কবিতাঃ দেউতা/ ছিলভিয়া প্লেথ

Posted by : translatorsassam
May 30, 2020

দেউতা ( Daddy )

মূল: ছিলভিয়া প্লেথ



অনুবাদ: বিভূতি গগৈ







তুমি নোহোৱা, তুমি আৰু
নোহোৱা

কাহানিও, লা জোতা
ত মই বাস কৰিছিলোঁ
এটা ভৰিৰ দৰে
ত্রিশ বছৰ ধৰি,
বেচেৰী, বিবৰ্ণ মই
উশাহ লবলৈ বা হাঁচি মাৰিবলৈকো
ভয় কৰি ।
দেউতা, মই তোমাক হত্যা
কৰিলোঁহেতেন

তুমি মৰিলা, মই সময় পোৱাৰ
আগেয়ে ।
তুমি ঈশ্বৰ ভৰ্তি এটা মোনা হলা
মাৰ্বল খচিত এক ভয়ংকৰ মূৰ্তি,
শেঁতা ভৰিৰ আঙুলি যেন
বিশাল এক ফ্ৰিচ্কো চীল
মূৰ আছে চঞ্চল আটলাণ্টিকত
ত নীলাৰ ওপৰত ই ঢালি দিয়ে
উৰহীৰ সেউজীয়া
সুন্দৰ নৌছেটৰ পানীত,
মই প্ৰাৰ্থনা কৰিছিলোঁ তোমাৰ আৰোগ্য কামনা কৰি ।
আঃ, তুমি !
যুদ্ধ, যুদ্ধ আৰু
যুদ্ধৰ ৰ
লাৰে
মাটিত মিলাই দিয়া পলেণ্ডৰ
নগৰখনৰ কথা
জাৰ্মান ভাষাৰে সুধিলোঁ,
কিন্তু, তেনে নামৰ নগৰ বহুত,
মোৰ পলিছ বন্ধুৱে কলে ।
তেনে নাম আছে হেনো ডজনে ডজনে
সেয়ে মই নাজানিলোঁ
তোমাৰ জনমভূমি , তোমাৰ শিপা
তোমাক তো মই কথা কবই নোৱাৰিছিলোঁ
হনুত লাগি ধৰিছিল জিভা ।
কাঁটা তাঁৰৰ জালত লাগিছিল
ম- ম-ম-ম
একো কবই নোৱাৰিছিলোঁ ,
ভাবিছিলোঁ, সকলো জাৰ্মান তোমাৰ
দৰে

আৰু কয় অশালীন ভাষা ।
এটা ইঞ্জিন, এটা ইঞ্জিনে
হুউচ কৰে লৈ গ
ডাছাও, অচ্চৱিজবেলছেনলৈ ইহুদি নিয়াৰ দৰে
মই কথা কবলৈ ললোঁ ইহুদিৰ দৰে
ভাবিলোঁ, মই ইহুদি হবও পাৰোঁ ।
টাইৰলৰ বৰফ,ভিয়েনাৰ প্ৰিয় বীয়েৰ
পুৰাপুৰি খাঁটি বা আচল নহয় ।
মোৰ জিপচী মাতামহ ,
মোৰ পোৰা কপাল
আৰু মোৰ টাৰতাচপাতে কয়
অকণমান কৰবাত মই ইহুদিয়ে হয় ।
সদায় তোমালৈ ভয় কৰি কটালোঁ ,
তোমাৰ বায়ুসেনা , তোমাৰ
বাগাড়ম্বৰ

আৰু তোমাৰ মিহি মোঁচকোচা
তোমাৰ আৰ্য চকু, উজ্বল নীলা,
টেংক-চালক, টেংক-চালক, তুমি !
ভগৱান নহয়, স্বস্তিকা তুমি
ইমান কলা যে আকাশে
নোৱাৰে চাব জুমি
সকলো নাৰীয়ে পূজা কৰে ফেচিষ্টক
মুখত জোতাৰ গোৰ খাই
তোমাৰ দৰে বৰ্বৰৰ বৰ্বৰ বৰ্বৰ অন্তৰক ।
তুমি ব্লেকবৰ্ডৰ কাষত থিয় হৈ আছা, দেউতা,
মোৰ লগত থকা ছবিখনত ,
তোমাৰ ঠুতৰি ফটা,
ভৰি ফটা নহয়,
লেও তুমি চয়তানতকৈ
কিংবা কলা মানুহজনতকৈ কম
নোহোৱা
যিজনে মোৰ সুন্দৰ ৰঙা হিয়াখন
দুফাল কৰিছিল ।
তোমাক সমাধিস্থ কৰোঁতে মই
দহ বছৰীয়া
বিশ বছৰত মই মৰিব খুজিছিলোঁ,
আৰু তোমাৰ কাষলৈ যাব খুজিছিলোঁ
হাড়বোৰক লগ পালেও হলহেতেন ।
কিন্তু সিহঁতে মোক টানি আনিলে
আৰু আঠাৰে মোক জোৰা লগালে
মই বুজিলোঁ,মই কি কৰা উচিত
মই তোমাৰ এটা মডেল সাজিলোঁ,
মেইনকেম্প চেহেৰাৰ এটা কলা মানুহ ।
ৰেক আৰু স্ক্ৰু ভাল পোৱা এটা মানুহ
আৰু মই কলো,’ হয়,
হয়, মই সন্মত ।
সেয়ে, দেউতা, অৱশেষত মই আহিলোঁ,
লা টেলিফোনটো গুৰিতে চিঙিল
কেৱল মাতবোৰ ৰৈ গল ।
মই এটা নহয়, দুটা মানুহ মাৰিছো
ভেম্পায়াৰটোৱে কৈছিল সি হেনো তুমি,
আৰু এবছৰে মোৰ তেজ খাইছিল শুহি,
সাত বছৰ, আচলতে , যদি তুমি
জানিব খুজিছা,
দেউতা, তুমি এতিয়া শুব পাৰা ।
তোমাৰ শকত কলা কলিজাত
বিন্ধিছে এপাত শেলে
গাঁওবাসীয়ে তোমাক ভালপোৱা
নাছিল কোনোকালে
সিহঁতে নাচিছে আৰু তোমাক গচকিছে ,
দেউতা, দেউতা, জহৰা কৰবাৰ,
মই আহিলোঁ।

(বিজ্ঞাপনঃ কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ আমাজনত সুৰক্ষিত মাস্ক কিনকঃ)

Popular Post

ঐতিহাসিক চিঠি