কবিতাঃ লীলাধৰ জগূড়ীৰ তিনিটা কবিতা

Posted by : translatorsassam
May 31, 2020

লীলাধৰ জগূড়ীৰ তিনিটা কবিতা

মূল : লীলাধৰ জগূড়ী (হিন্দী)

অসমীয়া ভাঙনি : ৰুবুল দাস


প্ৰাৰ্থনা

ফলবোৰ!
চৰা দামত বিক্ৰী হলেই
সাউৎকৰে সৰি পৰিবা দেই
চুই দিলেই অথবা চালেই




আহাৰ

আইৰ সতে যি আহাৰক ৰুইছিলা
তুমি

আমাৰ পথাৰত
বুকুলৈকে বাঢ়ি আহিছে সি
অহা দেওবাৰলৈ ফুল ফুলিব
দুখৰ মাহ পকিব
আমাৰ হাঁহিবোৰ সৰি পৰাৰ আগেয়ে
সকলো শস্য হাউলি পৰিব তোমাৰ দৰে
যিদৰে হাউলি
আহাৰক ৰুইছিলা তুমি




তেনেহলে

তেওঁ যেতিয়া কলে
যে এতিয়া সোণ নাপাবা
তেতিয়া মোৰ একো অসুবিধা নহ
কিন্তু তেওঁ যদি কলেহেঁতেন
যে এতিয়া নিমখ নাপাবা
তেনেহলে মই কিজানি
কান্দিলোহেঁতেন

কবি পৰিচিতি : আধুনিক হিন্দী কবিতাক যিসকল কবিয়ে এক নতুন মাত্ৰা প্ৰদান কৰিলে তেওঁলোকৰ ভিতৰত
লীলাধৰ জগূড়ী অন্যতম
প্ৰকৃতি, সৌন্দৰ্য, প্ৰেম আৰু জলবায়ুৰ ভাষা বুজাৰ এক গভীৰ বোধ দেখা যায় তেওঁৰ কবিতাত তেওঁ কবিতাক নতুন দৃষ্টিৰে,নতুন ভাষাৰে নতুনকৈ
ৰূপ দিবলৈ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল
। “অনুভৱ কে আকাশ মে চান্দ ” শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে ১৯৯৭ ইং চনত তেওঁ
সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়
তেওঁৰ কেইখনমান
উল্লেখযোগ্য কাব্যগ্ৰন্থ হ
ল –

| শংখমুখী শিখৰো
পৰ

| ইস যাত্ৰা মে
| খবৰ কা মুহ বিজ্ঞাপন সে ঢঁকা হ্যায় 

Popular Post

ঐতিহাসিক চিঠি