কবিতাঃ জীয়াই থকাৰ বিষয়ত / নাজিম হিকমত

Posted by : translatorsassam
October 25, 2020

নাজিম হিকমতৰ কবিতাৰ অসমীয়া অনুবাদ

জীয়াই থকাৰ বিষয়ত (On Living)

মূলঃ নাজিম হিকমত

ইংৰাজী অনুবাদঃ Randy Blessing আৰু Motlu Konuk

অসমীয়া ভাঙনিঃ ডা° বিপুল কুমাৰ বৰুৱাৰ

 

১)

জীয়াই থকাও জানো ল’ৰা-ধেমালি

জীয়াই থাকিবই লাগিল মনপুতি

ধৰা এটা কেৰ্কেটুৱাই

জীৱনক সি নকৰি উলাই

পাৰেমানে সম্বল গোটায় ৷

ল’ৰাধেমালি নহয় জীৱন ইটি

ধৰা তাক পঞ্জাপুতি

ধৰা তোমাৰ দুহাত

থোৱা আছে পিঠিত বান্ধি

আৰু পিঠিখন বেৰত

নাইবা কোনোবা প্ৰয়োগশালাত

বগা কোট আৰু নিৰাপদ বিতচকু পিন্ধি

মানুহৰ বাবেই লৈছা মৰণৰো পণ

মানুহৰ বাবেই ঈপ্সিত মুখখন

তুমি দেখাই নাই কত যে ক্ষণ

যদিওবা তুমিও জানা

জীৱনেই পৰম বাস্তৱ

মোহনীয় বীথি বান্ধৱ ৷

মানে মই ভাবোঁ ইমানকে

মন দি জীয়া জীৱনকে

সত্তৰ বছৰীয়া হ’লোঁ বুলি

নুৰুলে হ’বনে এটি জলফাইৰ পুলি

নালাগে ৰুব কেৱল নাতিপুতিয়ে খাব বুলি

সততে ভয় খোৱা মৰণকো

ভাবাঁ তুমি বিশ্বাস নকৰাই সমূলি

কাৰণ মৰণতকৈ জীৱনৰ ওজন বেছি ৷

২)

ধৰাঁ তোমাৰ টানেই নৰীয়া

দৰকাৰী বোলে শল্য চিকিৎসা

আৰু সেই শুকুলা মেজৰ পৰা

উঠি আহিবানে আয়ুসত চাউল আছেনে

তাকো ক’বই নোৱৰা ৷

অকালতে যাবলগীয়া কথাটো বাৰু

সঁচাকৈয়ে নহয় এলাপেছা

সেইবুলি এইমাত্ৰ শুনা কাৰোবাৰ

ফুচুৰি কথাত নালাগে থ’বলৈ

ওলাই আহিব খোজা হাঁহিটো সামৰি সুতৰি ৷

চোৱাঁ ৰিমঝিম বৰষুণজাক খিৰিকীৰে

কেনেকৈ আছে জৰি সৰি হাঁহি !

আৰু তেনেকুৱাতো আমি ব্যগ্ৰ হৈয়ে

বাট চাম -পৃথিৱীৰ শেহতীয়া বাতৰিটোবা কি?

ধৰা আমি যুঁজি থকা অধিকাৰৰ যুঁজত

আমি অৱৰ্তীণ হ’লোঁহি সম্মুখৰ শাৰীত

ধৰা প্ৰথম আঘাততে ধৰাশায়ী হ’লা মৰিলা

কৌতূহলী খঙেৰে আমি খবৰ ল’ম

ব্যগ্ৰ হ’ম নিজৰ মৃত্যু আৰু যুঁজৰ পৰিণতিকলৈ

যি যুঁজ চলিব পাৰে বছৰ জুৰি ৷

ধৰাঁ , আমি কাৰাগাৰত

পঞ্চাশৰ চাপিছোঁ ওচৰ

লৌহ কপাট খুল খাবলৈ বোলে

ৰ’ব লাগিল আৰু ওঠৰ বছৰ ৷

তেতিয়াও আমি বাহিৰতেই জীম

মানুহৰ সৈতে জীৱজন্তুৰ সৈতে

সংগ্ৰামৰ সৈতে বতাহৰ সৈতে

বাহিৰতেই মানে বুজাইছোঁ

দেৱালৰ সিপাৰে

মূঠতে যেনেকৈয়ে য’তেই নাথাকোঁ কিয়

লাগিবই জীৱনক জীয়াই ৰাখিব

এই ভাবি আমি কেতিয়াও

নমৰোঁৱেই ৷

৩)

ধৰাখনি চেঁচা পৰিব

তৰাবোৰৰ মাজৰ এটি মুনিয়া তৰা

এটি সুণীয়া মুকুতা

নীলা মখমলত ৰখা

বৰ মোহনীয়া আমাৰ পূজনীয়া বসুধা

এই বসুধা এদিন পৰিবই চেঁচা

এটুকুৰা বৰফপিণ্ডৰ দৰে

নতুবা এচপৰা মৰা মেঘৰ দৰে

নহয়

বৰং এটা ফোঁপোলা আখৰোটৰ দৰে

ই বাগৰি যাব কিচ কিচ কৰে ক’লা

মহাশূন্যৰে

আমি সেইটো দিনৰ বাবে আজিয়েই

শোক প্ৰকাশি জনোৱা উচিত সমবেদনা

এতিয়া এই মুহূৰ্ততে অনুভৱ কৰা উচিত

সেই দুঃখ

চিৰ চেনেহী পৃথিৱীয়ে এইকণ আবদাৰ

পোৱাও অনুচিতনে?

যদিহে তুমি জনাবই খুজিছা

যে এদিন তুমিও ইয়াতে

পূৰাদমে
জীয়াই আছিলা ৷

Popular Post

ঐতিহাসিক চিঠি