কবিতাঃ পছোৱালৈ ওলগনি/ পাৰ্চী শ্ব্যেলী

Posted by : translatorsassam
July 8, 2020

পছোৱালৈ ওলগনি (Ode To West Wind)
মূলঃ  পাৰ্চী শ্ব্যেলী
 অসমীয়া ভাঙনিঃ বিপুল কুমাৰ বৰুৱা 


১)

অ’ বনৰীয়া পছোৱা বা
শৰতৰ তই আছিলি উশাহ অদেখা
আৰু এতিয়া উৰুৱাই আঁতৰাই নিয় মৰি সৰা পাত নিমিষত
যেন শুনা পাই বেজৰ মন্ত্ৰ  পলাই
পত্ৰং ভূত পিশাচ যত
হালধীয়া, ক’লা কজলা শেঁতা মদৰুৱা ৰঙা
পোকে খাই কৰা চিতপখৰা সৰাপাত
তই তোৰ ৰথত তুলি আথেবেথে
শুৱাই দিয়গৈ শীতৰ কলচীয়া শোৱাপাটীত ৷
কমোৱা তুলা পাখি পিন্ধা বীজ
ঢলি পৰে দেহি  মাটিত শৱটিৰ দৰে
বাসন্তী ভনীটি আহি কাণত কিবা কৈ
নজগাইহি মানে
সপোন বিভোৰ ধৰাৰ কলাঘুমটীয়া কাণত
তাইৰ শিঙাপেঁপা গুঞ্জৰিত নহয় মানে ৷
এপাল মধুময় চুপহিক হুৰাই নিয় তই বা
যেন বতাহত চৰাবলৈ নিয় কৈ খা খা বতাহ খা ৷
জীয়া ৰহন
জীয়া সুৰভি
পাহাৰে ভৈয়ামে চিটিকি পৰি
পিয়াপি দিয়ে বিয়াপিত আৰণ্যক আত্মা
মাৰ তই সংহাৰী
জীয়াই তোল হৈ সঞ্জীৱনী
তই দিয় দুয়োটি ভাও শুন পছোৱা
মাৰোঁতা পালোঁতাৰ ৷
২)
থিয় আকাশৰ তোলপাৰৰ মাজে তইএটি সোঁত
শিথিল ডাৱৰবোৰ যেন সৰগ সাগৰ আগুৰা
 বিশাল বটৰ অতিকায় এটি ডালৰ
 পৃথিৱীৰ বিৰিখৰ লেখীয়াকৈয়ে
এই সৰোঁ এই সৰোঁ পাতবোৰহে
হাওলি ওলমি আছে কোনোমতে ৷
বিজুলী বৰষুণ দুই দেৱদূত লয়লাসে
তোৰ সুনিলীম কল্পনাপ্ৰৱন উপলা মনাকাশে
 ওভোতাচুলীয়া উজ্জ্বল এটাৰি চুলি
হৈ বিৰাজে 
তাৰে কেইটিমান  টিঙিৰিতোলা গ্ৰীক
ৰূপকথাৰ অপ্সৰাহে যেন
দিগবলয়ৰ পৰা আকাশৰ শিৰোবিন্দুলৈ বাউলি
ধুমুহা আইদেউৰ মেলা চুলিটাৰৰ দীঘ
আৰু তই মেলানি মাগিব খোজা বছৰটিৰ বিৰহত
শেহু টানি জুৰিলি শোকসংগীত
আজি যিটি নিশা জাপ খাব
সিয়ে হ’ব সুবিশাল সমাধিৰ গম্বুজ
ভিৰাই লোৱা হ’ল তোৰ ভাপ কণিকাৰ একত্ৰিত শকতিৰে সৰ্বদিশে ধেনুভিৰীয়াকৈ যাক
ভাপৰ শকতিৰেই বজ্ৰকঠিন বায়ুমণ্ডল
কজলা বৰষুণ, জুই আৰু শিলাবৃষ্টিৰ
বিষ্ফোৰণ গৰজন
ঐ পশ্চিমৰ পছোৱা তই শুন !

৩)

তই য’ত শোৱ সেই সুনীলিম  ভূমধ্য সাগৰৰ
জহকালিৰ সপোনবোৰৰ পৰা সি
খকমকাই সাৰ পাই হয়তোবা কান্দিছিল
তাৰেই কুণ্ডলী পকোৱা ফটিক ধাৰাবোৰে
তাক নিচুকাইছিল
ঝাঁও শিলৰ দ্বীপপূঞ্জৰ কাষত বে’য়াৰ অখাতত
আৰু দেখা পালোঁ পুৰণি কাৰেংবোৰ টোপনিত
স্তম্ভবোৰ কঁপি আছে দিনক দিনে বাঢ়ি অহা
ঢৌৰ প্ৰকোপত ৷
নভোনীল সমুদ্ৰনীল নীলিমাক চেৰাইছে সেউজীয়া শেলাই কিম্বা নানাৰঙী ফুলৰ বিবিধাই
ইমান মাধুৰিমা আহঃ শেঁতা পৰিছে মোৰ সংৱেদনা
আঁকি আঁকি মনৰ পটত ছবি তাৰ ৷
তোৰ অসীম শকতিয়ে উখনিয়াই ফালি পেলালে
আটলাণ্টিকৰ সমতল বুকু
মাহৰ মাৰ দেখি তিলে বেত মেলাদি
দূৰ অতলৰ সামুদ্ৰিক ফুলনি আৰু
  তেজে -পূঁজ বিৰিঙা হাবিয়নি
ধোঁৱাবৰণীয়া হ’ল ভয়তে !
শুনি তোৰ গৰজনি ইটিয়ে সিটিৰে কৰি গলাগলি
 কঁপি কঁপি হেৰুৱাইছে গাৰ ৰস চালবাকলি
শুনিছনে পছোৱা বতাহ তই শুন ৷

৪)
যদি মই এখিলা সৰাপাত
তই বাহুবলী উঠিম তোৰ বোকোচাত
যদি মই কোবাল মেঘ এডুখৰ
তোৰে সঁতে ধৰিলোঁ হেতেন লৰ
আৰু যদি এটি সাগৰৰ ঢৌ
তোৰ কোব খাই শেহালোঁ হেতেন আয়ৈ ঔ !
আৰু ভাগ পালোঁ হেতেন তোৰে শকতিৰে
যেনিবা তোতকৈ বহু কম
মুকলি নহৈ তোৰে বহতীয়া হ’ম ৷
তোকনো বলায় কোনে তই যে অদমনীয় ৷
পিচে মোৰ ল’ৰালিত মোক নাপালি তই
আছিলোঁ ময়ো এটি তমোময়
পাইছিলোঁ লগ তেতিয়াতে
তোৰে কান-সমনীয়া সৰগৰ বলীয়া বা
পঞ্জাপুতি ধৰিছিলোঁ গবা মাৰি তাৰ গা ৷
বপুৰাৰ আকাশলংঘী চুটি
মোৰ শকতিত তাৰ  দৃষ্টি শকতি আহিছিল
টুটি ৷
তেতিয়াতো মই এতিয়াৰ দৰে ক’ত
কৰিলোঁ হেতেন মিনতি তুতি !
এতিয়াহে হায় ছালছিগা হ’লোঁ
তোত তৰিছোঁ গোহাৰি
তুলি ধৰি মোক লৈ যা
ঢৌ, পাত, মেঘ যিয়েই বা নহওঁ
পৰিলোঁহি মই হুমখুৰি খাই জীৱনৰ কাঁইটত!
বৈ আছে মোৰ তেজ দেখিছনে তই ?
প্ৰহৰবোৰৰ গধুৰ শিকলিয়ে বান্ধিছে ভিৰাইছে মোক
আৰু  কোনো যদি তোৰ  দৰে অদম্য, বেগী  আৰু গৰ্বী পালোঁ
তেনে মই  তাৰো অনুৰাগী হ’লোঁ ৷

৫)
সৌ বনানিৰ দৰে মোকো তোৰ বীণ ল সাজি
সৰিছে আপুনি মোৰো পাত তাতেনো আৰু কি ?
তোৰ কোঢ়ালৰ সতে সমলয় তোলেই বা ই !
দুটি তুলি ল’ম সুৰ
এটি  গভীৰ সুৰ শৰতৰ
আনটি মধুৰ সুৰ যদিও বিষাদৰ
তই তোৰ প্ৰচণ্ড দুৰন্ত স্বৰূপতে থাক
মোৰ স্বৰূপ! মোৰ স্বৰূপ এক উদ্বাউল ৰাগ ৷
মোৰ মৃত ভাৱনাবোৰ ভুৱন বিহাৰী কৰ
পঁচা পাত নতুন পুলি পোখাবৰ বাবে পুষ্টিকৰ
আৰু এই পদ আওৰাই
খুঁচৰি দিয়া নিতাল মৰা জুহালৰ শুই থকা জুই
ফুটছাইৰ লগতে থাকিব জুইৰ পো আঙনিও
তাৰো উম পোহৰত উত্তৰাধিকাৰ মানুহ জাতিৰ
নিসাৰ জগতক জগাবলৈ মোৰ ওঁঠত
গুজি দে তয়ে ভৱিষ্যদ্বানীৰ শিঙাটো অ’ বা !
যদি শীত আহি পালেহিয়েই তেনে বসন্তলৈ
কেতেপৰ ?

Popular Post

ঐতিহাসিক চিঠি