৈছে
, তাৰে এডালত মুৰ্গি, এডালত হাইঠা আৰু এডালত ভেড়াৰ মাংসৰ টুকুৰা । টোপ টোপকৈ তেল পৰি থকা মচমচিয়া
বাদামী ৰঙৰ
, ভাটিৰ ওপৰত জ্বলাই দিয়া পোৰা মাংসৰ মন ভাল
লগোৱা সুগন্ধ
, আনন্দ বঢ়াই তুলিবৰ বাবে, মুখত পানী আনিবৰ বাবে…… যথেষ্ট ।
হলঘৰটোত সকলো অভিজাত শ্ৰেণীৰ পৰা সাধাৰণ মানুহেও হোটেলৰ
মালিক নিংখীৰ ইয়াত আহাৰ গ্ৰহণ কৰিছিল । তেওঁ বৰ নাম থকা ভাল কয়লা ব্যৱসায়ী যাৰ
অৰ্থাগমৰ বাট অতি স্বচ্ছল বুলি জনা যায় ।
খোৱাৰ কাঁহিবোৰ মাজত বিলনীয়াৰ শেষ পাক মাৰি যোৱাৰ পাচত খালি
,
লগতে খালি হল কোমল
হালধীয়া-কমলা ৰঙৰ সাঁজপানীৰ বটলবোৰো । প্ৰত্যেকে নিজৰ নিজৰ কথা কৈছে
, কিনা আৰু বেচা বস্তুবোৰৰ বিষয়ে । এইবাৰৰ খেতিৰ বিষয়েও অনেক কথা পতা হল । মতামত দিয়া হল যে এইবাৰৰ বতৰ ভাল হলেও, শস্য চপোৱাৰ সময়ত বতৰ ডাৱৰীয়া হব ।
আচম্বিতে ঘৰটোৰ আগচোতালত এটা হুইচেল বজোৱাৰ শব্দ শুনা গল । গাত কথা নলগা দুটামানৰ বাহিৰে, সকলোৱে হঠাতে
থিয় দিলে
,
মূল দুৱাৰখনৰ ফালে চালে আৰু খিৰিকিৰ কাষলৈ দৌৰি গল । কিছুমান মানুহৰ মুখবোৰ ভৰ্তি আছিল আৰু কিছুমানৰ হাতবোৰত আছিল ৰুমাল বা
গামোচা।
চিপাহী এটাই চাইকেলত উঠি আহি হোটেলৰ মুখত জপিয়াই চাইকেলৰ
পৰা নামি লৈ ইফালে সিফালে চালে । চাই শেষ হ
লত সি ঘেঁহাই
ঘেঁহাই পঢ়ি
, ত ৰব নালাগে তাতো ৰৈ হুটা মাতেৰে এইদৰে পঢ়িলে :
ইয়াত থকা সকলো জাগুনবাসীক আৰু আন সকলো বজাৰত উপস্থিত থকা লোকক জনোৱা যায় যে, আজি পুৱা ন আৰু দহ বজাৰ ভিতৰত, চামগুৰি-বিজুলিবাৰী
আলিৰ ওপৰত
,
এটা কলাৰঙৰ চামৰাৰ বেগ যত পাঁচ হেজাৰ টকা আৰু কিছু দৰকাৰী নথিপত্ৰ আছিল, হেৰাইছে । আপোনালোকক অনুৰোধ জনোৱা হৈছে যে অতি সোনকালে পুলিচ আউটপস্টৰ অফিচত
বস্তুটো ঘূৰাই দিয়ে অথবা পোনেপোনেই লিডুৰ শ্ৰী গৌৰৱ হাজৰিকাক যেন দি দিয়ে ।
দিওঁতাজনক ২৫০ টকাৰ পুৰষ্কাৰ দিয়া হ
ব ।”

(৪)

ইয়াকে চিঞৰি কৈ মানুহটো গলগৈ। মানুহবোৰে আকৌ একেটা ঘোষণাকে
কিছুদূৰ আঁতৰৰ পৰা নিৰস ঘণ্টাৰ শব্দৰ মাজত মানুহটোৰ ক্ষীণ কণ্ঠস্বৰ পুনৰ শুনিবলৈ
পালে। তাৰ পাচতেই জুমপাতি ঘটনাটোৰ বিষয়ে সকলোৱে আলোচনা কৰিলে আৰু চিন্তা কৰি চালে
যে গৌৰৱ হাজৰিকাৰ নিচিনা ধনী আৰু প্ৰতিপত্তিশীল লোকে তেওঁৰ টকাৰ বেগটো ঘূৰাই পাব
নে নেপায় ।

তেতিয়াও খোৱা বোৱা চলিয়েই আছিল । মানুহবোৰে চাহটোপা খাই
অঁটাইছেহে মাথোন
, তেনেতে দেখা গল সশস্ত্ৰ পুলিচৰ অধস্তন কৰ্মচাৰী এজন প্ৰবেশ পথত থিয় দিছেহি ।
তেওঁ সকলোৰে ফালে চকুফুৰাই সুধিলে :

বিজুলিবাৰী গাঁৱৰ শ্ৰী মনাই শইকীয়া ইয়াত
আছেনে
?”

মনায়ে দীঘল টেবুলখনৰ সিটো মূৰে বহি চাহ একাপ খোৱাৰ কথা
ভাবিছিল। সি মাত লগালে
,

মই ইয়াত আছোঁ । ইয়াত ।”

আঙুলি ঠাঁৰেৰে মতাত, বহাৰ পৰা উঠি
মনায়ে কৰ্মচাৰীজনৰ পিছ ললে ।

ডাৰোগাজন তেওঁৰ চকীত বহি তালৈ অপেক্ষা কৰি আছিল । এজন নাম-যশ থকা বিষয়া, বেছ ওখ পাখ, গলগলীয়া মাতেৰে এজন প্ৰকাণ্ড লোক ।
মনাই শইকীয়া,” দাৰোগাজনে কলে, “আজি ৰাতিপুৱা চামগুৰি পথত তোক চামৰাৰ বেগ এটা তুলি লোৱা মানুহে দেখা পাইছিল ।
হেৰোৱা বেগটো লিডুৰ শ্ৰীযুত গৌৰৱ হাজৰিকাৰ আছিল। তেখেতৰ হাতৰ পৰা গাড়ীত আহোঁতে
ক’ব নোৱাৰাকৈ ওলাই পৰিছিল চাগে ।”
গাঁৱলীয়া মানুহটোৱে আশ্চৰ্য্যচকিত হৈ মানুহজনলৈ চালে, সি একোকে বুজি নাপালে, কাৰণ, তাক সন্দেহ
কৰাৰ বাবে ইতিমধ্যে এক ভীতিগ্ৰস্ততাই তাৰ বুকুত বাঁহ বান্ধিছে ।
ম….মই চামৰাৰ বেগটো উঠাইছো ?”
অঁ,
তই ।”
নামঘৰৰ শপত খাই কৈছোঁ, মই ইয়াৰ বিষয়ে মই একোৱেই নাজানো ।”
তোক মানুহে দেখিছে ।”
ম…মোক দেখিছে ? কোনে দেখিছে ?”
ৰতি বৰা । চাইকেল দোকানী ।”
বুঢ়া মানুহটোৱে মনত পেলালে, বুজিলে আৰু বুজি পাই তাৰ চকুদুটা ৰঙা হৈ উঠিল । সি উষ্মাভৰা কণ্ঠেৰে কলে :
আ:,
সি দেখিলেনে মোক, সি ? সেই

জহনীতযোৱাটোৱে ! সি মোক ৰচী এদাল তুলি লোৱা দেখিছিল, ডাৰোগা চাহাব ।”

আৰু জেপটোৰ তলি খুচৰি মুচৰি, সি ৰচীৰ টুকুৰা এটা উলিয়াই আনি দাৰোগাৰ সমুখত তুলি ধৰিলে ।

(৫)

কিন্তু দাৰোগাজনে সন্দিগ্ধতাৰে তেওঁৰ মূৰটো লৰালে :

তই মোক বিশ্বাস কৰোৱাব নোৱাৰিবি, মনাই শইকীয়া ।
গৌৰৱ হাজৰিকা
, যিজনৰ কথা সকলোৱে বিশ্বাস কৰে, তেনেজন মানুহে কি এই ৰচীদালক চামৰাৰ বেগ বুলি ভুল কৰিলে ?
মনাইয়ে খঙত হাতদুখন ওপৰলৈ ডাঙিলে, খিৰিকিখনেৰে বাহিৰলৈ থু পেলাই দিলে, এইটো বুজাবলৈ
যে
, তাক বিশ্বাসত লোৱা হওক ; সি পুনৰ দোহাৰিলে, “ঈশ্বৰে জানে সকলো যে মই সঁচা কৈছো, ডাৰোগাচাহাব, মই মোৰ লৰাৰ সদ্গতিৰ শপত, মই এই কথাটোকে বাৰে বাৰে কম ।”
ডাৰোগাজনে পুনৰ কলে: তই বোলে বস্তুটো তুলি লোৱাৰ পাচতো, আনকি তলৰ বোকামাটি খিনিলৈ চাই আছিলি, কিছুপৰৰ বাবে, জানোচা ওপৰৰ পৰা কিবা খুচুৰা পইচাও চাগে পৰি গৈছে বুলি । হয়নে নহয় ক।”

ঘৃণামিশ্ৰিত খঙ আৰু এক অনামী ভযে সৎ মানুহটোৰ ডিঙিটোত সোপা
মাৰি ধৰিছিল ।
কেনেকৈ…… মানুহে কব পাৰে এনে কথা, কেনেকৈ মানুহে কব পাৰে ইমান মিছা কথা, এটা চাধাচিধা
মানুহক অপবাদ দিব পৰা কথা
?”
তাৰ প্ৰতিবাদ সকলো মিছা হ;
তাক কোনেও বিশ্বাস নকৰিলে ।
তাক ৰতি বৰাৰ লগত মুখামুখি কৰাই দিয়া হল। সিও একেখিনি কথাকে পুনৰ দোহাৰিলে আৰু একেখিনি সাক্ষ্য প্ৰমাণকে বজায় ৰাখিলে
। সিহঁতে এঘণ্টা জুৰি ইটোৱে সিটোৰ সতে তৰ্কাতৰ্কি কৰি থাকিল । মনাইৰ অনুৰোধত সি
নিজকে খানাতালাচ কৰোৱালে । মনাইৰ ওচৰত একো বস্তুকে নাপালে।
অৱশেষত ডাৰোগাই যথেষ্ট হতভম্ব হৈ তাক এৰি দিলে আৰু লগতে
সাৱধানবাণীও শুনালে যে সি গৈ চৰকাৰী অভিযোগকাৰীক জনাব লাগিব আৰু তেওঁৰ পৰা আদেশ
আনিব লাগিব ।
কথা বুলিলেই বতাহ । যেতিয়া সি ডাৰোগাৰ ওচৰৰ পৰা আহিল মানুহে
তাক ঘেৰি ধৰিলে
, তাৰ কথাত গুৰুত্ব প্ৰদান কৰিয়ে হওক অথবা
ঠাট্টাৰ মানসেৰে হওক । যিয়েই নহওক
, কৌতুহলি হৈ
প্ৰশ্নহে কৰিবলৈ ধৰিলে যদিও তাত কোনো ধিক্কাৰ দিয়াৰ কথা অহা নাছিল । আৰু সিও
ৰচীদালৰ কাহিনী কবলৈ আৰম্ভ কৰিছিল । মানুহবোৰে কিন্তু বিশ্বাস কৰা নাছিল বৰঞ্চ
হাঁহিছিলহে ।
সি ঘৰলৈ উভটি যাওঁ বুলি বজাৰৰ মাজেদি গৈ থাকোতে, সকলোৰে মনোযোগ আকৰ্ষণ কৰি কৰি, তাৰ চিনাকীবোৰক
তাৰ পিনে অকণমান হলেও মনোযোগ দিবলৈ
, তাৰ কাহিনীটো
বাৰে বাৰে আঁওৰাই
, তাৰ থানাত প্ৰতিবাদবোৰৰ কাহিনী, তাৰ চোলাৰ জেপটো সকলোকে ওলটাই দেখুৱাই এইটো প্ৰমাণ কৰিবলৈকে বিচাৰিছিল যে তাৰ
পকেটত একো নাছিল ।

(৬)

কিছুমান উদণ্ড লোকে তাক জোকাইছিল :

ঐ চোৰ বুঢ়া !”

এইবোৰ শুনি শুনি সি অত্যন্ত খঙাল হৈ পৰিছিল, উত্তেজিত হৈছিল, কোনেও বিশ্বাস নকৰাত হতাশ হৈছিল, আৰু একেটা কাহিনীকে বাৰে বাৰে দোহাৰি আছিল ওৰে দিনটো ।

সন্ধিয়া হৈ আহিছিল । এতিয়া গাঁৱৰ ঘৰলৈ ঘূৰি যোৱাৰ সময় । সি
গাঁৱৰে তিনিজন প্ৰতিবেশীৰ সতে ওভটনি যাত্ৰা আৰম্ভ কৰিলে আৰু যাওঁতে সি সেই বিশেষ
ঠাইটুকুৰা দেখুৱালে যিটুকুৰা ঠাইত সি ৰচীৰ টুকুৰাটো তুলিছিল । উধৰ পৰা মুধলৈ
, গোটেই ৰাষ্টাতে তাৰ দিনটোৰ অভিযানটোৰ কথা কৈ গল ।
সেইদিনা সন্ধিয়া সি বিজুলিবাৰী গাঁওখনত এপাক মাৰিল এইবাবেই, যাতে সি প্ৰত্যেককে বুজাই কথাটো কব পাৰে । কিন্তু লগ পালে যিকেইটাক, সিহঁতে তাৰ কথা বিশ্বাসেই নকৰে ।
ওৰে নিশাটো জুৰি, সি গভীৰভাবে
চিন্তা কৰি থাকিল ।
পাচদিনাখন, আবেলি প্ৰায় এক বজাৰ
সময়ত ওচৰৰ চাহবাগিছাখনৰ শ্ৰমিক এজনে টকা আৰু কাগজপাতিৰ বেগটো আৰু তাত থকা সকলো
বস্তুৰে সৈতে সজে সজে লিডুৰ গৌৰৱ হাজৰিকাক ঘূৰাই দিলেহি ।

মানুহটোৱে কলে যে প্ৰকৃততে সি বস্তুটো আলিত পৰি থকা পাইছিল, কিন্তু সি পঢ়িব নজনাৰ বাবেই সি এইটো ঘৰলৈ লৈ গল আৰু পাচবেলা চাহবাগিছাখনৰ পৰিচালকক দি দিলে ।

কথাটো চাৰিওফালে বাগৰি গল । মনাইকো কথাটো জনোৱা হল। শুনিয়েই সি লগে লগে
ঘৰৰ পৰা ওলাল
, যাতে ঘটনাৰ শেষ অধ্যায়টো অন্তত: মানুহবোৰক
শুনাব পাৰে । আনন্দই পাৰ ধৰা নাছিল তাৰ ।
মোক কোনটো কথাই বেছি দুখ দিছিল জানানে ? সেয়া বস্তুটোৰ
বাবে নহয়।” সি কৈছিল
, ” মই মিছা কৈছো বুলি মোক
অভিযুক্ত কৰাৰ বাবেহে । কোনো কথাই মানুহক ইমান অনিষ্ট কৰিব নোৱাৰে
, যিমান মিছা কথা কোৱাৰ অভিযোগত মানুহ অপদস্ত হব লগা হয় ।”
গোটেই দিনটো জুৰি সি তাৰ অভিযানটোৰ বিষয়ে কৈ থাকিল ।
ৰাষ্টাৰে যোৱা মানুহবোৰক ক
লে, মদৰ নিচাত
আত্মহাৰা হৈ থকাবোৰক ক
লে আৰু তাৰ পাচৰ সপ্তাহত নামঘৰৰ নামপ্ৰসংগ
কৰি উভটি অহা ভকতসকলক ক
লে, অচিনাকী লোককো
বাটত ৰখাই তাৰ কথাবোৰ কলে । এতিয়া তাৰ পাতল পাতল লাগিল । তথাপিও কিবা এটাই যেন তাৰ
মনটোক সি নজনাকৈ আমনি কৰি আছে
, খুঁচি আছে – এনে অনুভৱ হল । মানুহবোৰে তাৰ কথা শুনোতে এক ধৰণৰ উপহাস মিহলি আচৰণ কৰি থাকে । সিহঁতে যেন
তাৰ ব্যাখ্যাত সন্তুষ্ট হ
ব পৰা নাই ! তাৰ এনে লাগিছে যেন তাৰ পিঠিত
নানান ঠাট্টাৰ দলিবোৰে আহি জোৰেৰে খুন্দিয়াইছেহি ।

(৭)

পাচৰ সপ্তাহৰ মঙলবাৰৰ দিনা সি জাগুনৰ বজাৰখনলৈ বুলি ওলাইছিল, কেৱল তাৰ কাহিনীটো কোৱাৰ প্ৰয়োজনীয়তাত ।

ৰতি বৰাই তাৰ দোকানৰ দুৱাৰদলিত ৰৈ সি পাৰ হব ধৰোঁতে , তালৈ চাই চাই হাঁহি মাৰিছিল। কিয় ?
সি অন্য গাঁৱৰ খেতিয়ক এজন পাই কথা জুৰিবলৈ আৰম্ভ কৰোতেই , কথা কবলৈ তাক একো সুযোগ নিদি তাৰ তলপেটত খুন্দা এটা মাৰি কলে,”
, তই এটা প্ৰকাণ্ড চোৰ নহয়নে !” খেতিয়কজন
তাৰ পাচত অহা বাটেৰে ঘূৰি গ
ল ।
মনাই বাকশক্তিহীন হৈ পৰিল আৰু লাহে লাহে বেছিকৈ অস্থিৰ হৈ
পৰিল । কিহৰ বাবে সিহঁতে তাক “প্ৰকাণ্ড চোৰ” বুলি কৈছে
?

যেতিয়া নিংখীৰ হোটেলত সি সোমালগৈ তাতো ঘটনাটোৰ আদ্যোপান্ত
কবলৈ সি ধৰিছিল
, তেতিয়া এটা ঘোঁৰা বেপাৰীয়ে তালৈ চাই চিঞৰি
কলে:

হেৰৌ দগাবাজ বুঢ়া, ওলাই যা, ওলাই যা ইয়াৰ পৰা । তোৰ পুৰণি ৰচীদালৰ বিষয়ে
আমি ভালদৰে জানো ।”

মনায়ে খোনাই খোনাই কলে :

কিন্তু যাৰ হেৰাইছিল, সিহঁতে দেখোন হেৰোৱা বেগটো ঘূৰাই পালে ।”

ইটো মানুহে কৈয়েই থাকিল :

মুখখন বন্ধ কৰকচোন দেউতা । কথাটো হল এজনে হেৰাই পালে আৰু আনজনে ঘূৰাই দিলে । দুয়োজনেই কিন্তু কম জ্ঞানী নহয় দেই
! “

খেতিয়কজনৰ মুখৰ মাত হৰিল । অৱশেষত সি বুজি পালে । সিহঁতে
তাক টকাৰ বেগটো তাৰ দুষ্কৰ্মৰ সহযোগী এজনৰ হতুৱাই ঘূৰাই দিয়াৰ কথা কৈছে ।

এজন মিত্ৰৰ হতুৱাই ।

মনায়ে প্ৰতিবাদ কৰিবৰ চেষ্টা কৰিছিল । কিন্তু টেবুলখনৰ
আটায়ে হাঁহিবলৈ আৰম্ভ কৰিলে ।

সি খোৱাখিনি শেষ কৰিব নোৱাৰিলে আৰু ঠাট্টা আৰু ইতিকিঙৰ
বৰষুণৰ মাজেদি বাহিৰলৈ ওলাই গুছি গ
ল ।

ঘৃণা আৰু বুকুত আৱদ্ধ ক্ৰোধেৰে সি ঘৰলৈ গুছি গ,
কিছু বিহ্বল হৈ , ক্ৰমে ক্ৰমে
নিৰুৎসাহ হৈ
, তথাপিও পুৰণি ঐতিহ্যময় বংশৰ শিক্ষাৰে তাৰ
ওপৰত দিয়া অভিযোগৰ প্ৰত্যুত্তৰ দিব পৰা ক্ষমতা তাৰ আছিল । আনকি এইটো লৈ সি গৰ্ব
কৰিবও পাৰিলেহেতেন ।
সি পাতলিয়াকৈ হলেও গম পাইছিল যে তাৰ নিৰ্দোষিতা প্ৰমাণ
কৰিবলৈ অসম্ভৱ হ
ব কাৰণ তাৰ ‘শঠতাৰ কথা জনাজাত হৈ পৰিছে । সি বুকুত গভীৰ আঘাট এটা অনুভৱ কৰিলে তাক অন্যায়ভাবে
সন্দেহ কৰাৰ বাবে।

(৮)

সি নতুনকৈ আকৌ আৰম্ভ কৰিলে তাৰ কাহিনীটো কবলৈ, প্ৰতিদিনে অলপ অলপকৈ দীঘল কৰি, প্ৰতিদিনে নতুন
প্ৰমাণ সংযোগ কৰি
, বেছি শক্তিশালী ভাষ্যৰে, আৰু নতুন নতুন শপতেৰে , যিবোৰ সি অকলশৰে থকাৰ সময়ত ভাবি পাইছিল, সজাই লৈছিল কথাবোৰ । কাৰণ তাৰ গোটেই মনটো সম্পূৰ্ণৰূপে ৰচীদালৰ কথাটোৱেই
অধিকাৰ কৰি আছিল । যিমানে সি অস্বীকাৰ কৰিছিল
, তাৰ তৰ্কবোৰ
আছিল সিমান বুদ্ধিমত্তাৰে ভৰা
, কিন্তু মানুহে সেইদৰে
বিশ্বাস কৰা নাছিল ।

এইবোৰ মাত্ৰ এটা মিছলীয়াৰ যুক্তিৰ বাদে আন একো নহয় ।” সিহঁতে সি আঁতৰ
হোৱাৰ লগে লগে কৈছিল ।
সি গম পাইছিল এইবোৰ । এইবোৰেই তাৰ ঘাটকত পৰিণত হৈছিল, আৰু অৰ্থহীন পণ্ডশ্ৰমত মনাই ভাগৰি পৰিছিল । মনাই নিজেই শেষ হৈ অহা পৰিলক্ষিত
হৈছিল ।
বহুৱা কিছুমানে তাক “ৰচীৰ টুকুৰাৰ” কাহিনী কবলৈ
জোৰ কৰিছিল কেৱল আনন্দৰ বাবে
; যেনেকৈ কোনো সৈনিক
যুদ্ধক্ষেত্ৰৰ পৰা ঘূৰি আহিলে যুদ্ধৰ কথা কোৱা হয় । মনাইৰ মনটো দূৰ্বল হৈ লাহে
লাহে মৰি আহিছিল
, আৰু আঘোনৰ শেষৰ ফালে সি বিচনা লৈছিল ।
জানুৱাৰী মাহৰ আগভাগতেই মনায়ে এই পৃথিৱী এৰিছিল, মৃত্যু যন্ত্ৰণাত প্ৰলাপ বকি থাকোঁতে কেৱল তাৰ নিৰ্দোষিতাৰ কথাকে বাৰে বাৰে
দোহাৰিছিল :
এদাল সৰু ৰচীৰ টুকুৰা…… সৰু ৰচীৰ টুকুৰা, চাওক,
চাওক এইটুকুৰা, এইটুকুৰা
ডাৰোগা চাহাব ।”
অনুবাদকৰ টোকাঃ গল্পৰ খাতিৰত দুই এখন প্ৰকৃত ঠাইৰ

নাম দিলেও বাকী পৰিবেশ সকলো কাল্পনিক


©AKB21122016

Popular Post

ঐতিহাসিক চিঠি