কবিতাঃ বয়স / সুনীল গংগোপাধ্যায়

Posted by : translatorsassam
July 2, 2020

বয়স 

সুনীল গংগোপাধ্যায়

অনুবাদঃ মুন মুন সৰকাৰ শইকীয়া

মোৰ হেনো বয়স
বাঢ়িছে
?  গা ধুবলৈ লওতে হাঁহি
হাঁহি কেইবাৰ যে কথাষাৰ কলো!
এনে অকলশৰীয়া
ঠাইখনত ছেও দি দি দুপাক নাচিলেও ক্ষতি নাই নহয়
হাঁহিত কব নোৱাৰা হও, পিছবেলা নীৰাৰ কাষত বহি থাকোতে কলো মোৰ বয়স বাঢ়িছে বুলি শুনিছাই নহয়? ছপা হলনে কথাটো?
সঁচাকৈয়ে বুকুৰ
নোম
,
কাণৰ পাছফালৰ চুলি, দাড়িও কেচা পকা
চোৱা, চোৱাহি এবাৰ
মোক‌ দেখিলে
লোকে ক
ব নেকি লৰাটো নহয় এওঁক মানুহজন
বুলিহে ক
ব পাৰি!
ই বৰ টান যাদুখেল, এসময়ৰ লৰাটো কিদৰে মানুহ এজন
হৈ উঠে
মানুহবোৰ বৃদ্ধ
ব আৰু সময়ত মৰিবও
ময়ো মৰিম
আৰু অলপ প্ৰেম
কৰি
,
কেইটামান কবিতা আৰু লিখি
চাবা ময়ো মৰি
থাকিম
হয়নে, নহয় জানো?
ঘূৰি ফুৰোঁতে
আহি ক
ত পালোহি, ঠাইডোখৰ ইমান অচিনাকি
মোৰ এক বিশাল
ৰাজ্য আছিল
, ৰাজ্যৰ বাহিৰত ইমান অসীম শৰীৰি গীত মাত, চকু টিপ মাৰোতেও মায়া জাগে
এই ভ্ৰমণ কালছোৱা
ভালেই লাগিল
, বহুখিনি চোৱা হ
আন্ধাৰো ভাল
লাগে এতিয়া
, তোমাৰ হাতখন দিয়া, গুন্ধি চাওঁ!
নীৰা, কেৱল তুমি কাষত থাকিলেহে লাগে সময় যেন ৰৈ আছে আজিও।

Popular Post

ঐতিহাসিক চিঠি