কবিতাঃ হিমা/ সুবোধ চৰকাৰ

Posted by : translatorsassam
May 31, 2020

হিমা
মূল বাংলা : সুবোধ চৰকাৰ
ভাষান্তৰ : নীলাভ সৌৰভ


এখন দৰিদ্ৰ ভাৰতবৰ্ষৰ নাম হিমা দাস।
ভাৰতবর্ষ ডাঙৰ মানুহ
তাতোকৈ আৰু ডাঙৰ মানুহ ভাৰতবর্ষ
তাতোকৈ আৰু ডাঙৰ ডাঙৰ মানুহ ভাৰতবর্ষ
হাউলি পৰিল হিমাৰ ভাতৰ কাঁহীত, কি সেই প্রটিন
যি খাই অসমৰ পৰা দৌৰি এছিয়া পালেগৈ, আমেৰিকা পালেগৈ
ভাতৰ কাঁহীত ভাত নাছিল
আছিল শেৱালি, সিজোৱা আলু আৰু মাকৰ বকনি।
হিমা,  তুমি আমাক মনত পেলাই দিলা
পৃথিবীৰ শ্রেষ্ঠ প্রটিনৰ নাম মাকৰ বকনি।
শ্রেষ্ঠ ভালপোৱাৰ নাম শেৱালি।
শ্রেষ্ঠ দুখৰ নাম আলু-পিটিকা৷
তোমাক আমি একো দিব পৰা নাই
গাৰ চোলা এটা দিব পৰা নাই
এটি নাকফুলিও দিব পৰা নাই
চাৰিশ মিটাৰ দৌৰিবলৈ
দিব পৰা নাই এযোৰ জোতা
এখন ফিচিকা মেখেলাৰ নাম ভাৰতবর্ষ
এজনী অবলা হৰিণাৰ নাম ভাৰতবর্ষ।
তুমি অসমৰ পৰা দৌৰি দৌৰি কলিকতা পালাহি, কলিকতাৰ পৰা চিওল, চিওলৰ পৰা জাপান, জাপানৰ পৰা আমেৰিকা৷
নাই, তুমি কলৈকো যোৱা নাই, তোমাৰ উত্থানত নিজেই গুচি আহিল জাপান আমেৰিকা  
আৰু তুমি
জপিয়াই পৰিলা বানত আক্ৰান্ত মানুহবোৰক
বচাবলৈ৷
হিমা,
তোমাক আমি এটা চোলা কিনি দিব পৰা নাই
সেই তুমিজনীয়েই আমাক পাঁচটাকৈ সোণ আনি
দিলা !

Popular Post

ঐতিহাসিক চিঠি