কবিতাঃ সমুদ্ৰৰ মাছমৰীয়া সকলৰ গীত/ কুমাৰ অনুপম

Posted by : translatorsassam
May 29, 2020

সমুদ্ৰৰ মাছমৰীয়া সকলৰ গীত





মূল : কুমাৰ অনুপম (হিন্দী)
অসমীয়া ভাঙনি : ৰুবুল দাস




সমুদ্ৰ আমাৰ ৰুটী
সমুদ্ৰ আমাৰ স্তুতি

আমাৰ দেহৰ মাছবোৰ
সমুদ্ৰৰ
আমাৰ জীৱনৰ ৰঙবোৰ
সমুদ্ৰৰ

ধৈৰ্য আৰু নিমখ
আমাৰ তেজৰ বাট

বতাহ অবতাহ
তোমাৰ ওচৰত কৃতজ্ঞ
প্ৰতিকূল হলেও

আকাশ অআকাশ
তোমাৰ ওচৰত কৃতজ্ঞ
কাষত নাথাকিলেও

পানী অপানী
তোমাৰ ওচৰত কৃতজ্ঞ
ওপচি পৰিলেও

বতাহৰ সকলো ৰং দেখিছোঁ
আকাশৰ সকলো ৰং দেখিছোঁ
দেখিছোঁ পানীৰ সকলো ৰং

মৃত মাছবোৰ আমাৰ সুখ

সহ্য কৰিম
বতৰৰ হিংসা

স্নেহৰ এটা পাৰ আছে আমাৰ
নিৰাপদ আশ্ৰয়
ঢৌবোৰ নেওচি
নিজৰ উশাহৰ বলত জী থাকিম আমি
যিদৰে জী থাকে সকলো

নিজৰ ভিতৰৰ সমুদ্ৰৰ ওপৰত আছে আমাৰ প্ৰবল বিশ্বাস






কবি পৰিচিতি : জন্ম :৭ মে, ১৯৭৯ ইং চন
কুমাৰ অনুপম সাম্প্ৰতিক
হিন্দী কাব্য-জগতৰ এগৰাকী প্ৰতিভাশালী যুৱ কবি
মানৱ জীৱনৰ সংবেদনশীল ঘটনাপ্ৰৱাহক কলাত্মকভাৱে উপস্থাপন কৰাত তেওঁ সিদ্ধহস্ত। ‘বাৰিশ মেৰা ঘৰ হ্যায়কবিতা পুথিখনৰ বাবে তেওঁ ২০১৪ ইং চনত সাহিত্য
অকাডেমীৰ যুৱ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়
কবিতা লিখাৰ
উপৰিও তেওঁ এগৰাকী ভাল চিত্ৰশিল্পী আৰু কলা সমালোচক

Popular Post

ঐতিহাসিক চিঠি