কবিতাঃ প্ৰকৃতি বিমুখ/ উলিয়াম ৱৰ্ডৰথ

Posted by : translatorsassam
September 26, 2020

প্ৰকৃতি বিমুখ

মূল কবিতাঃ The World is Too Much
With Us
 

মূলঃ উলিয়াম ৱৰ্ডৰথ

ভাঙনি:- দুলুমণি গগৈ


ভোগবাদত জৰ্জৰ মন ; পলমেই বা ত্বৰিত,

আয়  বা ব্যয়, ধন ধন কৰি গুণৰ অপচয়;

বিনন্দীয়া প্ৰকৃতিৰ ৰূপত হিয়া মুগ্ধ  নহয়

পতিত আত্মাৰ  ছন্দ   ভোগস্পৃহা আশিষ  স্খলিত   !

বিশাল সাগৰ  উদং বক্ষ  জোনলৈ প্ৰসাৰিত   ,

অহৰহ গৰ্জনেৰে ৰূদ্ৰপবনে ধৰণী কোবায়   ,

এতিয়া  দেখো স্নিগ্ধ  কলেৱৰ কুসুমিত শোভায় ,

প্ৰকৃতি স্ত্ৰোত্ৰ নাগাওঁ  আমাৰ কণ্ঠ বিকৃত

ভোগেহে  ধৰ্ম কি  , তাতকৈ প্ৰভূ মই বিধৰ্মী হওঁ

পূজো প্ৰাচীন কোনো আদিম বন্য দেৱদেৱতা ;

মনোহাৰী ঘাঁহনিত থৰ হৈ নিসৰ্গ ৰূপ চাওঁ,

সদাউন্মুখ হৈ ৰওঁ , আদ্যাশক্তি মোৰ ত্ৰাণকৰ্তা

কিজানি বিৰল  প্ৰটিয়াচৰ  উত্থান দেখা পাওঁ;

শুনো  শিঙাশঙ্খনাদ  বায় ট্ৰিটন জলদেৱতা 

#প্ৰটিয়াচগ্ৰীকপুৰাণৰমতে সাগৰৰ দেৱতা

#ট্ৰিটনগ্ৰীক পুৰাণত বৰ্ণিত শংখধাৰী জলকোৱঁৰ

কাব্যৰসিক  পাঠক সমাজত কবি ওৱৰ্ডচওৱৰ্থৰ নাম আৰু কাম সৰ্বজনবিদিত ওৱৰ্ডচওৱৰ্থৰ দ্বাৰা ৰচিত অমৰ কাব্যসাহিত্যই এক নতুন
যুগৰ সূচনা কৰিছিল

তেখেতৰ জন্ম হৈছিল ১৭৭০  চনৰ এপ্ৰিলত  ইংলেণ্ডৰ লেক দিষ্ট্ৰিকত ১৮৫০ চনৰ ২৩ এপ্ৰিলত তেখেতৰ মৃত্যু হৈছিল


কবি পৰিচিতিঃ  শিল্প বিপ্লৱৰ ফলশ্ৰুতিত সৃষ্টি হোৱা  ভোগবাদী মানসিকতাৰ বিৰূপ প্ৰভাৱে মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক নাইকিয়া কৰি পেলাইছিল ইংৰাজী সাহিত্যত নিওক্লাচিকেল যুগৰ পাণ্ডিত্যপূৰ্ণ লিখনি বোৰে প্ৰকৃতিৰ পৰা
ফালৰি কাটি আড়ম্বৰপূৰ্ণ জীৱন শৈলীৰ গুণ গাইছিল তেনে সময়তে ১৭৯৮ চনত  লিৰিকেল ব্যালাডছকবিতা পুথি প্ৰকাশ কৰি কবি উইলিয়াম ওৱৰ্ডচওৱৰ্থ আৰু এচ.
টি. কলেৰিজেউবেক টু নেচাৰশ্লোগানেৰে ইংৰাজী সাহিত্যৰ  ৰোমাণ্টিক ভাৱাদৰ্শক  প্ৰতিষ্ঠা কৰিছিল

Popular Post

ঐতিহাসিক চিঠি