কবিতাঃ বৰষুণৰ শব্দ শুনাৰ দৰে / অক্টাভিঅ পাছ

Posted by : translatorsassam
June 3, 2020

বৰষুণৰ
শব্দ শুনাৰ দৰে
 (As one listens to the
rain)

মূল : অক্টাভিঅ পাছ
অসমীয়া ভাঙনি : প্ৰেম নাৰায়ণ নাথ

বৰষুণৰ
শব্দ শুনাৰ দৰে মোৰ কথাও শুনাচোন

মন নিদিয়াকৈ মন-পাতল নকৰাকৈ
মৃদু পদধ্বনিৰে জিৰজিৰ
বৰষুণ

পানী যত বতাহ, বতাহ যত সময়
যাওঁ যাওঁ দিৱস,
ৰাতি আহিবলৈ এতিয়াও বাকী

কুৱঁলীৰ প্ৰতিকল্প, চুকৰ কেঁকুৰিটোতে
সময়ৰ প্ৰতিৰূপ,
বিৰতিৰ এই ভাঁজটোতে

শুনা শুনা মোৰ কথা, বৰষুণৰ ৰাগিণী শুনাৰ দৰে
কাণ নপতাকৈ,
মন গহনৰ চকু মেলি শুনাচোন
মোৰ কথা

জাগৰূক পঞ্চেন্দ্ৰিয়ৰ সৈতে
হৈ নিদ্ৰামগন

বৰষুণ পৰি আছে, মৃদু পদধ্বনি,
শব্দাংশৰ বুৰবুৰণি, বতাহ আৰু পানী,
ওজনবিহীন শব্দবোৰ
কি আছিলো আৰু কি হৈছো আমি
দিনবোৰ বছৰবোৰ, এই মূহুৰ্ত
বিমৰ্ষ সময় আৰু বিষাদগ্ৰস্ত

বৰষুণৰ ৰাগিণী শুনাৰ দৰে
শুনাচোন মোৰ কথা

ভিজা এছফাল্ট জিকমিকাই আছে
ভাপ উৰিছে বাষ্পহৈ আঁতৰিছে
মুকলি মুকলি হৈছে ৰাতি আৰু
মোলৈ চাই আছে

তুমি তুমিয়ে আৰু বাষ্পৰ দেহ
তোমাৰ

তুমি আৰু ৰাতিৰ মুখ তোমাৰ
তুমি আৰু তোমাৰ চুলি, নিষ্প্ৰভ বিদ্যুৎৰেখা
পথ অতিক্ৰমি মোৰ কপালত
প্ৰবেশ কৰা

পানীৰ পদধ্বনি মোৰ দুনয়নত
বৰষুণৰ ৰাগিণী শুনাৰ দৰে
শুনাচোন শুনা মোৰ কথা

এছফাল্ট চিকমিকায়, তুমি পাৰ হৈ যোৱা পথ
এয়াই কুঁৱলী, অনাই বনাই ফুৰে বগাই ৰাতি ৰাতি
এয়ে ৰাতি, তোমাৰ বিচনাত নিদ্ৰামগন, তোমাৰ উশাহত উথলি উঠা ঢৌৰ
পিছত ঢৌ

তোমাৰ পানীৰ আঙুলিয়ে মোৰ
কপাল তিয়াই যায়

তোমাৰ শিখাৰ আঙুলিয়ে পোৰে
মোৰ চকু

তোমাৰ বতাহৰ আঙুলিয়ে মেলি
দিয়ে মোৰ চকুৰ পতাত

অন্তৰ্দৃষ্টি আৰু
পুনৰ্জীৱনৰ বসন্ত
,
বৰষুণৰ সুৰ শুনাৰ দৰে
শুনাচোন মোৰ কথা

বছৰ বাগৰি যায় , উভতি আহে মূহুৰ্তবোৰ
সিটো কোঠাত শুনিছানে তুমি
তোমাৰ চৰণৰ পদধ্বনি
?
ইয়াত নহয়, তাত নহয় ঃ তুমি শুনি লোৱাঁ অন্য এক সময়ত
যিটো এই বৰ্তমান
শুনা সময়ৰ পদশব্দ শুনা
ভৰহীন ভাৰহীন ঠাইবোৰ ভাবি
উলিওৱা

গৃহবীথিত পৰি থকা বৰষুণৰ
শব্দ শুনা

এই ৰাতি এতিয়া কুঞ্জবনৰ
ৰাতিতকৈয়ো বেছি ৰাতি

পৰ্ণপত্ৰত থিতাপি লৈছে
বিদ্যুৎ তৰঙ্গ

ভাহি আছে এক উত্তাল উদ্যান –যোৱা
সোমাই যোৱা

তোমাৰ ছাঁই ঢাকি আছে এই
পৃষ্ঠা।





Popular Post

ঐতিহাসিক চিঠি