অব্যক্ত যন্ত্ৰণা
মূল: গী দ্য মোপাছাঁ
অনুবাদ: ড০ মৃদুস্মিতা ফুকন
Guy de Maupassant
ফুলৰ
বতৰ৷ ফুলনিখনত বসন্তৰ পৰশ সুস্পষ্ট৷ মধ্যবয়সীয়া ভদ্ৰলোক দুজনে ফুলনিৰ মাজে মাজে
খোজকাঢ়ি আছে৷ দুয়োজন ল’ৰালিৰে বন্ধু৷ এজন কেবিনেটৰ সদস্য আৰু আনজন চ’নেটৰ
সভ্য৷ এওঁলোক দুয়োজনেই সম্ভ্ৰান্ত, প্ৰভাৱশালী, গম্ভীৰ আৰু চিন্তাশীল৷
দুয়োৰে
মাজত সমকালীন ৰাজনীতি লৈ আলোচনা চলিছিল৷ সেই আলোচনাত কল্পনা লেখমাত্ৰও নাই — যথেষ্ট বস্তুনিষ্ঠ আলোচনা৷
কিন্তু অলপ সময়ৰ পাছতে বিষয়টো একান্ত ব্যক্তিগত হৈ উঠিল৷ যুক্তি-তৰ্কতকৈ সেইটোৱেই
বেছি আকৰ্ষণীয় যেন লাগিল৷ কথাই কথাই দুয়ো এৰি অহা সোণালী দিনবোৰ সুঁৱৰিবলৈ ধৰিলে৷
বসন্তৰ মধুৰ বতাহজাকত দুই আত্মবিভোৰ প্ৰাণী ফুৰি থাকিল৷
দেৱালবোৰো
নানা ৰঙৰ, নানা সুগন্ধৰ ফুলেৰে ভৰপূৰ৷ ওচৰৰে এথোপা ফুলৰ সুৰভি পচোৱা বতাহজাকে চাৰিওফালে
বিয়পাই গ’ল৷ মন্ত্ৰী মহোদয়ে প্ৰাণ ভৰি উপভোগ কৰিলে পুষ্প পৰাগ৷ তেওঁ
মুখ তুলি সেই ফুলৰ থোপাটোলৈ চালে৷ থোপাটো যেন নিবিড় বেদনাত লেউ-সেউ হৈ পৰিছে৷
তেওঁ
ক’লে – “চোৱা, এই পুংকেশৰবোৰে শত যোজন উৰি
গৈ স্ত্ৰীকেশৰক এক প্ৰাণৰ সঞ্চাৰ কৰিব, উন্মেষিত হ’ব নৱ অংকুৰ৷ কণমানি গুটি
এটাৰ পৰাই গজালি ওলাব৷ সেইবোৰ আমাৰ দৰেই মৰণশীল – আকৌ আমাৰ দৰেই সেইবোৰেও জন্ম দি যায়
উত্তৰ-সাধকৰ৷ ” — এইবুলি তেওঁ বুকু ভৰি
গোন্ধটো লৈ ক’লে –
“ চোৱাচোন, গছবোৰ কেনে আচৰিত! সিহঁতে
নিষ্ক্ৰিয় হৈয়েই সৃষ্টি কৰে, আৰু বংশধৰসকলক ত্যাগ কৰে নিৰাসক্তভাৱেই৷
সেইবোৰৰ প্ৰতি সিহঁতৰ কোনো দায়-দায়িত্ব নাই৷ ”
“ আমিওতো তাকেই কৰোঁ৷ ”
“ সেইটোও হয়৷ মানুহেও মাজে মাজে নিজৰ শিশু সন্তানক
ডাষ্টবিনত পেলাই দিয়ে৷ কিন্তু প্ৰভেদটো কোনখিনিত জানা, মানুহে সেই কাম সজ্ঞানে কৰে৷ ”
“নহয়, মই সেইটো কোৱা নাই৷ মানুহৰ সমাজত জানো এনে শিশু
নাই, যাৰ কোনো পিতৃ-পৰিচয়েই নাই? — যাৰ জন্ম অৱহেলাত! সিহঁতৰ পিতাকৰ সৈতে এই
গছজোপাৰ প্ৰভেদ ক’ত তুমি জানো নিশ্চয়কৈ ক’ব পাৰিবা, ওঠৰৰ পৰা চল্লিশ বয়সৰ মাজত
তুমি যিমানবোৰ নাৰীৰ সংস্পৰ্শলৈ আহিছা, অন্ধ কামনাৰ আবেগত যৌন উপভোগ কৰিছা, সেই সকলোবোৰ অবৈধ সংসৰ্গৰ
এটাও ফলৱতী হোৱা নাই? কোনে জানে, তোমাৰেই সৃষ্টি হয়তো কোনো হতভগীয়াই জেলৰ ভাত
খাইছে, চুৰি-ডকাইতি কৰিছে নাইবা মাৰ-পিট কৰি দিন নিয়াইছে৷ অথবা তোমাৰেই জীয়াৰীয়ে
অন্ধকাৰ কোনো গলিত ৰৈ তাইৰ দেহ-বিপনীৰ গ্ৰাহকক আহ্বান জনাইছে আৰু যদি কেনেবাকৈ
দৈৱ-দুৰ্বিপাকত কোনোবাই তাইক বাটৰ পৰা তুলি নিছে – তেন্তে তাই হয়তো ক’ৰবাত
ৰন্ধা-বঢ়া কৰিয়েই সময় কটাইছে৷ মনত ৰাখিবা, বাটে-পথে ঘূৰি ফুৰা বহুতো ছোৱালীৰে এনে দুই-এটা
সন্তান থাকে, যাৰ কোনো পিতৃ-পৰিচয়েই নাই৷ দহৰ পৰা কুৰি
ফ্ৰাংকৰ বিনিময়ত হোৱা যৌন-বিহাৰৰ ফল সেই অনাথ শিশুবোৰ৷ এই অবাঞ্চিত দলবোৰেই হ’ল
আমাৰ ব্যৱসায়বোৰৰ লোকচানৰ দিশ৷ জানানে, কোনে জন্ম দিছে এইবোৰৰ? আমি, সকলোৱে ভদ্ৰ, সম্ভ্ৰান্ত, সভ্য আৰু সৎ নাগৰিকবৃন্দই৷ যিবোৰ ভিক্ষাৰী, পকেটমাৰ দেখিবলৈ পাইছা, সমাজৰ যতবোৰ এই আৱৰ্জনা, জঞ্জাল – এইবোৰতো আমাৰেই সন্তান৷
এনেকৈয়ে
এক লেলিহান কামনাৰ ইতিহাসে কাঁইটৰ দৰে বিন্ধি আছে আমাৰ বিবেকক৷ আমাৰ শান্তি কাঢ়ি
নিছে স্মৃতিৰ এক দংশনে৷ তাতকৈও এক জঘন্য সন্দেহ, এক অনিশ্চয়তাই আমাক সদায় দহন
কৰি আছে৷ আমি কোনো দিনেই ইয়াৰ সমাধান কৰিব নোৱাৰিম৷
মোৰ
বয়স তেতিয়া পঁচিছ মান হ’ব৷ মই আৰু মোৰ বন্ধুৱে ঠিক কৰিলোঁ, আমি খোজ কাঢ়ি কাঢ়ি দেশ
ফুৰিবলৈ যাম – ঠাই চাম৷ বৃটেইনলৈকে যাবলৈ
ঠিক কৰিলোঁ৷ মোৰ সেই বন্ধুজন এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ মন্ত্ৰী৷
পোন্ধৰ
কুৰিদিন আমি ক্যুত্ দ্যু নোৰ্দ আৰু ফিনিস্তাৰ ইফালে-সিফালে মহা
আনন্দেৰে ঘূৰিলোঁ৷ তাৰ পাছত আহিলোঁ দ্যু নানেজালৈ, তেতিয়া মাৰ্চ মাহ৷ তাৰপৰা
ঘূৰি-পকি সন্ধিয়া অন্তৰীপৰ ওচৰৰ ত্ৰিপচিছ – উত্তাল তৰংগৰ সমুদ্ৰ৷ আমি আহি এখন গাঁৱত ৰাতিটো
কটালোঁ – কি জানো আছিল গাঁওখনৰ নামটো –৷
পাছদিনা
ৰাতিপুৱা মোৰ বন্ধুজন বিছনাৰ পৰাই উঠিব নোৱৰা হ’ল, জ্বৰৰ কোবত তেওঁৰ গোটেই
শৰীৰতে ভাগৰ আৰু ক্লান্তি৷ বিছনা শব্দটো মই অৱশ্যে নিতান্ত অভ্যাসৰ বশ হৈহে
উচ্চাৰণ কৰিছোঁ৷ শুকান খেৰ অলপ পাৰিয়েই আমি শুইছিলোঁ৷ তাত সেইদৰে জ্বৰৰ গাৰে পৰি
থকাটো অসম্ভৱ বুলি জানিয়েই মই তেওঁক টানি উঠালোঁ আৰু তাৰ পৰা কোনোমতে গৈ আবেলি
চাৰি বজাত আদিয়ান পালোগৈ৷ পিছদিনা বন্ধুৱে কোনোমতে গাটো অলপ তঙাই লোৱাত আমি বাট
বুলিলোঁ; কিন্তু দুপৰীয়াৰ আগে আগে তেওঁ আকৌ অসুস্থ হৈ পৰিল৷ অতি কষ্টেৰে আমি আহি আহি অৱশেষত পন্ত লাবি পালোহি৷ ভাগ্যে
অতিথিশালা এটা বিচাৰি পালোঁ৷ বন্ধুক বিছনাত শুৱাই কুইম্পাৰৰ পৰা ডাক্তৰ আনিবলৈ
পঠালোঁ৷ ডাক্তৰে আহি ক’লে, জ্বৰ খুব বাঢ়িছে৷ পাছে তেওঁ
ৰোগটো ঠিককৈ ধৰিব নোৱাৰিলে৷
পন্ত
লাবিলৈ কেতিয়াবা গৈছা নে? যোৱা নাই! ঠাইখন বৃটিছৰ উপনিবেশ বুলি কোৱা হয়৷
তাৰ মানুহবোৰৰ চাল-চলন, আচাৰ-ব্যৱহাৰত সেই প্ৰাচীন ঐতিহ্য এতিয়াও অটুট
আছে৷ অকণো সলনি হোৱা নাই৷
মোৰ
পাপৰ পৰাচিত কৰিবলৈ আজিও প্ৰতি বছৰে মই তালৈ যাওঁ৷
তাতে
এটা পুৰণি দুৰ্গ আছে, তাৰ পিৰালিটো ওচৰৰ হ্ৰদ এটাৰ ঢৌৱে চুইছেহি৷ বৰ
দ হ্ৰদটো৷ তাৰ পানী কাজলবৰণীয়া, চালে কিবা ভয় ভয় লাগে৷ ৰাতিপুৱা বনৰীয়া হাঁহবোৰ
আহি হ্ৰদটোত পৰেহি৷ চহৰখনৰ কাষেদি নৈ এখনো বৈ গৈছে৷ নদীখন সেই হ্ৰদটোৰ পৰাই
ওলাইছে৷ বাট-পথ, ঘৰ-দুৱাৰবোৰ পুৰণি, সৰু-মধ্যযুগীয় ধাৰণাৰে সজা৷
মানুহবোৰে এতিয়াও মূৰত দীঘল দীঘল টুপী পিন্ধে৷ তেওঁলোকৰ গাত বেজিৰে মিহিকৈ ফুল তোলা চোলা৷ তেওঁলোকে
এটাৰ ওপৰত এটাকৈ জাপি জাপি চাৰিটামান চোলা পিন্ধে৷ একেবাৰে তলৰ চোলাটো আধা হাতমান
চুটি৷ এটাৰ কান্ধলৈকে পটি লগোৱা আৰু একেবাৰে ওপৰত এটা চুটি জেকেটৰ দৰে চোলা৷
ছোৱালীবোৰ ধুনীয়া, শকত-আৱত৷ সিহঁতৰ বুকুত টানকৈ বন্ধা ডাঠ কাপোৰৰ
ব্লাউজ৷ কাপোৰৰ টান বান্ধটোৰ বাবে সিহঁতৰ উঠন নিপোটল বুকু্ৰ সামান্যতম আভাসো পোৱা
নাযায়৷ সিহঁতৰ মূৰৰ সাজোন-কাচোন অদ্ভুত৷ কাণৰ দুয়োকাষে দুটা ফুলাম পটি ওলমি থাকে৷
চুলিবোৰ পিছলৈ টানি টানি ফণিয়াই লয়৷ কান্ধৰ ওপৰেদি চুলিকোছা নি মূৰৰ ওপৰত চূড়া
তুলি বান্ধি থয় আৰু তাত সোণ-ৰূপৰ বিবিধ ৰকমৰ কাকৈবোৰ লগায়৷
আমি
থকা অতিথিশালাটোৰ পৰিচাৰিকাজনী ওঠৰ বছৰীয়া যুৱতী৷ তাইৰ চকু দুটা পাতল নীলা আকাশৰ
দৰে৷ দুটা ক’লা বিন্দুৰ দৰে তাইৰ চকুৰ মণিযোৰ – সুগভীৰ মন চুই যোৱা চাৱনি৷
তাইৰ হাঁহি ভৰা মুখৰ সুন্দৰ ডালিমগুটীয়া দাঁতকেইটা দেখিলে ভাৱ হয়, তাত শিলেও কামোৰ বহুৱাব
পাৰে! পাছে তাই ফৰাচী ভাষাৰ ‘ফ’টোও
নাজানে৷ মনৰ ভাৱ প্ৰকাশৰ একমাত্ৰ বাহন আছিল তাইৰ নিজৰ ভাষা৷
ইফালে
মোৰ বন্ধু সুস্থ হৈ উঠাৰ কোনো লক্ষণ নাই৷ ঘূৰা-পকা দূৰৰে কথ, ডাক্তৰে সম্পূৰ্ণ জিৰণিৰহে
পৰামৰ্শ দিছে৷ সাতে-পাঁচে ময়ো ৰোগীৰ বিছনাৰ কাষতে দিন কটাবলগীয়া হ’ল৷
পৰিচাৰিকাজনীয়ে যেতিয়াই- তেতিয়াই অহা-যোৱা কৰি থাকে৷ তাই কেতিয়াবা মোৰ আহাৰ আনে, কেতিয়াবা ৰোগীৰ পথ্য আনে৷
প্ৰায়েই
ইচ্ছা হয়, তাইৰে সৈতে যেন হাঁহি-তামচা কৰিম৷ আমনিও লাগিছে, কিন্তু আমাৰ কোনোজনেই কথা
পাতিব নোৱাৰোঁ – কোনেও যে কাৰো ভাষা নাজানো!
সেইদিনা
বহুত পৰলৈকে সাৰে আছিলোঁ৷ বন্ধুৰ টোপনি যোৱাত মই মোৰ কোঠাত শুবলৈ উঠি আহিছোঁহে
মাত্ৰ৷ তেনেতে দেখিছোঁ, ঠিক দুৱাৰ-মুখতে পৰিচাৰিকাজনী৷ তাই নিজৰ কোঠালৈ
উভতি গৈছিল৷ হঠাৎ, আগ-পিছ একো নুগুণি, ধেমালিৰ ভংগীতে দুহাতেৰে তাইৰ কঁকালত সাৱটি
ধৰিলোঁ৷ বেচেৰীয়ে বিস্ময়ত হতবাক হোৱাৰ আগতেই তাইক মোৰ কোঠাত সুমুৱাই দুৱাৰখন
ভিতৰৰপৰা ভালকৈ বন্ধ কৰি দিলোঁ! তাই বিস্মিত হৈ পৰিল, ভয়তে মুখৰ মাত-বোল বন্ধ হ’ল৷
তাই বোধকৰো ভয়তে চিঞৰিব খুজিছিল, অথচ এটা শব্দও মুখেৰে উলিয়াব পৰা নাই৷ এক
কেলেংকাৰীৰ আতংকই যেন তাইৰ ডিঙিটো চেপি ধৰিছে৷ যিটো কথা জনাজাত হ’লে, মালিকে হয়তো তাইক চাকৰিৰ
পৰাই বৰ্খাস্ত কৰিব৷ তাতকৈও বেছি শাস্তি – হয়তো তাইৰ হাড়-মূৰ গুড়ি কৰি দিব পাৰে৷ প্ৰথমতে
ঘটনাটো ধেমালিৰ দৰেই ঘটি গ’ল যদিও বন্ধ কোঠালিটোত তাইক অকলে পাই অন্ধ
কামনাত মই আত্মহাৰা হৈ গ’লোঁ৷ বহুপৰ আমি দুয়ো নি: শব্দে টনা-আজোঁৰা কৰি
থাকিলো৷ আমি দুয়ো যেন দুটা মালহে! আচোৰা-আচুৰি, কামোৰা-কামুৰি, চিকুটা-চিকুটি আমাৰ মাজত চলি
থাকিল৷ উশাহ-নিশাহ বন্ধ হৈ যাওঁ যেন হ’ল৷ দুয়ো বেচ ঘামিছোঁও৷ এটা
কামোন্মক্ত পশুশক্তিৰ বিৰুদ্ধে তাই শৰীৰৰ সমস্ত শক্তিৰে প্ৰচণ্ড প্ৰতিৰোধ কৰিছে৷
মাজে মাজে কোঠাটোৰ চকী-মেজবোৰতো খুন্দা খাইছোঁ৷ শব্দত কেনেবাকৈ কাৰোবাৰ টোপনি
ভাঙিব পাৰে বুলিও সচেতন হৈ দুয়ো আকৌ কেই মুহূৰ্তমানৰ বাবে লৰচৰ কৰাও বন্ধ কৰি দিও৷
এই ক্ষণিকৰ বিৰতিৰ পাছত আকৌ আৰম্ভ হয় আমাৰ সেই বিৰামবিহীন সংগ্ৰাম – মোৰ পুনৰাক্ৰমণ আৰু তাইৰ
আত্মৰক্ষা৷ এসময়ত লাহে লাহে তাই ভাগৰত লেবেজান হৈ পৰিল৷ যুঁজি যুঁজি ভাগৰি
নিস্পন্দ দেহেৰে তাই মজিয়াত লুটি খাই পৰিল৷ এইবাৰ তাই আৰু বাধা দিব নোৱাৰিলে৷
সময়
থমকি ৰ’ল কিছু পৰৰ বাবে৷ পাশবিকতাৰ উদ্দাম উন্মাদনাত তেতিয়া মই
নিজকে হেৰুৱাই পেলাইছিলোঁ৷
মোৰ
ওচৰৰ পৰা মুক্তি পাই তাই দৌৰি পলাল৷ তাৰ পাছত দুদিনমান মই তাইক দেখা নাই৷ মোক আৰু
কাষলৈকে আহিবলৈ দিয়া নাছিল তাই৷ মোৰ বন্ধু ইতিমধ্যে সুস্থ হৈ উঠিছে৷ ঠিক কৰিলোঁ, পলম নকৰি পাছদিনাই আমি
যামগৈ৷
সেইদিনা
মাজৰাতি, মোক নীৰৱে অনুসৰণ কৰি তাই আহি মোৰ কোঠাত সোমালহি৷ শুদা ভৰি – গাত শ্লিপিং গাউনটো৷ তাই
বিনা বাক্যে জাপ মাৰি আহি মোক দুহাতে টানি আনি জোৰেৰে সাৱটি ধৰিলেহি৷ গোটেই ৰাতি
সেইদৰে মোৰ বুকুত মুখখন গুজি দি তাই উচুপি উচুপি কান্দি থাকিল৷ আমি কোনেও কাৰো
ভাষা নাজানো৷ তাইৰ চকুৰ পানীতে তাইৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিলোঁ৷ মৰমিয়াল নাৰীৰ
দৰে তাই মোৰ পৰিচৰ্যা কৰি থাকিল৷ পুৱাৰ পোহৰত দেখিলোঁ, তাইৰ সুগভীৰ ব্যথাভৰা চকু
দুটা চকুলোৰে ভৰা৷ সেয়াই আমাৰ শেষ দেখা৷
ঘটনাটো
পাহৰি যাবলৈ মোৰ অৱশ্যে বেছি সময় নালাগিল৷ তদুপৰি ঘূৰি-পকি ফুৰিলে দুই-এটা ঘটনা
ঘটেই আৰু হোটেলৰ দাসীসকলে অতিথি পৰিচৰ্যা কৰেই – এইটো সেই ধৰণৰ স্বাভাৱিক ঘটনাই বুলিব পাৰি৷
ইয়াৰ
পাছত ডেৰ কুৰি বছৰ পাৰ হৈ গ’ল৷ ইয়াৰ মাজত ময়ো পন্ত
লাবিলৈ যোৱা নাই৷ গতিকে ঘটনাটো একেবাৰে পাহৰি গৈছোঁ৷ সেইবোৰৰ মাজতে বৃটেইনলৈ
যাবলগা হৈছিল – গৱেষণাৰ বাবে কিছু তথ্যৰ
প্ৰয়োজন হৈছিল৷ আকৌ আহিলোঁ সেই চহৰখনলৈ৷ আচৰিত দেখিলোঁ – একোৱেই সলনি হোৱা নাই৷ সেই
একেই পুৰণি দুৰ্গ — সেই একেই সাগৰৰ নীলা ঢৌ৷ সেই পুৰণি অতিথিশালাটোতহে মাত্ৰ
আধুনিকতাৰ সামান্য পৰশ লাগিছে৷ মই সোমোৱাৰ লগে লগে মৰমলগা চেহেৰাৰ দুজনী পাটগাভৰু
হাঁহি মুখে আগবাঢ়ি আহিল৷ তেওঁলোকৰো বুকুত কাঁচুলি, মূৰত ৰূপৰ কাকৈ, কাণৰ কাষত ওলমি থকা দুডাল
দীঘল ৰেচমী পটি৷
সন্ধিয়া
মই ৰাতিৰ আহাৰৰ বাবে বহোঁতে মেনেজাৰজনেই মোক সোধ-পোচ কৰিলে৷ হঠাত্ কি জানো
দুৰ্বুদ্ধি হ’ল- তেওঁক সুধিলোঁ, পুৰণা মালিকৰ বিষয়ে তেওঁ
কিবা জানে নেকি? – মানে প্ৰায় ডেৰ কুৰি বছৰৰ আগতে মই আহোঁতে যিজন
মালিক আছিল তেওঁৰ কথা সুধিলোঁ৷
“ তেতিয়া মোৰ দেউতাই ইয়াৰ মালিক আছিল৷ ”—মেনেজাৰজনে
উত্তৰ দিলে৷
তাৰ
পাছত মই তেওঁক ক’লোঁ,
– “ মোৰ বন্ধুজনৰ অসুখ হোৱাত মই
ইয়াতে কেইদিনমান থাকিবলগা হৈছিল৷ ”
“ মোৰ মনত পৰিছে”— তেওঁ ক’লে৷ “তেতিয়া
মোৰ বয়স যোল্ল মান আছিল৷ আপুনি সৌ চুকৰ কোঠাটোত আছিল আৰু আপোনাৰ বন্ধুজন আছিল
ৰাস্তাৰ কাষৰ সৌ কোঠাটোত৷ মই এতিয়া তাতে থাকোঁ৷ ”
তেতিয়া
সেই কিশোৰী পৰিচাৰিকাজনীৰ কথা মোৰ মনত পৰিল৷ মই সুধিলোঁ, — “তেতিয়া যে ছোৱালী এজনীয়ে পৰিচাৰিকাৰ কাম কৰিছিল, তোমাৰ মনত আছে নে? বৰ ভাল ছোৱালী, তাইৰ চকুহাল আছিল দীঘল টনা
টনা আৰু দাঁতকেইটা আছিল ডালিমগুটীয়া৷ ”
“ মনত আছে৷ সন্তান এটা প্ৰসৱ কৰাৰ সময়তে তাই
ঢুকাল৷ ”
চোতালতে
লেংপেঙীয়া খোৰা ল’ৰা এটাই গোবৰ চাফা কৰি আছিল৷ তাৰ ফালে আঙুলি
টোঁৱাই তেওঁ ক’লে –
“সৌটো তাইৰে ল’ৰা৷ ”
“ হয় নেকি? ল’ৰাটো দেখোন মাকৰ নিচিনা
ধুনীয়া নহ’ল৷ হয়তো বাপেকৰ চেহেৰা পাইছে, নে কি কোৱা? ”—নিজৰ
ৰসিকতাত মই নিজেই হাঁহিলো৷
“ হ’ব পাৰে৷ ”— মেনেজাৰজনে ক’লে৷ “কিন্তু
কোন ধুৰন্ধৰ যে তাৰ বাপেক সেইটোহে কোনেও নাজানে৷ তাই বেচেৰীয়ে কোনো পধ্যেই কাৰো
নাম নক’লে৷ তাইৰ যে এনেকুৱা কোনোবা আছে – তাৰো কোনেও গমকে নাপায়৷ তাইৰ
যেতিয়া কেঁচুৱা হ’ব বুলি জনা গ’ল, তেতিয়াতো সকলো অবাক৷ প্ৰথমতে
কথাটো কোনেও বিশ্বাসেই কৰা নাছিল৷ ”
মোৰ
মেৰুদণ্ডই দি যেন হিম চেঁচা পানী এসোঁতাহে বৈ গ’ল৷
এটা অস্বস্তিকৰ অনুভূতিয়ে মোৰ উশাহ-নিশাহ বন্ধ কৰি পেলালে৷ কোনো এক আতংকৰ
পূৰ্বাভাষে মোক যেন যন্ত্ৰণাত আচ্ছন্ন কৰি পেলালে৷ ভয়ে ভয়ে মই চোতালৰ সেই ল’ৰাটোলৈ
চালোঁ৷ দুহাতে দুটা বাল্টি লৈ লেঙেৰিয়াই লেঙেৰিয়াই সি ঘোঁৰাৰ বাবে পানী আনিছে৷ গাত
এখন ফটা-ছিটা কম্বল৷ মূৰত একোচা শুকান জপৰা চুলি৷
মেনেজাৰজনে
কৈ গ’ল – “ এই হতভগীয়াটো কোনো কামৰ
মানুহ নহয়৷ আন দহোটা মানুহৰ দৰে সিয়ো সাধাৰণ মানুহ এটা হোৱা হ’লেও
ভাল আছিল৷ কিন্তু কি কৰিম – মাক বাপেক কোনো নাই, কোনো আত্মীয়-কুটুমো নাই৷
দেউতাই তাক মৰম কৰি ৰাখিছিল৷ কিন্তু যিমানেই নহওক, সিটো আৰু তেওঁৰ নিজৰ সন্তান
নহয়৷ ”
মই
মনে মনে ৰ’লো৷ কোনো উত্তৰ নিদিলো৷ সেই ঘৰটোত, সেই চিনাকি বিছনাখনত শুই শুই
ওৰে ৰাতি মই চকুৰ টিপ এটাকে মাৰিব নোৱাৰিলোঁ৷ বাৰে বাৰে মনলৈ আহিছে ঘোঁৰাশাল চাফা
কৰা সেই ল’ৰাটোৰ ছবি৷ যন্ত্ৰণাত ছটফটাই আছো – সি যদি সঁচাকৈয়ে মোৰ ল’ৰা
হয়৷ হয়তো ময়েই তাৰ বাপেক৷ ময়েই তাৰ মাতৃহন্তা, ভাবি ভাবি একোৰে ওৰ নোপোৱা হ’লো৷
অসম্ভৱ নহয়, হয়তো এইটোৱেই সঁচা৷
মনে
মনে ঠিক কৰিলো ল’ৰাটোক পাছদিনা মাতি আনি তাৰ সঠিক বয়সটো জানি ল’ম৷
কেইটামান মাহৰহে ধৰাবন্ধা হিচাপ – তাকে হ’লেইতো সকলো গণ্ডগোলৰ ওৰ
পৰিব৷
পাছদিনাই
ল’ৰাটোক মাতি পঠালো৷ কিন্তু মোৰেই দুৰ্ভাগ্য, সিয়ো তাৰ মাকৰ দৰেই, ফৰাচী ভাষা ক’ব
নোৱাৰে৷ বোবাৰ দৰে অসহায় দৃষ্টিৰে সি দাঁত নিকটাই মোলৈ চাই থাকিল৷ একেবাৰে নিৰ্বোধ
ল’ৰা৷ মোৰ হৈ এগৰাকী পৰিচাৰিকাই তাক তাৰ বয়সটো সুধিলে৷ পিছে
সি নিজৰ বয়সটো নাজানে৷ জন্তুৰ দৰে নানান অংগী-ভংগী কৰি সি নীৰৱে থিয় হৈ থাকিল৷ সি
কেৱল তাৰ মোটোহা-মোটোহা আঙুলিকেইটাৰে টুপীটো পকাইছে আৰু মুখেৰে অৰ্থহীন অস্ফুট
শব্দ কিছুমান কৰিছে, মই চাবলৈ মন কৰা নাছিলোঁ যদিও, তাৰ চকু আৰু ওঁঠৰ কোণত
উত্পন্ন হোৱা তাৰ মাকৰ দৰে সেই হাঁহিটো মোৰ চকুৰ পৰা সাৰি নগ’ল৷
মেনেজাৰজনে
তাৰ জন্মৰ চাৰ্টিফিকেটখন বিচাৰি আনিলে৷ দেখা গ’ল, এই হতভগীয়া জীৱটোৱে পৃথিৱীৰ
পোহৰ দেখিছে মই পান্ত লাবি এৰাৰ ঠিক আঠ মাহ ছাব্বিছ দিনৰ পাছত৷ কাৰণ মোৰ ঠিক মনত
আছে, আমি লোৰিয়েঁ পাইছিলোহি পোন্ধৰ আগষ্ট তাৰিখে৷ চাৰ্টিফিকেটত সুস্পষ্ট আখৰেৰে
লিখা আছে –‘ পিতৃ পৰিচয় অজ্ঞাত, মাকৰ নাম – জেন কেৰাদেক৷ ’
মোৰ
বুকুখনে অশান্তভাৱে ধপধপাবলৈ ধৰিলে৷ শৰীৰৰ ভিতৰত উতলি থকা তেজৰ ধাৰাটোৱে যেন মোৰ
মুখৰ মাত হৰি নিলে৷ নিৰ্বাক বিস্ময়েৰে মই সেই পশু সদৃশ মানুহটোৰ চকুলৈ চাই ৰ’লোঁ৷
অস্বস্তিত সি চকু নমালে৷ তাৰ পাছত আপ্যায়নৰ ভংগীত কোনোমতে মিচিককৈ হাঁহি এটা মাৰি
ল’ৰাটো পলাল৷
সেইদিনা
দিনটো নদীৰ পাৰে পাৰে ঘূৰিলোঁ৷ স্মৃতিৰ বিবৰ্ণ পতবোৰ অনুশোচনাৰ বেদনাত ৰক্তাক্ত
কৰি পেলালোঁ, কিন্তু হায়! ভাবি ভাবি কি হ’ব? ভাল বেয়া প্ৰত্যেকটো কথাৰে
খুঁটি-নাটি যুক্তিৰ নিৰিখতহে বিচাৰ কৰা দৰকাৰ৷ ময়েই সেই ল’ৰাটোৰ
বাপেক নেকি? নাই, মই নহয়৷ একো লাভ নহ’ল, আকৌ সন্দেহৰ জালে মেৰিয়াই
মেৰিয়াই ধৰিলে৷ বাৰে বাৰে ঘূৰি আহিবলগা হ’ল সেই ভয়ংকৰ অনিশ্চয়তাৰ
অন্ধকাৰলৈ৷ ক্ৰমশ: এটা দৃঢ়বিশ্বাসে মনৰ মাজত কুণ্ডলী পকাই বহিল – এই হতভগীয়া প্ৰাণীটো মোৰেই
ঔৰষজাত সন্তান৷ ময়েই তাৰ জন্মদাতা পিতৃ৷
সন্ধিয়া
খোৱা-বোৱাও কৰিব নোৱাৰিলোঁ৷ অৰুচিৰ গ্লানি বুকুৰ ভিতৰৰপৰা ওলাই আহিল৷ লাইটটো নুমুৱাই শুই পৰিলোঁ৷ চকুলৈ টোপনি
নাহিল৷ শেষৰাতি তন্দ্ৰাই আৱৰি ধৰাৰ মুহূৰ্তত কিবা এক দু: স্বপ্নৰ আতংকত চিঞৰি
দুহাতেৰে বুকুখন হেঁচা মাৰি ধৰি উঠি বহিলোঁ৷ গোটেই গাটো ঘামেৰে তিতি গৈছে৷ দেখিলোঁ, জন্তুটোৱে মোলৈকে চাই দাঁত
নিকটাই হাঁহিছে, ‘দেউতা; বুলি মাতিছে৷ তাৰ পাছত জন্তুটো যেন হঠাতে এটা
কুকুৰ হৈ গ’ল৷ দৌৰি আহি সি মোৰ ভৰিত জোৰেৰে কামোৰ মাৰি
দিলেহি৷ মই দৌৰি পলালোঁ – সিয়ো মোৰ পিছে পিছে খেদি
আহিল৷ সি কিন্তু কুকুৰৰ দৰে ভুকা নাই – মানুহৰ দৰে কিবাকিবি কৈ মোক ধিক্কাৰ দিছে৷ শেষত
সি আহি বিশ্ববিদ্যালয়ৰ সভাঘৰত উপস্থিত হ’লহি৷ তাত চ’নেটৰ
সদস্যসকল মোৰ পিতৃত্বৰ বিচাৰ কৰাৰ বাবে উপস্থিত আছিলেই৷ তাৰ মাজৰে এজনে অলপ ডাঙৰ
মাতেৰে ক’লে –
“ সন্দেহ কৰিবলগা একো নাই – ক’তনো
মিল দেখিছে? ”
মই
অন্তৰেৰে অনুভৱ কৰিছোঁ – এই হতভগীয়াটোৰ চেহেৰাৰ মোৰ
সৈতে মিল আছে৷ এই ধাৰণাই মোৰ মনত একেবাৰে সাঁচ বহুৱাই দিছে৷
টোপনি
ভাগি যোৱাত অস্থিৰ হৈ পৰিলোঁ৷ তাক এবাৰ চাবলৈ মন গ’ল – মোৰ নিজৰ সৈতে তাক এবাৰ
মিলাই চাবলৈ বৰ মন গ’ল৷
দেওবাৰৰ
ৰাতিপুৱা, গীৰ্জালৈ যোৱা বাটতে তাক দেখিলোঁ – পাঁচ ফ্ৰাংক তাৰ হাতত দি তাক তন্ন তন্নকৈ
চালোঁ৷ মোহৰটো হাতত লৈ তাৰ মুখত অসহায়ৰ অক্ষম হাঁহিটো ফুটি উঠিল৷ সি এবাৰ
অস্বস্তিত চটফটাবলৈ ধৰে আৰু তাৰ পাছতে অস্পষ্ট শব্দ কিছুমান মুখৰ ভিতৰতে বিৰবিৰাই
দৌৰি পলায়৷ হয়তো ধন্যবাদ জনায়৷ মই সেইদিনাও বৰ যন্ত্ৰণাত কটালোঁ!
ৰাতি
হোটেলৰ মেনেজাৰজনক মাতি পঠালোঁ৷ খুব সাৱধানেৰে, অনেক কৌশল কৰি এক নিস্পৃহ স্বৰেৰে তেওঁক জনালোঁ
যে, সেই অনাথ ল’ৰাটোৰ প্ৰতি মোৰ মায়া উপজিছে, তাৰ বাবে মই কিবা এটা কৰিব
খুজিছোঁ৷
মেনেজাৰে
উপদেশ দিলে – “তাৰ
বাবে আপুনি একো নাভাবিব, ডাঙৰীয়া৷ তাৰ বাবে আপোনাৰতো একো লাভ নহয়েই, বৰং জঞ্জালহে চপাই লোৱা হ’ব৷
আমাৰ ইয়াত সি দুবেলা দুমুঠি খাই ঘোঁৰাশালৰ চুকতে পৰি থাকে৷ সেই কামটোৱেই সি কৰিব
পাৰে আৰু তাৰনো খৰচ কি? পুৰণা কানি-কাপোৰ কিবা আছে যদি তাৰে দুটামান
তাৰ বাবে দি যাব পাৰে৷ অৱশ্যে সেই কেলেহুৱাটোৱে সেইবোৰ দুদিনতে ফালি চিৰিলা-চিৰিল
কৰিব৷ ”
মই
আৰু একো নক’লোঁ৷ অলপ ভাবিলোঁ৷ অলপ পাছতে হতভগীয়াটো মদৰ
নিচাত থৰক-বৰককৈ আহি ঘোঁৰাশাল পালেহি৷ অলপতেহে ঘোঁৰাশালত জুই নলগালে৷ সেইবোৰ গোলমাল
শেষ হোৱাৰ পাছত সি কোৰ এখন লৈ খুটি এটা উভালি পেলালে৷ তাৰ পাছত চোতালৰ বোকাৰ দ’মটোতে
বাগৰি বাগৰি বৰষুণত তিতি-বুৰি সেইফালেই তাৰ টোপনি গ’ল৷
মই দিয়া ধনেৰে তাৰ সেয়াই উপকাৰ হ’ল৷
পাছদিনা
মেনেজাৰজন আহি মোক অনুৰোধ কৰিলে মই যেন তাক পা-পইচা একো নিদিও৷ মদৰ নিচাত সি পগলাৰ
দৰে হয় আৰু হাতত ধন পৰিলে সি মদ খাবই৷ তেওঁ ক’লে, তাক যদি একেবাৰে মাৰি পেলাবৰ
মন নাই, তেতিয়াহ’লে তাক যেন পা-পইচা নিদিও৷
ল’ৰাটোৱে
জীৱনত ধন-বিত একো পোৱা নাই৷ কোনোবাই যদি কেতিয়াবা তাক দুই চাৰি পইচা দিয়েও তেন্তে
সেইকেইটা লৈ মদৰ ঘাটিত সোমোৱাৰ বাহিৰে বেলেগ কথা তাৰ মনলৈ নাহেই৷
ঘৰলৈ
আহি মই কিতাপ এখন মেলি ল’লোঁ৷ পঢ়াৰ ভাওহে ধৰিলোঁ মাত্ৰ – এশাৰীও পঢ়িব পৰা নাই৷ কিতাপৰ
পাতত দেখিছোঁ সেই পশুটোক – মোৰ ল’ৰাক – মোৰ নিজৰ ল’ৰা্টোক৷
তাৰ মাজত মোৰ মিলখিনি বিচাৰিছোঁ৷ চাওঁতে চাওঁতে অৱশেষত ভাৱ হ’ল
তাৰে সৈতে মোৰ যেন কপালৰ ৰেখাতে মিল আছে৷ তাৰ আৰু মোৰ মাজত যেন অনেক অদৃশ্য
সাদৃশ্য আছে, যিবোৰ ঢাকি আছে তাৰ সেই জপকা শুকান চুলিকোচা
আৰু লেতেৰা কাপোৰযোৰে৷
আৰু
বেছি দিন থাকিব নোৱাৰিলোঁ৷ মানুহৰ মনত সন্দেহ হ’ব
পাৰে৷ সেয়ে ভাৰাক্ৰান্ত মন লৈয়েই মই উভতি আহিলোঁ৷ আহিবৰ সময়ত মেনেজাৰজনৰ হাতত অলপ
ধন দি আহিলোঁ৷ ক’লো – ধনখিনি যেন সেই অনাথ ল’ৰাটোৰ
কল্যাণৰ বাবে খৰচ কৰা হয়৷
যোৱাছটা
বছৰে এই একেটা চিন্তাই দিনে-ৰাতিয়ে মোক খুলি খুলি খাই আছে৷ এই সৰ্বনশীয়া অনিশ্চয়তা, এই নিদাৰুণ সমস্যাত মই
নিপীড়িত৷ প্ৰতি বছৰে, এক দুৰ্নিবাৰ আবেগে মোক টানি লৈ যায় পান্ত
লাবিলৈ৷ বহি বহি মই তালৈকে চাওঁ৷ সি জন্তুৰ দৰে ঘোঁৰাশালত কাম কৰে৷ তাক দেখি তাৰ
প্ৰতি কিবা এটা কৰিবৰ মন যায়৷ এইদৰেই আজিও মোৰ প্ৰায়শ্চিত্ত হৈ আছে৷ প্ৰতিবাৰেই
উভতি আহি মোৰ মনটো গভীৰ যন্ত্ৰণাত চটফটাই থাকে৷ মোৰ দুখৰ বোজা বাঢ়ি যায়৷ মনলৈ
নিদাৰুণ অৱসাদ নামি আহে৷
তাক
লিখা-পঢ়া শিকাবলৈ যত্ন কৰিছোঁ৷ কিন্তু আচৰিত ধৰণে বুৰ্বক ল’ৰাটো৷
তাৰ পৰিশ্ৰমৰ মাত্ৰা কমাবলৈ চেষ্টা কৰিছোঁ – ফলত তাৰ মদৰ মাত্ৰা বাঢ়িছে৷ কিন্তু তাৰ গোবৰেৰে
ভৰা মূৰটোত এটা বুদ্ধি ভালদৰেই উদয় হৈছে – নতুন পোচাক এযোৰ দিলে সেইযোৰ নি সি কেনেবাকৈ
বেচি মদ খোৱাৰ বাবে ধন উলিয়ায়৷ সেইটো তাক শিকাব নালাগে৷ তাৰ মালিকক মোহৰ দুটামান
ঘোচো দিলোঁ, তাক যাতে বৰকৈ গালি-গালাজ নকৰে৷ মোৰ ইমানবোৰ
চেষ্টা দেখি মেনেজাৰজন অলপ আচৰিতেই হ’ল৷ তেওঁ ক’লে – তাক যিমানে ভাল কৰিবলৈ যাব, সি সিমানে বেয়াহে হ’ব৷
তাক কয়দীৰ দৰে ৰাখিলেহে সি সৈমান হৈ থাকিব৷ কাম-কাজ কৰিবলৈ দি থাকিলেহে সি ভালে
থাকে৷ আৰামত বহুৱাই ৰাখিলে, তাৰ মূৰত কূট বুদ্ধিবোৰে বাহ লয়৷ আপুনি পুণ্য
অৰ্জন কৰিব খুজিছে যদি দেশৰ আনবোৰ দুখীয়া, অনাথ লোকক সহায় কৰকগৈ৷ এনে কোনো লোকক সহায় কৰক
যি আপোনাৰ সৎ কৰ্মৰ মৰ্যাদা বুজি পায়৷
মই
আৰু কি উত্তৰ দিম? মোৰ মনত নিৰন্তৰ যি সন্দেহে দোলা দি আছে
তেওঁলোকে যদি ঘূণাক্ষৰেও তাৰ কিবা সম্ভেদ পাই, তেন্তে মোক ভয় দেখুৱাই ধন আদায় কৰাৰ উপায়হে
উলিয়াব৷ মোক বাটৰ ভিকহু কৰিব৷ মোৰ পিছে পিছে দেউতা, দেউতাকৈ জোকাব – সপোনত যে দেখিছিলোঁ, তেনেকৈ!
মোৰ
নিজৰ ওপৰতে ঘিণ লাগিল, ময়েই যে তাৰ মাকক হত্যা কৰিছোঁ – ময়েইতো সেই অপৰিণত প্ৰাণীটোৰ
সৰ্বনাশৰ মূল৷ নৰকৰ এই কীটটোৰ জন্ম আৱৰ্জনাত৷ সমাজৰ আন দহজনৰ দৰে তাৰো যদি জন্ম হ’লহেঁতেন, তেন্তে সিয়ো সহজভাৱেই মানুহ
হৈ থাকিলহেঁতেন৷ তাৰ এই অস্বাভাৱিক, অসামাজিক জন্মই হয়তো তাৰ মনুষ্যত্বৰ বিকাশৰ
প্ৰতিবন্ধক!
তুমি
ধাৰণা কৰিবও নোৱাৰিবা, মই যেতিয়া তাৰ ফালে চাই জন্মদাতা, পিতা-পুত্ৰৰ অবিচ্ছেদ্য
অন্তৰংগ বন্ধনৰ কথা ভাবো মোৰ মনত এক অসহনীয় অনুভূতি জাগে৷ বংশক্ৰমৰ অনিবাৰ্য
সূত্ৰে, তেজ-মঙহে, নানা ৰূপে সি মোৰেই প্ৰতিলিপি মাত্ৰ৷ তাৰ শৰীৰৰ
কোষে কোষে মোৰেই দেহাশ্ৰিত ৰোগৰ জীৱাণু৷ তাৰ শিৰাই শিৰাই মোৰেই প্ৰথম যৌৱনৰ সেই
উন্মাদ কামনাৰ
প্ৰতিধ্বনি৷
তাক
চকুৰ আগত ৰাখিবলৈ মোৰ মনত এক দুৰ্দমনীয় বিকৃত বাসনা জাগি উঠে৷ অথচ তাক দেখিলেই মোৰ
বুকুৰ ভিতৰখন অব্যক্ত যান্ত্ৰণাত ব্যাকুল হয়৷
খিৰীকিৰে
ঘণ্টাৰ পাছত ঘণ্টা মই তালৈকে চাই থাকোঁ৷ সি আপোনমনে কোৰ মাৰে, কাম কৰে, মই মনে মনে কওঁ – ‘ আয়ৈ দেহি, মোৰ সোণটো, মোৰ কলিজাটো! ’
মাজে
মাজে তাক দুহাতেৰে সাৱটি বুকুৰ মাজত সুমুৱাই ল’বলৈ মোৰ প্ৰাণ আকুল হৈ উঠে৷
তথাপিও মই তাক এবাৰো চুই পোৱা নাই৷ তাক মই কোনোমতে চুব নোৱাৰোঁ৷ ”
শিক্ষাবিদ
এইবাৰ ৰ’ল৷
তেওঁৰ
ৰাজনীতিজ্ঞ বন্ধু মন্ত্ৰী মহোদয়ে মৃদু স্বৰেৰে ক’লে – “ও৷
অনাথ শিশুবোৰৰ বাবে আৰু কিছু পৰিকল্পনা কৰা উচিত৷ ”
বসন্তৰ
বতাহজাকে ফুলনিখন জোকাৰি গ’ল৷ হালধীয়া ৰেণু এসোপা উৰি আহি তেওঁলোকৰ চকু
মুখ ওপচাই দিলেহি৷
ৰাজনীতিজ্ঞজনে
দীঘলকৈ উশাহ এটা লৈ ক’লে –
“ এইবোৰ হ’লেও
কিন্তু ক’মেই – পঁচিছৰ বসন্তৰ সেই দিনবোৰ বৰ
মধুৰ৷ ”
********

