কবিতা : প্ৰথমটি টোপাল / পহলী বুন্দ।

Posted by : translatorsassam
September 26, 2020

অনূদিত শিশু কবিতা

প্ৰথমটি টোপাল

মূল(হিন্দী) – পহলী বুন্দ।

কবি – গোপাল কৃষ্ণ কৌল।

অনুবাদ – গায়ত্ৰী দেৱী
বৰঠাকুৰ ।

বৰ্ষাৰ প্ৰথমটি দিন ।

বৰষুণৰ প্ৰথম টোপালটি ধৰাত পৰিল।।

নৱ-জীৱনৰ এঙামূৰিৰে।

পৃথিৱী গজালিৰে ভৰিল ।।

পৃথিৱীৰ শুকান অধৰত,

বৰষুণৰ অমিয় টোপাল পৰিল
আহি ।

বসুন্ধৰাৰ ৰোমাৱলী সদৃশ

সেউজী দুৱৰিৰ আনন্দৰ
মিচিকীয়া হাঁহি ।

আকাশত উৰি- ফুৰে সাগৰে।

যেন বিজুলীৰ সোণালী আভাৰে

মৃদঙ্গ (নগাড়া‘ )বজাই সঞ্জীৱিত কৰে মেঘে

পৃথিৱীক চপলতাৰে।

নীল-নয়ন সদৃশ এই আকাশ ,

চকুৰ লা মণি সদৃশ এই মেঘ।

কৰুণা-বিগলিত অশ্ৰুৰে

নিৰ্বাপিত কৰিলে পিয়াঁহ এই পৃথিৱীৰে ।।

প্ৰাচীনা পৃথিৱী হবলৈ

আকৌ এবাৰ শস্য -শ্যামলা ।

প্ৰাণত সঞ্চাৰিত হল সৃষ্টিৰ লালসা।।

 

 

 

Popular Post

ঐতিহাসিক চিঠি