কবিতাঃ ম‌ই তোক আকৌ লগ পাম / অমৃতা প্ৰীতম

Posted by : translatorsassam
October 21, 2020

ম‌ই তোক আকৌ লগ পাম
 

মূল: অমৃতা প্ৰীতম
অনুবাদ: অনন্যা দত্ত

 

ম‌ই তোক আকৌ লগ পাম

, কেনেকৈ নাজানো!

হয়তো তোৰ ভাৱনাৰ এক ফিৰিঙতি হৈ

তোৰ কেনভাছত নামিম…

নহলে সেই কেনভাছৰেই এক মায়াবী ৰেখা
হৈ

তোলৈ নীৰৱে ৰ লাগি চাই ৰম…

সূৰ্যৰ কিৰণ হৈ তোৰ ৰংবোৰৰ সৈতে খেলি ৰম চাগে

নহলে ৰংবোৰৰেই দুবাহুত বহি সাৱটি
ম তোৰ কেনভাছ!

, কেনেকৈ নাজানো

কিন্তু তোক ম‌ই আকৌ লগ পামেই..

 

হয়তো ম‌ই এক জলপ্ৰপাত হৈ

ধোঁৱাবৰণীয়া পানীবোৰ তোৰ গাত ঘঁহিম

তোৰ জ্বলন্ত বুকুত মোৰ চেঁচা সত্বাক জিৰণি লবলৈ এৰি দিম…

 

ম‌ই আন একো নাজানো

মাথোঁ ইমানেই জানো যে…

সময়ে যি ৰং দেখুৱালেও এই জনমত মোৰ হৈ ত‌ই থাকিবি..

 

এই দেহ শেষ হৈ গলেই সকলো শেষ হৈ যায়

কিন্তু স্মৃতি চেতনাৰ সূতাবোৰ এই ব্ৰহ্মাণ্ডৰ কণবোৰত ৰৈ যায়…

তেনে এটি কণ বুটলি লৈ গৈ…

তোক ম‌ই আকৌ লগ পাম।

Popular Post

ঐতিহাসিক চিঠি