কবিতাঃ তথাপিও মই জাগি উঠোঁ (Still I Rise)/মায়া অ্যাঞ্জেলু

Posted by : translatorsassam
May 31, 2020

তথাপিও মই জাগি উঠোঁ (Still I Rise)
মূল
কবি :
মায়া অ্যাঞ্জেলু (Maya Angelou)
অনুবাদ : প্ৰশান্ত কুমাৰ বৰা

Maya

সত্যৰ অপলাপ আৰু বিকৃত অপপ্ৰচাৰেৰে আপুনি
ইতিহাসৰ গহ্বৰলৈ নিক্ষেপ কৰিব পাৰে মোক
পদপিষ্ট কৰি মাটিৰ লগত মিহলাব পাৰে মোৰ শৰীৰ
কিন্তু তাৰ মাজৰ পৰাই
ধূলিৰ বা-মাৰলি উৰুৱাই
মই পুনৰ জাগি উঠিম
মোৰ সাহসী আৰু বেপৰোৱা ব্যক্তিত্বই আপোনাক অস্বস্তিত ভোগাই নেকি?
কিয় ছানি ধৰে কলীয়া ডাৱৰে আপোনাৰ মনৰ আকাশ?
হয়তো তাৰ কাৰণ হৈছে –
পাকঘৰৰ মজিয়াতে তেলৰ কুঁৱা বিচাৰি পোৱাৰ দৰে উল্লাসত
মোৰ খোজত ফুটি উঠা প্ৰচণ্ড আত্মবিশ্বাস
উত্তাল সমুদ্ৰৰ জোৱাৰ-ভাটাবোৰৰ নিচিনাকৈ
জোন আৰু বেলিৰ অনিবাৰ্য প্ৰকাশৰ দৰে
আকাশ চুবলৈ আকু
মোৰ দূৰন্ত আশাবোৰৰ দৰে
মই আকৌ জাগি উঠিমেই
আপুনি বিচাৰে নেকি
আৱেগৰ আতিশয্যত জৰ্জৰিত হৈ
অশ্ৰুকণাৰ ধাৰৰ দৰে মোৰ দুকান্ধ হাউলি পৰক
আপোনাৰ চকুত চকুত থৈ, মূৰ তুলি কথা ক
নোৱৰাকৈ
মই হাৰি যোৱা আৰু ভাগি পৰাটোৱেই বাৰু
আপোনাৰ একান্ত কাম্য নেকি?
মোৰ অভিমানে আপোনাক বিৰক্ত কৰি তুলিছে নেকি
পাছচোতালত হঠাতে সোণৰ কলহ এটা হেৰাই পোৱাৰ দৰে আনন্দত
মোৰ মুখত ফুটি উঠা হাঁহিটোৱেই বাৰু
আপোনাৰ অস্বস্তিৰ মূল কাৰণ নেকি?
কঠোৰ বাক্যবাণেৰে আপুনি বিদ্ধ কৰিব পাৰে মোক
দৃষ্টিৰ ধাৰাল চুৰিৰে ছেদিব পাৰে মোৰ শৰীৰ
ঘৃণাৰ অস্ত্ৰ হানি হৰিব পাৰে মোৰ প্ৰাণ
কিন্তু মৃত্যুঞ্জয় বতাহৰ দৰেই
মই পুনৰ জী উঠিম
মোৰ আৱেদনময়ী শৰীৰৰ আকৰ্ষণে
আপোনাক বিমৰ্ষ কৰি তোলে নেকি
হতচকিত হয় নেকি আপুনি মোৰ সৌন্দৰ্যত
দুভৰিৰ মাজত হীৰাৰ টুকুৰা লুকুৱাই ৰখাৰ দৰে
ছন্দায়িত শৰীৰৰ লয়লাস নৃত্যত
লজ্জাৰ ইতিহাসৰ কুঠৰি নেওচি
মই জাগি উঠোঁ
যন্ত্ৰণাৰ কাঁইটে বিদ্ধ কৰা অতীত পাহৰি
মই জাগি উঠোঁ
প্ৰচণ্ড শক্তিমান উত্তাল ঢৌৰ লহৰেৰে
মইতো এক কৃষ্ণকায় বিশাল মহাসমুদ্ৰ
সন্ত্ৰাস আৰু ভয়াৰ্ত নিশাবোৰক দেও দি আহি
মই জাগি উঠোঁ
আশ্বৰ্যকৰ এক সুউজ্জ্বল প্ৰভাতত
মই জাগি উঠোঁ
উপৰিপুৰুষৰ উপহাৰৰ টোপোলা বুকুত বান্ধি লৈ
নিষ্পেষিত মানুহৰ সপোন আৰু আশাৰ বাহক হৈ
মই জাগি উঠোঁ
মই জাগি উঠোঁ
মই জাগি উঠোঁ
অনুবাদকৰ টোকা : ১৯৭৮ চনত প্ৰকাশিত “And
Still I Rise”
নামৰ
তৃতীয়খন কাব্য সংকলনত সন্নিৱিষ্ট
“Still I
Rise”
কবিতাটো আমেৰিকান
কবি মায়া অ্যাঞ্জেলু
(Maya Angelou ,
1928-2014)

অন্যতম বিখ্যাত কবিতা। শ শ বছৰজুৰি অত্যাচাৰ আৰু বৈষম্যৰ সন্মুখীন হৈ অহা উপান্ত
মানুহৰ স্বাভিমান আৰু সহনশীলতাৰ এখন জীয়া ছবি এই কবিতাটোত মূৰ্তমান হৈ উঠিছে। এই
কবিতাটোক বৰ্ণবাদৰ বিৰুদ্ধে এক প্ৰৱল প্ৰতিবাদৰ প্ৰতীকৰূপে অভিহিত কৰিব পাৰি।

Popular Post

ঐতিহাসিক চিঠি