কবিতাঃ এটা পৰিচয় / কমলা দাস

Posted by : translatorsassam
June 22, 2020

এটা পৰিচয় (An Introduction)


কবি: কমলা দাস

অসমীয়া ভাঙনিঃ বিজিত লাহন

 

মই ৰাজনীতি নাজানোঁ, কিন্তু

জানো সেই নামবোৰ যিবোৰ ক্ষমতাত আসীন

আৰু সেইবোৰক আওঁৰাব পাৰোঁ সপ্তাহৰ

দিন অথবা মাহৰ নামৰ দৰেই;

আৰম্ভণি নেহৰুত। মই ভাৰতীয়,

মুগা ৰঙৰ ছালৰ, জন্ম মালাবাৰত,

ভাষা কওঁ তিনিটা, লিখোঁ দুটাত,

সপোন দেখোঁ এটাত।

ইংৰাজীত নিলিখিবা, তেওঁলোকে কয়–

ইংৰাজী তোমাৰ মাতৃভাষা নহয়।

হে মোৰ সমালোচক বন্ধু, ভাই-ভনী,

তোমালোকে মোক অকলে এৰি নিদিয়া কিয়?

সেইটো ভাষাকে ক’বলৈ নিদিয়া কিয়

যিটো মই পছন্দ কৰোঁ? মই কোৱা ভাষাটো

মোৰ একান্তই নিজা হৈ পৰে, ইয়াৰ বিকৃতি অথবা

অদ্ভুত ৰূপ- সকলো মোৰেই সম্পত্তি, কেৱল মোৰ।

এয়া আধা-ইংৰাজী, আধা-হিন্দুস্তানী; হাঁহি উঠা

অথচ এয়া সৎ, মই যেনেদৰে মানুহ

এইটোও মানৱীয়, তুমি দেখা নাই?

ই প্ৰকাশ কৰে মোৰ আনন্দ,

মোৰ হেঁপাহ, মোৰ আশা আৰু এয়া

মোৰ বাবে চিৰাচৰিত কথা যেনেকৈ

কাউৰীৰ বাবে ৰমলিওৱা অথবা

সিংহৰ বাবে গোজৰা।

এয়া মানুহৰ কথা, মনৰ কথা,

এটা মন যিয়ে দেখে, শুনে, জাগি থাকে।

এয়া বধিৰ-অন্ধ বাণী নহয়–ধুমুহাই

জোকাৰি যোৱা বৃক্ষৰ নাইবা মৌচুমী ঋতুৰ

মেঘপুঞ্জৰ বৰষুণৰ শৱদ নহয়, নহয়

ভমককৈ জ্বলি উঠা চিতাজুইৰ

অসংলগ্ন বিৰবিৰণি।

মই শিশু আছিলোঁ, পিছত

সিহঁতে মোক কৈছিল মই ডাঙৰ হৈছিলোঁ,

কাৰণ মই ওখ হৈছিলোঁ, মোৰ অংগবোৰ

ভৰি আহিছিল, আৰু মোৰ শৰীৰৰ

দুই-এঠাইত চুলি গজিছিল তেতিয়া।

যেতিয়া মই মৰম বিচাৰিছিলোঁ, বেলেগ

কি বিচাৰিব লাগে নজনাকৈয়ে, সি ষোল্ল

বছৰীয়া এজনী চেমনীয়াক শোৱা-কোঠালৈ

টানি নি দুৱাৰখন জপাই দিছিল।

সি মোক পিটা নাছিল, কিন্তু মোৰ

দুখী নাৰী-দেহটোৱে আঘাতজর্জৰ

যেন অনুভৱ কৰিছিল। মোৰ স্তন

আৰু জৰায়ুৰ ওজনে মোক

কোঙা কৰি নিছিল, মই দুখলগাকৈ

কোঁচ খাই গৈছিলোঁ। তাৰ পিছত…..

মই মোৰ ভাইৰ কামিজ আৰু

ট্রাউজাৰ পিন্ধিলোঁ, চুলি কটালোঁ চুটিকৈ

আৰু মোৰ নাৰীসুলভতাক অৱজ্ঞা কৰিলোঁ।

শাৰী পিন্ধা, ছোৱালী হোৱা, পত্নী হোৱা–

সিহঁতে কৈছিল। এম্ব্ৰইদাৰী কৰা,

ৰান্ধনী হোৱা, চাকৰৰ সৈতে কাজিয়া কৰা,

খাপ খাই পৰা, মিলি যোৱা–

শ্ৰেণীবিভাজকবোৰে চিঞৰিছিল।

দেৱালত নবহিবা, পৰ্দা অঁৰা খিৰিকীৰে

জুমি নাচাবা। আমী* হোৱা, কমলা হোৱা,

তাতকৈ ভাল হ’ব যদিহে মাধৱীকুত্তি* হোৱা।

এয়াই সময়–এটা নাম বচাৰ, এটা ভূমিকা বচাৰ।

ভাও জোৰাৰ খেল নেখেলিবা, চিজ’ফ্ৰেনিয়াৰ

ভাও নধৰিবা, নিম্ফ’ও** নহয়।

লাজলগাকৈ ডাঙৰকৈ নাকান্দিবা

যেতিয়া প্ৰেমত ঠগ খাবা….

মই এজন মানুহ লগ পাইছিলোঁ,

ভাল পাইছিলোঁ তেওঁক,

একো নাম দি মতা নাছিলোঁ তেওঁক,

বাকীবোৰৰ দৰেই তেওঁ এজন পুৰুষ

নাৰীক বিচৰা, যেনেকৈ মই এজনী নাৰী

মাথোঁ প্ৰেম বিচৰা।

তেওঁৰ ভিতৰত–নদীৰ ক্ষুধাৰ্ত খৰখেদা,

মোৰ ভিতৰত–মহাসাগৰৰ নাভাগৰা অপেক্ষা।

কোন তুমি, মই প্ৰত্যেককে সোধোঁ;

উত্তৰ আহে–এয়া মই।

য’তে ত’তে আৰু সকলোতে

মই এজনকে দেখোঁ,

যি নিজৰ সৈতে কথা পাতে,

যি জীয়াই থাকে নিজৰ মাজতে–

খাপত সোমাই থকা তৰোৱালৰ দৰে।

এয়া ময়েই–মাজনিশা বাৰ বজাত

নিঃসংগতাৰ মদিৰা গিলোঁ

কোনো অচিন চহৰৰ হোটেলত;

এয়া মই–হাঁহো, সম্ভোগ কৰোঁ,

পিছত লাজ অনুভৱ কৰোঁ;

এয়া মই–মৰি আহিছোঁ

ডিঙিত এটা ঘৰঘৰণিৰে।

মই পাপী, মই সন্ত।

মই প্ৰেমাতুৰ, মই বলি প্ৰৱঞ্চনাৰ।

মোৰ কোনো আনন্দ নাই–যি তোমাৰ নহয়,

কোনো দুখ নাই–যি তোমাৰ নহয়।

ময়ো নিজকে উত্তৰ দিওঁ–এয়া ‘মই’।

 

টোকা: *আমী, মাধৱীকুত্তি–দক্ষিণত সততে প্ৰচলিত ঘৰুৱা নাম।

**নিম্ফ’–অত্যধিক যৌন-সম্ভোগৰ প্ৰতি আসক্ত মানসিক ৰোগী।

 

কবি পৰিচিতিঃ Kamala Das এগৰাকী ভাৰতীয় মহিলা কবি, তেখেতে ইংৰাজীত লিখে।
‘ভাৰতীয় ইংৰাজী/ দেশী ইংৰাজী’ ধাৰাৰ এক শক্তিশালী কণ্ঠ। ভাৰতীয় সমাজত চলি অহা পুৰুষতন্ত্ৰৰ
বিৰোধিতা তেওঁৰ কবিতাৰ উল্লেখনীয় বৈশিষ্ট্য।

Popular Post

ঐতিহাসিক চিঠি