কবিতাঃ পতাকাখন/ পাবলো নেৰুদা

Posted by : translatorsassam
June 15, 2020

Pablo Neruda ৰ “The Captain’s
Verses”
ৰ তৃতীয়টো ভাগ “Lives” ৰ দ্বিতীয়টো কবিতা The Flag ৰ অনুবাদ।

 

পতাকাখন (The Flag)

মূল : পাবলো নেৰুদা

সমীয়া ভাঙনি : কিশোৰ দাস


 

মোৰ সতে ঠিয় হোৱা

 

মোৰ দৰে কোনো এজনকো বিচাৰি নাপাবা যিয়ে
ৰৈ যাব বিচাৰে সেই গাৰুটোত য
ত তোমাৰ চকু পতাযুৰিয়ে
পৃথিৱীখনৰ লগত খেলিবলৈ দিয়ে

ত মই ভাল পাম মোৰ তেজক শুবলৈ দিবলৈ তোমাৰ ঘামেৰে

 

কিন্তু এতিয়া জাগি উঠা

তুমি ঠিয় হোৱা

মোৰ সতে ঠিয় হোৱা

আৰু মুখামুখি যুঁজৰ বাবে আমাক একেলগে
আগুৱাবলৈ দিয়া

চয়তানৰ কাৰচাজীৰ বিৰুদ্ধে

ভোক বিতৰণ কৰা এই তন্ত্ৰৰ বিৰুদ্ধে

একত্ৰিত পুঁজিবাদী কৃপণালিৰ বিৰুদ্ধে

 

লা যাওঁ

আৰু তুমি, মোৰ নিজস্ব মৃত্তিকাৰে যি সৃষ্ট

মোৰ তৰাটো, মোৰ ঠিক পিছতেই থাকিবা

তুমি বিচাৰি পাবা হেৰোৱা বসন্ত

আৰু থাকিবা জুইকুৰাৰ মাজতো মোৰ পিছতেই

তোমাৰ জ্বলন্ত চকুৰে

মোৰ পতাকাখন ধৰি।

Popular Post

ঐতিহাসিক চিঠি