কবিতা : যুদ্ধ / লুই চিম্পছন

Posted by : translatorsassam
June 5, 2020

যুদ্ধ (The Battle)
মূল : লুই চিম্পছন (Louis
Simpson
)
অসমীয়া ভাঙনি : ডালিম দাস
Louis Simpson
মস্তকাৱৰণ আৰু ৰাইফল , লাম-লাকটু আৰু হলৌ চোলা
হাবি ফালি গৈ আছিল ওপৰত কৰবাত বন্দুকে গৰজিলে গলৰ নলীমুখ হেন ৰাতিৰ চৌপাশ
জুইহেন লাল হৈ উঠিছিল
সিহঁ‌তে থমকিল আৰু চোপ ললে ছালৰ এটি টোপোৰাৰ দৰে বহি গল বিৰিখৰ মাজৰ
জেপেতীয়া মাটিত
গাঁ‌তত গোজ হোৱা সৈনিকবোৰে অচিৰেই
প্ৰথম তুষাৰপাতৰ উমান পালে সিহঁ‌তৰ দুভৰি বৰফ হ
পুৱা প্ৰ্থম গোলা সৰিল আৰু ফুটিল
গোলা-বাৰুদৰ বৰ্ষণে মহটিয়াই পেলালে হিমাবৃত বননি
এনেকৈ বহুদিন চৌপাশে ফুটছাই বৰফ
তেজৰঙা হেলমেটেৰে শ-বোৰ ঠৰঙা লাগিল
এতিয়াও ফটফটীয়াকৈ মনত আছে মোৰ
চকুবোৰৰ ক্লান্তি , খিনমিন হাতবোৰত
কথমপি

এটা চিগাৰেট , আৰু সেই পকা
আঙঠা

সমস্ত জীৱনৰ শোহাৰে উমি উমি জ্বলি উঠা

Popular Post

ঐতিহাসিক চিঠি