কবিতাঃ এটা অকবিতা / তচলিমা নাচৰিণ

Posted by : translatorsassam
October 2, 2020

এটা অকবিতা

মূল : তচলিমা নাচৰিণ

ভাষান্তৰ : মুনমুন সৰকাৰ
শইকীয়া


মোৰ মা ঢুকোৱাৰ পৰত , ৰাতিপুৱা গা পা ধুই, কাপোৰ কানি আৰু জোতা
পিন্ধি ঘৰৰ পৰা ওলাই গৈছিল দেউতা
, দীৰ্ঘদিনীয়া অভ্যাস।পুৱাৰ আহাৰত ডাঙৰদাই ঘিউত ভজা ছখন পৰঠাৰ সৈতে
খাহীৰ মাংস
খাইছিল, বাকীবোৰ আহাৰ মুখৰোচক নহয়
তাৰ মতে। সৰুদাই ছোৱালী এজনীৰ বুকুত
, মুখত হাত বুলাই খাটনি ধৰিছিল বিছনালৈ নিবলৈ।
সৰ্বশৰীৰত হালধি সানি বহি আছিল ডাঙৰ নবৌ
, বেছিকৈ জিলিকি উঠিবলৈ , গুণগুণাই গাইছিল হিন্দী
ছবিৰ গান। কাম কৰা মানুহক কৈ থৈছিল ইলিছ মাছ ভাজিবলৈ লগতে ভুনা খিচিৰি। ভাইটিৰ ল
ৰাকেইটাই খেলপথাৰত ক্ৰিকেট
খেলি আছিল। ছক্কা কোবাই গিৰ্জনি মাৰি হাঁহিছিল। অত্যন্ত সংসাৰী
ভনীজনী মোৰ মানুহজনক আৰু ছোৱালীজনীক লৈ শিশুৰ বাবে
থকা পাৰ্ক এখনলৈ গৈছিল। মামাহঁতে ইফালে সিফালে চাই মাৰ গাৰুৰ তলত হাত ভৰাই দিছিল
সোনৰ খাৰু নাইবা পাঁচশটকীয়া নোট একোখন পাই বুলি। উকা ঘৰখনত টেলিভিছন লাগিয়েই
আছিল
, অহা-যোৱাৰ বাটত কোনোবাই
অলপ ৰৈ পেলাই চায় তিব্বত টুথপেষ্ট নাইবা পাকিজা শাড়ীৰ বিজ্ঞাপন। মই চাদত বহি
, চিগাৰেট হুপি হুপি
নাৰীবাদক লৈ চমৎকাৰ কবিতা এটা লিখিবলৈ গধুৰ গধুৰ
, টান টান শব্দ বিচিৰি আছিলোঁ।

মা ঢুকালে। দেউতাই ঘৰলৈ
ঘূৰি আহি কাপোৰ কানি সলালে। ডাঙৰদাই খাই বৈ উগাৰ মাৰিলে। সৰুদাই মৈথুন ক্ৰিয়া
সমাপ্ত কৰি বিছনাৰ পৰা নামি আহিল। ডাঙৰজনী নবৌয়ে গা ধুই মূৰত টাৱেল বান্ধি ভজা
ইলিছ মাছেৰে গোগ্ৰাসে অকণ খিচিৰি গিলি মুখ মচিলে । ভাইটিৰ ল
ৰাই বেট বল হাতত লৈ
খেলপথাৰৰ পৰা উভতিলে। স্বামী -কন্যাক লগত লৈ
ভনীজনী পাৰ্কৰ পৰা উভতিলে।
মামাই হাত কোঁচাই আনিলে। মই চাদৰ পৰা নামি আহিলো। সৰু সৰু কেইটাই পকাত পাটি পাৰি
বহিলে
, টেলিভিছনত নাটক আৰম্ভ
হৈছিল। জ্যেষ্ঠ কেইজনৰ এটা চকু মাৰ ফালে
, আন এটা চকু টেলিভিছনত। মাৰ ফালে চাই থকা চকুটো শুকান, নাটকৰ বিয়োগান্ত দৃশ্য
দেখি

আনটো চকুত পানী।

Popular Post

ঐতিহাসিক চিঠি