কবিতাঃ মানুহৰ কথা ভাবি / পূৰ্ণেন্দু পত্ৰী

Posted by : translatorsassam
September 26, 2020

মানুহৰ কথা ভাবি (মানুষেৰ কথা ভেবে)

মূল বাংলাঃ পূৰ্ণেন্দু পত্ৰী

অসমীয়া ভাঙনিঃ নিবেদিতা ফুকন

মানুহৰ কথা ভাবিয়ে গছবোৰ বাঢ়ে, উৰ্ধমুখী হয়৷

মানুহৰ সমাজৰ ধুৰন্ধৰ কাণ্ড-কাৰখানা দেখি দেখি

মানুহৰ স্বভাৱৰ দুৰ্ভিক্ষ মাৰিমৰক দেখি দেখি

মানুহৰ চেতনাত কাৰোবাৰ খৰ্গৰ আঘাত দেখি দেখি

অবোধ শিশুৰ দৰেই গছবোৰে বহু প্ৰশ্নৰে নিজকে

বিদীৰ্ণ কৰিছিল৷

ভীষণ লজ্জাত গছবোৰ দোঁ খাই পৰিছিল৷

গছৰ সকলো পাত পানীৰ টোপালৰ দৰে সৰি সৰি

বেদনাত ফাটি গৈছিল গছৰ সমগ্ৰ ছাল৷

আকাশৰ ইমান কাষত

তথাপি মানুহ কিয় আকাশৰ দৰে সুস্থ নহয়?

নক্ষত্ৰৰ ইমান কাষত

তথাপি মানুহৰ তেজৰ সিৰাই

অন্ধকাৰ অৰণ্যৰ পৰা কিয় কেৱল

সংগ্ৰহ কৰে ক্ষয়?

সমুদ্ৰৰ ইমান কাষত

তথাপি পানী ঘোলা কৰাৰ প্ৰৱণতা কিয় হয়?

এনে বহু তীক্ষ্ণ প্ৰশ্নৰে বহুদিন দীৰ্ণ হওঁতে হওঁতে

অৱশেষত মানুহৰ উন্নয়নৰ কথা ভাবি

মানুহৰ দুচকুত এক মূল্যৱান অমৰত্ব অংকন কৰি

গছবোৰ পুনৰ উৰ্ধমুখী হয়

আলোকিত হয়৷

মানুহৰ মূৰ্খতাৰ,নীচতাৰ, আত্মম্ভৰিতাৰ

শব্দক চেৰাই মালকোষ,
ভৈৰৱীৰ শংখধ্বনি হয়৷


Popular Post

ঐতিহাসিক চিঠি