কবিতাঃ প্ৰেম

Posted by : translatorsassam
May 29, 2020

প্ৰেম
মূল : মিৰশ্লেভ হোলাব
ইংৰাজী অনুবাদ : আয়ান মিলনাৰ, জৰ্জ ডাইনাৰ
অসমীয়া অনুবাদ : অৰূপ কুমাৰ দাস


অসংখ্য চিগাৰেটৰ টুকুৰা ৷
ইখন বেৰৰ পৰা সিখন বেৰলৈ
বহু যোজনৰ বাট ৷
বৰফৰ দৰে নিৰুদ্বেগ
মৃ্ত্যু আৰু অৰ্ধ চেতনা ৷
চোতালৰ পাতি হাঁহৰ পদচিহ্ন যেন
পুৰণি অলেখ শব্দ ৷
নিলিখা অসংখ্য কিতাপ ৷
নসজা অসংখ্য চিতা ৷
যাতনা ৷
ধূলিময়তা ৷
পৃথিৱীৰ প্ৰাৰম্ভৰ দৰেই
বেদনাবহ ৷
মোক বিশ্বাস কৰা
এই সমস্তবোৰেই
সাংঘাতিক সুন্দৰ ৷
কবি পৰিচিতি :  চেক প্ৰজাতন্ত্ৰৰ এজন গুৰুত্বপূৰ্ণ কবি মিৰশ্লেভ হোলাব ৷ তেওঁ এজন চিকিৎসা বিজ্ঞানী আছিল ৷ চিকিৎসা বিজ্ঞানৰ বিভিন্ন
বিষয়
, ৰূপক,প্ৰতীক পৰীক্ষা মূলকভাৱে ব্যৱহাৰ কৰাটোৱে তেওঁৰ কবিতাসমূহক এক অন্য মাত্ৰা
প্ৰদান কৰিছিল ৷ কবিতাৰ উপৰি বিজ্ঞান বিষয়ক বিভিন্ন প্ৰবন্ধৰ বাবেও তেওঁ বিখ্যাত
৷ ১৩ চেপ্তেম্বৰ ১৯২৩ চনত জন্মলাভ কৰা এই গৰাকী প্ৰসিদ্ধ কবি-বিজ্ঞানীৰ
  ১৪ জুলাই ১৯৯৮ চনত
দেহাৱসান ঘটে ৷ 

বিজ্ঞাপনঃ বিখ্যাত উপন্যাস দ্য এলকেমিষ্ট কিনিব খোজে নেকি? ক্লিক কৰকঃ

Popular Post

ঐতিহাসিক চিঠি