কবিতাঃ মই ভগৱানক সকলো কৈ দিম / অভ্ৰ ভট্টাচাৰ্য

Posted by : translatorsassam
April 30, 2021

 

মই
ভগৱানক সকলো কৈ দিম

 

মূল বাংলা :
অভ্ৰ ভট্টাচাৰ্য
অনুবাদ : ছা-হা-বা
হাৰ্টি




 

মনত আছেনে তোমাৰ?

ছিৰিয়াৰ সেই তিনিবছৰীয়া লৰাজনৰ কথা

বোমাত আঘাতপ্ৰাপ্ত শৰীৰ লৈ

মৰাৰ আগতে যে কৈছিল—

মই ভগৱানক সকলো কৈ দিম”

তেওঁ হয়তো ভগৱানক সকলো কৈ দিছে।

 

হয়তো কৈ দিছে

আমাৰ জিঘাংসু কথা

আমাৰ লোভৰ কথা

আমাৰ বৰ্বৰতাৰ কথা

আমাৰ নিৰ্যাতনৰ কথা

 

আমি হাজাৰ হাজাৰ মানুহ মাৰিলোঁ

আমি ইজনে সিজনক ধ্বংস কৰিবলৈ

মৰণাস্ত্ৰ বনাইছো লক্ষ-কোটি,

মানুহৰ মাজত বিভেদ বঢ়াবলৈ

বনালোঁ নানান গোপন অস্ত্ৰ।

তেওঁ হয়তো ভগৱানক সকলো কৈ দিছে।

 

তেওঁ হয়তো ভগৱানক সকলো কৈ দিছে।

কৈ দিছে সেই চৰাইৰ কথা,

যি এতিয়া আকাশত উৰি নুফুৰে।

কৈ দিছে সেই আকাশৰ কথা,

যি এদিন নীলা আছিল।

কৈ দিছে সেই বতাহৰ কথা,

যি এদিন নিৰ্মল আছিল।

কৈ দিছে সেই পৃথিৱীৰ কথা,

যি এদিন সকলোৰে আছিল।

 

এই সকলোৰে পৃথিৱীখনক

আমি আমাৰ ইচ্ছা মতে ভাগ ভাগ কৰিলোঁ।

ধৰ্মৰ নামত, দেশৰ নামত, ভাষাৰ নামত

মানুহবোৰক আঁতৰাই আনিছোঁ।

ছালৰ ৰঙেৰে, গণতন্ত্ৰৰ নামেৰে

কাটি টুকুৰা কৰিছোঁ আমাক।

সাগৰৰ পাৰত পৰি থকা আয়ালান কুৰ্দি,

কাঁটাতাঁৰত দুলি থকা ফেলানি

হয়তো সকলো কৈ দিছে ভগৱানক।

 

ভগৱানে এতিয়া তেওঁৰ পৃথিৱীখন ঘূৰাই বিচাৰিছে।

তেওঁ হয়তো শুনিছে সকলো অভিযোগ।

তেওঁ হয়তো শুনিছে প্ৰকৃতিৰ আৰ্তনাদ।

তেওঁ হয়তো শুনিছে সেই চৰাইবোৰৰ কান্দোন।

 

এদিন হয়তো সকলো ঠিক হ,

কিন্তু আমি কি সঁচাকৈয়ে

মানুহ হ?

 

মই ভগৱানক সকলো কৈ দিম‌।

Popular Post

ঐতিহাসিক চিঠি