সকলোবোৰ আমাৰ নাইবা
কাৰোৱেই নহয়
মূল: ALL OF US OR NONE
(From Svenborger Gedichte)
কবি: বাৰ্টল্ট ব্ৰেখট্
অনুবাদ: কিশোৰ দাস
দাসসকলেই সেইসকল লোক যিয়ে
তোমাক মুক্ত কৰিবযিসকলে পৰি আছে গভীৰ
অন্ধকূপতসহযোদ্ধা, সেইসকলে কেৱল দেখা পাব
তোমাকতেওঁলোকেহে কেৱল শুনিবলৈ
পাব তোমাৰ কান্দোনসহযোদ্ধা, কেৱল দাসসকলেহে মুক্ত কৰিব
তোমাকসকলোবোৰ নাইবা একোৱেই নহয়
সকলোবোৰ আমাৰ নাইবা
কাৰোৱেই নহয়অকলেই কোনেও তেওঁৰ শ্ৰেষ্ঠ
হ‘ব নোৱাৰেবন্দুক লোৱা নাইবা
হাতকেৰেয়া পিন্ধাসকলোবোৰ নাইবা একোৱেই নহয়
সকলোবোৰ আমাৰ নাইবা কাৰোৱেই
নহয়ভোকাতুৰজনেই হ‘লা তুমি, খুৱাব কোনে তোমাক?
যদি পোৱা এটুকুৰা ৰুটি, কেইটুকুৰা কৰিবা তুমি?
আমাৰ ওচৰলৈ আহা, আমিও আতুৰ ভোকত
আমাৰ ওচৰলৈ আহা আৰু আমাক
পথ দেখুৱাবলৈ কোৱাকেৱল ভোকাতুৰেহে খুৱাব
পাৰিব তোমাকসকলোবোৰ নাইবা একোৱেই নহয়
সকলোবোৰ আমাৰ নাইবা
কাৰোৱেই নহয়অকলেই কোনেও নোৱাৰে
শ্ৰেষ্ঠ হ‘বলৈবন্দুক লোৱা নাইবা
হাতকেৰেয়া পিন্ধাসকলোবোৰ নাইবা একোৱেই নহয়
সকলোবোৰ আমাৰ নাইবা
কাৰোৱেই নহয়কোব খোৱা মানুহ, কোনে তোমাৰ হৈ প্ৰতিশোধ ল‘ব
তোমাৰ ওপৰতেই প্ৰয়োগ কৰা
হৈছিল প্ৰতিৰোধী বায়ু প্ৰবাহজখমী ভাতৃসকলৰ মাত শুনা
দূৰ্বলতাই আমাক শক্তি দিছে
সহযোদ্ধা, আহা, আমিয়েই তোমাৰ হকে প্ৰতিশোধ
ল‘মসকলোবোৰ নাইবা একোৱেই নহয়
সকলোবোৰ আমাৰ নাইবা
কাৰোৱেই নহয়অকলেই কোনেও নোৱাৰে
শ্ৰেষ্ঠ হ‘বলৈবন্দুক লোৱা নাইবা
হাতকেৰেয়া পিন্ধাসকলোবোৰ নাইবা একোৱেই নহয়
সকলোবোৰ আমাৰ নাইবা
কাৰোৱেই নহয়হেৰা ধ্বংস হোৱা মানুহ, সাহস কৰিব কোনে?
সেইজনেই, যিয়ে আৰু নোৱাৰে সহিব
হিচাব কৰি যোৱা প্ৰতিটো
প্ৰহসনপ্ৰয়োজন আৰু দুখেৰে
সময়খিনি বুজি লোৱাআৰু কালিলৈ নেপেলাই আজিয়েই
প্ৰতিঘাত কৰাসকলোবোৰ নাইবা একোৱেই নহয়
সকলোবোৰ আমাৰ নাইবা
কাৰোৱেই নহয়অকলেই কোনেও নোৱাৰে
শ্ৰেষ্ঠ হ‘বলৈবন্দুক লোৱা নাইবা
হাতকেৰেয়া পিন্ধাসকলোবোৰ নাইবা একোৱেই নহয়
সকলোবোৰ আমাৰ নাইবা
কাৰোৱেই নহয়।।
