কবিতাঃ ৰঙা গাখীৰ/ বিকি মহেশ্ৰী (হিন্দী)

Posted by : translatorsassam
October 9, 2020

ৰঙা গাখীৰ

মূলঃ বিকি মহেশ্ৰী (হিন্দী)

অনুবাদঃ বিতোপন গগৈ

 

আকাশত বোমা এটা জলমলাই উঠিল

কণমানিটোৱে সুধিলে মা সেয়া কিহৰ উদযাপন

মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে

আকাশত আকৌ এটা বোমা জলমলাই উঠিল

কণমানিটোৱে সুধিলে মা দেউতা কেতিয়া আহিব

মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে

 

আৰু এটা বোমা

কণমানিটোৱে সুধিলে মা ইমান বিকট শব্দ

ৰ পৰা আহিছে

মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে

আকৌ এটা বোমা

আৰু এটা

আৰু এটা

আৰু এটা

আৰু এটা

আৰু এটা

 

চৌদিশে মেচিনগানৰ শব্দ

টেংকৰ বিকট ঘৰঘৰণি

আকাশত ফাইটাৰ জেটৰ নিনাদ

কণমানিটোৱে আৰ্তনাদ কৰি উঠিল

মা মই তোমাক দেখা নাই

মা মই উশাহ লব পৰা নাই

মা মোক ভালকৈ সাৱটি ধৰা

 

মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে

মাকে কণমানিটোক বুকুত সাৱটি

গাখীৰ খোৱাবলৈ ধৰিলে

এটা গুলিয়ে তাইৰ বুকু ভেদ কৰি গ

আৰু তাইৰ বুকুৰ গাখীৰখিনি

বৰণ সলাই ৰঙা হৈ পৰিল

 

কোন মৰিল?

মানুহ

মানৱতা

তেন্তে জীয়াই থাকিল কোন?

মানুহ

মাত্ৰ মানুহ!

Popular Post

ঐতিহাসিক চিঠি