গল্পঃ অপ্ৰেম পত্ৰ / সুনীল গঙ্গোপাধ্যায়

Posted by : translatorsassam
June 13, 2020

অপ্ৰেম পত্ৰ

মূল : সুনীল গঙ্গোপাধ্যায়

নুবাদ : মুনমুন সৰকাৰ শইকীয়া

 

Sunil Gangopadhyay

পাৰ্টি জমি উঠিছে
দুপৰীয়াই। সৰু এপাৰ্টমেণ্ট এটাত প্ৰায় ১২-১৪জন মানুহ
, পাকঘৰৰ দায়িত্ব লৈছে পুৰুষসকলেই। বিদেশলৈ আহিলেই সকলো পুৰুষেই
ৰন্ধা বঢ়া শিকি লয়।

 

মণ্টুৱে ভাল
বিৰিয়ানী ৰান্ধে। বন্ধুসকলৰ যিকোনো এঘৰত খোৱা বোৱাৰ আয়োজন হ
লেই মণ্টুক মতা হয়। মণ্টুৰ ইমানেই ৰন্ধা বঢ়াত নিচা যে সেই
সময়ত সি পত্নীকো পাকঘৰত সোমাবলৈ নিদিয়ে। আজিজ
, নিপুৱে মাছ বাছি আছে, পাচলি কুটিছে, প্ৰত্যেকৰ হাতত বিয়েৰৰ বটল নতুবা চিগাৰেট। মহিলাসকলে সাজি-কাছি
ড্ৰয়িং ৰুমত বহি প্ৰাণ খুলি শাৰী
, গহণা,
কোনে নতুন গাড়ী ললে, কোনে বন্ধত স্বদেশলৈ যাব তাৰেই আলোচনা চলাইছে। আজি ৰন্ধা বঢ়া
কৰিব নালাগে বুলি সিহঁতৰ ফুৰ্তি।

 

এই পাৰ্টিৰ মধ্যমণি
এটি ছমহীয়া শিশু
, সি শুই আছে ৰঙা মখমলী
কাপোৰ পাৰি থোৱা দোলনাত। খুব ধুনীয়াকৈ সজাই তোলা হৈছে তাক। মূৰত পাখিৰে সজা মুকুট
, কোনোবাই মৰম কৰিবলৈ আহিলেই সি দাঁতৰ আলু খটখটাই হাঁহে। ভাল নাম
ৰখা হোৱা নাই তাৰ ঘৰত মতা নাম বাবু।

 

মালা আৰু ফিৰোজে
সকলোকে উপহাৰ আনিবলৈ হাক দিছিল
, আজি লৰাৰ জন্মদিন নহয়, কোনো উপলক্ষ নাই, অকল বন্ধ বাৰ এটাত হৈ
চৈ। মালা কেইদিনমানৰ আগতেই ল
ৰাক লৈ ঢাকাৰ পৰা আহি
পাইছে। বন্ধু-বান্ধৱীয়ে এই প্ৰথম ফিৰোজৰ সন্তানক চাব তাকো শুদা হাতে
? নানাৰঙী বেলুন আৰু খেলনাৰে ঘৰৰ এটা চুক ভৰি আছে। ফিৰোজে এইবাৰ
বাৰ কাউণ্টাৰ খুলিলে
, কাৰোবাক বীয়েৰ কাৰোবাক
ভদকা যচা হৈছে গিলাচে গিলাচে। মহিলাসকলে খাব খোজা নাই৷ ফিৰোজে আপ্ৰাণ চেষ্টা চলাইছে
তাৰ ঘনিষ্ঠ বন্ধু ফাৰুকৰ স্ত্ৰী পাখিক ৱাইন খুৱাবলৈ। মুখৰ সন্মূখত গিলাচ লৈ কৈছে অন্ততঃ
এঢোক খোৱা। মই তোমাক আগতে ৱাইন খোৱা দেখিছোঁ প্ৰফেছাৰ লোহাৰৰ ঘৰত।

 

সেই সময়ত টেলিফোন
বাজি উঠিল। ফাৰুক ৰৈ আছিল টেলিফোনৰ কাষত। ফোন ৰিছিভ কৰি সি ক
লে,

 

: গুটেন মৰগান

 

কথা পাতি থাকোঁতে
ফাৰুকৰ চেলাউৰি কোঁচ খাই গ
ল। সিফালৰ কথা শুনিব
পৰা হোৱা নাই
, সকলোৱে একদৃষ্টিৰে চাই আছে। ফাৰুকে মাউথপিচ
হেঁচা মাৰি ধৰি ফুচফুচাই ক
লে,

 

: ৰোজা।

 

কিছু সময়ৰ বাবে
অস্বস্তিকৰ নীৰৱতা কেঁচুৱাটোৰ দোলনাৰ কাষৰ পৰা মালাই তীক্ষ্ণ কণ্ঠেৰে ক
লে,

 

: কি লাগে তাইক?

 

ফাৰুকে কলে, ফিৰোজৰ সৈতে কথা পাতিব
খোজে।

 

স্ত্ৰীৰ অনুমতি
অপেক্ষা নকৰাকৈয়ে ফিৰোজে আগুৱাই গৈ ফোনটো ধৰিলে। প্ৰথমে অলপদেৰি জাৰ্মান ভাষাত কথা
পতাৰ পিছতেই আৰম্ভ হ
ল বাংলা।

 

: হয়,আহিব পাৰা, অৱশ্যেই, তোমাৰ স্বামী লগতেই আছে, তেওঁকো লগত লৈ আহিবা, কোনো অসুবিধা নহয়, হি ইজ মোষ্ট ৱেলকাম- মোৰ নতুন ঘৰৰ ডাইৰেকশ্বন কৈ দিছোঁ- হপবানহপত
নামিবা
,
তাৰ পৰা কাইজাৰ স্ট্ৰছৰ কৰ্নাৰত এঘাৰ নম্বৰ ট্ৰাম, সেইখনত আহিবা তেতিয়া হলে।

 

ফোন থৈ ফিৰোজে
লে,

 

ৰোজা আৰু তাইৰ
গিৰিয়েক আহি আছে আমাৰ ল
ৰাক চাবলৈ। আমাৰ অফিচৰ
লুডৱিগৰ পৰা গম পাইছে।

 

মালাই কলে,

 

তুমি তাইক আহিবলৈ
লা? কিয় আহিব?

 

ফিৰোজে মালাৰ
কান্ধত হাত থৈ ক
লে,

 

: এইটো এই দেশৰ ভদ্ৰতা, বেছি উত্তেজিত নহবা। আমিও ভদ্ৰতা দেখুৱাইছোঁ৷ চাবা সিহঁত বেছি দেৰিলৈ নাথাকে।

 

মালাই তথাপিও
চেলাউৰি থুপ খুৱাই থাকিল । কেঁচুৱাৰ পিনে লাহেকৈ হালি লৈ ক
লে,

 

: মুখ লগাবলৈ আহিছে।

 

ফিৰোজে হো হোৱাই
হাঁহি দিলে৷

 

বাৰান্দাৰ কাষত
থিয় হৈ আছে আহবাব আৰু ডালিম। ডালিম কেইদিনমানৰ আগতেই স্বদেশৰ পৰা আহিছে। ফ্ৰাঙ্কফুট
চহৰখনেই ভালদৰে চিনি নাপায়। সি ফুচফুচাই সুধিলে
,

 

: এই ৰোজা বোলা গৰাকী কোন?

 

আহবাবে কলে,

 

: ৰোজা,
ফিৰোজৰ প্ৰথমা পত্নী আছিল। আঠ বছৰ পিছত বিবাহ বিচ্ছেদ হয়, মালাৰ সৈতে ফিৰোজৰ বিয়াৰ মাত্ৰ দুবছৰ হৈছে।

 

ডালিমে আচৰিত
হৈ ক
লে,

 

: প্ৰথমা পত্নী? তাই আকৌ কিয় আহিব খুজিছে
তাকো বৰ্তমানৰ স্বামীৰ লগত
?

 

আহবাবে কলে,

 

: এই দেশত এয়া স্বাভাৱিক। ৰোজাৰ সৈতে ফিৰোজৰ কাজিয়া বা হতাহতি হোৱা নাছিল, মিউচুৱেল ডাইভোৰ্চ। তাৰ পিছত সামাজিক সম্পৰ্ক ৰাখিবলৈ একো অসুবিধা
নাই।

 

আকৌ আড্ডাটো
আগৰদৰে জমি নুঠিল। ইহঁতৰ মাজত বহুতেই ৰোজাক চিনি পায়
, চাৰি পাঁচ বছৰ আগলৈকে ফিৰোজৰ
ঘৰত কিবা পাৰ্টি হ
লে ৰোজায়েই হৈ হাল্লা
কৰি জমাই ৰাখিছিল। খুব প্ৰাণোচ্ছল ছোৱালী ৰোজা। তাইৰ সৈতে ফিৰোজৰ এৰাএৰি হওঁতে বন্ধুসকলৰ
বহুতেই দুখ পাইছিল। জাৰ্মান ছোৱালীবোৰ পত্নী হিচাপে খুব ভাল তাৰ ভিতৰত ৰোজা আৰু বেছি
ভাল
,
তথাপি কি কাৰণত বিবাহ বিচ্ছেদ হবলৈ পালে সেয়া বাকীবোৰৰ বাবে বুজি উঠা সম্ভৱপৰ নাছিল।

 

পাখিয়ে আকৌ
বেলেগ কথা চলি থাকোঁতে মাত লগালে ৰোজা আহিব খুজিছে আহক আকৌ স্বামীক লগত লৈ আনিবলৈ কি
দৰকাৰ। তাইৰ স্বামী জাৰ্মান
, তেওঁৰ সমুখত বাঙলাত
কথা পাতিব পৰা নহ
ব।

 

আঠ বছৰৰ বিবাহিত
জীৱনত ৰোজাই বেছ ধুনীয়া বাংলা শিকি লৈছিল। উচ্চাৰণত অসুবিধা হ
লেও সাৱলীলভাৱে কথা কব জানিছিল বাঙলাত।
বাঙলাৰ জ্ঞান আৰু তাইৰ কামত নাহে। অলপ দেৰি পিছত বেল বাজিলত সকলো সচকিত হৈ উঠিল। ইমান
সোনকালে আহি পালে
? দুৱাৰ খুলি দেখা গল অন্য অতিথি অনিল আৰু বাদল। সিহঁত কলকাতাৰ পৰা বুকফেয়াৰত যোগদান
কৰিবলৈ আহিছে৷ ইয়াত ফাৰুকৰ আমন্ত্ৰিত অতিথি। দুয়োজনৰ হাতত তুলি দিয়া হ
ল ভদকাৰ গিলাচ। বাদলে কলে সুন্দৰ বিৰিয়ানীৰ
গোন্ধ ওলাইছে।

 

কাষৰ কোঠাৰ পৰা
মণ্টুৱে চিঞৰি ক
লে আৰু বিছ মিনিটৰ ভিতৰতেই
সকলো ৰেডী হৈ যাব। লাঞ্চ ছাৰ্ভ কৰা হ
ব৷ অনিলক দেখি
কিছুসময়ৰ কাৰণে মালাই ৰোজাৰ কথা পাহৰি গ
ল। ঢাকাত থাকোঁতে
এই লেখকৰ বহুকেইখন কিতাপ তাই পঢ়িছে
, এখেতৰ লিখা কবিতা আবৃত্তি কৰিছে, সেই লেখক সুশৰীৰে তাইৰ ঘৰত। দেখিলে এনে লাগে যেন সাধাৰণ মানুহ এজন, লেখক যেন নালাগেই।

 

ৰোজা আৰু তাইৰ
গিৰিয়েক আহি উপস্থিত হ
ল আৰু পোন্ধৰ মিনিটৰ
পিছত। সাধাৰণ মহিলাবোৰৰ তুলনাত ৰোজা বেছ ওখ
, তাইৰ শৰীৰৰ গঠন, মুখাৱয়ব খুব আকৰ্ষণীয়।
এটা হালধীয়া স্কাৰ্ট পিন্ধি আছে। তাইৰ তুলনাত গিৰিয়েক অলপ চাপৰ তথাপি মুখত বুদ্ধিমত্তাৰ
চাপ আছে
,
ওঁঠত হাঁহি সজোৱা ফিৰোজ বেছ ওখ পাখ, তাৰ লগতহে ৰোজাক ভাল লাগে। মালা চুটি চাপৰ বাঙালী ছোৱালী। ৰোজাই
চিনাকি কৰাই দিলে তেওঁৰ নাম ক্লাউস।

 

কেইদিনমানৰ পৰা
ফ্ৰাঙ্কফুট চহৰত খুব গৰম পৰিছে
, তথাপি ক্লাউসে কোট পিন্ধি
আহিছে। ইমানবোৰ অচিনাকি বিদেশীৰ মাজত তাৰ কোনো ভূমিকা নাই সি জানে তথাপি মুখখন ‌হাঁহিমুখীয়া
কৰি ৰাখিছে।

 

ঘৰৰ মাজত উপস্থিত
যিসকলে আগৰ পৰা ৰোজাক চিনি পাইছিল
, সেইসকলে ৰোজাৰ মাজত উচ্ছলতাৰ কোনো চিন বিচাৰি পোৱা নাই। শান্ত, সংযত ভঙ্গীমা। মূৰ দোঁৱাই অভিনন্দন জনালে মালাক। তাৰ পিছত এটা
সৰু ৰূপৰ বাকচ তুলি দিলে তাইৰ হাতত। তাৰ ভিতৰত আছিল সৰু সৰু দুখন ৰূপৰ চামুচ।

 

পোৱালীটোৰ পিনে
চাই চাই ক
লে,

 

: কি ধুনীয়া চকু, জোঙা নাক, মাকৰ লগত খুব মিল। চোৱা ক্লাউস।

 

ক্লাউসে ওচৰলৈ
আহি নিখুঁত ভদ্ৰতাৰে ক
লে ভেৰী হেণ্ডছাম।

 

ফিৰোজাৰ লগত
কথা পতা নাই ৰোজাই মালাকেই সুধিলে
,

 

: তাৰ নাম কি থৈছা?

 

মালাই জড়তাৰে
সৈতে ক
লে,

 

: এতিয়াও তেনেকৈ একো নাম দিয়া হোৱা নাই, বাবু বুলি মাতোঁ।

 

ৰোজাই কলে,

 

: বাবু,
বাবুও ভাল নামেই।

 

স্পষ্টৰূপে আপত্তি
আছে মালাৰ তথাপিও তাই সন্মতি প্ৰদান কৰিলে। দোলনাৰ পৰা বাবুক কোঁচত তুলি ল
লে ৰোজাই , তাৰ পিছত ফিৰোজৰ ফালে
ঘূৰি চালে। ফিৰোজৰ সন্তান তাইৰ গৰ্ভতো আহিব পাৰিলেহেঁতেন
, কিন্তু ৮ বছৰৰ বিবাহিত জীৱনত তাইৰ কোনো সন্তান নহল। ফিৰোজ আৰু ৰোজাই স্বাভাৱিকতকৈ অলপ বেছি সময় পৰস্পৰক চাই
থাকিল। সেই দৃষ্টিৰ ভাষা অইনে বুজি নাপায়।

 

সকলোৱে নিঃশব্দে
ৰোজালৈ চাই আছে। এতিয়া ৰোজাই কেন্দ্ৰবিন্দু। কেঁচুৱাটোক নমাবলৈ লওঁতে মালাক ৰোজাই
লে তুমি খুবেই ভাগ্যৱতী।

 

পাকঘৰৰ পৰা এপ্ৰণ পৰিহিত মণ্টুৱে আহি কলে,

 

: হেৰা ৰোজা, মই বিৰিয়ানী ৰান্ধিছোঁ, খাই যাব লাগিব।

 

ৰোজাই গিৰিয়েকৰ
পিনে ঘূৰি চিনাকি কৰাই দিলে আবিদ হুছেইন মণ্টু
, ফিৰোজৰ খুৰাকৰ পুতেক, খুব ভাল ৰান্ধনি।

 

তাৰ পিছত মণ্টুক
লে আমি লাঞ্চ কৰি আহিছোঁ।এতিয়া আৰু একো খাব নোৱাৰিম! ফিৰোজে
এইবাৰ ভদ্ৰতাৰ খাতিৰত ক্লাউসক ক
লে,

 

: নাই নাই আপোনালোকে কিবা এটা খাই যাব লাগিব। প্লিজ বহক! এটা ড্ৰিংক দিম নেকি? বিয়েৰ?

 

ক্লাউসে জনালে, তেওঁ মদ্যপান নকৰে!

 

বঙালীসকলে হঠাতেই
কাৰোবাৰ ঘৰত গৈ উপস্থিত হ
লে গৃহস্থৰ অনুৰোধত
খাবলৈ বহে। জাৰ্মানসকলে তেনেকৈ নাখায়। ইয়াৰোপৰি
, ইহঁতৰ লগত তেখেতৰ তেনেকুৱা সম্পৰ্ক নাই। ক্লাউস আৰু ৰোজাই কোনোপধ্যেই একো খাবলৈ
ৰাজী নহ
ল। মালাই কলে,

 

: অন্ততঃ এটা মিঠাই খাই যাওক!

 

ৰোজাই কলে,

 

: ঠিক আছে এটা মিঠাই আৰু এগিলাচ পানী!

 

এইবাৰ সিহঁতে
বিদায় ল
, সকলো মিলাই দহ বাৰ মিনিট।
ফিৰোজে সিহঁতক ছিৰিলৈকে আগবঢ়াই থৈ আহিল। নামিবলৈ লোৱাৰ আগতে ৰোজাই ক
লে,

 

: ঘৰত কেঁচুৱা আছে, সকলোৱে চিগাৰেট হুপি
আছে। লগৰবোৰক কাষৰ ঘৰত গৈ চিগাৰেট হুপিবলৈ কোৱা!

 

আকৌ আৰম্ভ হল গুণগুণনি ।

 

বাৰান্দাৰ কাষত
থিয় হৈ থকা ডালিম আৰু আহবাবৰ ওচৰলৈ আহিল অনিল আৰু বাদল।

 

বাদলে কলে,

 

: জাৰ্মান লৰা অথচ বিয়েৰ নাখায়। ই দৈত্য কুলৰ প্ৰহ্লাদ
চোন৷

 

আনিলে কলে,

 

: খায় কিজানি, ইয়াত খাবলৈ বিচৰা নাই।

 

ডালিমে ফুচফুচাই
সুধিলে
,

 

: ছোৱালীজনী ভালেই দেখোন। ডাইভোৰ্ছ কিয় হ?

 

আহবাবে কলে,

 

: ছোৱালীজনী খুব সম্ভৱ বাঁজী। ফিৰোজৰ লৰা ছোৱালীৰ চখ।
বাৰান্দাৰ পৰা দেখা গ
ল ৰাস্তা পাই গল ৰোজা আৰু ক্লাউস। ক্লাউসে চাবিপাত লগাই গাড়ীৰ লক খুলি আছে সিফালে ৰৈ হঠাত ৰোজাই কান্দিবলৈ আৰম্ভ কৰিলে। বেগৰ
পৰা ৰুমাল উলিয়াই চকু মচিলে
, তাৰপিছত দুখনমান কাগজ
উলিয়ালে।

 

দুখন মেডিকেল
ৰিপোৰ্ট। ৰোজা আৰু ফিৰোজে দুঠাইত পৰীক্ষা কৰাইছিল। দুঠাইৰ পৰাই ৰিপোৰ্ট দিছে
, ফিৰোজৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই, তথাপিও ফিৰোজে দ্বিতীয়বাৰ বিয়া কৰাই সন্তানৰ গৰ্বিত পিতৃ হৈছে।
অলৌকিক ঘটনা এতিয়াৰ দিনতো ঘটে। কাগজ দুখন টুকুৰা টুকুৰ কৈ ফালি পেলালে ৰোজাই।

 

ক্লাউসে সুধিলে,

 

: এয়া কি কৰিছা? কি ফালিলা?

 

ৰোজাই কলে,

 

: ফিৰোজক ঘূৰাই দিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া তাৰ আৰু প্ৰয়োজন নাই।

 

ক্লাউসে মিচিকিয়াই
হাঁহি ক
লে,

 

: প্ৰেম পত্ৰ নেকি?

 

ৰোজাই যেন হাহাকাৰ
কৰাৰ সুৰত ক
লে,

 

: হয়!

Popular Post

ঐতিহাসিক চিঠি