কবিতাঃ পাবলো নেৰুডাৰ পাঁচটা কবিতা

Posted by : translatorsassam
June 19, 2020


মই তোমাক ভাল নেপাওঁ (I don’t love you)

অসমীয়া ভাঙনিঃ চাণক্য চিৰাং


ভাল নেপাওঁ কিয়নো তুমি এখনি লুণীয়া হৃদয়ৰ
ফুলনিৰ গোলাপ
,

অথবা তুমি ঠিক প্ৰক্ষেপিত শৰৰ জ্বলন্ত সংলাপ !

পিচে ভালপাওঁ তোমাক জানিও নিশ্চিত অন্ধকাৰ থাকে ভালপোৱাৰ

সংগোপনে,ঠিক ছায়া আৰু আত্মাৰ
নিতান্তই দুয়ো যে ৰখীয়া দোমোজাৰ !

ভালপাওঁ ঠিক যেন তুমি কেতিয়াও নুফুলা কোমল কুঞ্জলতা,

তুমিয়েতো কঢ়িয়াই আনা গোপনে ফুলৰ উজ্বলতা !

তোমাৰ প্ৰেমৰ সেউজ সুবাস পাই ধন্য মই

জনম লৈছা বাখৰুৱা ধৰাত, মোৰ শৰীৰত
এন্ধাৰ হৈ জীয়াই থকাৰ আছে জানো অপবাদ!

নেজানিলোঁ কেতিয়া কেনেকৈ কৰপৰা সৃষ্টি হল তোমালৈ ভালপোৱা ,–

ভালপোৱাৰ জানো থাকে মনৰ কঠিনতা কিম্বা অহংকাৰ !

সেয়ে ভালপাওঁ কাৰণ ইয়াৰ বাহিৰে আন পথ নাই আমাৰঃ

দুয়োৰে প্ৰৱেশৰ নিষিদ্ধ য,অথচ ব্যৱধানহীন তোমাৰ হাতৰ স্পৰ্শত জীপাল মোৰ বুকু

তোমাৰ প্ৰেমে মোৰ গভীৰ নিদ্ৰা আনে মুদ খাই ৰয় তোমাৰো দুচকু
!

 

Pablo Neruda


 

তুমি কথাটো জনাতো বিচাৰোঁ

অসমীয়া
ভাঙনিঃ আৰহান ইনামুল


জান, এটা কথা

তুমি জনাতো মই বিচাৰোঁ,

তুমি জানানে কেনে লাগে

মোৰ খিৰিকীৰে যেতিয়া চাওঁ

ধীৰ শৰতত

সৌ ৰঙা ডালটোত ওলমি ৰোৱা

স্ফটিক জোনটোলৈ ??

যেতিয়া মই চুই চাওঁ স্পৰ্শাতীত চাঁইখিনি

অথবা জুইৰ পৰশত সোতোৰা হৈ পৰা খৰিৰ পাতবোৰ

মোৰ জুহালত,

সেই সকলোবোৰেই মোক লৈ যায় তোমালৈ,

যেন মোৰ চৌকাষে যিয়েই আছে

সকলো গোন্ধ, পোহৰ, ধাতু

সকলোবোৰ যেন এখনি এখনি সৰু নাওঁ

যি আগুৱাই যায় তোমাৰ সেই সকলো দ্বীপলৈ

ত তুমি মোলৈকে বাট চাই ৰোৱা !

এতিয়া যদি তুমি অলপ অলপকৈ বন্ধ কৰা

মোক ভাল পাবলৈ

ময়ো বন্ধ কৰিম অলপ অলপকৈ তোমাক ভাল পাবলৈ !

যদি হঠাতে তুমি মোক পাহৰি যোৱা

তুমিওঁ মোক বিচাৰি নাহিবা

ময়ো যে ইতিমধ্যেই তোমাক পাহৰি থাকিম !

তুমি যদি ভাৱিছা

মোৰ জীৱনজুৰি বৈ থকা বতাহজাক

বৰ আমনিদায়ক

বৰ পাগল,

আৰু তুমি যদি মোক মোৰ হৃদয়ৰ উপকূলত

এৰি যোৱা, ত মোৰ শিপা আছে

তেন্তে মনত ৰাখিবা

সেইদিনা

সেই মুহূৰ্ততে

মই মোৰ সমগ্ৰ জোৰেৰে

শিপাবোৰ উভালি পেলাম

তাৰ পিছত কিন্তু কৈ থলো

শিপাবোৰে আকৌ বিচাৰিব নতুন ভূমি

ন কৈ শিপাবলৈ …

কিন্তু ,

যদি প্ৰতি দিনেই

প্ৰতি ক্ষণেই

তুমি ভাৱা মোৰ ভাগ্যত কেৱল তোমাৰ বাবেই

নিৰ্দয় মিঠাৰে সৈতে ,

যদি প্ৰতি দিনেই এপাহ ফুলে বগুৱা বাই যায় তোমাৰ ওঠলৈ মোকেই
সন্ধানী

তেন্তে অহ মোৰ মৰমী, অহ মোৰ আপোনজনী,

মোৰ মাজত সেই প্ৰতিকুৰা জুই

আকৌ জ্বলি উঠিব মোৰ সমগ্ৰ ফাগুন জুৰি !

তেতিয়া যে

একোৱেই নাথাকিব মোৰ মাজত

যি নুমুৱাব পাৰিব সেই জুই কেতিয়াবা

যি পাহৰাব পাৰিব সেই কথা কেতিয়াবা ।

সেয়ে জানি লোৱা মৰমী

যেতিয়ালৈকে তুমি এয়া বুজি থাকিবা

মোৰ দুবাহুৰ পৰা নোলোৱাকৈ

ইয়াৰ সতে জী থাকিবা

তেতিয়ালৈকে জানিবা

মোৰ ভালপোৱা জী থাকিব

তোমাৰেই ভালপোৱাত

তোমাৰেই হৈ

কেৱল তোমাৰ ।

 

অনুবাদকৰ টোকাঃ চিলিৰ পৰা যেতিয়া নিৰ্বাসিত
হৈ আছিল তেতিয়া এই প্ৰেমৰ কবিতাটো লিখিছিল
, পাবলো নেৰুদাই । এই সময়খিনিত তেওঁ মাটিল্ডে নামৰ এগৰাকী
ৰমণীৰ সৈতে তেওঁ প্ৰেমত হাবু-ডুবু খাই আছিল । এই কবিতাটোৰ জড়িয়তে নেৰুদা
ই এজন প্ৰেমিকৰ সেই অসহায় অৱস্থা প্ৰকাশ কৰিছে যেতিয়া তেওঁৰ চৌপাশৰ সকলবোৰ
সত্বাক ভালপোৱাই
, প্ৰেমিকাৰ প্ৰতি থকা অনুৰাগে গো-গ্ৰাসে গিলি
লয় । লাগিলে
সেয়া প্ৰেমিকৰ মনৰ যিকোনো চিন্তাই হ‌ও‍ক, ভাৱনাই হ‌ওঁক , নাকত লগা যিকোনো গোন্ধ‌ই হ‌ওঁক অথবা ওচৰত পৰি
ৰোৱা এটা শুকান পাতেই হ‌ওক !! লগতে এইটো অনুভৱো প্ৰকাশ পাইছে যে ভালপোৱাৰ
সম্পৰ্কবোৰ তেতিয়া হে জীয়াই থাকে যেতিয়া ভালপোৱা কাৰোবাৰ যতন হয়
, অৱহেলা হৈ নপৰে । যেতিয়াই সম্পৰ্কটোৰ এগৰাকীয়ে সম্পৰ্কৰ এই মৌলিক বাৰ্তা
পাহৰি যায় সম্পৰ্কটোওঁ তাৰ সমানেই মৰহি যায় । কবিতাটো ভাল লগা বাবে অবিকল শাৰী
শাৰীকৈ অনুবাদ নকৰি অনুভৱখিনি একেই ৰাখি অসমীয়ালৈ অনুবাদ কৰিলোঁ । আশাকৰোঁ
নেৰুদাৰ প্ৰেমৰ দৰ্শন অসমীয়াতো একেই ৰূপত প্ৰকাশ পাইছে ।

 

 

 

তোমাৰ ভৰি দুখন

অসমীয়া ভাঙনি : পাৰ্থ প্ৰতীম
হাজৰিকা



যেতিয়া মই তোমাৰ মুখলৈ চাব নোৱাৰোঁ

মই তোমাৰ ভৰি দুখনলৈ চাওঁ,

তোমাৰ বক্র ভৰি দুখন

সেই টান আৰু কণমানি ভৰি দুখন।

মই জানো, সিহঁতে তোমাক সহায় কৰে

আৰু তোমাৰ শৰীৰৰ মিঠা ভৰ

সিহঁত দুটাৰ ওপৰতেই ফুলি উঠে ।

তোমাৰ লাহী কঁকাল আৰু বক্ষ যুগল

বক্ষ যুগলৰ দুটা বেঙুনীয়া মুধচ

তোমাৰ দুচকুৰ পটাৰে

এইমাত্ৰ উৰি যোৱা দৃষ্টি

তোমাৰ বহল উজ্জ্বল মুখখন

তোমাৰ ৰঙা চুলিবোৰ

আৰু মোৰ কণমানি গম্বুজটো ।

কিন্তু মই তোমাৰ ভৰি দুখন ভাল পাওঁ

কাৰণ সিহঁতি পৃথিৱীৰ ওপৰেৰে

নতুবা বতাহৰ সৈতে অথবা

পানীৰ ওপৰেৰে খোজ কাঢ়ি থাকে

মোক স্পৰ্শ নকৰালৈকে ।

Pablo Neruda



বিশ্বাসঘাটক (The Traitor)
ইংৰাজী অনুবাদ: Jack Schmitt (উৎস/কবিতা সংকলন: CANTO GENERAL)

অসমীয়া ভাঙনিঃ কিশোৰ দাস


এই সকলো ধ্বংসৰ চূড়াত থাকে হাঁহিমুখীয়া এক ভণ্ড শাসক
যিয়ে থু পেলাই দিয়ে লাঞ্ছিত শ্ৰমিকৰ আশাত।
প্ৰতিখন দেশৰেই নিজাববীয়া দুখ থাকে,
থাকে প্ৰতিটো বিপ্লৱৰে শাৰিৰীক মানসিক কষ্ট,
কিন্তু আহা আৰু মোক কোৱা তেজ শোহাসকলৰ কথা, সহ্যৰ সীমা নেওচা দিয়া, ঘৃণাৰ মুকুট পিন্ধা, শাস্তি দিবলৈ সেউজীয়া দণ্ড লৈ থকা শাসক আছেনে অইন দেশতো?

তেওঁৰ হাঁহি আৰু আশ্বাস, লেতেৰা শোষণৰ
দণ্ড
,
দুখীয়াৰ মূৰত ওপৰত কৰা নৃত্য, দুখৰ ভেঙুচালি!!

আৰু যেতিয়া দুৰ্ভগীয়া আৰু হতভগাসকলৰ কলা চকুবোৰ অনৈতিকভাবে জেইলত থূপ খাই থাকে, তেওঁ জাক-জমক
সাজ-সজ্জাৰে নৃত্য কৰে।

কিন্তু কলা চকুবোৰে তেতিয়াও কলা আন্ধাৰত ৰলাগি চাই থাকে।

তুমি কি কৰিছা? তোমাৰ শব্দবোৰ
কেতিয়াবা ওলাইছেনে বাৰু শ্ৰমিক ভাতৃসকলৰ বাবে
?
লাঞ্ছিতসকলৰ হকে?
নিজৰ মানুহখিনিৰ বাবে আৰু তেওঁলোকৰ ৰক্ষাৰ বাবে?



তুমি লাহে লাহে নিঃশেষ হবলৈ আৰম্ভ কৰিছা (You Start Dying Slowly)
অসমীয়া ভাঙনিঃ জীৱন গোস্বামী


তুমি লাহে লাহে নিঃশেষ হবলৈ আৰম্ভ কৰিছা।

নিত্য নতুন ঠাই চোৱাৰ হাবিয়াস যদি তোমাৰ এতিয়া নাই,
নতুন কিতাপে যদি তোমাক আমেজ নিদিয়ে,
জীৱনৰ বিচিত্ৰ ধ্বনিবোৰ যদি তোমাৰ কাণত নপৰে,
বা, নিজকে
যদি তুমি কদৰ কৰিবলৈ এৰিছা
,
জানিবা, তুমি
ক্ৰমাৎ নিঃশেষ হ
বলৈ
আৰম্ভ কৰিছা।

আত্মাভিমানক তুমি যেতিয়া বিসৰ্জন দিয়া,
বা, আনৰ
সহায় বিচাৰোতে তোমাক সঙ্কোচে বাধে

জানিবা, তুমি
লাহে লাহে মৰিবলৈ আৰম্ভ কৰিছা।

অভ্যাসৰ গোলাম হৈ পৰি
তুমি যদি সদায় একেবোৰ ৰাস্তাৰে গৈহে শান্তি পাবলৈ ধৰিছা,
সচৰাচৰৰ পৰা সামান্যতমো হেৰফেৰ হলেই অস্বস্তি পাবলৈ লৈছা,
ভিন ভিন ৰঙৰ কাপোৰ পিন্ধাৰ চখ যদি তোমাৰ নাইকিয়া হৈছে,
অচিনাকি মানুহৰ লগত দুষাৰ কথা পাতিবলৈ যাওঁতে
সঙ্কোচে তোমাক ঘেৰি ধৰিবলৈ আৰম্ভ কৰিছে,
জানিবা, তুমি
লাহে লাহে নিঃশেষ হ
বলৈ
আৰম্ভ কৰিছা।

অনুৰাগৰ তীব্ৰতাই যদি তোমাক উন্মাদ নকৰে,
তলবল আৱেগৰ উচ্ছ্বাসে তোমাৰ চকু সেমেকাই নোতোলে,
বা, তোমাৰ
কলিজাৰ স্পন্দনে চেঁকুৰ নলগায়
,
জানিবা, তুমি
লাহে লাহে নিঃশেষ হ
বলৈ
ধৰিছা।

নিজৰ কামক লৈ তুমি যদি আজি অসুখী,
প্ৰেমাস্পদেও তোমাক সুখী কৰিবলৈ এৰিছে,
তথাপি তুমি যদি একেটা জীৱনকে আঁকোৱালি লৈ থাকা,
তাক সলনি কৰি নতুন ৰূপ দিব নোখোঁজা,
অনিশ্চয়তাৰ মাজলৈ যাবলৈ দ্বিধা কৰি
নিৰাপত্তাৰ বেষ্টনীৰ মাজতে সোমাই ৰোৱা,
সপোনৰ পিছত দৌৰিবলৈ এৰি দিয়া,
আৰু,
জীৱনটোত এবাৰলৈ হলেও
যুক্তিৰ শক্তিক উলাই কৰাৰ আমেজ নোলোৱা,
জানিবা, তুমি
লাহে লাহে নিঃশেষ হৈ আছা।

Popular Post

ঐতিহাসিক চিঠি