গল্পঃ আকাশদীপ / জয়শঙ্কৰ প্ৰসাদ

Posted by : translatorsassam
June 19, 2020

আকাশদীপ

মূল (হিন্দী) : জয়শঙ্কৰ প্ৰসাদ

অনুবাদ : মঞ্জুমণি শইকীয়া


 

“বন্দী

       “কি? শুবলৈ দিয়া৷ 

       “মুক্ত হব বিচৰা নেকি

        “এতিয়া নহয়, টোপনি ভাগিলে, মনে মনে থাকা৷

        আকৌ সুবিধা নহব৷

        বৰ ঠাণ্ডা, কোনোবাই কম্বল এখন দি ঠাণ্ডাৰ পৰা বচোৱাহেঁতেন৷

        ধুমুহা আহিব যেন লাগিছে৷
ভাল সুবিধা
, আজি মোৰ বন্ধনো শিথিল৷

        তুমিও বন্দী নেকি? ’

        লাহে লাহে কোৱা, এই নাৱত আজি ১০জন নাৱিক আৰু প্ৰহৰী আছে৷

        হাথিয়াৰ পোৱা যাব? ’

        যাব৷ নাওখনক বান্ধি
থোৱা ৰছী কাটিব পাৰিবা
? ’

        

সাগৰত ঢৌ উঠিল৷
দুয়ো বন্দীয়ে ইটোৱে সিটোক খুন্দা মাৰিলে৷ প্ৰথম বন্দীয়ে নিজকে মুক্ত কৰি আনটো বন্দীৰ
বান্ধ খুলিবলৈ চেষ্টা কৰিলে৷ ঢৌৰ কোবত দুয়ো দুয়োকো স্পৰ্শ কৰি পুলকিত হ
ল৷ মুক্তিৰ আশা, মৰমৰ অসম্ভাৱিত আলিংগন৷ দুয়ো আন্ধাৰতে মুক্ত হল৷ আনন্দতে এজনে আনজনক সাবটি ধৰিলে৷ হঠাৎ এজনে চিঞৰি উঠিল

ই কি? তুমি নাৰী? ’

নাৰী হোৱাটো
পাপ নেকি
?
অলপ আঁতৰি নাৰীগৰাকীয়ে কলে৷

হাথিয়াৰ ক? তোমাৰ নাম কি? ’

চম্পা৷

তৰাখচিত নীলা
আকাশ আৰু নীলিম সাগৰৰ মাজত পৱন চঞ্চল হৈ পৰিছিল৷ আন্ধাৰৰ সংস্পৰ্শত বায়ু আৰু মতলীয়া
ল৷ বতাহৰ কোবত সাগৰৰ ঢৌৱে নাৱবোৰক বিকল কৰি পেলালে৷ নাৰীগৰাকীয়ে
বৰ সতৰ্কতাৰে সুৰামত্ত নাৱিক এজনৰ পৰা কৃপাণখন লৈ পুনৰ বন্দীজনৰ ওচৰলৈ গ
ল৷ তেতিয়াই পোতাশ্ৰয়ৰ পথ প্ৰদৰ্শকে চিঞৰি উঠিল– ‘ধুমুহা

বিপদৰ সংকেত
বাজি উঠিল৷ সকলো সাৱধান হ
ল৷ বন্দী যুৱকজন তেনেকৈয়ে
পৰি থাকিল৷ কোনোবাই ৰছী টানিলে কোনোবাই পাল খুলিলে৷ বন্দী যুৱকজনে নাৱৰ লগত সংলগ্ন
হৈ থকা ৰছীৰ ওচৰলৈ গ
ল৷ আকাশৰ তৰাবোৰ ঢাক
খালে
,
সাগৰৰ ঢৌৱেও গৰজিবলৈ ধৰিলে৷ ভীষণ ধুমুহাই পিশাচিনীৰ দৰে নাওবোৰৰ
ওপৰত হেতালি খেলি তাণ্ডৱলীলা কৰি কৰি অট্টহাস্য কৰিবলৈ ধৰিলে৷ ধুমুহাৰ কোবাল সোঁতে
বন্দী নাওখন মুক্ত কৰিলে৷ ইমান বিপদতো দুয়ো বন্দীয়ে খিলখিলাই হাঁহিবলৈ ধৰিলে৷ ধুমুহাৰ
শব্দত সেই হাঁহি কোনেও নুশুনিলে৷


বিশাল জলৰাশিত
মধুৰ আলোক প্ৰস্ফুটিত হৈ উঠিল৷ সোণালী আভা আৰু ঢৌৰ কোমল সৃষ্টিয়ে মিচিকিয়াবলৈ ধৰিলে৷
সাগৰ শান্ত হ
ল৷ নাৱিকবোৰে দেখিলে বন্দী কৰি থোৱা নাওখন
নাই৷ বন্দীও মুক্ত৷

নাৱিকে সুধিলেবুদ্ধগুপ্ত! তোমাক কোনে মুক্ত কৰিলে?

তৰোৱাল দেখুৱাই
বুদ্ধগুপ্তই ক
লেএওঁ৷

নায়কে কলেতেতিয়াহলে তোমাক আকৌ বন্দী
কৰিম৷

কাৰ কাৰণে? পোতাধ্যক্ষ মণিভদ্ৰ বৰ্তমান অটল জলৰ বুকুত নায়ক! বৰ্তমান এই
নাওবোৰৰ গৰাকী মই৷

তুমি? জলদস্যু বুদ্ধগুপ্ত? কেতিয়াও হব নোৱাৰে৷ আচৰিত হৈ নায়কে নিজৰ তৰোৱালখন
বিচাৰিবলৈ ধৰিলে৷ চম্পাই বহুত আগতেই তৰোৱালখন নিজৰ আয়ত্তলৈ আনিছিল৷ তেওঁ খঙত জ্বলি
উঠিল৷

তেতিয়াহলে তুমি দ্বন্দ্ব যুদ্ধৰ কাৰণে সাজু হোৱা, যিয়েই বিজয়ী হব তেওঁৱেই নাৱৰ
গৰাকী হ
ব৷ এনেকৈ কৈ বুদ্ধগুপ্তই
ইংগিত দিয়াত চম্পাই তৰোৱালখন নাৱিকৰ হাতত দিলে৷

ভীষণ ঘাত-প্ৰতিঘাত
আৰম্ভ হ
ল৷ দুয়ো পাৰ্গত, দুয়ো তড়িৎ গতিৰ অধিকাৰী৷ বৰ কৌশলেৰে বুদ্ধগুপ্তই নিজৰ তৰোৱালখন দাঁতেৰে কামুৰি
ধৰি হাত দুখন মুক্ত কৰি ল
লে৷ কিন্তু বুদ্ধগুপ্তই
সহজতে নায়কৰ তৰোৱাল লোৱা হাতখন ধৰি পেলালে আৰু বিকট হুংকাৰ কৰি আনখন হাতো পিছফালেদি
নি তেওঁক বগৰাই পেলালে৷ পিচ মুহূৰ্ততে প্ৰভাতৰ কোমল ৰ
দালিত বুদ্ধগু৫১ হাতত বিজয়ী তৰোৱাল জিলিকি উঠিল৷ নাৱিকজনে কাতৰ
দৃষ্টিৰে প্ৰাণ ভিক্ষা খুজিলে৷

মই দাস, বৰুণদেৱতাৰ শপত, মই বিশ্বাসঘাতকতা নকৰোঁ৷

বুদ্ধগুপ্তই
তেওঁক এৰি দিলে৷

চম্পা যুৱক জলদস্যুৰ
ওচৰলৈ আহি তেওঁৰ ক্ষতস্থানবোৰত স্নিগ্ধ দৃষ্টি আৰু হাতৰ কোমল পৰশেৰে বেদনাবিহীন কৰি
দিলে৷ বুদ্ধগু
প্ত সুগঠিত শৰীৰত তেজৰ কণিকা বিজয়ৰ
তিলকস্বৰূপ হৈ পৰিল৷

বিশ্ৰাম লৈ বুদ্ধগুপ্তই
সুধিলে

আমি বৰ্তমান কত আছোঁ?

বালিদ্বীপৰ পৰা
বহুত দূৰ
,
সম্ভৱতঃ এটা নতুন দ্বীপৰ ওচৰত, ত বতৰ্মানলৈকে আমাৰ
মানুহবোৰৰ যাতায়াত বহুত কম৷ তাত সিংহলৰ ব্যৱসায়ীবোৰৰ প্ৰাধান্য বেছি৷

কিমান দিনত আমি
সেই ঠাই পামগৈ
? ’

অনুকূল বতৰ হলে দুদিনতে৷ তেতিয়ালৈকে সান্নিধ্যৰ অভাৱ নহব৷

হঠাৎ নায়কে নাৱিকবোৰক বঠা মাৰিবলৈ আদেশ দিলে আৰু নিজেও বঠা মাৰিবলৈ ধৰিলে৷ বুদ্ধগুপ্তই সোধাত তেওঁ কলে– “ইয়াত এটা পানীৰে ঢাকি
থকা শিলাখণ্ড আছে৷ সাৱধান
, নহলে নাৱে খুন্দিওৱাৰ ভয় আছে৷

 

তোমাক মানুহবোৰে বন্দী কিয় কৰিলে? ’

ব্যৱসায়ী মণিভদ্ৰৰ পাপ বাসনাৰ কাৰণে৷

তোমাৰ ঘৰ ক? ’

জাহ্নৱীৰ পাৰত৷ মই চম্পানগৰৰ ক্ষত্ৰিয়
বালিকা৷ দেউতাই মণিভদ্ৰৰ লগত প্ৰহৰীৰ কাম কৰিছিল৷ মাৰ মৃত্যুৰ পাছত ময়ো দেউতাৰ লগত
নাৱতে থাকিবলৈ ল
লোঁ৷ আঠবছৰ বয়সৰ পৰা
সমুদ্ৰই মোৰ ঘৰ৷ তোমাৰ আক্ৰমণত মোৰ দেউতাই সাতটা দস্যু মাৰি পানীত সমাধিস্থ কৰিছিল৷
এমাহ হ
মই এই নীলিম আকাশৰ তলত, নীলা জলৰাশিৰ ওপৰত এক ভয়ানক অনন্ততাত নিঃসহায় হৈ আছোঁমই অনাথ৷ মণিভদ্ৰই মোক এদিন ঘৃণিত প্ৰস্তাৱ দিলে৷ মই তেওঁক গালি
পাৰিলোঁ৷ সেইদিনাৰ পৰাই মোক বন্দী কৰি থ
লে৷ চম্পা খঙত
জ্বলি উঠিল৷

ময়ো তাম্ৰলিপিৰ
এজন ক্ষত্ৰিয়
, চম্পা৷ কিন্তু দুৰ্ভাগ্যবশতঃ জলদস্যু
হৈ জীৱন কটাইছোঁ৷ এতিয়া তুমি কি কৰিবা
? ”

মই মোৰ অদৃষ্টক
অনিৰ্দিষ্ট হৈ থাকিবলৈ দিম৷
অদৃষ্টই যলৈ লৈ যায়? চম্পাৰ দৃষ্টি কোনো
অসীম প্ৰদেশত উদ্দেশ্যহীন৷ কোনো আকাংক্ষা নাই৷ কিন্তু মনত পৱিত্ৰ আৰু গভীৰ বিশ্বাস৷

হত্যাকাৰী, ব্যৱসায়ী দস্যুও চম্পাৰ বিশ্বাস দেখি কঁপি উঠিল৷ তেওঁৰ মানসজগতক
এক সম্ভৱপূৰ্ণ শ্ৰদ্ধাই যৌৱনৰ প্ৰথম লহৰক জগাই তুলিলে৷ ৰাগৰঞ্জিত সন্ধিয়াই সাগৰৰ বুকুত
শিহৰণ তুলিলে৷ চম্পাৰ অসংযত চুলিবোৰ পিঠিত আউলি- বাউলি হৈ পৰি ৰ
ল৷

দুৰ্দান্ত দস্যুৱে
দেখিলে
–“স্ব-মহিমাৰে অলৌকিক এক বৰুণ বালিকাক৷ তেওঁ আচৰিত হৈ নিজৰ হৃদয়ক
খুচৰিবলৈ লাগিল৷ কিবা এটা নতুন বস্তু বিচাৰি পালে৷ সেইটো হ
কোমলতা৷ সেই সময়তে নায়কে কলেহিআমি দ্বীপটোৰ ওচৰ পালোঁহি৷

নাও দ্বীপত লাগিলহি৷
চম্পা নিৰ্ভীকভাৱে নামিল৷ নাৱৰীয়াবোৰো নামিল৷ বুদ্ধগুপ্তই ক
লে–‘এই দ্বীপটোৰ কোনো নাম
নাই যেতিয়া আমি চম্পাদ্বীপ বুলিয়েই ক
ম৷ শুনি চম্পাই হাঁহি দিলে৷

 

পাঁচবছৰৰ পিছত

 

শৰৎকালৰ নিৰ্মল
আকাশ
,
নক্ষত্ৰই জিক্‌মিকাই আছিল৷ জোনাকৰ স্নিগ্ধতাই অন্তৰীক্ষতো শৰৎ
লক্ষ্মীয়ে আশীৰ্বাদৰ ফুল আৰু নিৰ্মালি ছটিয়াই দিলে৷ চম্পাদ্বীপৰ এটা ওখ স্তমভত তৰুণী
চম্পাই
চাকি জ্বলাই আছিল৷ বৰ যত্ন কৰি সুকুমাৰ আঙুলিৰে
অগ্নি সংযোগ কৰে৷ বন্তিৰ শিখা লাহে লাহে ওপৰলৈ উঠি যায়৷ সৰল চকুযুৰিয়ে দীপশিখাৰ ওপৰলৈ
যোৱাৰ দৃশ্য বৰ আনন্দৰে চাই থাকে৷ শলিতাৰ পোহৰ লাহে লাহে কমি আহিবলৈ ধৰে৷ চম্পাই তেওঁৰ
আকাশদীপ নক্ষত্ৰৰ লগত মিলি যোৱাটো কামনা কৰে৷ কিন্তু সেইটো অসম্ভৱ৷ তেওঁ আশাৰে ভৰা
দৃষ্টি ঘূৰাই আনে৷



সন্মুখত জলৰাশি
নৃত্যত ব্যস্ত৷ বৰুণ বালিকাসকলৰ কাৰণে ঢৌবোৰে হীৰা-মুকুতাৰ মালা সিঁচি সিঁচি ছলনাময়ী
মায়াবিনীৰ দৰে হাঁহি-খিকিন্দালি কৰি পুনৰ লুকাই যায়৷ দূৰৈৰ পৰা ঢৌৰ ঝংকাৰ সংগীতৰ দৰে
মুখৰিত হৈ পৰে৷ তৰল জলৰাশিত চম্পাই নিজৰ অস্ত ব্যস্ত প্ৰতিবিম্ব দেখিবলৈ পালে৷ যি সম্পূৰ্ণতাৰ
বাবে চেষ্টা কৰি আছিল৷ তেওঁ আনমনা হৈ থিয় হ
ল৷ কাকো ওচৰত
নেদেখি চিঞৰিলে
– ‘জয়া৷

এগৰাকী শ্যাম
বৰণীয়া যুৱতী সন্মুখত থিয় হ
লহি৷ তেওঁ বনকন্যা৷
নীলিম আকাশত
নক্ষত্ৰৰ চিক্‌মিকনিৰ
দৰে তাইৰ হাঁহিত দাঁতবোৰো চিক্‌মিকাই আছিল৷ তাই চম্পাক ৰাণী বুলি মাতিছিল
, বুদ্ধগুপ্ত আদেশত৷

       ‘‘বাহিৰত সুধি আহাচোন, মহানাৱিক কেতিয়া আহিব? ’’ চম্পাই কলে৷ জয়া আঁতৰি গল৷

       চঞ্চল পৱনে চম্পাৰ আঁচলত জিৰণি লব বিচাৰিছিল৷
চম্পাৰ হৃদয়খনত আজি মৃদু গুঞ্জন হৈ আছে৷ কিয় জানো মাজে মাজে অন্যমনস্ক হৈ উঠিছে৷ এজন
গহীন পুৰুষে তেওঁৰ পিঠিত স্পৰ্শ কৰি আচৰিত কৰি দিয়ে
, পিছফালে ঘূৰি চাই– ‘বুদ্ধগুপ্ত

‘‘পাগল হৈছা নেকি? এতিয়ালৈকে ইয়াত বহি, দীপ জ্বলাই আছা যে এইটো তোমাৰ কাম নেকি? ’’

‘‘ক্ষীৰনিধিশায়ী অনন্তৰ প্ৰসন্নতাৰ বাবে দাসীৰ হতুৱাই আকাশদীপজ্বলাম নেকি? ’’

হাঁহি উঠে৷ তুমি
দীপ জ্বলাই কাক পথ দেখুৱাব বিচাৰা
? তেওঁক, যাক তুমি ভগৱান বুলি মানি লৈছা? ’’

‘‘
তেওঁ কেতিয়াবা পথভ্ৰষ্ট হয়, ভুল কৰে, নহলে বুদ্ধগুপ্তক ইমান ঐশ্বৰ্য কিয় দিব? ’

‘‘কি বেয়া হলনো, এই দ্বীপৰ অধিশ্বৰী চম্পাৰাণী৷ ’’

‘‘মোক এই বন্দী গৃহৰ পৰা মুক্ত কৰা৷ এতিয়া বালি, জাৱা আৰু সুমাত্ৰাৰ বাণিজ্য কেৱল তোমাৰ হাতত, মহানাৱিক, মোৰ কিন্তু সেইদিনবোৰৰ স্মৃতি ৰোমন্থন
কৰি ভাল লাগে৷ যেতিয়া তোমাৰ ওচৰত মাত্ৰ এখনেই নাও আছিল আৰু চম্পাদ্বীপৰ উপকূলত বস্তুবোৰ
বোজাই কৰি প্ৰকৃতিৰ সতেজ আলোকত
, তৰাৰ মধুৰ জ্যোতিত আমি
যে ফূৰ্তি কৰিছিলোঁ৷
’’

‘‘বুদ্ধগুপ্তঅনন্তৰ কোলাত নাৱৰীয়াবোৰ শুই পৰিছিল, দীপক নুমাই গৈছিল৷ মই, তুমি পৰিশ্ৰম কৰি কৰি ভাগৰি আহি জাহাজৰ পালত বহি এজনে আনজনৰ মুখলৈ কিয় চাই আছিলোঁ? সেয়া নক্ষত্ৰৰ মধুৰ ছায়া…৷ ’’

‘‘চম্পা! এতিয়া আমি তেতিয়াতকৈ বহুত ভালদৰে আছোঁ, তুমি মোৰ জীৱন দিওঁতা, মোৰ সৰ্বস্ব৷ ’’

‘‘নহয়,
নহয়, তুমি দস্যুবৃত্তি এৰিলা
যদিও
,
হৃদয় আগৰ দৰেই অকৰুণ, সতৃষ্ণ আৰু জ্বলনশীল হৈয়ে আছে৷ তুমি ভগৱানৰ নামত ঠাট্টা কৰি হাঁহিব পাৰা, মোৰ আকাশদীপক ব্যংগ কৰা নাৱিক৷ সেই প্ৰচণ্ড ধুমুহাৰ মাজত পোহৰৰ
এটা এটা স্ফুলিংগৰ কাৰণে আমি যে কিমান অধীৰ হৈ আছিলোঁ মোৰ মনত আছে
, যেতিয়া মই সৰু আছিলোঁ, মোৰ দেউতা চাকৰিৰ কাৰণে সাগৰলৈ গৈছিল, মোৰ মায়ে, মাটিৰ বন্তি-চাকি দীঘল বাঁহৰ ওপৰত জ্বলাই
ভাগীৰথীৰ পাৰত বাঁহৰ সৈতে ওখ ঠাইত থৈ দিছিল
, সেই সময়ত তেওঁ প্ৰাৰ্থনা কৰিছিলভগৱান, মোৰ পথভ্ৰষ্ট হোৱা নাৱিকক অন্ধকাৰৰ পৰা
সঠিক পথলৈ লৈ যাবা
আৰু যেতিয়া মোৰ দেউতা
বছৰৰ শেষত উভতি আহিব৷ তেতিয়া কৈছিল
সতী,
তোমাৰ প্ৰাৰ্থনাত ভগৱানে মোক ভয়ানক বিপদতো ৰক্ষা কৰিছিল! তেওঁ
বৰ সুখী হৈছিল৷ মোৰ মা! আহ নাৱিক! এয়া তেওঁৰেই পুণ্য স্মৃতি৷ মোৰ দেউতা
, বীৰ দেউতাৰ মৃত্যুৰ নিষ্ঠুৰ কাৰণ, জলদস্যু আঁতৰি যোৱা৷ ’’ হঠাৎ ভীষণ খঙৰ ভমকত চম্পাৰ মুখমণ্ডলে ৰং সলালে৷ মহানাৱিকে কেতিয়াও এই ৰূপ দেখা
নাছিল৷ তেওঁ খন্তেক ৰৈ হাঁহি দিলে৷

‘‘ই কি চম্পা৷ তুমি অসুস্থ হৈ পৰিবা, শান্ত হোৱা৷ ’’ কৈ আঁতৰি গল৷ চম্পা উন্মাদিনীৰ দৰে ঘূৰি থাকিল৷

 

                                                 

নিৰ্জনতাৰে ভৰা
সাগৰৰ উপকূলত ঢৌবোৰে পাৰত খুন্দা মাৰি পুনৰ শান্ত হৈ যায়৷ পশ্চিমৰ পথিক ৰবিও ভাগৰি
পৰি নীলিম হৈ পৰে৷ শান্ত বাতাৱৰণত জলৰাশিও নীৰৱ বিচাৰত মগ্ন৷ জলৰাশি যেন সূৰ্যৰ উন্মিলিত
কিৰণত বিৰক্ত হৈ পৰিছে৷

চম্পা আৰু জয়াই
লাহে লাহে আহি সাগৰৰ পাৰত থিয় হয়হি৷ ঢৌৰ কোবত উঠা বতাহে তেওঁলোকৰ কাপোৰ-কানিবোৰ আউল-বাউল
কৰি দিয়ে৷ জয়াৰ ইংগিতত এখন সৰু নাও আহে৷ দুয়োজনী নাৱত বহাৰ লগে লগে নাৱিক নামি আহিল৷
জয়াই নাৱৰ ব
ঠা মৰাত লাগিল৷ চম্পাই মুগ্ধ হৈ সমুদ্ৰৰ
উদাস বাতাৱৰণৰ লগত নিজকে মিলাই দিবলৈ বিচাৰিলে৷

ইমান পানী! ইমান
শীতলতা! হৃদয়ৰ তৃষ্ণা পূৰণ নহয়৷ সেৱন কৰিব পাৰিম নে
? নোৱাৰে! যেনেকৈ পাৰত খুন্দা মাৰি সিন্ধুৱে চিঞৰি উঠে৷ সেইদৰে কান্দি দিওঁ নেকি? নাইবা জ্বলি থকা স্বৰ্ণ গোলকৰ দৰে অনন্তৰ জলৰাশিৰ বুকুত বিলীন হৈ যাওঁ৷ চাওঁতে
চাওঁতে চম্পাৰ বেদনা আৰু ক্ৰোধান্বিত প্ৰতিবিম্ব সিন্ধুত লাহে লাহে চাৰিভাগৰ এভাগ
, আধা, শেষত সম্পূৰ্ণ বিলীন
হৈ গ
ল৷ দীঘল হুমুনিয়াহ কাঢ়ি চম্পাই মুখখন ঘূৰাই ললে৷ দেখিলে মহানাৱিকৰ চৰানাও তেওঁৰ একেবাৰে ওচৰ পাইছেহি৷ বুদ্ধগুপ্তই
হাউলি হাত আগবঢ়াই দিলে৷ চম্পা তেওঁৰ সহায়ত চৰানাৱত উঠিলহি৷ দুয়ো ওচৰা-উচৰিকৈ বহি ল
লে৷

ইমান সৰু নাৱত
এইফালে ফুৰিবলৈ অহাটো ঠিক হোৱা নাই৷ ওচৰতে জলমগ্ন শিলাখণ্ড আছে
, কেনেবাকৈ যদি খুন্দা মাৰে বা ওপৰলৈ উঠি যায়, তেতিয়া কি হ? ”

বহুত ভাল হব বুদ্ধগুপ্ত৷ জলৰাশিৰ মাজত বন্দীত্বৰ দৰে কঠোৰ প্ৰাচীৰতকৈ ভাল
ব৷

আহ চম্পা, তুমি কিমান নিষ্ঠুৰ! বুদ্ধগুপ্তক আদেশ দি চোৱাচোন, তেওঁ কি কৰিব নোৱাৰে? যি তোমাৰ কাৰণে নতুন দ্বীপ সৃষ্টি কৰিব পাৰে, নতুন ৰাজ্য নিৰ্মাণ কৰিব পাৰে, তেওঁক পৰীক্ষা কৰি চোৱাচোন–? কোৱা চম্পা! এই তৰো¸ৱালে মোৰ হৃদয়খন আঁজুৰি আনি নিজ হাতেৰে অতল জলত বিস¸ৰ্জন দিবলৈ! মহানাৱিকযাৰ নাম শুনি বালি, জাৱা, চম্পা দ্বীপৰ কাষত কম্পিত হৈ থাকে, পৱনো কঁপি উঠে৷ ” – চম্পাৰ সন্মুখত তেওঁ সম্পূৰ্ণ আৱেগিক হৈ পৰে৷

সন্মুখত শিলাখণ্ডৰ
উচ্ছ শিখৰত
, সেউজবুলীয়া পৰিৱেশ, বিশাল জলপ্ৰদেশৰ নীলা হালধীয়া সন্ধ্যাদেৱীয়ে প্ৰকৃতিৰ এক সুকোমল
কল্পনাৰে জিৰণিৰ শীতল ছায়া সপোনপুৰী সৃষ্টি কৰিলে৷ সেই মোহময়ী ৰূপত ৰহস্যপূৰ্ণ নীলিম
জলৰাশিও চমকৃত হৈ উঠিল৷ যেন মদিৰাইহে সম্পূৰ্ণ অন্তৰীক্ষক সিক্ত কৰিলে৷ সৃষ্টিৰ নীলকমল
আৰু পৰিপূৰ্ণ হ
ল৷ সেই সৌন্দৰ্যত পাগল চম্পাই বুদ্ধগু৫১
দুয়োখন হাত সাৱটি ধৰিলে৷ এক মধুৰ আলিঙ্গন৷ যেন ক্ষিতিশ
, আকাশ আৰু সিন্ধুৰহে মিলন৷ কিন্তু হঠাৎ সচেতন হৈ চম্পাই কাপোৰৰ
তলৰ পৰা তৰোৱাল উলিয়াই ল
লে৷ –“বুদ্ধগুপ্ত! আজি মই প্ৰতিশোধৰ তৰোৱাল অতল জলৰাশিত দলিয়াই পেলালোঁ৷
হৃদয়ে ছলনা কৰিলে
, বাৰে বাৰে প্ৰতাৰণা
কৰিলে৷

চিক্‌মিকাই থকা তৰোৱালখন সমুদ্ৰৰ বুকু ভেদি বিলীন হৈ গল৷

তেতিয়া হলে বিশ্বাস কৰিম? মোক ক্ষমা কৰি দিলা বুলি? ” আচৰিত আৰু কম্পমান কণ্ঠেৰে
মহানাৱিকে সুধিলে

বিশ্বাস? কেতিয়াও নোৱাৰিম বুদ্ধগুপ্ত, মই মোৰ হৃদয়কেই বিশ্বাস কৰিব নোৱাৰিলোঁ, হৃদয়ে প্ৰতাৰণা কৰিলে, তেন্তে মই কেনেকৈ কম! মই তোমাক ঘৃণা কৰোঁ, তথাপিতো তোমাৰ কাৰণে মৰিব পাৰোঁ৷ অবিচাৰ হব জলদস্যু! তোমাক
ভাল পাওঁ

চম্পাই কান্দি দিলে৷

ৰঙীণ গধূলিৰ
সপোনসনা পৰিৱেশটো লৈ অন্ধকাৰ নামি আহিল৷ হুমুনিয়াহ কাঢ়ি মহানাৱিকে ক
লে– “এই জীৱনৰ পুণ্যতম সময়ৰ
স্মৃতিত পোহৰৰ সৌধ নিৰ্মাণ কৰিম চম্পা! ইয়াতে
, সৌ পাহাৰৰ ওপৰত! কিজানিবা মোৰ জীৱনৰ ধুৱলী-কুঁৱলী সন্ধ্যাবোৰ তাৰ দ্বাৰাই উদ্ভাসিত
হৈ উঠে৷

 

চম্পাদ্বীপৰ
আনটো ভাগত এলানি সুন্দৰ পৰ্বতমালা৷ সেইলানি বহুত দূৰলৈ সিন্ধু জললৈকে সংলগ্ন৷ সাগৰৰ
চঞ্চল জলৰাশিয়ে তাত ঠেকা খাই ক্ষন্তেকৰ কাৰণে লুকুৱাই দিয়ে৷ আজি সেই পৰ্বতমালাৰ ওপৰতে
চম্পাদ্বীপৰ আদিবাসীসকলে সমাৰোহ পাতিছে৷ তেওঁলোকে চম্পাক বনদেৱীৰ দৰে সজাইছে৷ তাম্ৰলিপিৰ
বহুত দূৰত সৈনিক আৰু নাৱিকৰ মাজত বনকুসুম বিভূষিতা চম্পা দোলাত বহি আছে৷

পৰ্বতৰ এটা উচ্ছ
শিখৰত চম্পাদ্বীপৰ নাৱিকসকলক সাৱধান কৰিবৰ কাৰণে এক সুদৃঢ় দ্বীপস্তমভ বনোৱা হৈছে৷ আজি
তাৰেই মহোৎসৱ৷ বুদ্ধগুপ্ত স্তমভৰ দুৱাৰমুখত থিয় হৈ আছে৷ পাল্কীৰ সহায়ত চম্পাক স্তমভলৈ
আনিলে৷ দুয়োজন ভিতৰত পদাৰ্পণ কৰাৰ লগে লগে ঢোল
, বাঁহী আদি বাজি উঠিল৷ কুসুম বিভূষিতা বনবালাসকলে ফুল ছটিয়াই ছটিয়াই নাচিবলৈ ধৰিলে

দ্বীপস্তমভৰ
ওপৰৰ খিৰিকীৰে সেই দৃশ্য দেখি চম্পাই জয়াক সুধিলে
এয়া কি জয়া? ইমানবোৰ ছোৱালী কৰ পৰা সংগ্ৰহ কৰা হল৷

আজি যে ৰাণীৰ
বিবাহ
?
’’
কৈয়েই জয়াই হাঁহি দিলে৷

বুদ্ধগুপ্তই
বিশাল জলাশয়ৰ ফালে চাই আছিল৷ উগ্ৰমূ
ৰ্তি
ধৰি চম্পাই সুধিলে
– ‘সঁচা নেকি? ’

তোমাৰ ইচ্চা
থাকিলে সঁচা হ
ব পাৰে৷

‘‘চম্পা কিমান দিনৰ পৰা মই জ্বালামুখী বুকুত ডবাই ৰাখিছোঁ৷ ’’

মনে মনে থাকা, মহানাৱিক! মোক নিঃসহায় আৰু কঙাল বুলি জানি তুমি আজি প্ৰতিশোধ
ব বিচাৰিলা? ”

মই তোমাৰ দেউতাৰ
হত্যাকাৰী নহওঁ চম্পা! তেওঁৰ অন্য এজন দস্যুৰ অস্ত্ৰাঘাততহে মৃত্যু হৈছিল৷

যদি মই এই কথা
বিশ্বাস কৰিব পাৰিলোঁহেঁতেন বুদ্ধগুপ্ত সেই দিনটো কিমান সুন্দৰ হ
লহেঁতেন? সেই দিনটো কিমান স্পৃহনীয়!
আহ! তুমি নিষ্ঠুৰতাৰ মাজতো কিমান মহান হ
লাহেঁতেন? ”

জয়া তললৈ নামি
ল৷ স্তমভৰ এটা আছুতীয়া কোণত বুদ্ধগুপ্ত আৰু চম্পা নীৰৱে সন্মুখা-সন্মুখিকৈ
বহি আছে৷

বুদ্ধগুপ্তই
চম্পাৰ দুয়োটা ভৰিত সাৱটি ধৰি ব্যাকুল হৈ ক
বলৈ ধৰিলে– “চম্পা! আমি জন্মভূমি ভাৰতৰ পৰা ইমান দূৰত এই নিৰীহ প্ৰাণীবোৰৰ
মাজত ইন্দ্ৰ আৰু শশীৰ দৰে পূজ্য৷ কিন্তু নাজানো কি অভিশাপে আমাক এতিয়ালৈকে বেলেগ কৰি
ৰাখিছে৷ মনত পৰিছে
, সেইখন দাৰ্শনিকৰ দৰে
দেশ
,
মহিমাৰ প্ৰতিমা! মোক দেশৰ স্মৃতিয়ে প্ৰতিক্ষণতে আকৰ্ষিত কৰি
আহিছে
,
কিন্তু কিয় নাযাওঁ জানানে? ইমান মহত্ত্ব পোৱাৰ পিছতো মই কঙাল৷ মোৰ শিলৰ দৰে কঠোৰ হৃদয় এদিন তোমাৰ স্পৰ্শত
চন্দ্ৰকান্ত মণিৰ দৰে জিলিকি উছিছিল৷

চম্পা, মই ঈশ্বৰক নামানো, মই পাপো নামানো, মই দয়া কিবুজি নাপাওঁ, মই পৰলোক বিশ্বাস নকৰো৷ কিন্তু মোৰ হৃদয়ৰ কোনো এক দুৰ্বল অংশৰ ওপৰত শ্ৰদ্ধা হয়৷
তুমি নাজানা
, বিপথে যাব খোজা মোৰ শূন্য হৃদয়ত কিদৰে
তৰালিৰ সৃষ্টি হ
, আলোকৰ এক কোমল ৰেখাই এই নিবিড় অন্ধকাৰৰ মাজত মিচিকিয়াই৷ পশুত্ব
আৰু ধনৰ উপাসকৰ মানসপটত কোনো শান্ত কোমল কামনাই খিল্‌খিলাই উঠিল৷ মই হাঁহিব নোৱাৰিলোঁ৷

যাবানে চম্পা!
পোতবাহিনীৰ ওপৰত বহুত ধন-সম্পত্তি বোজা কৰি লৈ ৰাজৰাণীৰ দৰে জন্মভূমিৰ বুকুলৈ
? আজি আমাৰ শুভ পৰিণয় হলে কাইলৈ আমি
ভাৰতলৈ প্ৰস্থান কৰিম৷ মহানাৱিক বুদ্ধগু
প্তৰ
আদেশ
সিন্ধুৰ ঢৌৱেও নিজে নিজেই পোতপুঞ্জক দক্ষিণ পৱনৰ দৰে ভাৰত
পোৱাই দিব৷ চম্পা ব
লা!

চম্পাই তেওঁৰ
হাতদুখনত সাৱটি ধৰিলে৷ কোনো আকস্মিক জোকাৰণিয়ে এক মুহূতৰ্ৰ কাৰণে দুয়োৰে ওঁঠযুৰি মিলাই
দিলে৷ হঠাৎ সচেতন হৈ চম্পাই ক
লে– “বুদ্ধগুপ্ত, মোৰ কাৰণে সকলো মাটিয়েই ভূমি, সকলো জলেই তৰল, সকলো পৱনেই শীতল৷ কোনো বিশেষ আকাংক্ষা অগ্নিৰ দৰে হৃদয়ত প্ৰজ্বলিত
হৈ থকা নাই৷ সকলোবোৰ মিলাই মোৰ বাবে সকলোতে কেৱল শূন্যতা৷
প্ৰিয় নাৱিক! তুমি স্বদেশলৈ উভতি যোৱা ঐশ্বৰ্যৰ সুখ ভোগ কৰিবলৈ৷
মোক এৰি দিয়া এই নিৰীহ মানুহবোৰৰ সুখ-দুখৰ সমভাগী হৈ সেৱা কৰিবলৈ৷

তেতিয়াহলে মই সঁচাকৈয়ে গুচি যাম৷ ইয়াত থাকি [নিজৰ] মোৰ হৃদয়ৰ ওপৰত যে
অধিকাৰ কৰিব পাৰিম সন্দেহ আছে৷ আহ! এই ঢৌতে মোৰ বিনাশ হোৱাহেঁতেন৷ মহানাৱিকৰ মাতত কৰুণাৰ
সুৰ
,
পুনৰ সুধিলে– “অকলে তুমি ইয়াত কি কৰিবা? ’’

প্ৰথমতে ভাবিছিলোঁ
কেতিয়াবা এই দ্বীপস্তমভৰ ওপৰত আলোক জ্বলাই দেউতাৰ সমাধিস্থল এই জলাশয়তে অন্বেষণ কৰিম৷
কিন্তু এতিয়া দেখিছোঁ
, ময়ো ইয়াতে জ্বলিব লাগিব, যেনেকৈ আকাশদীপ’’

 

এদিন ৰাতিপুৱাৰ
কোমল ৰ
দালিত দ্বীপস্তমভৰ ওপৰৰ পৰা চম্পাই দেখিলেসামুদ্ৰিক নাওবোৰৰ এটা লানি চম্পাদ্বীপৰ দীপকূল ত্যাগ কৰি পশ্চিম-উত্তৰৰ
ফালে মহাজাল কালৰ দৰে আগবাঢ়ি গৈ আছে৷ তাইৰ চকুৱেদি লোতক বৈ আহিল৷

এইবোৰ কিমান
শতিকাৰ আগৰ কথা৷ চম্পাই আজীৱন সেই দ্বীপস্তমভত আলোক জ্বলাই থাকিল৷ তাৰ পিছতে বহুত দিনলৈ
দ্বীপৰ নিৱাসীসকলে সেই স্তমভটো মায়া
, মমতা আৰু স্নেহ, সেৱাৰ দেৱীৰ সমাধিস্বৰূপে
তেওঁক পূজা কৰি আছিল৷ এদিন কুটিল হাতোৰাই চঞ্চলতাৰে স্তমভটো থানবান কৰি দিলে৷

Popular Post

ঐতিহাসিক চিঠি