কবিতাঃ গাহৰি / ৰ’আল্ড ডাহ্ল্

Posted by : translatorsassam
October 9, 2020

গাহৰি

মূলঃ ৰআল্ড
ডাহ্ল্

অসমীয়া ভাঙনিঃ লুকী পি ডেকা

ইংলেণ্ডৰ কোনোবাখিনিত এটা গাহৰি আছিল

লোদোৰ পোদোৰ, বৰ
বুধিয়ক

সকলোৱে জানিছিল তাৰ চোকা মূৰটোৰ কথা

এখন নপঢ়া কিতাপ নাছিল তাৰ

নাছিল এটা নুবুজা অংক

সি জানিছিল উৰাজাহাজ কেনেকৈ উৰে

ইঞ্জিনবোৰ কেনেকৈ চলে আদি

সঁচাকৈ বহুত কথাই জানিছিল গাহৰিটোৱে

পিছে এটা কথাৰ একো পাট্টাই পোৱা নাছিল সি

তাৰ জন্মৰ উদ্দেশ্যনো আচলতে কি-

মাথো এই এটা প্ৰশ্নই মূৰ খাইছিল তাৰ

ভাৱেহে ভাৱে দিনে ৰাতিয়ে

পিছে একোৱেই উত্তৰ নোলায়

এদিন পিছে এটা ঘটনা ঘটিল

হঠাতে তাৰ মূৰটোত কথা এটা আহিল

বিচাৰি থকা উত্তৰটো সি পাই গল –

অস্ অস্ সিহঁতক মোক খাবলৈহে লাগে!

টুকুৰা টুকুৰকৈ মোৰ কোমল মাংসবোৰ লাগে!

বেকন বনাই, পুৰি
খাবলৈ
, আৰু
কত কি ধৰণে

গাহৰি বেকন, গাহৰি
পোৰা-

ৱাহ্! মোৰ মাংসৰে কিমান দামী আহাৰ সিহঁতৰ!

পিটিকি ফেনেকি চচে
বনাব

আনকি পেটু-পেটেকাখিনিও নেৰিব

ধাৰাল চুৰিখনেৰে কি সুন্দৰ মিহিকৈ কাটিব মোক!

অস্ অ‘, আজিহে
মই বুজিলোঁ

মোলৈ ইমান কিহৰ দৰদ সিহঁতৰ!ʼ

কথাখিনিয়ে গাহৰিটোৰ মনটো মাৰি পেলালে

হয়তো! একো ভাল লগা কথাওতো নাছিল সেয়া।

পাকঘৰৰ এৰেহাবোৰ লৈ পাছদিনা যেতিয়া

তাৰ মালিক তাৰ ওচৰলৈ আহিল

খঙতে বলিয়া হৈ গাহৰিয়ে

মালিককে ওফৰাই মাটিত পেলাই দিলে

ইয়াৰ পাছত যিখিনি হ

শুনাতো বাদেই কবলৈও
ভয় লগা

মুঠৰ ওপৰত, গাহৰিটোৱে
খাই পেলালে মানুহ জনক

মূৰৰ পৰা আৰম্ভ কৰি ভৰিলৈকে

লাহে ধীৰে চোবাই চোবাই

ভৰিদুখন খোৱালৈকেতো এঘন্টাই লাগি গ

খাই অঁতাই উগাৰ মাৰি নিজক নিজে কলে

ৱাহ! কি সুন্দৰ আহাৰ আজি মোৰ!

মূৰটো খজুৱাই হাঁহি এটা মাৰি আকৌ কলে

সি বেটাই মোক খাবলৈ আহে!

ভালেই হ, ময়েই খাই
পেলালো তাক আগেয়ে


Popular Post

ঐতিহাসিক চিঠি