আহি কি কৰিলা ?
তুমি ?
চাওঁ ।
কৰিয়েই ,
টুকুৰাটুকুৰ ।
– কিয় ?
ভিতৰত অনৰ্গল কথা
চিৰিলাচিৰিল কৰিলা ?
অট্টহাস্যই জপিয়াই
মই বিচাৰো অসীমৰ অধিকাৰ ।
এইবাৰ চোঁৱা ।
এইখিনি তো পানী !
।
?
।
বগা মাৰ্বলৰ ওপৰত তোমাৰ ভৰি ।
সোণৰ পালেঙত দেহবল্লৰী ।
আগবাঢ়িলেও তাজমহল, পাচপৰিলেও তাজমহল,
নিজৰাৰ তলত স্নান ।
ফোঁৱাৰাৰ পানীৰে কুলকুলি ।
তুমি ক‘বা, সাজিম… ।
বাগিচাত মালিনীয়ে মালা গাঁথিব,
ঘৰৰ ভিতৰত লিগিৰীয়ে চন্দন বটিব।
তুমি ক‘বা, মই শুম ।
লগত ওলমি থাকিব গছে গছে পাখোৱাজ, চেতাৰ।
লগে লগে নাচি থাকিব জোনাকৰ মাজে মাজে
এক লাখ নৰ্তকী ।
আনন্দমেলাৰ ঘূৰ্ণিখেলাত এনেকৈয়ে বহুদিন।
তাৰপাচত, বুকুৰ সোঁফালে কামিহাড়ত গাঁত খান্দি খান্দি,
তেজৰঙী ৰঙামাটিৰ পথেৰে সুৰঙ্গ কাটি কাটি ,
এটা সাপ,
ভৰিত বৰণীয়া চানেকিৰ নক্সা,
নদীৰ বুকুত হাওলি পৰা হেঙুল গধূলি হেন যাৰ চকু
বিয়াঘৰৰ ব্যাকুল সংগীতৰ ঐক্যতান তাৰ হাঁহি,
দাঁতত মুকুতাৰ টুকুৰাৰ দৰে বিষ,
সুবিধা চাই ঘনে ঘনে সাৱটি ধৰিব সি তোমাক,
যেন আঁহতৰ শিপাৰ ঠেঙুলি, মাটিৰ মাজেদি সোমায়
যায়,
যাৰ আলিঙ্গন ।
লাহে লাহে তোমাৰ সমস্ত হাঁহিৰ ৰঙ হয় পাণ্ডুৰ
লাহে লাহে তোমাৰ সমস্ত গহনাৰ ওপৰত পৰে
শেলুৱৈ,
লাহে লাহে তোমাৰ মখমলী বিচনাত,
টোপ টোপ বৰষুণ, টোপ টোপ বৰষুণত বগা
।
নহয় ।
বাবেতো আৰু গে’টৰ বাহিৰত মাৰ্ছিডিজখন ৰৈ নাথাকে যে ড্ৰাইভাৰৰ চালাম লৈ লৈ ঘপ্ কৰে সোমাই
পৰিম৷ সেয়ে ঝেপঝেপিয়া বৰষুণ মুৰত লৈ, বোকা পানী খচকি, দুখীয়াৰ গাড়ী অৰ্থাৎ ভৰি দুটাৰ
ওপৰত ভৰষা কৰি আহিবলগা হৈছে আপোনাৰ নিমন্ত্ৰণ ৰক্ষাৰ বাবে৷ কিন্তু আজি ৰিস্কাত আহিছোঁ
বুলিহে, নহলে একেবাৰে জুৰুলিজুপুৰি হৈ গলোঁহেতেন৷ ৰিস্কা বিচাৰোতে যিকণ দেৰী হ’ল আৰু৷
হওক বাৰু৷
হ’ম তেতিয়া বাৰু তোমাৰ ইচ্ছাটো পূৰণ কৰিম৷
এক ডাৱৰীয়া বতৰত বহি বহি ৰোমন্থন কৰিম, এই ৰুমালি ভালপোৱাৰে ভৰা সময়খিনিক৷ নাতিপুতিক
তেতিয়া প্ৰথম প্ৰেমিকা আৰু এই ৰুমালখনৰ সাধু শুনাম৷
ভাল নোপোৱা?
ভাল নাপাৱোঁ৷
তেনে জীৱনৰ সতে তুমি কোনোদিনে অভ্যস্ত হবও নোৱাৰিবা৷ তোমাক এটা কথা সোধো?
গাটো খুব জাৰ জাৰ লাগিছিল৷ তেতিয়া চাহ একাপ খাইছিলো এটা ভঙা কাপত৷ ভালকৈ নোধোৱা সেই
কাপটোত লাগি আছিল বহু মেহনতি মানুহৰ ওঁঠৰ পৰশ, লাগি আছিল হয়তো থুইও, যিখিনি মোৰ ওঁঠতো
লাগি আছে৷ তুমি জানো পাৰিবা, এই ওঁঠটোত চুমা খাবলে’৷
কথোপকথন-১১
– তুমি আজিকালি বেছিকৈ চিগাৰেট খাবলৈ
লৈছা, শুভঙ্কৰ !
– এতিয়াই দলিয়াই দিছো বাৰু…… কিন্তু তাৰ সলনি ??
– লুভীয়াটো । যেন কোনোদিন খাবলে‘ পোৱাহে নাই !
– খাইছোঁ ।
কিন্তু মোৰ ভোকৰ আগত সেইবোৰ ধূলি ।
গোটেই মহানগৰখনক এগৰাহতে চোবাই খাব
পাৰোঁ,
আকাশখনক অ‘মলেটৰ দৰে টুকুৰা–টুকুৰ কৰি,
তৰাবোৰক ভজাবাদামৰ দৰে মচ মচ শব্দ তুলি,
পাহাৰবোৰক পাপৰ ভজাৰ দৰে কুৰুম কুৰুম
শব্দেৰে ,
আৰু বিশাল নদীখনক ?
সেয়া তো এগিলাচ চৰবত খোৱাৰ দৰে ।
– থোঁৱা । বৰ বীৰপুৰুষজন !
– সঁচাইতো ।
পৃথিবীৰ ওচৰত মই এইধৰণৰ ভয়ঙ্কৰ বিষ্ফোৰণ
মাত্ৰ তোমাৰ ওচৰতহে ওঁঠ চেপিলে গাখীৰ
ওলোৱা ল‘ৰা,
মাত্ৰ তোমাৰ ওচৰ চাপিলেই ফুটপাথৰ সম্বলহীন
ভিখাৰী ,
এপইচা, আধাপইচা বা এটুকুৰা পাওৰুটীৰ বেছি আৰু একো কাঢ়ি নিব নোৱাৰো ।
– মিছলীয়া ।
– কিয় ?
– সেইদিনা মোৰ গাৰ শাড়ীখন এৰুৱাবলৈ
টান মৰা নাছিলা ?
– হ‘ব পাৰে ।
ভিখাৰীবোৰৰ কেতিয়াবা হলেও ডকাইত হবলৈ
মন নাযাব নেকি ?
কথোপকথন
– ৬
কালি নাহিলা, আজি গুচি গ‘ল দিন
এতিয়া মেঘৰ নাচোন, অদূৰত বৰষুণৰ চিন
ভয়াল বাৰিষা ডুবি যাব
যেন আমাৰ চহৰ
এতিয়াও কি বিচাৰিয়ে
আছা তোমাৰ নে‘লপলিচ !
শাড়ী পিন্ধিছিলা কালি ? তেনে নাহিলা কিয় ?
জোতা চিগিছিল ? জোতা চিগা জানো
হয়?
কাজল নাছিল ? কি হ‘ব কাজল লগাই,
তোমাৰ চকুৰ হৰিণাক মোৰ মনে চিনিয়েই পায় ।
কালি নাহিলা, আজি গুচি গ‘ল দিন
এতিয়া সন্ধিয়া , এতিয়া বোৰখা
পিন্ধি
চহৰ ডুবি যাব হিমেল গলিত
এতিয়াও কি বিচাৰিয়ে আছা তোমাৰ চেফটিপিন !
কথোপকথন- ২৩
কালি তোমাক ভাবিছো বহুবাৰ,
কালি মোৰ আছিল জন্মদিন
পিন্ধিছিলো তুমি দিয়া সোণৰ মালাধাৰ ।
সেই হাৰদাল কি মোতকৈও ডাঙৰ কিবা ?
বালীক তুমি বিলালা আলিঙ্গন, কিন্তু
সাগৰক যে খেৰ-কূটা এগছো নিদিলা !
মোৰ দোষনো ক‘ত ! ডায়েল কৰি মুৰৰ সৰালো ঘাম,
কিন্তু এনেহে তোমাৰ টেলিফ‘নটো যিটো শ্মশানৰ মৰা । আপদটোৰ নাই একো উমঘাম ।
বতাহ আছিল, বতাহত আছিল পখী
আকাশ আছিল, আকাশত আছিল জোন
সিহঁতক কোৱাহলেও, খবৰ দিলেহেতেনচোন,
সখী !
উফ্ , মোৰ ঈশ্বৰ, সিহঁতকো হৈছিল কোৱা,
কলে এইমাত্ৰ লোডশ্বেডিং হৈছে লৰিব নোৱাৰো
এখোজো,
অলপ বাহিৰ ওলাই চোৱা ।
