কবিতাঃ শুনা দ্ৰৌপদী অস্ত্ৰ তুলি লোৱা, এতিয়া আৰু তোমাৰ গোঁসাই নাহে/ পুষ্যমিত্ৰ উপাধ্যায়

Posted by : translatorsassam
October 6, 2020

 শুনা দ্ৰৌপদী অস্ত্ৰ তুলি
লোৱা
, এতিয়া আৰু তোমাৰ গোঁসাই
নাহে

 

মূলঃ পূষ্যমিত্ৰ উপাধ্যায়

অসমীয়া ভাঙনিঃ ° সমাদৃতা গোস্বামী

 


হাতত জেতুকা নহয়, পাথৰ তুলি লোৱা

নিজেই নিজৰ শিৰ বচোঁৱা

জুৱা খেলি বহি আছে শকুনি,

চবৰে শিৰ বিক্ৰী যাবই

শুনা দ্ৰৌপদী অস্ত্ৰ তুলি
লোৱা
, এতিয়া আৰু তোমাৰ গোঁসাই
নাহে

বিক্ৰী হৈ যোৱা বাতৰি
কাকতৰ ভৰষাত কিমান দিনলৈ ৰৈ থাকিবা

দুঃশাসনৰ দৰবাৰৰ পৰা

কি ধৰণৰ ন্যায় আশা কৰিছা৷

যি নিজেই নিলাজ

সি আনৰ সন্মান কি ৰক্ষা
কৰিব

শুনা দ্ৰৌপদী অস্ত্ৰ তুলি
লোৱা
, এতিয়া আৰু তোমাৰ গোঁসাই
নাহে

কালিলৈকে ৰজা অন্ধ আছিল

আজি কলা আৰু বোবাও হ

জনতাৰ ওঁঠবোৰ চিলাই দিয়া হ

কাণতো কপাহ ভৰাই থোৱা আছে৷

তুমিয়েই কোৱা এই অশ্ৰু
কেৱল তোমাৰ
,

কাকনো কি বুজাবা?

শুনা দ্ৰৌপদী অস্ত্ৰ তুলি
লোৱা
, এতিয়া আৰু তোমাৰ গোঁসাই
নাহে

 

Popular Post

ঐতিহাসিক চিঠি