গল্পঃ অন্ধকাৰ দিন / ৱাল্টাৰ কফমেন

Posted by : translatorsassam
June 5, 2020
অন্ধকাৰ দিন 
মূল ৰচনা : ৱাল্টাৰ কফমেন
ভাৱানুবাদ : ড. মৃদুস্মিতা ফুকন


জৰ্জ মোৰ বন্ধু কিন্তু এতিয়া আৰু তাক দেখা নাপাওঁ
বহুদিন আগতেই মই তাক হেৰুৱাই পেলাইছোঁ
হয়তো এতিয়া আৰু সি ইহ সংসাৰত নাই
তথাপিও সি মোৰ বন্ধু
যিমান দিন মই জীয়াই থাকিম, সিমান দিন এই বন্ধুত্বও অক্ষুণ্ণ ৰাখি যাম
আমাৰ ঘৰটো বৰ সুন্দৰ আছিল
বগা মাৰ্বলৰ ছিৰিকেইটাৰে অলপ উঠি মূল দুৱাৰখনৰ কাষতে কলিং বে’লটো

বে’লটোৰ মাতটো শুনিলেই আমাৰ পৰিচাৰিকা কেটি খৰ খোজেৰে আগবাঢ়ি আহে

হলটোৰ দামী কাৰ্পেটৰ ওপৰেদি আহি তেওঁ স্প্ৰিং লগোৱা গধুৰ কাঁচৰ দিৱাৰখন খুলি দিয়েহি

দেউতাই পিয়ানো বজায়
দেউতাক দেখা কৰিবলৈ কোনোবা আহিলে তেওঁক দেউতাৰ
পঢ়া-কোঠা বা লাইব্ৰেৰীলৈ লৈ যোৱা হয়
মাৰ ওচৰলৈ কোনোবা আহিলে বাট দেখুৱাই
লৈ যোৱা হয় ঘোৰখোৱা ছিৰিয়েদি ওপৰৰ বহা কোঠালৈ

কোঠাটোৰ বেৰত অঁৰা আছে পানী ৰঙৰ লেণ্ডস্কেপ, তাৰ চকী-মেজবোৰত চাৰিওফালৰ খিৰিকীৰে
অহা বেলিৰ পোহৰ পৰেহি
খিৰিকীৰে তলৰ সুন্দৰ বাগিচাখনলৈ চাব পাৰি
মোৰ ভালদৰে মনত আছে জৰ্জ কেতিয়াও আমাৰ ঘৰৰ ভিতৰলৈ নাহে সি
ৰাস্তাটোৰ সিটো পাৰে মোলৈ ৰৈ থাকেহি
হয়তো অলপ গৰ্ব, অলপ কুণ্ঠা মিহলি ভয়
আছিল তাৰ মনত
সি তাৰ জগতখনৰ পৰা স্বতন্ত্ৰ পৰিবেশলৈ আহিব খোজা নাছিল মই
ছিৰিৰে দৌৰি গৈ গধুৰ দুৱাৰখন ঠেলি বাহিৰলৈ যাওঁ

জৰ্জৰ ওচৰলৈ গৈ ফোপাই ফোপাই কও –
“ আহিলি?”
জৰ্জে কয় – “বাদাম খাবি?” সি জেপৰপৰা ডাঙৰ ডাঙৰ বাদাম
কেইটামান উলিয়াই মোৰ হাতত দিয়ে
“ ব’ল তেতিয়াহ’লে বাদামখিনি জুইত সেকি খাম”-
এইবুলি আমি দুয়োটাই দৌৰোঁ
হাতত ধৰাধৰিকৈ হাবিৰ ফাললৈ দৌৰোঁ
আমি
বাটত কামিজৰ ওপৰৰ জেপৰ পৰা দুই-এটা বাদাম পৰি যায়
লৰালৰিকৈ সেইকেইটা বুটলি আকৌ দৌৰোঁ
হাবিৰ মাজৰ আমাৰ নিৰ্দিষ্ট ঠাইডোখৰত আমি জুই জ্বলাই কেঁচা
বাদামবোৰ সেঁকো
চাও- বাদামবোৰে কেনেকৈ ৰং সলায়, ফটফট শব্দ কৰি কেনেকৈ
বাদামবোৰ ফাটে
চাৰিওফালে ওক, এলম আৰু বাৰ্চ গছৰ সুদীৰ্ঘ সমাবেশ
আকাশত পাতল মেঘ
গছৰ পাতত জিলমিলাই থাকে সোণবৰণীয়া পোহৰে
সেইদিনা জৰ্জে শুকান ডাল-পাত অলপ দি জুইকুৰা আৰু দপদপীয়া
কৰি তুলিছিল
মই কাঠি এডালেৰে বাদামবোৰ লৰাই আছিলোঁ
নিশ্চুপ
মাত্ৰ শুকান ডাল-পাতবোৰৰ মৰ-মৰ আৰু ভজা বাদামৰ ফটফট শব্দ
হঠাত্‍ জৰ্জে ক’লে – “ জান, দেউতাই বোলে মোক কোনো প্ৰকাৰেই হিটলাৰৰ যুৱদলত ভৰ্তি
হ’বলৈ নিদিয়ে
তেতিয়া তই কি কৰিবি? যাবিনে সেই দলটোলৈ?”
“ নাই-নাযাও” – মই ক’লোঁ
“ তোৰ কথা বেলেগ তহঁত হ’লি ইহুদি”-
সি ক’লে
“ ইহুদি নহ’লেও মই হিটলাৰৰ দললৈ নাযাও
কাৰণটো জনাবলৈ মই অলপ ডাঙৰকৈয়ে ক’লোঁ – “ মই কাৰো হুকুমৰ দাস হ’ব নোৱাৰোঁ
লগে লগে জৰ্জে চিঞৰি ক’লে – “ ঠিক কৈছ
ময়ো নোৱাৰোঁ
তাৰ পাছত মই ক’লোঁ – “বাদ দে
সেইবোৰ কথা এৰ এতিয়া
কিছুপৰৰ পাছত বাদাম এটা ভাঙি গুটিকেইটা মুখত দি চোবাই চোবাই
সি আকৌ ক’লে – “ তই বাৰু জাননে, নাত‍‍চিবিলাকে ইহুদিবোৰক কিয় ইমান ঘিণ কৰে?”
কথাষাৰে মোৰ বুকুত বিন্ধিলে
সেই বয়সত মই জানো নাতচিবিলাকে আমাক ঘিণ কৰে
তাৰ কাৰণটো পিছে নাজানো
সেই মুহূৰ্তৰ জৰ্জৰ কথাত কিয় জানো মই থতমত খাই গ’লোঁ

অপৰাধী এটা ধৰা পৰাৰ দৰে মই ক’লোঁ –
“নাজানো ভাই
জৰ্জে মোলৈ চালে তাৰ পাছতে বাদাম এটা ভাঙি মোৰ মুখত
দি ক’লে – “ হো, খা
পাহৰি যা সেই বাজে কথাবোৰ মই
সেইবোৰৰ কোনো নহয়
তই আৰু মই, আমি দুয়োটা বন্ধু
সি আকৌ অলপ ডাঙৰ মাতেৰেই সুধিলে – “বন্ধু হয়নে নহয় বাৰু?
তয়েই কচোন
” আমি দুয়োটাই হাঁহিলো
আজি এই মুহূৰ্তত যেতিয়া জৰ্জৰ কথা লিখিবলৈ বহিছোঁ – ভাৱ
হৈছে আমি দুয়োটাৰ মাজত কিমান ব্যৱধান! কিমান পৰিবৰ্তন ঘটি গৈছে জাৰ্মানীৰ, সমগ্ৰ
জগতৰ
জৰ্জ আজিও মোৰ বন্ধু
আৰু যি শ্ৰেণীৰ সমাজত তাৰ জন্ম, সেই দিন-মজুৰি কৰি খোৱা মানুহবোৰো মোৰ বন্ধু

জাৰ্মানীৰ এই মানুহবোৰৰ বাবে মই গৰ্ব কৰো
“ মা, ষ্টিফেন আহিছে”— সৰু বাগিচাখনত মোক সুমুৱাই জৰ্জে তাৰ
মাকক ক’লে
লাজত মোৰ হাত দুখন মোৰ গাত লিপিট খাই লাগি ধৰিছিল
মূৰটো তললৈ কৰি মই তেওঁক অভিবাদন জনালোঁ
সেইখন পাচলিৰ বাগিচা
জৰ্জৰ মাকে একান্তমনে বাগিচাৰ অলাগতিয়াল ঘাঁহ-বনবোৰ উভালি আছিল

তেওঁ হাঁহি মুখে মোক ক’লে – “ আহা, আহা
তুমিয়েই তেন্তে জৰ্জৰ বন্ধু বৰ
ভাল কথা
সি তোমাৰ কথা কৈয়েই থাকে
মাটি আৰু ঘাঁহ লাগি থকা হাতখনেৰে চকুৰ আগত পৰি থকা পকা চুলি কেইডাল আঁতৰাই তেওঁ
ক’লে – “যা, জৰ্জ
ষ্টিফেনক ভিতৰত নি বহুৱাগৈ মই
এতিয়াই গৈছোঁ
চাহৰ কেটলীটো জুইত দি দে
জৰ্জৰ মাক আকৌ বাগিচাৰ কামত লাগিল
হয়তো অলপ কাম বাকী আছিল
তেওঁ সাধাৰণ পোচাক পিন্ধা মধ্যবয়সীয়া মহিলা
সোণোৱালী চুলিকোচাৰে সৈতে তেওঁৰ আকৃতিটো পিছফালৰ পৰাই কেনে সুন্দৰ! কিমান সহজভাৱে
তেওঁ মোক ভিতৰলৈ টানি লৈ গ’ল
ধৰ্ম বা আমাৰ ঘৰুৱা আৰ্থিক অৱস্থাৰ
কথা তেতিয়া তুচ্ছ হৈ পৰিছিল
মই আহিবৰ সময়ত জৰ্জৰ  মাকে মোক সাৱটি ধৰি কৈছিল –
“ আকৌ আহিবা ভাল লাগিব
তাৰ পাছতেই আহিল সেই ভয়ংকৰ দিন! জাৰ্মানীৰ প্ৰান্তে
প্ৰান্তে জুই জ্বলিছে
আমাৰ ঘৰৰ ওপৰেদি এজাক প্ৰচণ্ড ধুমুহা পাৰ হৈ
গৈছে
সেই গধুৰ কাঁচৰ দুৱাৰখন ভাঙি চূৰমাৰ হৈ গ’ল
তাৰ চৌকাঠডাল এফালে ওলমি আছে
দুৱাৰখনৰ ওচৰৰ সৰু কলিং বে’লটো
ওপৰলৈ তুলি নিয়া হৈছে – তাৰ পিছফালে নঙঠা তাঁৰকেইডালৰ মূৰকেইটাই হতভগীয়াৰ দৰে
হা-কৈ দাঁত নিকটাই ৰৈ আছে
হলৰ কাৰ্পেটখনৰ অৱস্থাও শোচনীয়
সেইখন ইফালে-সিফালে সোঁতোৰ-মোচোৰ হৈ পৰি আছে

দেউতাৰ পঢ়া-কোঠা আৰু লাইব্ৰেৰী ওলট-পালট
চকী-মেজবোৰ অ’ত-ত’ত
আলমাৰিৰ ভগা কাঁচৰ টুকুৰাবোৰ মাটিত পৰি আছে
দেউতাই অতদিনে যত্নেৰে ৰখা আইনৰ
কিতাপবোৰ আৰু উপন্যাসবোৰৰ বেটুপাতবোৰ ফাটি-ছিৰি মজিয়াৰ ধূলিত সিঁচৰিত হৈ পৰি আছে

মাৰ দুমহলীয়া কোঠাটোলৈ চাই মই কান্দোন ধৰি ৰাখিব নোৱাৰিলোঁ

কুছন লগোৱা কোমল চকীবোৰৰ এতিয়া কেৱল জঁকাটোহে আছেগৈ

বেৰৰ পানীৰঙৰ লেণ্ডস্কেপবোৰ নিৰ্মন বেয়নেটৰ স্পৰ্শত টুকুৰা-টুকুৰ

সুন্দৰ পিয়ানোটোও চূৰমাৰ
সেই দিনটোৱে এতিয়াও মোৰ বুকুত নিদাৰুণ আঘাতৰ দৰে জ্বলি-পুৰি
আছে – তাৰ ঘা কেতিয়াও নুশুকায়
জাৰ্মানীৰ তেজেৰে ৰাঙলী সেই ঘাঁ
হিটলাৰে হাঁহি হাঁহি গৈ বহা তেওঁৰ আশাৰ সিংহাসনখনলৈ যোৱা
বাটটো ইহুদিবোৰে তেওঁলোকৰ বুকুৰ তেজেৰে পিছল কৰি দিছিল
   *         *    
*
দিনটো যেন নাযায় নুপুৱায়
ৰাতিটো বহুত পলমকৈ আহিল
আমি স্তব্ধ
কান্দোনবোৰো যেন গোট মাৰি গৈছে
দেউতাক গ্ৰেপ্তাৰ কৰি লৈ গৈছে
আমি সকলো আসন্ন ধ্বংসৰ চিন্তাত
মুহ্যমান
বহুত ৰাতি আমাৰ ঘৰলৈ এজন মানুহ আহিল
ধ্বংসস্তুপৰ মাজেদিয়েই আহিল তেওঁ
তেওঁ বহুতপৰ মনে মনে ৰ’ল
তাৰ পাছত মোৰ কান্ধত হাতখন থৈ ক’লে – “ ষ্টিফেন, কোনো ভয় নাই

তুমি আৰু মই – আমি দুজনেই মিলি পুনৰ গঢ়ি তুলিম
মোৰ মাৰ ফালে চাই তেওঁ ক’লে – “ যিবোৰ হৈ গ’ল তাৰ বাবে আমি
বৰ লাজ পাইছোঁ
তাৰ পাছত তেওঁ ভগা মেজ এখন আৰু চকী এখন নি বাহিৰৰ
ঠেলাগাড়ীখনত তুলিলে
তেওঁ সেইবোৰ মেৰামতি কৰি আনিব বোলে
তেওঁ কাঠৰ কাম জানে
তেঁৱেই মোৰ একমাত্ৰ বন্ধু জৰ্জৰ দেউতাক!
গল্পকাৰৰ পৰিচয় : শৈশৱতে হিটলাৰৰ বন্দীশালত
পিতৃ-মাতৃৰ জীৱনাৱসান ঘটাৰ পাছত, ১৯২৪ চনত জন্মা ৱাল্টাৰ কফমেন অষ্ট্ৰেলিয়ালৈ পলাই
যায়
১৯৫৫ চনলৈকে তাতে থাকি পাছত জাৰ্মানীলৈ আহে
সৈনিক, শ্ৰমিক, ফটোগ্ৰাফাৰ আদি বিভিন্ন বৃত্তিক জীৱিকা হিচাপে লোৱা কফমেন গল্পৰ
ঘটনাবোৰ বাস্তৱভিত্তিক
‘অন্ধকাৰ দিন’- এই গল্পটো তেওঁৰ যিটো সংকলনৰ পৰা
সংগৃহীত, সেইটোৱেই তেওঁৰ জীৱনৰ প্ৰথম ৰচনা

Popular Post

ঐতিহাসিক চিঠি