কবিতাঃ মুখামুখি / চেজল মিলোজ

Posted by : translatorsassam
July 7, 2020

মুখামুখি

মূলঃ চেজল মিলোজ

অসমীয়া ভাঙনিঃ যশোৱন্ত নিপুণ




আমি বৰফাবৃত পথাৰৰ মাজেৰে গাড়ী এখনত গৈ আছিলোঁ দোকমোকালিত ৷
এখন ৰঙা ডেউকা উৰি আহিছিল এন্ধাৰত ৷

আৰু হঠাতে এটা শহাপহুৱে পথটোৰ মাজেৰে দৌৰি পাৰ হৈ গৈছিল ৷

আমাৰ এজনে তেওঁৰ হাতখনেৰে সেইটো দেখুৱাই দিছিল ৷

সেয়া আজি বহু বছৰ আগৰ কথা ৷ আজি সিহঁতৰ কোনোৱেই জীৱিত নহয় ৷
সেই শহাপহুটো নহয়, সেই হাতখন যিখনে দেখুৱাই দিছিল, সেইখনো নহয় ৷

অ’ মোৰ বুকু, সিহঁত ক’ত, সিহঁত ক’লৈ গৈ আছে
এখন হাতৰ দ্ৰুত উন্মোচন, গতিৰ এটি ৰেখা, সৰু সৰু শিলৰ খৰমৰনি ৷
মই শোকৰ গভীৰতাৰ পৰা নহয়, কিন্ত চিন্তা আৰু বিস্ময়েৰে প্ৰশ্ন কৰোঁ ৷

Popular Post

ঐতিহাসিক চিঠি