কবিতাঃ মুঝসে পহলী সী মোহব্বত’ / ফৈজ আহমেদ ফৈজ

Posted by : translatorsassam
June 21, 2020

মুঝসে পহলী সী মোহব্বত


মূল : ফৈজ আহমেদ ফৈজ

অনুবাদ : সমীৰ শংকৰ দত্ত


পূৰ্বৰ সেই প্ৰেম, এতিয়া আৰু মোৰ
পৰা নিবিচাৰিবা প্ৰিয়ম৷

ভাবিছিলোঁ তুমি আছা যেতিয়া জীৱন মোৰ সদায় ভৰুণ
ভাবিছিলোঁ
তোমাৰ অনুপস্থিতিৰ যন্ত্ৰণাতকৈ তীব্ৰতৰ যন্ত্ৰণাত কোনোদিনেই দগ্ধ হোৱা নাই
পৃথিৱী
,
তোমাৰ মুখখনিৰ বাবেই অৰণ্যত জক্ মকাই বসন্ত,
তোমাৰ দুচকুৰ ব্যতিৰেকে আছেনো কি এই সৃষ্টিত?
যিদিনাৰ পৰাই তুমি হৈ পৰিবা পৰিপূৰ্ণভাৱে মোৰ,বাধ্য হৈ অদৃষ্টই আঠু লব মোৰ সন্মুখত৷

এনে নাছিল প্ৰকৃততে
মই মাত্ৰ বিচাৰিছিলোহে যে এনে হওঁ

আস্ , প্ৰণয়ৰ বাহিৰেও আৰু বহু যন্ত্ৰণা আছে এই পৃথিৱীত
মিলনৰ বাহিৰেও আৰু বহু সান্ত্বনা আছে এই পৃথিৱীত
পূৰ্বৰ সেই প্ৰেম, এতিয়া
আৰু মোৰ পৰা নিবিচাৰিবা প্ৰিয়ম

অগনিত যুগৰ সেই অশুভ বৰ্বৰ কুমন্ত্ৰবোৰেৰে
ৰেচমত
, কিংখাপত, মখমলত বৈ
ওলিওৱা হৈছে একোখনকৈ জাল

প্ৰতিটো গলি, প্ৰতিখন
বজাৰত বিক্ৰী হৈছে দেহ

শৰীৰ ক্লেদাক্ত, শৰীৰ
ৰক্তাক্ত
, শৰীৰ
ৰুগীয়া

গেলা ঘাঁ, বৈ আহে
পূজঁ-তেজৰ জুলীয়া মিশ্ৰণ

তথাপি,
তথাপি ইয়ালৈকে বাৰে বাৰে উভটি আহে মোৰ দৃষ্টি,মই নিৰুপায়!
যদিও , তোমাৰ
সৌন্ধয্যই এতিয়াও উদ্বেলিত কৰে মোৰ হিয়া
; মই নিৰুপায়!

প্ৰণয়ৰ বাহিৰেও আৰু বহু যন্ত্ৰণা আছে এই
পৃথিৱীত

মিলনৰ বাহিৰেও আৰু বহু সান্ত্বনা আছে এই পৃথিৱীত
পূৰ্বৰ সেই পাৰভঙা প্ৰেম, এতিয়া আৰু মোৰ পৰা নিবিচাৰিবা প্ৰিয়ম৷

 

Popular Post

ঐতিহাসিক চিঠি