কবিতাঃ ধৰ্ম / শ্ৰীজাত

Posted by : translatorsassam
June 24, 2020

ধর্ম

মূল : শ্রীজাত

অসমীয়া ভাঙনি : মুনমুন সৰকাৰ শইকীয়া


  

এতিয়াও নতুন
কিবা লিখিব পৰা হৈ আছোঁ
, মগজুৰ পৰা  বহু শব্দ ওঁঠলৈ বাট বুলে।

এতিয়াও মোৰ
মূৰৰ বিকৃতি
, যেন এটা তীব্ৰবেগী ঘোঁৰাই যেনি তেনি ঢাপলি
মেলে।

 

ৰা ছোৱালী কেইটাক গান শিকাও, ছাত্ৰ প্ৰতি মাত্ৰ ডেৰশ টকাকৈ পাওঁ।

পদূলিশুঙা হৈ
ঘূৰি ফুৰো
, কৰবাত  কিবা কাম ওলায় নেকি চাওঁ।

 

ভোটৰ নামত আকৌ
এটা বন্ধবাৰ
, চুবুৰীখন সজাই পৰাই লওঁ।

গান্ধীজীৰ হাঁহি
থকা নোটত ভোটটো কিন্তু কোনেও নিদিওঁ।

 

 

এতিয়াও জমি
উঠে ক্ৰিকেট খেল
, উত্তেজনাত মানুহে নখ
কামোৰে

ডিঙিত টেপা মাৰি
ধৰিলেই কথাবোৰ ডিচেণ্ট্ৰিৰ দৰে ওলাই লৰ মাৰে।

 

এতিয়াও মানুহে
ফোপায়
,
জেঠীয়ে  টিকটিকায় দেৱালত

প্ৰেম এতিয়াও
জনপ্ৰিয়
,
গোলাপ এতিয়াও ফুলে টাবত

 

তোমাৰ কথা ভাবিলে
এতিয়াও
লিঙ্গটোৱে গা কৰি উঠে।

Popular Post

ঐতিহাসিক চিঠি