এটি ৰজাঘৰীয়া বাৰ্তা
(An Imperial Message)
(An Imperial Message)
মূলঃ ফ্রানজ কাফকা
ইংৰাজী অনুবাদঃ ইয়ান
জনষ্টন
জনষ্টন
অনুবাদঃ ময়ূৰী শৰ্মা
বৰুৱা
বৰুৱা
সম্ৰাটে – তেওঁলোকে কোৱামতে – এটা বাৰ্তা পঠিয়াইছে৷ সম্ৰাটে কেৱল তোমালৈ মানে
তেখেতৰ অভাগা প্ৰজা তোমালৈ বুলি মৃত্যুশেতেলিৰ পৰাই এটা বাৰ্তা পঠিয়াইছে৷ শেতেলিৰ কাষত
আঁঠু কঢ়াই বহুৱাই লৈ সম্ৰাটে কটকীজনৰ কাণত বাৰ্তাটো ফুচফুচাই ক’লে৷ অতি জৰুৰী বুলি
ভাবিয়েই তেখেতে কটকীজনৰ মুখে বাৰ্তাটো এবাৰ শুনি ল’লে৷ মৌখিক বাৰ্তাটো সঠিক বুলি তেখেতে
মূৰ দুপিয়াই নিশ্চিত কৰি দিলে৷ তেখেতৰ মৃত্যুৰ প্ৰত্যক্ষদৰ্শী অগণন জনগণৰ সমুখত – বাধাৰ
প্ৰাচীৰসমূহ ভাঙি পেলোৱা হ’ল, তেখেতৰ সাম্ৰাজ্যৰ
মহান ব্যক্তিসকল আহল-বহল, উৰ্ধমুখী চিৰিত বৃত্তাকাৰে দণ্ডায়মান – তেওঁলোক সকলোৰে
চকুৰ আগেৰে সম্ৰাটে কটকীজনক পাচিলে৷ কটকীজনে তুৰন্তে যাত্ৰা আৰম্ভ কৰিলে৷ তেওঁ এজন
শক্তিমন্ত তথা অক্লান্ত ব্যক্তি৷ এবাৰ এখন হাত আৰু এবাৰ আনখন, দুই হাত প্ৰসাৰি তেওঁ
ভিৰ ফালি বাট উলিয়াই গ’ল৷ য’তেই বাধাৰ সন্মুখীন হয়, তাতেই নিজৰ বুকুত থকা সূৰ্যৰ প্ৰতীকটোলৈ
টোঁৱায়৷ গতিকে সহজতে, আনতকৈ অনায়াসে তেওঁ আগুৱাই গ’ল৷ কিন্তু কি বিশাল জনসমুদ্ৰ; ইয়াৰ
বিস্তৃতিও যে অসীম৷ এখন মুকলি পথাৰ থকাহেঁতেন তেওঁ উৰি গ’লহেঁতেন আৰু অচিৰেই তোমাৰ
দুৱাৰত তেওঁৰ কৰাঘাত শুনিবলৈ পালাহেঁতেন৷ অথচ তাৰ বিপৰীতে কেনে অৰ্থহীন কেনে বৃথা তেওঁৰ
সকলো প্ৰচেষ্টা৷ কটকীজনে এতিয়াও ৰাজপ্ৰাসাদৰ অন্তেষপুৰত অৱস্থিত একান্ত কক্ষবিলাকৰ
মাজেৰে বলেৰে বাট উলিয়াই আছে৷ বাটৰ সন্ধান উলিওৱাতো তেওঁৰ বাবে সহজ নহ’ব৷ আৰু যদিওবা
কেনেবাকৈ হয়, তাত প্ৰাপ্তি বুলিবলৈ একো নাথাকিব৷ চিৰিৰে নামিবলৈকো তেওঁ যুঁজিব লাগিব৷
আৰু তাতো যদি কিবাকৈ সফল হয়, তাক সাফল্য বুলি ধৰা নহ’ব৷ তাৰ পাছত তেওঁ চোতালবিলাক পাৰ
হ’ব লাগিব, আৰু চোতালবিলাকৰ পাছত প্ৰথম প্ৰাসাদটোৰ লগত সংলগ্ন হৈ থকা দ্বিতীয় প্ৰাসাদটো
পাৰ হ’ব লাগিব, তাৰ পাছত আকৌ চিৰিৰে নামি চোতাল পাৰ হ’ব লাগিব, আৰু তাৰ পাছত, আকৌ আন
এটা ৰাজপ্ৰাসাদ, আৰু তেনেকৈয়ে হাজাৰ বছৰ ধৰি কটকীজন গৈয়ে থাকিব৷ আৰু কেনেবাকৈ যদি তেওঁ
একেবাৰে বাহিৰৰ দুৱাৰখনৰ বাহিৰ হয় – যিটো কদাপি কেতিয়াও সম্ভৱপৰ নহ’ব । পৃথিৱীৰ কেন্দ্ৰ,
ৰাজধানী মহানগৰখন এতিয়াও তেওঁৰ সমুখত৷ সুউচ্চ তথা ক্লেদাক্ত ৰাজধানী মহানগৰ৷ ইয়াত কোনেও
বাট বিচাৰি উলিয়াবলৈ হাবাথুৰি নাখায়৷ অন্ততঃ মৃতকৰ বাৰ্তা কঢ়িয়াই ফুৰা কোনোবা কটকী
এজনে হাবাথুৰি নাখায়। অথচ সন্ধিয়া নমাৰ সময়ত তুমি খিৰিকীমুখত বহি সপোন দেখা সেই বাৰ্তাৰ
৷
