গল্পঃ আত্মাৰ লগত নৈশভোজ/ ইষ্টাৰিন কিৰে ইৰালু ( নাগালেণ্ডৰ গল্প)

Posted by : translatorsassam
August 6, 2020

আত্মাৰ
লগত নৈশভোজ ( Supping with the Spirits)

মূল(ইংৰাজী) : ইষ্টাৰিন কিৰে ইৰালু (Easterine Kire Iralu)

অনুবাদ : ৰঞ্জনা দত্ত



 তেওঁ এগৰাকী বয়সে আচোঁৰ পেলাব নোৱাৰা
মহিলা । কেতিয়াবা নিজৰ ঘৰৰ দুৱাৰ মুখত বহি চাউল বাচি থকা সময়ত তেওঁক পৃথিৱী খনৰ
সমানেই বয়স হোৱা যেন অনুমান হয় । আন কেতিয়াবা, পুৰণি গল্প কৈ থাকোতে যেতিয়া তেওঁৰ
চকুহালি জিলিকি উঠে তেতিয়া তেওঁৰ চকুৰ গভীৰতালৈ চালে তেওঁ কৈ যোৱা প্ৰতিটো গল্পৰ
কাহিনীৰ মাজত সোমাই থকা উজ্বল চকুৰ ছোৱালী জনী দেখিবলৈ পোৱা যায় । যেতিয়া তেওঁ কয়
বাচা, তুমি কথাবোৰ শুনি ভাল পাইছানে? তেতিয়া মই ভালদৰে বুজি পাওঁ যে তেওঁৰ পৰা মই আৰু এটা নতুন গল্প
শুনিবলৈ পাম।
তেওঁ হাত বিচনী খন একাষে থ
লে ,চাউলৰ পৰা ধানখিনি বাচি
চাফা কৰিলে আৰু মোৰ ফালে চাই শুধিলে
মোৰ মৰমৰ মাজনী ,তুমি জানানে মানুহৰ আত্মাবোৰেও যে আমাৰ দৰে খোৱা
বোৱা কৰে?

নাই, মই নাজানো আইতা , তুমি কেনেকৈ জানিলা ?
কিয়নো মই সিহঁতক দেখিছোঁ গভীৰ প্ৰত্যয়েৰে তেওঁ ক’লে ।
ত আৰু কেতিয়া দেখিছিলা ? মই তেওঁক উৎসাহিত কৰিবৰ বাবে শুধিলোঁ। আমি সদায় এনেদৰেই কথা পাতো
। মুখেৰে নোকোৱাকৈয়ে বুজি পালো যে এই পবিত্ৰ গল্পটো ক
বলৈ মই আইতাক কিছু সময় দিয়াটো প্ৰয়োজন । তেওঁ গল্পটো ভালদৰে কবৰ বাবে এটা আনুষ্ঠানিক পৰিবেশৰ সৃষ্টি কৰি ল’লে । তেওঁ কাপোৰ
কানিবোৰ ঠিক কৰি লৈ চুঙা এটাৰে জুইকুৰা ফুঁৱাবলৈ ল
লে। ধোঁৱা আৰু ছাঁই বোৰ উৰি আহি
নাকে মুখে সোমোৱাত তেওঁ কাহিবলৈ ল
লে। কাহটো বন্ধ হোৱাত তেওঁ হাতত
সৰু বাঁহৰ আগ এটা লৈ কথা আৰম্ভ কৰিলে।
থিজামালৈ উঠি যোৱা মূল ৰাস্তাটো, পুৰণি হেলিপেড টোৰ ওচৰতে পাক এটা
লৈ উঠি গৈছে । অন্য চুটি বাটতো পাহাৰৰ ওপৰলৈ থিয়কৈ উঠি আহি এডোখৰ খালি ঠাই পাইছেহি
আৰু ইয়াৰ পৰা নামি গৈ থিজামা গাওঁখন পাইছেগৈ -পিছৰ ৰাস্তাটো বহুত চমু ।
তেওঁ বাঁহৰ জোঙটোৰে কেঁচা মাটিৰ মজিয়াত মানচিত্ৰ বনাই কৈ গল আৰু মই ঠাইটুকুৰাৰ পাহাৰৰ ওখ চাপৰ বোৰ মানচিত্ৰখনত প্ৰতিষ্ঠাপন
কৰিবলৈ চেষ্টা কৰিলোঁ । সঁচাকৈ তাতে এটা টিলাই থিজামা গাওঁ খন ঢাকি ৰাখিছে কিন্তু
কিছু আগলৈ গৈ কোণাটো ঘূৰাৰ পিছতে গাঁও খন চকুত পৰে ।
তেতিয়া সন্ধ্যা নামিছিল। তেওঁ কৈ গল।
মই অকলে আছিলো আৰু মোৰ কিছু লৰালৰি আছিল । এগৰাকী মহিলাৰ প্ৰসৱ
বেদনা আৰম্ভ হৈছিল আৰু তেওঁলোকৰ ঘৰৰ পৰা মোক সোনকালে মাতি পঠাইছিল । মই গাঁৱলৈ
যোৱা সকলোতকৈ চমু ৰাস্তাটোৰে যাব বিচাৰিছিলো আৰু পাহাৰ খনৰ একেবাৰে তল গৈ পাই মনত
পৰিছিল যে যদি মই পাহাৰ খন বগাই উঠি গৈ তললৈ নামি যাওঁ গাড়ী যোৱা ৰাস্তাৰে যোৱাতকৈ
আধা সময়তে গাঁওখন গৈ পামগৈ। সেইবাবে মই পাহাৰ বগাবলৈ আৰম্ভ কৰিলো । তেতিয়া
ৰাস্তাটোৰ কোনো অংশই চকুত পৰা নাছিল যদিও গছবোৰৰ মাজে মাজে দূৰৈত চকু পৰা কহিমাৰ
লাইটবোৰ দেখি বুকুত সাহস পাইছিলো । ওপৰলৈ উঠি যাবলৈ বিশেষ একো কষ্ট নাছিল । তুমিও
পাহাৰতো দেখিছা , এইটো এটা চাপৰ পাহাৰ ,ওপৰৰ খিনি সমান , আৰু এঢলীয়া খিনিত থকা ওখ
গছবোৰ পাৰ হোৱাৰ পিছত ওপৰৰ এছোৱাত পাহাৰখন একেবাৰে টকলা। কিছুমান কথাবতৰাৰ শব্দ
মোৰ কানলৈ আহিছিল যদিও মই বিশেষ একো চিন্তা কৰা নাছিলোঁ । এই বাটটোৰে মই বেচ
কিছুদিন, প্ৰায় ৮- ৯ মাহ মান অহা নাছিলো । যেতিয়া মই পাহাৰ খনৰ একেবাৰে ওপৰ পালোগৈ
মই আচৰিত হৈ গ
লো। মই এইফালে নহাৰ এই সময়ছোৱাৰ ভিতৰতে এখন
সম্পূৰ্ণ গাওঁ গঢ়ি উঠিল এই পাহাৰখনত। গৰুৰ হেম্বেলনি আৰু সৰু ল
ৰাছোৱালীৰ হাই উৰুমিয়ে মোক গাওঁখনলৈ সম্ভাষণ জনালে । হাঁহি
খিকিন্দালি কৰি থকা এজাক মৰমলগা ল’ৰা ছোৱালীয়ে হাঁহি হাঁহি মোক বেঢ়ি ধৰিলেহি ।
ডাঙৰ মানুহবোৰ কিছু দূৰত থিয় হৈ আছিল। মই তেওঁলোকৰ মুখবোৰ ভালদৰে নিৰীক্ষণ কৰিলোঁ
। যদিও মই সেই অঞ্চলত প্ৰায়বোৰ মানুহকেই চিনি পাওঁ তেওঁলোকৰ এজনো মোৰ চিনাকি যেন
নালাগিল।
এগৰাকী মহিলাই কোঁচত কেঁচুৱা এটা লৈ থিয়হৈ আছিল । তেওঁ হাঁহি এটা মাৰি আগবাঢ়ি
আহিল।
তুমি মোৰ ঘৰলৈ আহি অকনমান জিৰাই লোৱাহি আঁহা । তেওঁ ইমান সাদৰেৰে
মোক তেওঁৰ ঘৰলৈ মাতিছিল যে মই তেওঁৰ আগ্ৰহক নেওচা দিব পৰা নাছিলো। মই কৈছিলো যে মই
তেওঁৰ ঘৰত কিছুসময় বহিবলৈ ভালেই পাম। তেওঁ মোক ঘৰৰ পিৰালিতে বহিবলৈ ক’লে যাতে তেওঁ
ভিতৰলৈ যোৱা সময় খিনিত মই গাওঁ খনৰ মানুহবোৰৰ কাৰ্য্য কলাপ বোৰ চাই থাকিব পাৰো । তেওঁ
কিছু সময়ৰ বাব তেওঁৰ কেছুৱাটো মোক ল
বলৈ দিলে । মই ইমান ধুনীয়া আৰু
স্বাস্থ্যবান কেঁচুৱা আগতে দেখা নাছিলো ,ইমান হাঁহিমুখীয়া আৰু লোদোৰ পোদোৰ ;
কিন্তু যেতিয়া তাইৰ মাকে কেচুৱাটো মোৰ কোঁচত দিলে মোৰ ভাব হ
ল তাই যেন পাখীতকৈও পাতল। মই তাইক কোঁচত লৈ অলপমান নচুওৱাওতে তাই
কিৰীলিয়াই উঠিল। তাইৰ মাকে ঘুৰি আহি কুহুমীয়া গৰু গাখীৰ একাপ মোলৈ আগবঢ়াই দিলে।
জীৱনত আজিলৈকে মই এনেকুৱা সোৱাদ থকা গাখীৰ কেতিয়াও খাই পোৱা নাই । মোৰপৰা একো ভয়
নাই বুলি জানি সৰু ল
ৰা ছোৱালী বোৰে হাঁহি
খিকিন্দালি কৰি আহি মোৰ ওচৰ পালেহি আৰু মোৰ কাপোৰকানি চুলি আদি চুই চাবলৈ ধৰিলে ।
মই পিচফালে ঘূৰি সিহঁতক ধৰিব খুজিলেই সিহঁত দৌৰ মাৰি গৈ নিজৰ মাকৰ কাপোৰৰ আঁৰত
লুকাইছিলগৈ। ইতিমধ্যে গাঁৱৰ অন্য মানুহবোৰো চোতালত গোট খাইছিলহি । মানুহ বোৰ আনন্দ
মনেৰে আছিল যদিও কথা পতাত বৰ এটা আগ্ৰহী নাছিল । সেইবাবে ময়েই আগধৰি মানুহ এজনক
শুধিলো
আপোনালোক এই পাহাৰ খনত বসবাস কৰিবলৈ লোৱা কিমান দিন
হ’ল?

আমি সদায় ইয়াতেই থাকোঁ মোৰ এনে লাগিল যেন তেওঁ কোনো
শিশুৰ অনৰ্থক প্ৰশ্নৰ ধেমালিৰে দিয়া উত্তৰৰ দৰে মোৰ প্ৰশ্নৰ উত্তৰ দিছিল । কিন্তু
যেতিয়া মই তেওঁৰ মুখখন ভালদৰে চাইছিলো তাত কোনো ধেমালি বা বিৰক্তিৰ চিন দেখা পোৱা
নাছিলোঁ । আমি ধুনীয়া বুলিলে যি বুজোঁ তেওঁ তেনেকুৱা নাছিল যদিও তেওঁৰ মুখখন
প্ৰশান্ত আৰু ভাললগা আছিল -তেওঁলোক সকলোৰে । সুন্দৰ আৰু সুঠাম…….। মোৰ মনত পৰে
তেওঁলোকৰ এজনৰ মাজতো মই সামান্যতম শাৰিৰীক বিসংগতিও লক্ষ্য কৰা নাছিলোঁ । তিৰোতা সকল
বেছি ওখও নহয় ক্ষীণো নহয়, ইমান যে ধুনীয়া আছিল ! বিবাহিতা তিৰোতাবোৰ অবিবাহিত
ছোৱালী বোৰতকৈ কোনো গুণে কম ধুনীয়া নাছিল ।মতা মানুহবোৰ আমাৰ মানুহ বোৰতকৈ ওখ আৰু
মজবুত চেহেৰাৰ আছিল আৰু মোৰ চকুত তেওঁলোক প্ৰত্যেকেই বেচ শক্তিশালী আৰু ওচৰৰ গাঁৱৰ
মানুহ বোৰতকৈ বেচি বগা আছিল যেন লাগিছিল । আমি বহি থকাৰ সময়তে গাঁৱৰ মানুহ এজনে
চৰাবলৈ নিয়া গৰুবোৰ গাঁৱৰ চাৰিআলিটোৱেদি ঘৰৰ ফালে ওভতাই লৈ আনিছিল।
কি সুন্দৰ গৰু ! মই চিঞৰি উঠিছিলো । ইমান সুন্দৰ গৰুবোৰ কত পালে আপোনালোকে? মই তেওঁ লোকক
প্ৰশ্ন কৰিছিলোঁ । তেওঁলোকে ইজনে সিজনৰ চকুলৈ চাই হাঁহিছিল। কোনোবা এজনে মোৰ
প্ৰশ্নৰ উত্তৰ দিছিল
এই গৰুবোৰ আমাৰ লগত সদায়ে আছে। মই এই মানুহ খিনিৰ লগত আৰু কিছু সময় কটাব বিচাৰিছিলো । কিন্তু
মোৰ অহাৰ উদ্দেশ্য মনত পৰাত যাবলৈ বুলি উঠিছিলোঁ । মই মানুহ গৰাকীক ধন্যবাদ জনাই
তেওঁৰ ঘৰৰ পৰা ওলাই আহিছিলোঁ।
তুমি এইখিনিৰ পৰা সোঁহাতৰ এই ৰাস্তাটোৰে যোৱা । এইটোৱে তোমাক চিধা
থিজামা গাঁৱলৈ লৈ যাব।
তেওঁ কৈছিল । আচৰিত সৰু গাঁও
খনৰ পৰা ওলাই একেবাৰে শেষৰ ঘৰটো পাৰ হোৱাৰ সময়তে মই বহুদিন লগ নোপোৱা মোৰ গিৰিহঁতৰ
বন্ধু গুচলিক দেখা পালোঁ ।
গুচলি ! তুমিও তাৰমানে ইয়াতে
থাকা? মই শুধিলো ।
হয় তেওঁ কলে।
কিন্তু তুমি এইফালে কি কামত আহিলা? তেওঁ জানিব বিচাৰিলে । মই
তেওঁক কথাবোৰ ক
লো। তেওঁ কিছু দূৰৈত থকা নতুনকৈ
সজা ঘৰ এটালৈ আঙুলিয়াই ক
লে সৌটো মোৰ ঘৰ । তুমি আজি ৰাতিটো থাকি যাব পাৰা। মই কথাটো নাকচ কৰিলো কিয়নো পৰিয়ালৰ মানুহে কোৱা কথাৰ পৰা
বুজিছিলো যে থিজামাত থকা ৰোগী গৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হৈছে আৰু মই দেৰি কৰি
থাকিলে মই গৈ পোৱাৰ আগতেই হয়তো কেঁচুৱাটোৰ জন্ম হৈ যাব।
ৰাস্তাটো সোঁহাতে ৰখাৰ কথা মনত পেলাই আগবাঢ়ি গৈ কম সময়ৰ ভিতৰতে থিজামা পালোগৈ ।
প্ৰসব সাধাৰণ আছিল আৰু এটা সুন্দৰ স্বাস্থ্যৰ ল
ৰাৰ জন্ম হৈছিল । এই কথাটোৱেই
মাক জনীৰ সোনকালে সুস্থ হোৱাত সহায় হব বুলি আশা কৰিলোঁ । নবজাতকক কুহুমীয়া পানীৰে
গা ধুৱাই মুখৰ ভিতৰ আৰু নাক কান আদিত বিজলুৱা বোৰ সোমাই আছে নেকি পৰীক্ষা কৰিলো
আৰু কোমল গৰম কাপোৰেৰে মেৰিয়াই হাঁহি থকা আইতাকৰ কোঁচত তুলি দিলোঁ ।
কামখিনি শেষ হোৱাৰ লগে লগে তেওঁলোকে মোক ডাঙৰ মগ এটাত চাহ এমগ দিলেহি। মই চাহ কাপ
খাবলৈ বহি ললোঁ ।
মই এইফালে বহুত দিন অহা নাই । তোমালোকে কব পাৰিবানে তোমালোকৰ গাঁৱৰ ফালে মুখ কৰি থকা পাহাৰ খনত কোন ফৈদৰ
মানুহে বসবাস কৰিবলৈ লৈছে?
মই কথা কবলৈ আৰম্ভ কৰিলোঁ ।
কোনখন পাহাৰ ?
কিয় গাঁৱৰ একেবাৰে কাষতে থকা পাহাৰ খন
সেইখন। এতিয়াও আগৰ দৰে
পৰিত্যক্ত হৈ আছে সেইখন

তুমি নিশ্চয় কিবা ভুল কৰিছা । তাত এতিয়া এখন গাওঁ হৈছে। পাহাৰ খন যত গৈ অকণমান সমান হৈছে সেই ডোখৰতে। তাত থকা পৰিয়াল বোৰৰ ঘৰবোৰ বেছ
ডাঙৰ ডাঙৰ আৰু গৰু ছাগলীবোৰ বেচ উন্নত জাতৰ। তাত মই কোনো চিনাকি মানুহ নেদেখি ধৰি
লৈছিলো যে তেওঁলোক নিশ্চয় বহু দূৰৰ গাঁৱৰ পৰা উঠি আহিছে। অহ্ মই অহাৰ সময়ত তাত
গুচলিক লগ পাইছিলো আৰু তেওঁ মোক ৰাতিটো তাতে থাকিবলৈ কৈছিল কিন্তু তোমালোকে জানা
যে মই থাকিব নোৱাৰিলোঁ । তোমালোক ইমান ওচৰতে থাকা যেতিয়া নিশ্চিত ভাবে তেওঁলোকৰ
কথা জানিবা বুলি ধৰি লৈছিলো আৰু নতুন গাওঁ খনৰ কথা তোমালোককে শুধিম বুলি ভাবি
থৈছিলো ।
তেওঁলোকে ইজনে সিজনলৈ চোৱা-চুই কৰাৰ পিছত কেঁচুৱাটোৰ বাপেকে লাহে-লাহে কবলৈ আৰম্ভ
কৰিলে
খুৰী ওপৰত কোনো গাওঁ নাই । আমি আপোনাক মিছা কথা কোৱা নাই, বিশ্বাস
কৰক। মই তালৈ মোৰ বন্ধু তিনিজনৰ লগত আজি পাঁচ দিন আগতে হৰিণা চিকাৰ কৰিবলৈ গৈছিলোঁ
। আমি পাহাৰৰ একেবাৰে ওপৰলৈকে পহুটো খেদি গৈছিলো আৰু এটা আশ্চৰ্য জনক ঘটনা ঘটিছিল
। হৰিণাটো খালি ঠাই টুকুৰাত ৰৈ আছিল । আপুনি জানে যে- সেইডোখৰত কোনো গছ আদি নাই
-আমি তিনিও জনে তালৈ তিনিও ফালৰ পৰা কাঁড় টোৱাই লৈছো-ঠিক তেতিয়াই হঠাত খুব জোৰকৈ
বতাহ এজাক পাৰ হৈ গ
ল। যদিও কেবল কেই ছেকেণ্ড মানৰ
বাবেহে , ই আমাক বগৰাই পেলাইছিল আৰু আমাৰ চকুৰ সমুখতে হৰিণাটো অদৃশ্য হৈ গৈছিল ।
সি দৌৰি গুচি যোৱা নাছিল -আমি তিনিও জনে চাই আছিলো সি বতাহৰ লগতে অদৃশ্য হৈ গৈছিল
। সেই সন্ধিয়া এইটো এটা ডাঙৰ ঘটনা ঘটিছিল । যিহেতু আমি পাহাৰ খনৰ ইমান কাষত থাকো
আমি প্ৰায়ে পাহাৰ খনৰ পৰা হৰিণাৰ মাত শুনিবলৈ পাওঁ আৰু দুপৰীয়া বাকী কিছুমান
জীৱজন্তুৰ ভৰিৰ চাপো দেখা পাওঁ । যিহেতু আমাৰ হাতত পাহাৰ খনত বহুত জীৱজন্তু থকাৰ
প্ৰমাণ আছিল সেইবাবেই সেইদিনা সন্ধিয়া আমি পাহাৰ খন বগাই কিবা জীৱজন্তু চিকাৰ
কৰিবলৈ গৈছিলোঁ । সূৰ্য্য অস্ত হোৱাৰ সময়তে আমি পাহাৰলৈ যাবলৈ আৰম্ভ কৰিছিলোঁ আৰু
ওপৰলৈ গৈ থকা সময়তে গৰুৰ হেম্বেলনি আৰু সৰু লৰাছোৱালীৰ মাত কথা শুনিবলৈ পাইছিলো ।
আমি ভাবিছিলো যিহেতু এইটো গধুলি সময় এইবোৰ নিশ্চয় আমাৰ গাঁৱৰ ফালৰ পৰা বতাহে
কঢ়িয়াই অনা শব্দ । কিন্তু বহুত মনোযোগ দি শুনাৰ পিছত গম পাইছিলো শব্দ বোৰ পাহাৰৰ
ওপৰৰ পৰাহে আহিছে । যদিও ওপৰ পাবলৈ মাত্ৰ অলপ হে দূৰ আছিল আমাৰ এটাৰো ওপৰত গৈ
চাবলৈ সাহস নহ’ল । আমি চিকাৰ বাদ দি ভয়তে পাহাৰৰ ওপৰৰ পৰা পলাই ঘৰলৈ গুছি
আহিছিলোঁ। তাৰ পিছদিনাই আমাৰ ভিতৰৰ এজন অসুস্থ হৈ পৰে আৰু সোনকালেই মৃত্যু মুখত
পৰে। সি বেচেৰাই খুব কথা কবলৈ চেষ্টা কৰিছিল যদিও পৰা নাছিল । সি অনবৰতে পাহাৰবোৰৰ
ফালে আঙুলি টোঁৱাই মুখত এটা অদ্ভুত চাৱনি লৈ কিবা ক

বিচাৰিছিল । খুৰী আপোনাৰ ভুল হৈছে তাত একো নাই কিন্তু কাইলৈ আপুনি সেইফালেদি
নাযাব। যিহেতু আপোনাৰ একো লৰালৰি নাই আপুনি তলৰ ৰাস্তাটোৰেই ঘুৰি যাব ।
মই সেই ৰাতিটো থিজামাত থাকিলো আৰু পিছদিনা ৰাতিপুৱাই উভতি আহিলোঁ । মই এইবাৰ
পাহাৰৰ ৰাস্তাটো লোৱা নাছিলোঁ । দূৰৰ পৰা পাহাৰটোৰ ফালে চাই আগদিনা সন্ধিয়া অহা বাটতো
উলিয়াবলৈ চেষ্টা কৰিছিলো । সেইটো এটা সৰু থিয় ৰাস্তা যদিও ইমান স্পষ্ট আছিল যে মই
ৰাতি এবাৰো ৰাস্তাটো হেৰুৱাব লগা হোৱা নাছিল । ইমান আচৰিত কথা মোৰ বাচা , যে দিনৰ
পোহৰত মই ৰাস্তাটোৰ একো চিন মোকাম দেখা পোৱা নাছিলোঁ যেন ৰাতিটোৰ ভিতৰতে গছ আৰু
ঘাঁহ বন গজি ইয়াক লোকচক্ষুৰ আঁৰ কৰি পেলাইছিল ।
মই ঘৰলৈ ঘুৰি আহিছিলো আৰু এইটো নো কি কথা হ
ব পাৰে চিন্তা কৰিছিলোঁ ।
সেইকেইদিনত আৰু বহুত গৰ্ভৱতী মহিলাৰ প্ৰসৱ কাল আহি আছিল আৰু মোৰ এইবোৰ কথা ভাবি
থাকিবলৈ আহৰি নাছিল । কেই সপ্তাহ মান পিছত মোৰ ওচৰলৈ গৰ্ভৱতী ছোৱালী এজনী আহিল
তাইৰ প্ৰসৱ কালত মোৰ উপস্থিতি আৰু সহায় বিচাৰি । মই তাইৰ গাঁও খনৰ কথা শুধি গম
পালো যে তাইৰ গাওঁখন গুচলিৰ সতে একেখনেই । মই তাইক ক
লো গুচলি তোমাৰ মা দেউতাক লগ
পাবলৈ আহিলে মই তেওঁৰ খবৰ লোৱা বুলি ক
বা
ছোৱালী জনীয়ে মোলৈ মুৰ তুলি চাই ক
লে
খুড়ী গুচলি ঢুকুৱা আজি এবছৰেই হল । তেওঁৰ কেইদিনমান অসুস্থতাৰ
পিছতে হঠাতে মৃত্যু হ
ল ,আৰু তেওঁৰ লৰা ছোৱালীবোৰ তেওঁ ঢুকুৱাৰ পিছতে নগৰলৈ গুছি গল। তেওঁ লোকৰ পৈতৃক সম্পত্তি বোৰ চাবলৈ গাঁৱত এতিয়া আৰু কোনো
নাথাকে ।

মই তাইক মোৰ ঘটনা টোৰ বিষয়ে একো নকলো আৰু
তাই বিদায় লৈ গুছি গ
ল। সেইবোৰ বৰ অদ্ভুত দিন আছিল
মাজনী । আৰু সেইসময়ত মই আচৰিত আচৰিত ঘটনা কিছুমান প্ৰত্যক্ষ কৰিছিলোঁ । কিন্তু
যিজনে মোৰ কথাবোৰ বিশ্বাস কৰে কেৱল তেওঁকহে কথাবোৰ কৈছিলো।

আইতা তুমি কেতিয়াও ভয় খোৱা নাছিলানে? মই জানিব খুজিলো
ভয়? ভয় কিয় বাচা? তেওঁলোকে কাৰো একো অপকাৰ নকৰে। ভয়টো মানুহৰ এটা
শাৰিৰীক অৱস্থাহে মাথোন । আমি তেওঁলোকলৈ কিয় ভয় কৰিব লাগে যাৰ আমাৰ প্ৰতি একো বেয়া
ভাব নাই !

তুমি কৈছিলা আত্মা বোৰেও হেনো খায়।
আৰে বাচা, তেওঁলোকে খায় আৰু মইও তেওঁলোকৰ সতে খাইছো। মই খোৱা নাই?
আস! তুমি যদি সেই মানুহ গৰাকীৰ আত্মাই মোক দিয়া গাখীৰ গিলাচ খালাহেতেঁন, তুমি
পৃথিৱীৰ কোনো খোৱাবস্তু খাই তৃপ্তি নেপালা হেঁতেন , কেৱল আকৌ আত্মাবোৰৰ সতে একেলগে
খাবলৈ বাট চাই থাকিলা হয়।।।

 

 

লেখক
পৰিচয়ঃ ইষ্টাৰিন কিৰে ইৰালু নগালেণ্ডৰ এগৰাকী দ্বিভাষিক কবি, চুটিগল্প লেখক,
উপন্যাসিক । তেখেতেৰ লেখা সমূহ আঙ্গামী নগা ভাষা টেনাইদি (Tenyidie) আৰু ইংৰাজী
ভাষাত উপলব্ধ । নাগালেণ্ডৰ প্ৰথম প্ৰকাশিত কবিতা পুথি আৰু প্ৰথম গল্প সংকলনৰ
ৰচয়িতা ইষ্টাৰিন ইৰালু নাগালেন্ডৰ প্ৰথম উপন্যাসিক। তেখেতৰ এতিয়ালৈকে তিনিখন কবিতা
পুথি, গল্প সংকলন আৰু উপন্যাসৰ উপৰিও মুখে মুখে বাগৰি অহা মাতৃভাষাৰ প্ৰায় ২০০টা
কবিতা ইংৰাজীলৈ অনুবাদ কৰা হৈছে । তেখেতৰ বাৰ্ক ৱিভাৰ নামৰ প্ৰকাশন গোষ্ঠী টোৱে
নগালেণ্ডৰ বিভিন্ন ভাষাৰ পৰা লোক কথা, শিশু গল্প, গীত মাত আদি ইংৰাজীলৈ অনুবাদ কৰি
আহিছে । তেখেতৰ ইংৰাজী উপন্যাস
চন অফ দা থান্ডাৰক্লাউদ ৰ বাবে সাহিত্য একাডেমিৰ শিশু সাহিত্য পুৰস্কাৰ, সাহিত্য বাল
পুৰস্কাৰ (২০১৮) ৰে সন্মানিত কৰা হয় । তেখেত বৰ্তমান নৰৱে
ৰ বাসিন্দা ।

 

Popular Post

ঐতিহাসিক চিঠি