কবিতাঃ নাৰী / ৰমাশংকৰ যাদৱ (বিদ্ৰোহী)

Posted by : translatorsassam
October 4, 2020

নাৰী (औरतें) 

মূলঃ ৰমাশংকৰ
যাদৱ
(বিদ্ৰোহী)

অসমীয়া ভাঙনিঃ  মুনমুন সৰকাৰ শইকীয়া

 

কিছুসংখ্যক মহিলাই নিজৰ
ইচ্ছানুসৰি নাদত জাপমাৰি প্ৰাণ দিছিল

পুলিচৰ নথিত উল্লেখ আছে।

আৰু কিছুসংখ্যক মহিলাই নিজ
ইচ্ছানুসৰি চিতাৰ জুইত আত্মজাহ দিছিল

ধৰ্মীয় কিতাপবোৰত লিখা
আছে।

মই কবি, মই কৰ্তা

কিহৰ ইমান লৰালৰি

এদিন মই পুলিচ আৰু পুৰোহিত
দুয়োকে

মহিলাৰ আদালতলৈ মাতি
পঠিয়াম।

আৰু আন সকলো আদালতক খাৰিজ কৰি দিম।

মই সেই সকলো যুক্তিক খাৰিজ
কৰি দিম

যিবোৰ পুৰুষে মহিলা আৰু
শিশুৰ বিৰুদ্ধে দাঙি ধৰিছিল।

মই সকলো আজ্ঞা/অনুশাসনক
নিৰস্ত্ৰ কৰিম

সেনাবাহিনী আৰু ছাত্ৰই যি
অহৰহ কঢ়িয়াই ফুৰে

মই সেই উইলবোৰ খাৰিজ কৰি
দিম

যিবোৰ দুৰ্বল মানুহে
বলশালী মানুহক ভয়তে দি দিছিল।

মই সেই মহিলাসকলক যিসকলে
নিজ ইচ্ছানুসৰি নাদত জাপ মাৰিছিল আৰু আত্মজাহ দিছিল সেইসকলক আকৌ জীয়াই তুলিম আৰু
তেওঁলোকৰ ভাষ্য আকৌ নথিভুক্ত কৰিম

কৰবাত কিবা থাকি গল নেকি?

কিবা জানিবলৈ বাকী থাকিল
নেকি
?

কিবা ভুল হল নেকি?

কাৰণ মই সেই মহিলাগৰাকীক
চিনি পাওঁ
যিগৰাকীয়ে
নিজৰ সাত বেগেতৰ শৰীৰটোক এবেগেত চোতালত আজীৱন লুকুৱাই ৰাখিছিল কেতিয়াও বাহিৰৰ
পোহৰ নেদেখিল আৰু প্ৰথমবাৰৰ বাবে বাহিৰলৈ উলিয়াই অনা হ
ল তাইৰ মৃতদেহ যি মুকলি
ঠাই পাই জীৱনত প্ৰথম বাৰৰ বাবে প্ৰসাৰিত হ
বলৈ সুবিধা পাইছিল ভূ-মাতৃৰ দৰে।

মহিলাৰ মৃতদেহ ভূ-মাতৃৰ
দৰে হয় মুকলি ঠাই পালে প্ৰসাৰিত হয় থানাৰ পৰা আদালতলৈ।

মই দেখিবলৈ পাইছোঁ যে
অপৰাধৰ সমস্ত প্ৰমাণ নাইকিয়া কৰি দিয়া হৈছে

চন্দনৰ ফোঁট লোৱা পুৰোহিত
আৰু উচ্চপদস্থ চিপাহীয়ে বুকু ফিন্দাই মহাৰাজৰ জয়গান গাইছে।

সেইজন মহাৰাজৰ যিজন
ইতিমধ্যে ঢুকাইছে

মহাৰাণী সকলে নিজৰ চিতা
নিজেই সজাইছে

আৰু মহাৰাণী নাথাকিলে
দাসীৰনো কি কাম‌

সেয়ে সিঁহতেও প্ৰস্তুতি
চলাইছে মৃত্যুৰ।

মহাৰাণী সকলতকৈ মোৰ
দাসীবোৰৰ কাৰণেহে বেছিকৈ চিন্তা হয়

তেওঁলোকৰ স্বামী জীৱিত আৰু
চকুপানী নিগৰাইছে।

কিমান বেয়া দেখি শোকত
ভাগি পৰা স্বামীক অকলে এৰি থৈ মৰিবলগীয়া হোৱাটো

কিন্তু কান্দোনত ভাগি পৰা
স্ত্ৰীক পিটিবলৈ স্বামীয়ে কুণ্ঠাবোধ নকৰে কেতিয়াও।

নাৰীয়ে কান্দে

পুৰুষে পিটে

নাৰীয়ে কান্দে , পুৰুষে বেছিকৈ পিটে

নাৰীয়ে খুব ডাঙৰকৈ চিঞৰি
কান্দে আৰু পুৰুষে ইমান জোৰত পিটে যে নাৰী মৰি থাকে।

ইতিহাসত লিপিবদ্ধ প্ৰথম
মহিলাগৰাকী কোন আছিল যাক জ্বলাই দিয়া হৈছিল।

মই গম নাপাওঁ

কিন্তু যিয়েই নহওক লাগিলে
সেইগৰাকী মোৰ আই আছিল
,

মোৰ চিন্তাৰ কাৰক এয়াই যে
অদূৰ ভবিষ্যতে কোনগৰাকী নাৰীক অন্তিম বাৰৰ বাবে জ্বলাই দিয়া হ
?

মই নাজানো

কিন্তু যিয়েই নহওঁক তাই
মোৰ জীয়ৰী হ

আৰু মই সেয়া হবলৈ নিদিওঁ।

 

Popular Post

ঐতিহাসিক চিঠি