খেতিয়ক / গৌহৰ ৰাজা

Posted by : translatorsassam
February 11, 2021

 খেতিয়ক

মূলঃ গৌহৰ ৰাজা

অনুবাদঃ বিতোপন গগৈ


তহঁতে খেতিয়কক ৰাজপথলৈ লৈ আনিলি

এতিয়া তেওঁলোক প্ৰচণ্ড বান

আৰু এই বানক খেৰ-কুটাৰে ৰখাব নোৱাৰিবি।

এই যে তেওঁলোক ৰাজপথত আছে

নিজৰ খেতিমাটি দৰা এৰি থৈ আহিছে

ভৰিৰ শিকলি চিঙি আহিছে

ধানৰ সুগন্ধৰ শপত খাইছে

আৰু মাটিক কথা দি আহিছে

যে জয়ী হলেহে ঘূৰি যাব।

তহঁতৰ আগতো অত্যাচাৰী বহুত আহিছিল

তহঁতৰ আগতো ধূৰ্ত বহুত আহিছিল

তহঁতৰ আগতো বেপাৰী বহুত আহিছিল

তহঁতৰ আগতো লুণ্ঠনকাৰী বহুত আহিছিল

যাৰ চেষ্টা আছিল

সমুদায় খেতিৰ ফচল বিনামূল্যে

নিজৰ মালিকৰ ওচৰত বন্ধকত ৰখোৱা

সিহঁতৰ ভাগ্যত পৰাজয়েই পৰাজয় আছিল

আৰু তহঁতৰ কপালতো মাত্ৰ পৰাজয়েই লিখা আছে।

তহঁত যে গাদীত বহিলি, খোদা হৈ গলি

তহঁতে ভাবিছ যে তহঁত আজি ভগৱান

তহঁতক কোনে দিলে অধিকাৰ

তেজেৰে সকলোৰে ভাগ্য লিখ আৰু লিখি থাক।

যদি পৃথিৱীত ভগৱান আছে, কোনোবা কৰবাত

তেন্তে সেইজন খেতিয়ক

তেওঁৱেই দেৱতা, তেওঁৱেই খোদা

আৰু সেই দেৱতা

নিজৰ খেতিৰ মন্দিৰৰ দুৱাৰদলি এৰি থৈ

আজি ৰাজপথত

মৰিবলৈ সাজু হৈ হাতত পতাকালৈ

সমগ্ৰ মানৱজাতিৰ স্বত্তাধিকাৰী

আজি ৰাজপথত।

শাসকহঁত জানি ল, স্বেচ্ছাচাৰীহঁত শুনি ল

তেওঁলোকে নিজৰ ভাগ্য ৰাজপথত লিখিব এতিয়া

লা
আইনৰ যি কফিন কাপোৰ আনিছ

ফালি-চিৰি সেয়া সিচঁৰিত চৌদিশে

এই টুকুৰাবোৰক সাতোৰঙেৰে ৰঙীন কৰি

অনাগত ভৱিষ্যতৰ ইতিহাসো

ৰাজপথতেই এতিয়া লিখা হব।

তহঁতে খেতিয়কক ৰাজপথলৈ লৈ আনিলি

এতিয়া তেওঁলোক প্ৰচণ্ড বান

আৰু এই বানক
খেৰ-কুটাৰে ৰখাব নোৱাৰিবি।

Popular Post

ঐতিহাসিক চিঠি