কবিতাঃ জোতা/ অশোক বাজপেয়ী

Posted by : translatorsassam
May 26, 2020

অসমীয়া অনুবাদ কবিতাঃ জোতা




মূলঃ অশোক বাজপেয়ী
মূল ভাষাঃ হিন্দী

অসমীয়া ভাঙনিঃ অৰ্চনা পূজাৰী







জোতাযোৰ তাতেই আছিল

ভৰি দুখনহে তাত নাছিল

কোনো কোনো ঠাইত ভেঁকুৰ লাগিছিল

কিয়নো কোনেও জোতাযোৰ পিন্ধা নাছিল

ব্যৱহাৰ নোহোৱাৰ বাবে এক বিপদো হৈছিল

জোতাযোৰৰ তলিত ধূল বা বোকা একো লগা নাছিল

কোনেও সেই ঠাইৰ পৰা

আঁতৰাইও থোৱা নাছিল

পিছে  জোতাযোৰ এদিন নাইকিয়া হ’ল


সম্ভৱত আন্ধাৰৰ সুযোগ বুজি

সেইযোৰ নিজেই কৰবালৈ গুচি গ’ল ৷

(অসমীয়া অনুবাদ কবিতা)

Popular Post

ঐতিহাসিক চিঠি