কবিতাঃ তোমাৰ মুখ মনত পৰিছে চে’ / মৃন্ময় চক্ৰবৰ্তী

Posted by : translatorsassam
June 14, 2020

তোমাৰ মুখ মনত
পৰিছে চে

মূল বাংলা : তোমার মুখ মনে পড়ে, চে’ 
কবি : মৃন্ময় চক্ৰবৰ্তী 
অসমীয়া ভাবানুবাদ : বাপুকণ চৌধুৰী 

লেটিন আমেৰিকাই কলে

তোমাৰ মুখ মনত পৰিছে চে
এণ্ডিজ পৰ্বতৰ দৰে সুউচ্চ দৃষ্টি পথ
আটলান্টিকৰ ঢৌ ৰ দৰে
প্ৰাণ প্ৰস্ফুটিত হাঁহিবোৰ
তোমাৰ উজ্বল মুখ মণ্ডলত !!!!

আমি এচিয়াৰ ক্লান্ত আকাশৰ তলত
ক্ৰমশ: ঠেক হৈ অহা পৰিগণ্ডীৰ ভিতৰত
মৃত্যুৰ সতে পাঞ্জা খেলিছো,
অকলে আৰু অবিৰত ….

কিন্তু চে, তোমাৰ মুখ মনলৈ আহিলে ভাবো
হয়তো থাকিম বাচি এনেকৈয়ে আৰু কিছুকাল
!!!!

প্ৰেমৰ অলিন্দৰ পৰা আৰম্ভ কৰি বিপ্লবৰ
ধমনীলৈকে বৈ যাম

আমাৰ বক্ষদেশত পৈশাচিক নখৰ আঁচোৰ,
আমাৰ কন্ঠনলীত ধাৰাল দাঁতৰ নিশ্বাস
যি ক্ৰমাৎ তীব্ৰতৰ আৰু শক্তিশালী হৈ
উঠিছে !!!!

আমিবোৰ হাৰিবলৈ আৰম্ভ কৰিছো চে,
ক্ৰমান্বয়ে যেন পৰাজয়ৰ মুখলৈ আগবাঢ়িছো
!!

পৃথিৱীত যুদ্ধ শেষ হোৱা নাই,
আৰু,
তোমাৰ স্বপ্নৰ জয় চকুত পৰা নাই এতিয়াওঁ

তথাপিও চে, তোমাৰ চ্যুৰটৰ অগ্নি পিণ্ডটোৱে
আমাক প্ৰমিথিউচৰ কথা মনত পেলাই দিয়ে,

আৰু,

তেনেকৈয়ে উমি উমি পুনৰ জ্বলি উঠো
য়তো নুমাই নোযোৱাৰ প্ৰতিশ্ৰুতিৰে
আমি নমৰো চে,
আমি ব্যৰ্থও নহও প্ৰেম অথবা বিপ্লৱৰ পথত
বাৰে বাৰে এই প্ৰত্যয়ে প্ৰত্যয়িত কৰিছে
জীৱন ৷৷

লেটিন আমেৰিকাই কলে,
তোমাৰ মুখ মনত পৰিছে চে
তোমাৰ ঈশ্বৰৰ দৰে মুখমণ্ডল

Popular Post

ঐতিহাসিক চিঠি