কবিতাঃ ঘৃণাৰ প্ৰভাৱ

Posted by : translator
May 21, 2020

অসমীয়া অনুবাদ কবিতাঃ ঘৃণাৰ প্ৰভাৱ 

মূলঃ সাগৰ খৈয়ামী
অসমীয়া ভাঙনিঃ বিতোপন গগৈ
ঘৃণাৰ প্ৰভাৱ চোৱা
জন্তুৰো ভাগ হৈ গ
গাই হিন্দু আৰু
ছাগলী মুছলমান হৈ গ
মন্দিৰলৈ গৈ হিন্দু দেখিলো
মছজিদত দেখিলো মুছলমান
সন্ধ্যা যেতিয়া মদিৰালয়লৈ গলো
তাতহে লগ পালো মানুহ কেইজনমান
এই গছ-লতিকাও হায়ৰাণ হৈ যাব
যদি চৰাইবোৰো হিন্দু বা মুছলমান হৈ যায়

শুকান ফলবোৰো আচৰিত হৈ গ
সিহঁতে নাজানে নাৰিকল কেতিয়া হিন্দু
খেজুৰ কেতিয়া মুছলমান হৈ গ
ধৰ্মই এনেকৈ ৰঙকো ভগালে যে
সেউজীয়া মুছলমানৰ আৰু
ৰঙা হিন্দুৰ হৈ গ
এতিয়া সেই দিনটোলৈ আৰু বেছি দূৰ নাই
যিদিনা সকলো সেউজীয়া পাচলি
মুছলমানৰ হৈ যাব
গাজৰ আৰু বিলাহী মাথো
হিন্দুৰ ভাগত পৰিব
এটা কথা ঠিক কৰিব পৰা নাই
এই তৰমুজটো এতিয়া কাৰ ভাগলৈ যায়
বেচেৰা ওপৰে ওপৰে মুছলমান
আৰু ভিতৰি হিন্দু হৈ থাকি যায়!

(অসমীয়া অনুবাদ কবিতা)

Popular Post

ঐতিহাসিক চিঠি