মুখা (Mask)
মূল কবিঃ ছাপাৰদি জ‘ক ডামনো
অসমীয়া ভাঙনিঃ ৰাজীৱ বৰুৱা
তেওঁ মুখা সাজি ভালপাইছিল
মুখাবোৰ চাঁচি মাজি
আঁৰি থয় বেৰত ইখনৰ পিছত সিখন
পৰিচালকে কৈছিল—
“মই সিহঁতৰ সৈতে খেলি
ভালপাওঁ”—
ভালপাওঁ”—
নিশা নাট মেলিবৰ পৰত সেহাই থকা,
তলফাল কৰা আৰু লগনীয়া
মুখাবোৰৰ
মুখাবোৰৰ
মাজত বিচাৰি তেওঁ ফুৰিছিল নিজৰ মুখ
পিছে মুখখন তাত নাছিল
বোধহ়য় তেওঁ চাঁচিবলৈ আছে আৰু
বহুমুখা
বহুমুখা
ইখনৰ পিছত সিখনকৈ
“মোৰ মুখাখন ক‘ত ?”
কাকো উপলক্ষ নকৰাকৈ তেওঁ কলে ।
চোঁঘৰত সিঁচৰতি এখন ভঙা আৰ্চি,
পাউদাৰ প্ৰসাধন
আদি
আদি
কিন্তু মুখা নাই
“মোৰ মুখাখন ক‘ত”- তেওঁ
আকৌ সুধিলে।
আকৌ সুধিলে।
কম পোহৰৰ বাল্ব , চিলিঙৰ
মকৰাজাল
মকৰাজাল
হাতৰ তলুৱাত আছিল নিদ্ৰাৰ বড়ি
কিন্তু মুখাখন তাত নাছিল
বোধহয় পৰিচালকে বুজাব খুজিছিল
স্বৈৰাচাৰীয়ে নিজৰ মুখৰ পৰাই
গঢ়িব় লাগে নিজৰ মুখা
পিছে মুখা মানুহ হ‘ব নোৱাৰে
দৰ্শকৰ চকুৰ ভাষা আৰু হৃদয় বৰতা
বুজি
বুজি
মুখাই মানিব লাগে ৰজাৰ আদেশ আৰু
সেনা প্ৰধানৰ বিধি
হে পৰম পিতা,
প্ৰযোজনাৰ নাম ভূমিকাত ,জমা-খৰচৰ
তহবিলত নাথাকিলেও নাম
তহবিলত নাথাকিলেও নাম
খালী মঞ্চত ওলমি ৰয় মুখাবোৰ
নপৰালৈকে এই নাটকৰ ওৰ
পৰিচালকে তালৈ নিদিয়ে কাণ
মুখাৰ মানুহ হোৱাৰ কোনো অধিকাৰ
নাই ।
নাই ।
(মূল লেখকৰ পৰিচয়ঃ ছাপাৰদি জ‘ক
ডামনো (১৯৪০) ইন্দোনেছিয়াৰ কবি। প্ৰৱন্ধ লেখক, আলোচনী
সম্পাদক , অনুবাদক । ইন্দোনেছিয়া বিশ্ববিদ্যালয়ৰ প্ৰবক্তা। গোটেই
দেশজুৰি তেওঁৰ কবি খ্যাতি। ১৯৮৩ চনত মালয়েছিয়াৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য সন্মান
ডামনোলৈ আগবঢ়োৱা হৈছিল। পাৰ্চী, চৈনিক আৰু ব্ৰাজিলৰ কবিতা
তেওঁ নিজৰ ভাষালৈ ভাঙিছেছ। আন এক অনুবাদ কৰ্ম হ‘ল The
Old man and the Sea ।)