মূল কবি: য়ানিছ ৰিৎচছ (Yannis Ritsos)
অনুবাদ: অনন্ত ৰাজখোৱা
বতাহছাটিৰ শৰীৰ/The
winds body
winds body
বতাহছাটিৰ শৰীৰটো সম্পূৰ্ণকৈ দেখিলোঁ মই-ক‘লে
তেওঁ-তাই মোৰ গাল দুখনত লাহেকৈ চৰিয়ালে;বুকু আৰু দুই উৰুত
খামুচিলে,
তেওঁ-তাই মোৰ গাল দুখনত লাহেকৈ চৰিয়ালে;বুকু আৰু দুই উৰুত
খামুচিলে,
তাইৰ আঁঠুৰ লগত ঠেকা খালে মোৰ আঁঠু
ভৰিৰ আঙুলিবোৰো গছকিলে তাই।
দেখিলোঁ বতাহছাটিক। বিশ্বাস কৰক।
ইয়াতেই আছিল তাই;
একেবাৰে ওপৰা-উপৰিকৈ, মোৰ গাত গা লগাই।
এতিয়া
মোৰ মুখৰ ভিতৰত চিৰন্তন নিৰ্জনতা
আৰু ডিঙিৰ চাৰিওফালে
ন‘ টাকৈ ৰসাল পাত।
উদূলি মুদূলি(Elation)
কৰিবলগীয়া সকলোবোৰ শেষ হৈ আহিল অকণ অকণকৈ। এতিয়া তেওঁৰ বাবে কৰিবলগীয়া একোৱেই
নাই। অকলশৰে বহে তেওঁ; নিজৰ দুখন হাত, আঙুলিৰ
নখবোৰ চায়- অচিনাকি সেইবোৰ
নাই। অকলশৰে বহে তেওঁ; নিজৰ দুখন হাত, আঙুলিৰ
নখবোৰ চায়- অচিনাকি সেইবোৰ
থুতৰিত বাৰে বাৰে হাত ফুৰায়। লক্ষ্য কৰে এটা অচিনাকি থুতৰি, ইমান
সহজভাৱে অচিনাকি!
সহজভাৱে অচিনাকি!
সেই অচিনাকি ইমান নিগূঢ়, ইমান নৈসৰ্গিক যে
তেও নিজেই পৰিতৃপ্ত হ‘ব ধৰে তাৰ নতুনত্বত।
অগ্ৰাধিকাৰ/Privilege
এই যে খলা-বমাবোৰ- তেখেতে ক‘লে-
বুজিকে নাপাও একো।নিজক পাহৰিবৰ বাবে মই সৰু আইনাখনৰ ভিতৰলৈ চাও; দেখা
পাও স্থবিৰ খিৰিকীখন,দেৱালখনো দেখা পাও মই-
পাও স্থবিৰ খিৰিকীখন,দেৱালখনো দেখা পাও মই-
আইনাৰ বাহিৰে-ভিতৰে সলনি নহয় একো।
চকীখনত সজাই থও এপাহ ফুল (যেতিয়ালৈকে সেইপাহ তাত থাকে)।এই গলিৰ, এইটো
নম্বৰৰ ঘৰতে বাস কৰোঁ মই। হঠাৎ সিহঁতে মোক দাঙি ধৰে(চকীখন আৰু ফুলপাহো), তললৈ
নমায় মোক, আকৌ দাঙে আকৌ নমায়- একোকে নুবুজোঁ।
নম্বৰৰ ঘৰতে বাস কৰোঁ মই। হঠাৎ সিহঁতে মোক দাঙি ধৰে(চকীখন আৰু ফুলপাহো), তললৈ
নমায় মোক, আকৌ দাঙে আকৌ নমায়- একোকে নুবুজোঁ।
মই ভাগ্যক্ৰমে সক্ষম হও
আয়নাখনক পকেটৰ ভিতৰত সুমুৱাই ৰাখিবৰ বাবে
এটা চোৰ-সচাকৈয়ে চোৰ; গভাইত, দাগী।
অনবৰতে চোপ লৈ থাকে চুৰ কৰিবলৈ; কোনো সাৰি নাযায় তাৰ পৰা-
ডেকা-ডেকেৰী,বুঢ়া-বুঢ়ী, শিশু, গছৰ
পাত, খিৰিকি, চাকি, পুৰণি
গীটাৰ, চিলাই মেছিন, গছৰ শুকান ডাল…
পাত, খিৰিকি, চাকি, পুৰণি
গীটাৰ, চিলাই মেছিন, গছৰ শুকান ডাল…
আনকি সিয়ো।
প্ৰায়ে চুৰ কৰে সি সিহঁতৰ পৰা-
সিহঁতৰ ধৰণ-কৰণ,মুখৰ অংগী-ভংগি;
সিহঁতে ৰাস্তাত পেলাই যোৱা চিগাৰেটৰ আধা খোৱা টুকুৰা, প্ৰণয়ৰ
সময়ত সিহঁতে খুলি ৰখা সিহঁতৰ কাপোৰ,সিহঁতৰ ভাৱনা,সিহঁতৰ
অচিনাকি আকৃতি…
সময়ত সিহঁতে খুলি ৰখা সিহঁতৰ কাপোৰ,সিহঁতৰ ভাৱনা,সিহঁতৰ
অচিনাকি আকৃতি…
সিহঁতৰ সকলো বস্তু।
চুৰি কৰা বস্তুবোৰেৰে সি ফুলৰ ডাঙৰ ডাঙৰ আচহুৱা থোপা বনায়;
নতুবা শাৰী শাৰী টাবত ৰুই দিয়ে সেইবোৰ।
আজিকালি
চুবুৰীটোৰ ফুলৰ দোকানখনত,খিৰিকীবোৰৰ সিপাৰে তাক
দেখা পাও আমি; গোলাপ, ডালিয়া আৰু কাঠানা ফুলৰ
বাগিছা এখনত সি পানী দি থাকে।
দেখা পাও আমি; গোলাপ, ডালিয়া আৰু কাঠানা ফুলৰ
বাগিছা এখনত সি পানী দি থাকে।
বাগিছাখনৰ ফুলবোৰ সি কাকো নেবেচে, দিয়ো নিদিয়ে-বেচ অদ্ভূদ
চোৰ সি; এজন অধ:পতিত মালী!
চোৰ সি; এজন অধ:পতিত মালী!
তাক বিচাৰি খিৰিকীৰে জুমিলে
ওখ ওখ ফুলবোৰৰ মাজেদি কেৱল তাৰ শেতাপৰা মুখখনহে বিচাৰি উলিয়াব পাৰি-
আইনাৰ কফিন এটাত ভৰাই থোৱা এটা মৃতদেহৰ দৰে দেখি।
ইমানৰ পাছতো, শীতৰ দিনত;
বিক্ৰী নকৰা ফুলৰ এই দোকানখনেই আমাৰ মনত সজীৱ কৰি ৰাখে আজন্ম বসন্তৰ সাঁচ।
বহুদিন পাছত আমি জানিলোঁ-
সেই বিক্ৰী নকৰা ফুলবোৰ আছিল কাগজৰ!
ৰঙা আৰু হালধীয়া ৰঙেৰে বোলোৱা,
সৰহভাগেই আছিল ৰঙচুৱা-বিভিন্ন উজ্জ্বলতাৰ।
টোকাঃ য়ানিছ ৰিৎচছ গ্ৰীক ভাষাৰশ্ৰেষ্ঠ কবিসকলৰ ভিতৰত অন্যতম। তেখেতৰ জন্ম হৈছিল ১৯০৯ চনত। তেখেতৰ কবিতাসমূহৰ এক সুকীয়া আমেজ আছে। ৰবীন্দ্ৰ
চৰকাৰে নীলমণি ফুকনৰ প্ৰেৰণাত ৰিৎচছৰ প্ৰায় ষাঠিটা কবিতাৰ এটি অনূদিত সংকলন প্ৰকাশ
কৰিছিল। ৰবীন্দ্ৰ চৰকাৰৰ সেই কিতাপখন পঢ়িলে অসমীয়াত ৰিৎচছৰ কবিতাৰ আমেজ পাঠকে লব পাৰিব।